ডিম্পল হায়াথি (জন্ম ২১ আগষ্ট ১৯৯৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মুখ্যতঃ তেলুগু ভাষা আৰু তামিল ভাষা চলচ্চিত্ৰত অভিনয় কৰে।১২
প্ৰাৰম্ভিক জীৱন
হায়াথিৰ জন্ম ২১ আগষ্ট ১৯৯৮৩৪ তাৰিখে অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাৰাত তামিল পিতৃ আৰু তেলেগু মাতৃৰ ঘৰত হয়। তেওঁ হাইদৰাবাদত ডাঙৰ-দীঘল হয়। তেওঁ ডিম্পল নামে জন্ম গ্ৰহণ কৰিছিল, কিন্তু পিছত সংখ্যাগত কাৰণত নিজৰ নামৰ সৈতে “হায়াথি” সংযোজন কৰে।৫৬
কেৰিয়াৰ
হায়াথিয়ে তেলুগু চলচ্চিত্ৰ গাল্ফ (২০১৭)ৰ জৰিয়তে ১৯ বছৰ বয়সত অভিনয় জীৱনৰ সূচনা কৰে। তাৰ পিছত তেওঁ তেলুগু চলচ্চিত্ৰ ইউৰেকাত অভিনয় কৰে আৰু তাৰ পিছত দ্বিভাষিক চলচ্চিত্ৰ দেৱী ২ (২০১৯)ত অভিনয় কৰে। তাৰ পিছত তেওঁ গদ্দালাকোন্দ গণেশ (২০১৯) চলচ্চিত্ৰত আইটেম নম্বৰ গীত “জাৰা জাৰা”ত বৰুণ তেজ আৰু অথৰৱাৰ বিপৰীতে বিশেষ উপস্থিতি আগবঢ়ায়।৭
চলচ্চিত্ৰ তালিকা
| বছৰ | চলচ্চিত্ৰ | পৰিচালনা | চিত্ৰনাট্য | মন্তব্য |
|---|---|---|---|---|
| ২০০০ | ব্লেক নৰ হোৱাইট | চুটি চলচ্চিত্ৰ | ||
| ২০০৯ | কেৰালা ক্যাফে | “হেপ্পী জাৰ্নি” খণ্ড৮ | ||
| ২০১২ | মঞ্জাডিক্কুৰুউ | ৯ | ||
| উস্তাদ হোটেল | ১০ | |||
| ২০১৪ | বেংগালুৰ ডেইজ | ১১ | ||
| ২০১৮ | কূড়ে | ১২ | ||
| ২০২২ | ৱাণ্ডাৰ ৱুমেন | ইংৰাজী চলচ্চিত্ৰ, Sony LIVত ওটিটি মুক্তি।১৩ | ||
| ২০২৫ | বেকষ্টেজ | ইংৰাজী চুটি চলচ্চিত্ৰ সংকলন শৃংখলা যুভা সপনো কা সাফৰৰ অংশ১৪ |
ব্যক্তিগত জীৱন
ডিম্পল হায়াথি ভিক্টৰ ডেভিডৰ সৈতে বিবাহিত।১৫
বিতৰ্ক
২০২৩ চনত হায়দৰাবাদৰ জুবিলী হিলছ অঞ্চলত আই পি এছ বিষয়াৰ গাড়ীৰ ক্ষতিসাধন কৰাৰ অভিযোগত তেওঁ আৰু তেওঁৰ স্বামী ভিক্টৰ ডেভিদে বিতৰ্কত লিপ্ত হৈছিল। খবৰ অনুসৰি ডেভিদে ভুলবশতঃ গাড়ীখনত খুন্দা মাৰে, আৰু যেতিয়া মুখা-মুখি হয়, তেতিয়া হায়াথীয়ে গাড়ীখনক লাথি মাৰিছিল বুলি জানিব পৰা গৈছে, যাৰ ফলত আৰক্ষীয়ে অভিযোগ দাখিল কৰিছিল।১৬
২০২৫ চনৰ ছেপ্টেম্বৰৰ শেষৰফালে প্ৰিয়ংকা বিবাৰ নামৰ এগৰাকী ২২বছৰীয়া ঘৰুৱা শ্ৰমিকে হায়দৰাবাদৰ শইকপেটত থকা হায়াথীৰ বাসগৃহত কৰ্মৰত অৱস্থাত নিৰ্যাতন আৰু হাৰাশাস্তি কৰা বুলি অভিযোগ দাখিল কৰিছিল।১৭
অভিযোগ অনুসৰি, শ্ৰমিকগৰাকীক বাৰে বাৰে অপমান কৰা হৈছিল আৰু খাদ্যৰপৰা বঞ্চিত কৰা হৈছিল, দম্পতীহালৰ কুকুৰটোক লৈ কাজিয়াৰ সময়ত ভাবুকি দিয়া হৈছিল, আৰু ঘটনাটো ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰাৰ সময়ত তেওঁৰ মোবাইল ফোনটো কাঢ়ি লৈ ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন হৈছিল; তেওঁ আৰু অভিযোগ কৰে যে বাসগৃহৰপৰা পলায়ন কৰাৰ সময়ত তেওঁৰ কাপোৰ ফাটি গৈছিল। ফিল্মনগৰ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ (বিএনএছ) ধাৰা ৭৪, ৭৯, ৩৫১(২), আৰু ৩২৪(২)ৰ অধীনত ডিম্পল হায়াথী আৰু তেওঁৰ স্বামী ডেভিদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।
ফিল্ম নগৰ আৰক্ষী থানাৰ পৰিদৰ্শক সন্তোষে কয় যে তেওঁলোকে প্ৰিয়ংকাৰ অভিযোগৰ ভিত্তিত অভিনেত্ৰী আৰু তেওঁৰ স্বামী দুয়োকে জাননী জাৰি কৰিছে।১৫
তথ্যসূত্ৰ
- ↑ (19 January 2022). Actor Dimple Hayathi is Fans' Favourite, For She Nails Every Outfit in Latest Insta Pics. News18
- ↑ Adivi, Sashidhar. (19 May 2021). Dimple Hayathi stressed about extended family's health. Deccan Chronicle
- ↑ Jain, Vaishali; News, India TV. (2021-08-21). Ravi Teja wishes 'Khiladi' co-star Dimple with new poster. www.indiatvnews.com
- ↑ India, The Hans. (2023-05-23). Dimple Hayathi Biography: Age, Career, Family, Networth, Movies, Controversies. www.thehansindia.com
- ↑ (30 January 2022). "Fetish for fair skin" annoyed Dimple Hayathi
- ↑ Dimple Hayathi: అప్పుడు నిరాశలోకి వెళ్లిపోయా. EENADU
- ↑ Adivi, Sashidhar. (28 July 2019). Finding her glam quotient. Deccan Chronicle
- ↑ Review: Kerala Cafe. Sify
- ↑ (26 December 2008). Seeds of a success story. The Hindu
- ↑ Nagarajan, Saraswathy. (21 June 2012). Beachside hotel. The Hindu
- ↑ (24 January 2014). Anjali Menon's movie is Bangalore Days. The Times of India
- ↑ Anjali Menon's movie is Koode. The Times of India
- ↑ Expect the unexpected', says Nithya Menen as actors break suspense on pregnancy post..
- ↑ (25 April 2025). Backstage review: Anjali Menon's film is a gentle take on the fragilities of friendship. The News Minute
- ↑ Sudhir, Uma. (1 October 2025). Telugu Actor Dimple Hayathi, Husband Accused By Househelp Of Harassment, Assault. NDTV
- ↑ (2025-10-01). Who is Dimple Hayathi? Actor booked for alleged abuse of domestic help. Hindustan Times
- ↑ (2025-10-02). Maid escapes with torn clothes after 'assault' by actor Dimple Hayathi, husband; how events unfolded at Hyderabad apartment. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিম্পল হায়াথি” প্ৰবন্ধৰ সংশোধন ৬৩৯৮২০ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।