অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ডেভিদ মুতা

ডেভিদ মুতা (জন্ম ২৪ অক্টোবৰ ১৯৮৭) পাপুৱা নিউগিনিৰ এগৰাকী ফুটবল খেলুৱৈ। তেওঁ হেকাৰি ইউনাইটেড আৰু পাপুৱা নিউগিনি ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ মিডফিল্ডাৰ প্লেয়াৰ হিচাপে খেলে আৰু লগতে তেওঁ দলৰ অধিনায়কো।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২৪৭ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ডেভিদ মুতা (জন্ম ২৪ অক্টোবৰ ১৯৮৭) পাপুৱা নিউগিনিৰ এগৰাকী ফুটবল খেলুৱৈ। তেওঁ হেকাৰি ইউনাইটেড আৰু পাপুৱা নিউগিনি ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ মিডফিল্ডাৰ প্লেয়াৰ হিচাপে খেলে আৰু লগতে তেওঁ দলৰ অধিনায়কো।

ক্লাব জীৱন

মুতাই ২০০৬ চনত হেকাৰি ইউনাইটেডত তেওঁৰ খেলুৱৈ জীৱন আৰম্ভ কৰিছিল। ২০০৮ চনত তেওঁ অষ্ট্ৰেলিয়াৰ চানচাইন ক'ষ্ট ক্লাবত যোগ দিয়ে আৰু কুইন্সলেণ্ড ষ্টেট লীগ খিতাপ জিকাত সহায় কৰে।১

২০০৮ চনৰ ৬ ডিচেম্বৰ তাৰিখে তেওঁ নিউজিলেণ্ডত এল এ গেলেক্সি ৰ বিৰুদ্ধে ওচেনিয়া একাদশৰ হৈ এগৰাকী প্ৰদৰ্শনী খেলত অংশ গ্ৰহণ কৰিছিল।২

তাৰ পাছত তেওঁ পাপুৱা নিউগিনিলৈ ঘূৰি আহে আৰু ২০১০ চনত হেকাৰি ইউনাইটেডৰ অধিনায়ক হিচাপে ও’এফ চি চেম্পিয়নছ লীগ খিতাপ জিকাত নেতৃত্ব দিয়ে। এই জয়ে তেওঁলোকক ২০১০ ফিফা ক্লাব বিশ্বকাপত যোগদানৰ বাবে যোগ্যতা প্ৰদান কৰে। প্ৰথম খেলত তেওঁ ৯০ মিনিট খেলি আল ৱাহাদাৰ বিৰুদ্ধে ০–৩ ব্যৱধানত পৰাস্ত হয়।৩

আন্তঃৰাষ্ট্ৰীয় জীৱন

মুতাই ২০০৮ চনৰ অ’এফ চি অলিম্পিক বাছনি খেলত পাপুৱা নিউগিনি এ-২৩ দলৰ হৈ ২টা গ'ল কৰিছিল।

২০১১ চনৰ ২৭ আগষ্টত তেওঁ পেছিফিক গেমছত কুক দ্বীপপুঞ্জৰ বিৰুদ্ধে পূৰ্ণ ৰাষ্ট্ৰীয় দলৰ হৈ প্ৰথম খেল খেলি ৪–০ গ’লত এটা গ'ল কৰে।৪

২০১৬ চনৰ অ’ এফ চি ৰাষ্ট্ৰসমূহৰ কাপত তেওঁ দলেৰ অধিনায়ক হিচাপে নিৰ্বাচিত হয় আৰু দলক প্ৰথমবাৰৰ বাবে ফাইনেললৈ আগবঢ়াই লৈ যায়।৫ যদিও তেওঁলোক ফাইনেলত নিউজিলেণ্ডৰ হাতত পৰাস্ত হয়, মুতাক প্ৰতিযোগিতাটোৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপে গোল্ডেন বল বঁটা প্ৰদান কৰা হয়।

আন্তঃৰাষ্ট্ৰীয় গ'লসমূহ

গ'লসমূহত পাপুৱা নিউগিনিৰ গ'ল আগতে উল্লেখ কৰা হৈছে।

#তাৰিখস্থানপ্ৰতিদ্বন্দ্বী দলস্ক’ৰফলাফলপ্ৰতিযোগিতা
১২৭ আগষ্ট ২০১১ষ্টাড বোৱা, বুলাৰি, নিউ কেলিডোনিয়াCOK৩–০৪–০২০১১ পেছিফিক গেমছ

সন্মান

হেকাৰি ইউনাইটেড

  • পাপুৱা নিউ গিনি নেচনেল চকৰ লীগ: ২০০৬, ২০০৭–০৮, ২০০৮–০৯, ২০০৯–১০, ২০১০–১১, ২০১১–১২, ২০১৩, ২০১৪
  • অ’ এফ চি চেম্পিয়নছ লীগ: ২০০৯–১০

চানচাইন ক'ষ্ট

  • কুইন্সলেণ্ড ষ্টেট লীগ: ২০০৮

ব্যক্তিগত

  • অ’ এফ চি ৰাষ্ট্ৰসমূহৰ কাপ গোল্ডেন বল: ২০১৬

তথ্যসূত্ৰ

  1. ↑ (22 December 2009). Muta set to bring fire to the club. Sunshine Coast Daily
  2. ↑ Activity Report 2008. Oceania Football Confederation. পৃ. 7
  3. ↑ (8 December 2010). Al Wahda-Hekari. FIFA
  4. ↑ (26 August 2011). Papua New Guinea 4 – 0 Cook Islands. Oceania Football Confederation
  5. ↑ (9 June 2016). PNG make historic play for final. Oceania Football Confederation

সম্পৰ্কিত শ্ৰেণী

ফুটবল খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডেভিদ মুতা” প্ৰবন্ধৰ সংশোধন ৬৩৭২১৫ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।