অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ডোনিয়া দাদ্ৰাছান

ডোনিয়া দাদ্ৰাছান (জন্ম: ১৫ মাৰ্চ ২০০১) হৈছে এগৰাকী ইৰানী কণ্ঠশিল্পী। ডোনিয়া বৰ্তমান অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত বসবাস কৰে। তেওঁ ৪ জনীয়া এটা পৰিয়ালত বাস কৰে আৰু বৰ্তমান "বৰদিয়া জাদেহ"ৰ সৈতে বিবাহপাশত আবদ্ধ। তেওঁৰ মাতৃৰ নাম নুচিন আৰু এজন সৰু ভাইেক আছে যাৰ নাম ডানিয়েল।

হালনাগাদ: ৩১ মে’ ২০২৬ ৩৬৫ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ডোনিয়া দাদ্ৰাছান (জন্ম: ১৫ মাৰ্চ ২০০১) হৈছে এগৰাকী ইৰানী কণ্ঠশিল্পী।১ ডোনিয়া বৰ্তমান অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত বসবাস কৰে। তেওঁ ৪ জনীয়া এটা পৰিয়ালত বাস কৰে আৰু বৰ্তমান "বৰদিয়া জাদেহ"ৰ সৈতে বিবাহপাশত আবদ্ধ। তেওঁৰ মাতৃৰ নাম নুচিন আৰু এজন সৰু ভাইেক আছে যাৰ নাম ডানিয়েল।

প্ৰাৰম্ভিক জীৱন

ডোনিয়াৰ জন্ম ২০০১ চনৰ ১৫ মাৰ্চত তেহৰানৰ পুনাকত হৈছিল। ৭ বছৰ বয়সতে তেওঁ ইৰানৰ শিশু আৰু যুৱ গোটৰ সৃষ্টি খাট চেফিদ নামৰ ধাৰাবাহিকখনত আৰু পল নামৰ এখন চুটি ছবিত অভিনয় কৰিছিল। ৮ৰপৰা ১২ বছৰ বয়সৰ ভিতৰত তেওঁ আনুশিৰাৱান ৰোহানীৰ এগৰাকী ছাত্ৰী ফাৰাহ আছানলুৰপৰা পিয়ানো শিকিবলৈ আৰম্ভ কৰে আৰু ১৫ বছৰ বয়সৰপৰা পেছাদাৰীভাৱে পিয়ানো বজাবলৈ লয়। সংগীতৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে দাদ্ৰাছানৰ এটা ডাঙৰ সুবিধা আছিল তেওঁৰ পৰিয়ালটো, যাৰ বাবে সংগীত আছিল দৈনন্দিন জীৱনৰ এক অন্যতম মূল অংশ।২

দাদ্ৰাছানে ২০১০ চনত ১৩ বছৰ বয়সত নিজ পৰিয়ালৰ সৈতে মালয়েছিয়াৰ কুৱালালামপুৰলৈ প্ৰব্ৰজন কৰে আৰু ইয়াৰ দুবছৰ পাছত ১৫ বছৰ বয়সত তেওঁ অষ্ট্ৰেলিয়াৰ মেলবৰ্ণলৈ স্থানান্তৰিত হয়। তাত ১৬ বছৰ বয়সৰপৰা তেওঁ গীত গাবলৈ আৰম্ভ কৰে। ২০১৫ চনত ইৰানীয়সকলৰ মাজত ইনষ্টাগ্ৰাম জনপ্ৰিয় হৈ পৰাৰ সময়তে তেওঁ নিজৰ ইনষ্টাগ্ৰাম পেজত ইৰানীয় আৰু বিদেশী গীতৰ ডাবিং বা কভাৰ ভিডিঅ’ পোষ্ট কৰি অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা অৰ্জন কৰে।৩

কৰ্মজীৱন

দাদ্ৰাছানৰ কৰ্মজীৱন অষ্ট্ৰেলিয়ান একাডেমীৰপৰা আৰম্ভ হৈছিল আৰু তেওঁ 'ছেনিক' গোটত নিজৰ প্ৰথম গায়িকা জীৱন আৰম্ভ কৰিছিল। অষ্ট্ৰেলিয়াত ৰেকৰ্ডিং কৰা তেওঁৰ প্ৰথমটো গীত আছিল ছেনিক গোটৰ সৈতে, যাৰ নাম আছিল গ’ল্ডেন ড্ৰিমছ। দাদ্ৰাছানৰ দ্বিতীয়টো গীত আছিল ৰাষ্ট্ৰীয় দলৰ বাবে এটা সমবেত সংগীত, যিয়ে চিনা ৱালিউল্লাহ, মেক্স আমিনী আৰু ভইচ অৱ আমেৰিকা নেটৱৰ্ককে ধৰি কেইবাগৰাকীও ইৰানীয় কণ্ঠশিল্পী আৰু পৰিৱেশকৰ দৃষ্টি আকৰ্ষণ কৰিছিল।৪ মতানৈক্যৰ বাবে ৯ মাহৰ পিছত তেওঁ গোটটো এৰি দিয়ে।

২০১৭ চনৰ আগষ্ট মাহত তেওঁ নিজৰ প্ৰথমটো স্বতন্ত্ৰ গীত মিডনি ডুছেট দৰম মুকলি কৰে। ২০১৮ চনৰ এপ্ৰিল মাহত, তেওঁৰ ২০বছৰীয়া জন্মদিনৰ কেইদিনমান পাছত তেওঁ আজ ইন শ্বাহৰ বৰো নামৰ এটা গীত মুকলি কৰে, যিয়ে ব্যাপক সঁহাৰি লাভ কৰে আৰু তেওঁৰ পেছাদাৰী কৰ্মজীৱনৰ আনুষ্ঠানিক আৰম্ভণি চিহ্নিত কৰে।৫

দাদ্ৰাছানৰ গীত কু তা বিয়াদ-এ ৰেডিঅ' জাভানত ৪৩ নিযুততকৈও অধিক প্লে আৰু ইউটিউবত ৬ নিযুত দৰ্শন লাভ কৰিছিল আৰু আমো হাছান গীতটোৱে ৰেডিঅ' জাভানত ৬০ নিযুততকৈও অধিক প্লে লাভ কৰিছিল।৬

লছ এঞ্জেলছত অনুষ্ঠান পৰিৱেশন কৰা অৱস্থাত দাদ্ৰাছান (২০২৩)
লছ এঞ্জেলছত অনুষ্ঠান পৰিৱেশন কৰা অৱস্থাত দাদ্ৰাছান (২০২৩)ছবি: سلام خانوم · CC BY-SA 4.0

২০২২ চনৰ ইৰানৰ বিক্ষোভৰ (মাহছা আমিনীৰ প্ৰতিবাদ) সময়ত, দাদ্ৰাছানে ইৰানৰ জনসাধাৰণ আৰু প্ৰতিবাদকাৰীৰ ওপৰত হোৱা দমন-পীড়ন তথা মাহছা আমিনীৰ মৃত্যুৰ বিৰুদ্ধে একাত্মতা প্ৰকাশ কৰি নিজৰ চুলি চুটি কৰি কাটি পেলাইছিল, যিয়ে সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছিল।৭৮

তথ্যসূত্ৰ

  1. ↑ Donya Dadrasan. StarNow.com
  2. ↑ (২৭ জুন ২০২২). بیوگرافی دنیا دادرسان به همراه بررسی قد، شوهر دنیا دادرسان و عکس هایشان - ایرانیان سلبریتی. iraniancelebrity.com
  3. ↑ (৫ মাৰ্চ ২০২৩). سمت نو - دنیا دادرسان و دکتر کاوه مدنی. manototv.com
  4. ↑ VOA Farsi. (২০১৫-০১-১৯). ترانه ای برای تیم ملی فوتبال ایران
  5. ↑ BBC Persian. (২০২২-০৪-১৫). آپدیت: گفتگو با دنیا دادرسان، بررسی موج پیام‌های واتس‌اپ علیه مهاجران افغان
  6. ↑ (২০২৩-০৭-১৭). Are hijab protests 'the beginning of the end' for Iran's regime?. The Guardian
  7. ↑ (২০২২-১০-০৭). Iran's Mahsa Amini Protests Are Causing Celebrities to Cut Their Hair…. wsj.com
  8. ↑ (২০২৩-০৩-০৫). Women explain why they cut their hair amid growing protests in Iran · GMA. goodmorningamerica.com

সম্পৰ্কিত শ্ৰেণী

ইৰানৰ ব্যক্তিগায়িকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডোনিয়া দাদ্ৰাছান” প্ৰবন্ধৰ সংশোধন ৬১০৪৯৪ (৩১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।