জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
টাইছা ফাৰ্মিগা
টাইছা ফাৰ্মিগা (ইংৰাজী: Taissa Farmiga; জন্ম: ১৭ আগষ্ট, ১৯৯৪) এগৰাকী আমেৰিকান অভিনেত্ৰী। বিভিন্ন হৰৰ বা ভৌতিক ছবিত কৰা অভিনয়ৰ বাবে তেওঁক নিজৰ জ্যেষ্ঠ ভগ্নী ভেৰা ফাৰ্মিগাৰ সৈতে এগৰাকী স্ক্ৰীম কুুইন হিচাপে গণ্য কৰা হয়।
-
টাইলা
টাইলা ল'ৰা ছিথাল (৩০ জানুৱাৰী ২০০২) এগৰাকী দক্ষিণ আফ্ৰিকান গায়িকা আৰু গীতিকাৰ। তেখেতৰ সংগীত শৈলীৰ বৈশিষ্ট্য হৈছে পপ আৰু আমাপিয়ানোৰ সংমিশ্ৰণ, বহু প্ৰকাশনে তেওঁক " পপিয়ানোৰ ৰাণী " বুলি অভিহিত কৰিছে।
-
টাইলা এবাৰক্ৰামবি
টাইলা এবাৰক্ৰামবি (ইংৰাজী: Tyla Abercrumbie) এগৰাকী আমেৰিকান অভিনেত্ৰী, পৰিচালক আৰু নাট্যকাৰ। তেওঁ বিশেষকৈ ড্ৰামা ধাৰাবাহিক দ্য চিত নিনা উইলিয়ামছ আৰু ক্ৰাইম ধাৰাবাহিক এনচিআইএছ: অৰিজিনছত বিষয়া মেৰী জো হেইছৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।
-
টাগে ৰীতা
টাগে ৰীতা: Tage Rita; জিৰো উপত্যকাৰ এগৰাকী কৃষি অভিযন্তা আৰু ভাৰতৰ প্ৰথম কিউই ৱাইন ব্ৰুয়াৰ।[1] ২০১৮ চনত ৰাষ্ট্ৰসংঘ আৰু নিটি আয়োগে আয়োজন কৰা উইমেন ট্ৰেন্সফৰ্মিং ইণ্ডিয়া বঁটাৰে সন্মানিত হয়।
-
টাটা ইয়ং
আমিতা মাৰি "টাটা" ইয়ং (อมิตา มารี "ทาทา" ยัง; জন্ম ১৪ ডিচেম্বৰ ১৯৮০) থাইলেণ্ডৰ এগৰাকী বিখ্যাত গায়িকা, অভিনেত্ৰী আৰু মডেল। ১১ বছৰৰ বয়সত এটা ৰাষ্ট্ৰীয় গায়ক-প্ৰতিযোগিতাত প্ৰথমস্থান লাভ কৰাৰ পাছত তেওঁ থাইলেণ্ডত ব্যাপক খ্যাতি অৰ্জন কৰে।
-
টাটিয়ানা আলী
টাটিয়ানা মাৰিচোল আলী (ইংৰাজী: Tatyana Marisol Ali; জন্ম: ২৪ জানুৱাৰী, ১৯৭৯) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। তেওঁ ১৯৯০ চনৰপৰা ১৯৯৬ চনলৈ এনবিচিৰ চিটকম দ্য ফ্ৰেছ প্ৰিন্স অৱ বেল-এয়াৰত এশলী বেংকছৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
-
টাটিয়ানা চিলভা
টাটিয়ানা চিলভা ব্ৰাগা টাভাৰেছ (ইংৰাজী: Tatiana Silva Braga Tavares; জন্ম: ৫ ফেব্ৰুৱাৰী ১৯৮৫) এগৰাকী বেলজিয়ান টিভি ঘোষিকা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ বেলজিয়াম ২০০৫ ৰ মুকুট লাভ কৰিছিল।
-
টাটিয়ানে আলভেশ্ব
টাটিয়ানে আলভেশ্ব (জন্ম: চি. ১৯৮৬) এগৰাকী ব্ৰাজিলিয়ান মডেল, হিচাপ পৰামৰ্শদাতা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী যিয়ে মিছ আৰ্থ ২০০৮ প্ৰতিযোগিতাত ব্ৰাজিলক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ অন্যতম বিজয়ী হিচাপে উলাই আহে আৰু মিছ আৰ্থ ফায়াৰৰ মুকুট লাভ কৰে, যিটো তৃতীয় ৰানাৰ-আপৰ সমতুল্য।
-
টানাকিল
টানাকিল (Tanaquil) ৰোমৰ পঞ্চম ৰজা টাৰ্কিনিয়াছ প্ৰিস্কাছৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ৰোমৰ ৰাণী আছিল।
-
টানিমোও অগুনলেচি
টানিমোও অগুনলেচি (Tanimowo Ogunlesi, ১৯০৮–২০০২) এগৰাকী নাইজেৰিয়ান মহিলা অধিকাৰ কৰ্মী আৰু মহিলা উন্নয়ন লীগৰ নেত্ৰী আছিল। তেওঁ নিজৰ যুগৰ অন্যতম আগশাৰীৰ মহিলা কৰ্মী আছিল আৰু দেশৰ আগশাৰীৰ নাৰী অধিকাৰ সংগঠন মহিলা সমিতিৰ ৰাষ্ট্ৰীয় পৰিষদৰ সহ-প্ৰতিষ্ঠাপক আছিল।
-
টানিয়া মেল্লেট
টানিয়া মেল্লেট (ইংৰাজী: Tania Mallet; জন্ম: ১৯ মে', ১৯৪১ – ৩০ মাৰ্চ, ২০১৯) এগৰাকী ইংৰাজ অভিনেত্ৰী আৰু মডেল আছিল। তেওঁ ১৯৬৪ চনৰ জেমছ বণ্ডৰ বোলছবি গ'ল্ডফিংগাৰত টিলী মাষ্টাৰচনৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
-
টালিতা হাৰ্টমেন
টালিতা হাৰ্টমেন (ইংৰাজী: Talita Hartmann; জন্ম: ৭ মে' ১৯৯৭) এগৰাকী ব্ৰাজিলিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ মিছ গ্ৰাণ্ড ব্ৰাজিল ২০২৪ৰ মুকুট লাভ কৰিছিল আৰু পিছলৈ মিছ গ্ৰাণ্ড ইণ্টাৰনেচনেল ২০২৪ত প্ৰথম ৰানাৰ-আপৰ স্থান লাভ কৰিছিল।
-
টালিয়ানা ভাৰ্গাছ
টালিয়ানা মাৰিয়া ভাৰ্গাছ কাৰিলু (জন্ম: ২০ ডিচেম্বৰ ১৯৮৭) এগৰাকী কলম্বিয়ান সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ মিছ কলম্বিয়া ২০০৭ৰ খিতাপ জয় কৰিছিল আৰু মিছ ইউনিভাৰ্ছ ২০০৮ প্ৰতিযোগিতাত প্ৰথম ৰানাৰ্ছ-আপ হৈছিল।
-
টি মীনা কুমাৰী
টি মীনা কুমাৰী (T. Meena Kumariজন্ম ১৯৫১) ভাৰতৰ এগৰাকী অৱসৰপ্ৰাপ্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ। তেওঁ মেঘালয় উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ আছিল।[1] ইয়াৰ পূৰ্বে তেওঁ অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয় আৰু পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
টি ৰত্না বাই
টি ৰত্না বাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি আৰু তেওঁ ৰাজ্য সভাৰ সাংসদ৷ তেওঁ সদনত অন্ধ্ৰপ্ৰদেশক প্ৰতিনিধিত্ব কৰে৷ যৌতুকজনিত মৃত্যুৰ পৰা আৰম্ভ কৰি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যালৈকে নানা উদ্বেগজনক বিষয়ত তেওঁ সদনত নিজৰ অভিমত ব্যক্ত কৰি আহিছে৷ ২০০৫ চনৰ পৰা ২০০৭ চনলৈকে তেওঁ গিৰিজান সমবায় নিগমৰ অধ্যক্ষ…
-
টি.এছ. কনক
টি.এছ. কনক ( T. S. Kanaka or Thanjavur Santhanakrishna Kanaka; জন্ম: ৩১ মাৰ্চ ১৯৩২ – মৃত্যু: ১৪ নৱেম্বৰ ২০১৮) বা থাঞ্জাভুৰ সন্থানাকৃষ্ণ কনক, যাক থাঞ্জাভুৰ সন্থানা কৃষ্ণ কনক বুস্নায়ুচাৰ্জন। এছিয়াৰ প্ৰথম মহিলা স্নায়ুচাৰ্জন, আৰু বিশ্বৰ প্ৰথম কেইগৰাকীমান মহিলা স্নায়ুচাৰ্জনৰ ভিতৰত অন্যতম।
-
টি.এছ. সৌন্দৰম ৰামচন্দ্ৰন
টি.এছ.সৌন্দৰম ৰামচন্দ্ৰন (T. S. Soundaram) (জন্ম: ১৮ আগষ্ট ১৯০৪ – মৃত্যু: ২১ অক্টোবৰ ১৯৮৪) এগৰাকী ভাৰতীয় চিকিৎসক, সমাজ সংস্কাৰক আৰু ৰাজনীতিবিদ আছিল আৰু ভাৰতৰ অন্যতম বৃহৎ ঔদ্যোগিক সংঘ টি ভি এছ গ্ৰুপ অৱ কোম্পানী বুলি জনাজাত জনপ্ৰিয় টি ভি সুন্দৰাম আয়েংগাৰ এণ্ড সন্স লিমিটেডৰ প্ৰতিষ্ঠাপক টি ভি…
-
টিনা ঘৰাভী
টিনা ঘৰাভী (জন্ম: ১ জুলাই, ১৯৭২) এগৰাকী ইৰানত জন্মগ্ৰহণ কৰা ব্ৰিটিছ শিল্পী, পৰিচালক আৰু চিত্ৰনাট্যকাৰ। বৰ্তমান তেওঁ পেৰিছত বসবাস কৰে। তেওঁৰ ২০১৩ চনৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ আই এম নাছৰিন বাফটা বঁটাৰ বাবে মনোনীত হৈছিল।
-
টিমথি মো
টিমথি পিটাৰ মো (Timothy Mo; জন্ম ৩০ ডিচেম্বৰ ১৯৫০) এগৰাকী ব্ৰিটিছ এছিয়ান ঔপন্যাসিক আৰু সাহিত্যকাৰ। তেওঁৰ মাতৃ এগৰাকী ব্ৰিটিছ আৰু দেউতাক হংকঙৰ। মোৱে জন্মৰ পিছত দহ বছৰ বয়সলৈকে হংকঙত বাস কৰিছিল। তাৰপিছত তেওঁ পৰিয়ালৰ সৈতে ব্ৰিটেইনলৈ প্ৰব্ৰজন কৰে। মো আছিল বিদ্ৰোহী আৰু প্ৰতিভাশালী।
-
টিমোথী হাল চালামেট
টিমোথী হাল চালামেট (জন্ম 27 ডিচেম্বৰ, 1995) এগৰাকী আমেৰিকান আৰু ফৰাচী অভিনেতা। 2010-ৰ দশকৰ শেষৰ ফালে গুৰুত্ব লাভ কৰাৰ পিছত, তেওঁ 2020-ৰ দশকটোৰ আৰম্ভণিৰ এগৰাকী আগশাৰীৰ অভিনেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল।
-
টিয়া চিৰকাৰ
টিয়া চিৰকাৰ (ইংৰাজী: Tiya Sircar; জন্ম: ১৬ মে’, ১৯৮২) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ বিশেষকৈ দ্য গুড প্লেচ (২০১৬–২০২০) ধাৰাবাহিকত "ৰিয়েল এলিনৰ"/ভিকিৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
টুইংকল কলিয়া
টুইংকল কলিয়া (: Twinkle Kaliaজন্ম ১৯৮২) দিল্লীত বাস কৰা এগৰাকী ভাৰতীয় মহিলা। তেওঁ এম্বুলেন্সৰ বাবে ধন আগবঢ়ায় আৰু চলায়। ২০১৭ চনত তেওঁক মহিলাৰ বাবে সৰ্বোচ্চ বঁটা নাৰী শক্তিপুৰস্কাৰ বঁটা প্ৰদান কৰা হয়।
-
টুবা চৈয়দ
টুবা চৈয়দ (জন্ম ২৯ মে', ১৯৯১) এগৰাকী পাকিস্তানী নাৰীবাদী সংগঠক, লেখিকা আৰু লিংগ গৱেষক। নাৰীবাদী সংগঠন ৱমেন ডেম’ক্ৰেটিক ফ্ৰণ্টৰ তথ্য আৰু প্ৰকাশনৰ সম্পাদিকা
-
টুলিয়া মাইনৰ
টুলিয়া মাইনৰ (Tullia Minor) ৰোমান ইতিহাসৰ এগৰাকী বহু জনপ্ৰিয় কিম্বদন্তিমূলক ব্যক্তিত্ব যি লিভি, চিচেৰো আৰু হেলিকাৰ্নাছাছৰ ডাইঅ'নিছিয়াছৰ লেখাত পোৱা যায়। তেওঁ আছিল ৰোমান ৰাজ্যৰ শেষ ৰাণী।
-
টেইলৰ হিক্সন
টেইলৰ ডেলানে হিক্সন (জন্ম ১১ ডিচেম্বৰ ১৯৯৭) হৈছে এজন কানাডিয়ান অভিনেত্ৰী, যি কেল’না, ব্ৰিটিছ কলম্বিয়াত ডাঙৰ-দীঘল হৈছে। ব্লেকৱে চলচ্চিত্ৰত এটা সৰু ভূমিকাৰ পিছত, হিক্সনে ২০১৬ চনৰ ছবি ডেডপুল-ত এটা ভূমিকা লাভ কৰে।
-
টেগান মাৰ্টিন
টেগান জাড মাৰ্টিন (ইংৰাজী: Tegan Jade Martin; জন্ম: ৭ ছেপ্টেম্বৰ ১৯৯২) এগৰাকী অষ্ট্ৰেলিয়ান মডেল, হেয়াৰড্ৰেছাৰ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী যিয়ে ২০১৪ চনৰ ৬ জুনত মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়াৰ মুকুট লাভ কৰিছিল।
-
টেচা থম্পছন
টেচা লিন থম্পছন (ইংৰাজী: Tessa Lynne Thompson; জন্ম: ৩ অক্টোবৰ, ১৯৮৩) এগৰাকী আমেৰিকান অভিনেত্ৰী। ব্লকবাষ্টাৰ আৰু স্বতন্ত্ৰ ড্ৰামা — এই দুয়ো ধাৰাৰ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ পৰিচিত।
-
টেছি থমাছ
টেছি থমাছ (ইংৰাজী: Tessy Thomas, জন্ম: ১৯৬৩) এগৰাকী ভাৰতীয় বিজ্ঞানী তথা অভিযন্তা। তেওঁ ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনত অগ্নি-৪ মিছাইল প্ৰকল্পটোৰ সঞ্চালক আছিল। ভাৰতত মিছাইল প্ৰকল্পৰ দায়িত্ব লোৱা তেৱেঁই প্ৰথম মহিলা বিজ্ঞানী। তেওঁক ভাৰতৰ ‘মিছাইল মহিলা’ হিচাপে গণ্য কৰা হয়।
-
টেটচিও চিষ্টাৰ্চ
টেটচিও চিষ্টাৰ্চ বা টেটচিও ভগ্নীগণ (Tetseo Sisters) উত্তৰ-পূব ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ চাৰি গৰাকী ভগ্নীৰ দল বা বেণ্ড। তেওঁলোক নাগালেণ্ডৰ লোকসংগীত, কলা আৰু পৰম্পৰাৰ প্ৰতি উৎসৰ্গিত আৰু শিশুকালৰ পৰা মঞ্চত প্ৰদৰ্শন কৰি আহিছে।
-
টেড্ডি শ্ব'ৱৰ্টজ
থিঅ′ড'ৰা "টেড্ডি" শ্ব'ৱৰ্টজ (ইংৰাজী: সৰহ; ৪ জুলাই ১৯১৪ – ১৩ অক্টোবৰ ২০১৭) এগৰাকী আমেৰিকান য়িদ্দিছ ভাষাৰ গায়িকা, লেখিকা আৰু অনুবাদক আছিল। তেওঁক মূলতঃ আৰ্থাৰ কেভেছৰ সৈতে একেলগে লিখ ডোনা, ডোনা (Dona, Dona) নামৰ গীতৰ পুথিখনৰ ইংৰাজী অনুবাদৰ বাবে স্মৰণ কৰা হয়।