ডৰথী ৰিডল (Dorothy Riddle; জন্ম: ১২ জানুৱাৰী, ১৯৪৪) এগৰাকী আমেৰিকান-কানাডিয়ান মনোবিজ্ঞানী, নাৰীবাদী আৰু অৰ্থনৈতিক উন্নয়ন বিশেষজ্ঞ। ৰিডল হমফবিয়া স্কেলৰ লেখিকা হিচাপে পৰিচিত আৰু তেওঁ নাৰীঅধ্যয়ন, হমফবিয়া, সেৱা আৰু আধ্যাত্মিকতাবাদৰ ওপৰত গ্ৰন্থ প্ৰকাশ কৰে।
জীৱনী
প্ৰাথমিক জীৱন
১৯৪৪ চনৰ ১২ জানুৱাৰীত আমেৰিকাৰ চিকাগোত তেওঁ জন্মগ্ৰহণ কৰিছিল। ১
১৯৪৯ চনৰ ১ অক্টোবৰত চীন গণৰাজ্য প্ৰতিষ্ঠা হোৱাৰ লগে লগে বিদেশীসকলে দেশ এৰি যাবলৈ বাধ্য হয় আৰু ৰিডলৰ পৰিয়ালটো শৰণাৰ্থী হিচাপে ভাৰতলৈ গুচি যায়। ১ চীন আৰু ভাৰতৰ দৰিদ্ৰতা আৰু সামাজিক বিষয়ৰ প্ৰাৰম্ভিক অভিজ্ঞতাই পিছৰ বছৰবোৰত ৰিডলৰ অধ্যয়ন আৰু পেছাদাৰী কেৰিয়াৰত বহুখিনি প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে।২
শিক্ষা
১৯৫০ চনত ভাৰতৰ উত্তৰাখণ্ডৰ মুছুৰীত থকা বৰ্ডিং স্কুল উডষ্টক স্কুলত ৰিডলে স্কুলিয়া শিক্ষা আৰম্ভ কৰে, য'ত তেওঁৰ ককায়েক এলেন পাৰ্কাৰ অধ্যক্ষ হিচাপে নিযুক্ত আছিল। ১৯৬০ চনত ক্লাছৰ ভেলেডিক্টৰিয়ান হিচাপে স্নাতক ডিগ্ৰী লাভ কৰি কলেজত পঢ়িবলৈ পুনৰ আমেৰিকালৈ গুচি যায়। ১
ৰিডলে ক’লৰাডো বিশ্ববিদ্যালয়ত মনোবিজ্ঞান আৰু দৰ্শন অধ্যয়ন কৰি বি এ, ছামা কাম ল’ড ডিগ্ৰী লাভ কৰে। ১ ১৯৬৮ চনত ড্যুক বিশ্ববিদ্যালয়ৰ পৰা ক্লিনিকেল চাইক'লজিত পি এইচ ডি ডিগ্ৰী লাভ কৰে লগতে পৰিসংখ্যা আৰু গৱেষণা পদ্ধতিত মাইনৰ ডিগ্ৰী লাভ কৰে,। ১৯৮১ চনত এৰিজোনা বিশ্ববিদ্যালয়ৰ পৰা সেৱা উদ্যোগত বিশেষজ্ঞ এম বি এ ডিগ্ৰী লাভ
পেছাদাৰী কেৰিয়াৰ
ডৰথী ৰিডলৰ পেছাদাৰী কেৰিয়াৰ নাৰীবাদ আৰু নাৰী অধ্যয়ন, সমকামিতা আৰু সমকামীতাক ঘৃণা, আৰু সেৱা তথা অৰ্থনৈতিক উন্নয়নৰ বিষয়সমূহৰ ওপৰত কেন্দ্ৰিত হৈ আছে, তেওঁ বঞ্চিত গোট আৰু অৰ্থনীতিক শক্তিশালী কৰা পদক্ষেপসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ১ অধিবিদ্যা আৰু আধ্যাত্মিকতাৰ ওপৰতো তেওঁ বিস্তৃতভাৱে লিখিছে।
মহিলাৰ অধ্যয়ন
১৯৬৮ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পিছত ৰিডলে একাডেমীত কাম বিচাৰিবলৈ অসুবিধা পাইছিল, কিয়নো সেই সময়ত বহু বিশ্ববিদ্যালয়ত মহিলা অধ্যাপিকা নিয়োগ কৰাৰ ব্যৱস্থা নাছিল। এই অন্যায়ৰ সাক্ষী হৈ ৰিডল নাৰীৰ সমস্যাৰ প্ৰতি আকৰ্ষিত হৈ পৰিল। তেখেতে এছ'চিয়েচন ফৰ উইমেন ইন চাইক'লজিৰ প্ৰতিষ্ঠাপক সদস্য হয়, আৰু কলেজ অৱ উইলিয়াম এণ্ড মেৰীৰ 'সামাজিক বিষয়ৰ মনোবিজ্ঞান' আলোচনা চক্ৰত নাৰীবাদী বিশ্লেষণৰ প্ৰৱৰ্তন কৰে য'ত তেওঁক মনোবিজ্ঞানৰ সহকাৰী অধ্যাপিকা হিচাপে নিযুক্তি দিয়া হয়। ব্যক্তিৰ লিংগ বা লিংগৰ ওপৰত ভিত্তি কৰি বৈষম্যৰ বিৰুদ্ধে সম অধিকাৰ সংশোধনীৰ বাবে লবী কৰিবলৈ তেওঁ সঘনাই ৱাশ্বিংটন ডি চিলৈ গৈছিল আৰু আমেৰিকান চাইক'লজিকেল এছ'চিয়েচনক মহিলাৰ সমস্যাসমূহ সম্পূৰ্ণৰূপে সমাধান কৰিবলৈ হেঁচা দিছিল ৩ আৰু এছ'চিয়েচন অৱ উইমেন ইন চাইক'লজিৰ মুখপাত্ৰ হিচাপে কাম কৰিছিল। ১৯৬৯ চনত এছ'চিয়েচন ফৰ উইমেন ইন চাইক'লজিৰ এটা গোটে ধাৰাবাহিক দাবীৰ ওপৰত কাম কৰাৰ পিছত ৰিডল আৰু ফিলিছ চেছলাৰে আমেৰিকান চাইক'লজিকেল এছ'চিয়েচনৰ বাৰ্ষিক সভাত এই দাবীসমূহ উপস্থাপন কৰে। চেছলাৰে মহিলাৰ প্ৰতি এ পি এৰ বাধ্যবাধকতাৰ ওপৰত এক বিবৃতি প্ৰস্তুত কৰি মানসিকভাৱে অসুস্থ আৰু আঘাতপ্ৰাপ্ত মহিলাৰ বিৰুদ্ধে মনোবিজ্ঞানে কৰা ক্ষতিৰ ক্ষতিপূৰণৰ বাবে ১০ লাখ ডলাৰ দাবী জনায়। ৪
১৯৭০ চনৰ আৰম্ভণিতে ৰিডলে মহিলাৰ স্বাস্থ্য, যৌনতা আৰু যৌন ভূমিকা সম্পৰ্কে কথা কয় আৰু লিখিবলৈ আৰম্ভ কৰে আৰু এই বিষয়সমূহৰ ওপৰত পাঠ্যক্ৰমত শিকাবলৈ লয়। ১৯৭১ চনত তেওঁ ৰিচমণ্ড কলেজত (বৰ্তমান কলেজ অৱ ষ্টেটেন আইলেণ্ড, চিটি ইউনিভাৰ্চিটি অৱ নিউয়ৰ্কে ( CUNY ) প্ৰথমটো বি এ প্ৰদানকাৰী মহিলা অধ্যয়ন কাৰ্যসূচী আৰম্ভ কৰে আৰু প্ৰথমখন চি ইউ এন ৱাই এফেৰ্মেটিভ একচন কমিটিত নিযুক্তি লাভ কৰে।
১৯৭৩ চনত এৰিজোনাৰ টাচনত তেওঁ এটা নাৰীবাদী পৰামৰ্শদাতা সেৱা (মহিলাৰ বাবে বিকল্প) প্ৰতিষ্ঠাত সহযোগ কৰে ইয়াত তেওঁ নাৰীবাদী চিকিৎসাত ব্যৱহৃত সৱলীকৰণ আৰ্হিৰ ধাৰণা প্ৰস্তুত কৰে আৰু মনোচিকিৎসাত ৰাজনৈতিক বিশ্লেষণৰ ব্যৱহাৰৰ প্ৰৱৰ্তন কৰে।
১৯৯০ চনত ৰিডলে মহিলা ব্যৱসায়ীসকলৰ বাবে পোষকতা কৰিবলৈ আৰম্ভ কৰে আৰু মহিলা ব্যৱসায়ীসকলৰ বাবে কানাডা আৰু আমেৰিকাৰ মাজত প্ৰথম বাণিজ্যিক অভিযান আয়োজন কৰাত সহায় কৰে। বৰ্তমান তেওঁ ইউনিভাৰ্চিটি অৱ ব্ৰিটিছ কলম্বিয়া চেণ্টাৰ ফৰ উইমেনছ এণ্ড জেণ্ডাৰ ষ্টাডিজৰ গৱেষণা সহযোগী য’ত তেওঁ মহিলা সেৱা ব্যৱসায়িক উদ্যোগীসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰি আছে। ৫
হমফবিয়া
১৯৭৪ চনত ডৰথী ৰিডলক আমেৰিকান চাইক’লজিকেল এছ’চিয়েশ্যনৰ টাস্ক ফ’ৰ্চ অন দ্য ষ্টেটাছ অৱ লেছবিয়ান এণ্ড গে' মেল চাইক’লজিষ্টত নিযুক্তি দিয়া হয়, যাৰ ফলত ১৯৭৫ চনত এপিএয়ে সমকামিতা কোনো মানসিক বিকাৰ নহয় বুলি আনুষ্ঠানিকভাৱে বিবৃতি দিয়ে, আৰু তেওঁলোকে এজন ব্যক্তিৰ যৌন অভীৰুচিক সমকামীৰ পৰা বিষমকামীলৈ সলনি কৰিবলৈ কৰা চিকিৎসাৰ নিন্দা কৰে। এ পি এৰ এই স্থিতিয়ে সমকামিতাৰ মৰ্যাদা আনুষ্ঠানিকভাৱে মানসিক বিকাৰৰ পৰা জীৱনশৈলীলৈ সলনি কৰাৰ পথ মুকলি কৰি দিলে। ১
এপিএ টাস্ক ফ’ৰ্চ অন দ্য ষ্টেটাছ অৱ লেছবিয়ান এণ্ড গে' মেল চাইক’লজিষ্টৰ কামৰ সমান্তৰালভাৱে ৰিডলে এৰিজোনা বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ অধ্যাপিকা হৈ থকাৰ সময়তে সমকামীতাক জুখিবলৈ এটা স্কেল প্ৰস্তুত কৰিছিল। এই সঁজুলিটো ৰিডল হোমোফ’বিয়া স্কেল নামেৰে জনাজাত হৈছিল আৰু বহু সংস্থাই বৈষম্য বিৰোধী প্ৰশিক্ষণত আৰু অন্যান্য সামাজিক মনোভাৱৰ পৰিসৰৰ পৰিৱৰ্তন জুখিবলৈও ইয়াক গ্ৰহণ কৰিছিল। ১
ৰিডলে তেওঁৰ অধ্যয়নত দেখুৱাইছে যে লেছবিয়ান, গে' আৰু উভয়লিংগৰ লোকসকলৰ অগতানুগতিক লিংগ ভূমিকা, ব্যক্তিগত সম্পৰ্ক আৰু ব্যক্তিগত বৈচিত্ৰ্য ইতিবাচক আদৰ্শ হোৱাৰ সম্ভাৱনা আছে, তেওঁ সমকামিতাক সমাজৰ কলংকিতকৰণৰ বিষয় হিচাপে আৰু সমলিংগ সমৰ্থন ব্যৱস্থাৰ অভাৱৰ ফলত হোৱা নেতিবাচক আত্ম-ভাবমূৰ্তিৰ মানসিক প্ৰভাৱৰ অনুসন্ধান কৰি, যুক্তি দিছিল যে লেছবিয়ান ৰোগীক প্ৰয়োজনীয় মনোচিকিৎসকসকলো বিষমযৌন পক্ষপাতিত্বৰ পৰা মুক্ত লেছবিয়ান মনোচিকিৎসক হোৱা প্ৰয়োজন যাতে তেওঁলোকে তেওঁলোকৰ সমস্যাসমূহ ভালদৰে বুজিব পাৰে।
সেৱাসমূহ
১৯৮১ চনত ৰিডলে এৰিজোনাৰ গ্লেণ্ডেলৰ আমেৰিকান গ্ৰেজুৱেট স্কুল অৱ ইণ্টাৰনেশ্যনেল মেনেজমেণ্টৰ অধ্যাপক পদত যোগদান কৰে। ইয়াত তেওঁ আন্তঃৰাষ্ট্ৰীয় সেৱা বাণিজ্য আৰু আন্তঃৰাষ্ট্ৰীয় সেৱা ব্যৱস্থাপনাৰ প্ৰথম পাঠ্যক্ৰম প্ৰস্তুত কৰে। উদ্ধৃতিৰ প্ৰয়োজন ]
১৯৮৬ চনত তেওঁ চাৰ্ভিচ-লেড গ্ৰ’থ: দ্য ৰ’ল অৱ দ্য চাৰ্ভিচ ছেক্টৰ ইন ৱৰ্ল্ড ডেভেলপমেণ্ট, উন্নয়নৰ চাৰিটা স্তৰত ৮১খন দেশৰ সেৱা খণ্ডৰ বিশ্লেষণ প্ৰকাশ কৰে। অৰ্থনৈতিক উন্নয়নত সেৱা খণ্ডৰ জটিল ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা এইটোৱেই আছিল প্ৰথমটো বৃহৎ অধ্যয়ন আৰু এই কাৰণতে ইয়াক বহুলভাৱে কৃতিত্ব দিয়া হৈছে।৬৭৮৯
ব্যক্তিগত জীৱন
১৯৯৩ চনত ৰিডলে কানাডালৈ প্ৰব্ৰজন কৰে।৩
স্বীকৃতি
ৰিডল আমেৰিকান মহিলাৰ হু'ছ হু, ৱৰ্ল্ড হু'ছ হু অৱ উইমেন আৰু ইণ্টাৰনেশ্যনেল হু'ছ হু অৱ পেছাদাৰীত তালিকাভুক্ত কৰা হৈছে।২
তথ্যসূত্ৰ
- ↑ Distinguished alumni: Dorothy Irene Riddle Woodstock School, Accessed Dec 17, 2010
- ↑ About the founder Service Growth, Accessed Dec. 17, 2010
- ↑ Love, B. A., (2006). Feminists who changed America, 1963-1975. Illinois: University of Illinois Press
- ↑ Timeline
- ↑ Research Associates UBC Centre for Women’s and Gender Studies, Accessed Dec. 23, 2010
- ↑ Boddewyn, J. J., Halbrich, M. B., and Perry, A. C., (1986). Service multinationals: Conceptualization, measurement and theory. Journal of International Business Studies, 17 (3), 41-57
- ↑ Malecki, E., (1991). Technology and economic development: The dynamics of local, regional, and national change. London, Boston: Addison Wesley Longman
- ↑ Austin, J. E., (2002). Managing in developing countries: Strategic analysis and operating techniques. New York: Simon and Schuster
- ↑ Bryson, J. R., Daniels, P. W., and Warf, B., (2004). Service worlds: People, organizations and technologies. Abington, New York: Routledge
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডৰথী ৰিডল” প্ৰবন্ধৰ সংশোধন ৪৭৪৩৮৯ (১০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।