জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
আলিছা আব্দুল্লা
আলিছা আব্দুল্লা (: Alisha Abdullah; জন্ম: ২৪ জুলাই, ১৯৮৯) এগৰাকী ভাৰতীয় ৰেচিং চালক। তেওঁ দেশৰ প্ৰথম মহিলা ৰাষ্ট্ৰীয় দৌৰ চেম্পিয়ন।
-
আলিজা গুৰ
আলিজা গুৰ (ইংৰাজী: Aliza Gur; জন্ম: আলিজিয়া গ্ৰছ; ১ এপ্ৰিল ১৯৪০) এগৰাকী ইজৰাইলী অভিনেত্ৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ১৯৬০ চনৰ মিছ ইজৰাইল হিচাপে নিৰ্বাচিত হৈছিল আৰু মিয়ামি বীচত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ১৯৬০ প্ৰতিযোগিতাত ছেমি ফাইনেলিষ্ট আছিল।
-
আলিজে অগ্নিহোত্ৰী
আলিজে অগ্নিহোত্ৰী (জন্ম: ১ নৱেম্বৰ, ১৯৯৬), পেছাদাৰীভাৱে কেৱল আলিজে নামেৰে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰত কাম কৰে। তেওঁ অভিনেতা অতুল অগ্নিহোত্ৰী আৰু প্ৰযোজক অলভিৰা খানৰ কন্যা তথা অভিনেতা চমন খানৰ ভাগিনী। তেওঁ ২০২৩ চনৰ ছবি ফৰৰেৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰে।
-
আলিনা চাংকো
আলিনা স্তানিচ্লাভোভনা চাংকো (ইংৰাজী: Alina Stanislavovna Sanko; জন্ম: ২৩ জানুৱাৰী ১৯৯৮) এগৰাকী ৰাছিয়ান সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ ৰাছিয়া ২০১৯ ৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছিল।
-
আলিনা প্লুগাৰু
আলিনা প্লুগাৰু (ইংৰাজী: Alina Plugaru; জন্ম: ১৮ ডিচেম্বৰ ১৯৮৭) এগৰাকী ৰোমানিয়ান উদ্যোগী আৰু প্ৰাক্তন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী, যাক ৰোমানিয়াত "পৰ্ণৰ ৰাণী" বুলি অভিহিত কৰা হয়। ষ্ট্ৰিপাৰ আৰু মডেল হিচাপে কাম কৰাৰ পিছত তেওঁ ২০০৬ চনত কামোদ্দীপক ভিডিঅ'ত অভিনয় কৰিবলৈ আৰম্ভ কৰিছিল।
-
আলিয়া মাগদা এলমাহডী
আলিয়া মাগদা এলমাহডী (Aliaa Magda Elmahdy; জন্ম: ১৬ নৱেম্বৰ ১৯৯১) এগৰাকী ইজিপ্তৰ ইণ্টাৰনেট কৰ্মী আৰু নাৰীবাদী সমৰ্থক। তেওঁৰ ব্লগস্পট পেজত এখন নগ্ন ফটো প্ৰকাশ কৰাৰ বাবে পৰিচিত হৈছিল৷যাক তেওঁ ফেচবুকত "হিংসা, বৰ্ণবাদ, যৌনতাবাদ, যৌন নিৰ্যাতন আৰু ভণ্ডামিৰ সমাজৰ বিৰুদ্ধে আৰ্তনাদ" বুলি অভিহিত কৰিছিল।
-
আলী আছগাৰী
আলী আছগাৰী (ফাৰ্চী:علی عسگری; জন্ম: ২৫ জুলাই ১৯৮২) এগৰাকী ইৰানী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক।
-
আলী আজিমি
আলী আজিমি (ফাৰ্চী: علی عظیمی) লণ্ডনত বসবাস কৰা এগৰাকী ইৰানী গায়ক-গীতিকাৰ আৰু গীটাৰিষ্ট। তেওঁক ইৰানৰ অলটাৰনেটিভ সংগীত জগতৰ এজন অগ্ৰগামী শিল্পী হিচাপে গণ্য কৰা হয়। ২০১০ চনৰ আৰম্ভণিলৈকে তেওঁ 'ৰেডিঅ' তেহৰাণ' বেণ্ডৰ মুখ্য কণ্ঠশিল্পী আৰু গীতিকাৰ আছিল।
-
আলী আব্বাচী
আলী আব্বাচী (ফাৰ্চী: علی عباسی; জন্ম: ১৯৮১) এগৰাকী ইৰানী-ছুইডিছ-ডেনমাৰ্কৰ চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ মূলতঃ শেলী, বৰ্ডাৰ, হোলী স্পাইডাৰ আৰু দি এপ্ৰেণ্টিচ চলচ্চিত্ৰসমূহৰ বাবে জনাজাত। আব্বাচীয়ে দ্য লাষ্ট অৱ আছ ধাৰাবাহিকখনৰ প্ৰথম সংস্কৰণৰ অন্তিম দুটা খণ্ডও পৰিচালনা কৰিছিল।
-
আলী বাকৌই
আলী মনছুৰ বাকৌই কাত্ৰিমি (Ali Mansour Bakouei Katrimi) ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ সৈতে জড়িত ইৰাণৰ পাৰমাণৱিক বিজ্ঞানী আছিল। তদুপৰি বাকৌই এজন শিক্ষাবিদো আছিল। পাৰমাণৱিক পদাৰ্থ বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু ছুপাৰকেপাচিটৰ বিকাশৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে বিখ্যাত।
-
আলী মিৰ্জা ছাফাভী
আলী মিৰ্জা ছাফাৱী (ছাফাভী) যাক চুলতান-আলি ছাফাৱী বুলিও জনা যায়, আলী মিৰ্জা ছাফাৱী বংশৰ দ্বিতীয়ৰপৰা শেষৰ মুৰব্বী আছিল। ৰাজনৈতিক ক্ষমতাৰ বাবে ভয় খাই আলী মিৰ্জাক আক কয়ুনলুডসকলে বন্দী কৰে আৰু পাৰস্যত কেইবাবছৰ কাৰাগাৰত থকাৰ পিছত ১৪৯৩ চনত ৰাজকুমাৰ ৰষ্টামে মুকলি কৰি দিয়ে।
-
আলী লিমোনাডী
আলী লিমোনাডী (ফাৰ্চী: علی لیمونادی) এজন ইৰানত জন্মগ্ৰহণ কৰা আমেৰিকান চলচ্চিত্ৰ আৰু টেলিভিছন পৰিচালক, টেলিভিছন প্ৰযোজক আৰু সাংবাদিক। তেওঁ লছ এঞ্জেলছত আইআৰটিভি (ইৰানী টেলিভিছন)-ৰ প্ৰতিষ্ঠাপক আছিল, যি আছিল আমেৰিকা যুক্তৰাষ্ট্ৰত ইৰানী প্ৰব্ৰজনকাৰীসকলৰ প্ৰথম টেলিভিছন প্ৰতিনিধিত্ব।
-
আলীৰেজা গাছেমী
আলীৰেজা গাছেমী (জন্ম: ১৯৯০) এগৰাকী ইৰানীয় চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক। তেওঁ মূলতঃ ইন দা লেণ্ড অৱ ব্ৰাদাৰ্ছ চলচ্চিত্ৰখন পৰিচালনা কৰাৰ বাবে পৰিচিত, যাৰ বাবে তেওঁ ছাণ্ডান্স চলচ্চিত্ৰ মহোৎসৱত পৰিচালনাৰ বঁটা লাভ কৰিছিল।
-
আলেকজান্দ্ৰা পেট্ৰোভা
আলেকজান্দ্ৰা ভেলেৰিয়েভনা পেট্ৰোভা (ইংৰাজী: Alexandra Valeryevna Petrova; ১৮ ছেপ্টেম্বৰ ১৯৮০ – ১৬ ছেপ্টেম্বৰ ২০০০) এগৰাকী ৰাছিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আছিল যিয়ে মিছ ৰাছিয়া ১৯৯৬ ৰ মুকুট লাভ কৰিছিল।
-
আলেক্সঁদ্ৰ দ্যুমা
আলেক্সঁদ্ৰ দ্যুমা (Alexandre Dumas,; ২৪ জুলাই ১৮০২ – ৫ ডিচেম্বৰ ১৮৭০), যিজন আলেক্সঁদ্ৰ দ্যুমা পেৰ নামেৰেও পৰিচিত, আছিল এজন ফৰাছী ঔপন্যাসিক, নাট্যকাৰ,প্ৰবন্ধকাৰ। তেওঁ মূলত: ঐতিহাসিক সমল আৰু দুঃসাহসিক ৰোমাঞ্চকৰ অভিযানক লৈ লিখা উপন্যাস সমূহৰ বাবে বিখ্যাত।
-
আলেক্সান্দ্ৰা কষ্টেনিউক
আলেক্সান্দ্ৰা কনষ্টাণ্টিনভনা কষ্টেনিউক (ৰাছিয়ান: Александра Константиновна Костенюк; জন্ম ২৩ এপ্ৰিল ১৯৮৪) এগৰাকী ৰাছিয়ান আৰু ছুইছ দবা গ্ৰেণ্ডমাষ্টাৰ। তেওঁ ২০০৮ৰ পৰা ২০১০ চনলৈ মহিলা বিশ্ব দবা চেম্পিয়নৰ উপাধি আৰু ২০২১ চনত মহিলা বিশ্ব দ্ৰুত (ৰেপিড )দবা চেম্পিয়নৰ উপাধি লাভ কৰে।
-
আলেক্সান্দ্ৰা গৰিয়াচকিনা
আলেক্সান্দ্ৰা ইউৰিয়েভনা গৰিয়াচকিনা ১৯৯৮ চনৰ ২৮ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা এগৰাকী ৰাছিয়ান দবা খেলুৱৈ। তেওঁ গ্ৰেণ্ডমাষ্টাৰ (GM) উপাধিধাৰী আৰু বিশ্বত ফিদে ৰেটিঙৰ ভিত্তিত ষষ্ঠ স্থানত থকা মহিলা দবা খেলুৱৈ।
-
আলেক্ছা পালাডিনো
আলেক্ছা পালাডিনো (ইংৰাজী: Aleksa Palladino; জন্ম: ২১ ছেপ্টেম্বৰ, ১৯৮০) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ মানী এণ্ড লো, দ্য এডভেঞ্চাৰছ অৱ চেবাষ্টিয়ান ক'ল, ফাইণ্ড মি গিল্টি, এইচবিঅ’ৰ অপৰাধমূলক ধাৰাবাহিক বোৰ্ডৱাক এম্পায়াৰত (২০১০-২০১১) এঞ্জেলা ডাৰমোডী, ৰং টাৰ্ণ ২: ডেড এণ্ডত (২০০৭) মাৰা, বিফৰ দ্য ডেভিল…
-
আলেখ্যা পঞ্জলা
আলেখ্যা পঞ্জলা: Alekhya Punjala তেলেংগানাৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, নৃত্য পৰিচালক আৰু নৃত্য শিক্ষয়ত্ৰী। কুচিপুডী আৰু ভৰতনাট্যমত তেওঁ পাৰদৰ্শী। অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ পৰা উগাদী বিশিষ্ট বঁটা আৰু হামছা বঁটা লাভ কৰিছে।
-
আশনা হাবিব ভাবনা
আশনা হাবিব ভাবনা (ইংৰাজী: Ashna Habib Bhabna; জন্ম: ৩ আগষ্ট ১৯৯৪) এগৰাকী বাংলাদেশী অভিনেত্ৰী। তেওঁ মূলতঃ বাংলাদেশী টেলিভিছন নাটক আৰু চলচ্চিত্ৰত অভিনয় কৰে। সংবাদ মাধ্যমত তেওঁক বাংলাদেশী চিনেমাৰ অন্যতম জনপ্ৰিয় মুখ হিচাপে অভিহিত কৰা হয়।
-
আশা গেলে ডিৰি
আশা গেলে ডিৰি ( Asha Gelle Dirie; জন্ম: ১৯৬৬) এগৰাকী ছোমালি ৰাজনীতিবিদ আৰু নাগৰিক সমাজৰ কৰ্মী। ২০০৫ চনৰ পৰা ২০১২ চনলৈকে তেওঁ উত্তৰ-পূব ছোমালিয়াৰ স্বায়ত্তশাসিত পুণ্টলেণ্ড আঞ্চলিক ৰাজ্যখনৰ মহিলা উন্নয়ন আৰু পৰিয়াল পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
আশা দে ভছ
আশা দে ভছ (: Asha de Vos, সিংহল: ආශා ඩි වොස්; জন্ম ১৯৭৯) এগৰাকী শ্ৰীলংকাৰ সামুদ্ৰিক জীৱবিজ্ঞানী, সমুদ্ৰ শিক্ষা প্ৰচাৰক আৰু উত্তৰ ভাৰত মহাসাগৰৰ ভিতৰত নীলা তিমি গৱেষণাৰ পথ প্ৰদৰ্শক। ব্লু ৱেল প্ৰজেক্টৰ বাবে তেওঁ পৰিচিত।
-
আশা নেগী
আশা নেগী ( Asha Negi; জন্ম: ২৩ আগষ্ট ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী টেলিভিছন প্ৰডাকচনৰ কামৰ বাবে পৰিচিত। জি টিভিৰ ছ’প অপেৰা পবিত্ৰ ৰিষ্টাত পূৰৱী দেশমুখ কিৰ্লোস্কৰ আৰু অল্ট বালাজীৰ ৱেব চিৰিজ বাৰীশত গৌৰৱী কৰ্মৰকাৰৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বেছিকৈ পৰিচিত।
-
আশা পুথলী
আশা পুথলী (ইংৰাজী: Asha Puthli; জন্ম: ৪ ফেব্ৰুৱাৰী, ১৯৪৫) এগৰাকী ভাৰতীয় গায়িকা-গীতিকাৰ, প্ৰযোজক আৰু অভিনেত্ৰী। পুথলীয়ে ভাৰতীয়-জাপানীজ ফিউজন গীতৰ এটা ডেমো টেপ আৰু নৃত্যৰ জলপানী লৈ মুম্বাইৰপৰা নিউয়ৰ্কলৈ গৈছিল।
-
আশা ভাট
আশা ভাট (জন্ম ৫ ছেপ্তেম্বৰ ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল আৰু মিচ চুপ্ৰানেচনেল ২০১৪ প্ৰতিযোগিতাৰ বিজয়ী। তেওঁ এই খিতাপ লাভ কৰা প্ৰথম ভাৰতীয়। ভাটে ২০১৯ চনৰ হিন্দী চলচ্চিত্ৰ জংঘলিৰ জৰিয়তে অভিনেতা ৰূপে অভিষেক কৰে।
-
আশালতা বিশ্বাস
আশালতা বিশ্বাস (জন্ম মেহৰুন্নিছা; ১৯১৭–১৯৯২) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ ১৯৩০ চনৰপৰা ১৯৬০ চনৰ মাজভাগলৈকে হিন্দী ছবিত সক্ৰিয়ভাৱে কাম কৰিছিল। তেওঁ লাক্স চাবোনৰ ব্ৰেণ্ড এম্বেছাদৰ হোৱা প্ৰথম ভাৰতীয় অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম আছিল।
-
আশালতা সেন
আশালাতা সেন (Ashalata Sen; জন্ম:৫ ফেব্ৰুৱাৰী ১৮৯৪ – মৃত্যু:১৩ ফেব্ৰুৱাৰী ১৯৮৬) এগৰাকী ভাৰতীয় সক্ৰিয় কৰ্মী, কবি, সমাজকৰ্মী, আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ আগশাৰীৰ ব্যক্তি আছিল।
-
আশি সিং
আশি সিং (ইংৰাজী: Ashi Singh) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মুখ্যত ‘য়ে উন দিনো কী বাত হ্যে’ আৰু ‘মীত: বদলেগী দুনিয়া কী ৰীত’ ধাৰাবাহিকত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
আশু দেৱ
আশু দেৱ (Asu Dev), জন্ম আশুতোষ দেৱ ধুবুৰী, অসম, ভাৰত (১৩ ডিচেম্বৰ ১৯১৭ – ৬ ফেব্ৰুৱাৰী ১৯৮৩) অসমৰ এগৰাকী অগ্ৰণী শিল্পী আছিল। তেওঁ আছিল একাধাৰে চিত্ৰশিল্পী, ভাস্কৰ্য শিল্পী আৰু কলা শিক্ষাবিদ।
-
আশ্ৰিতা
আশ্ৰিতা এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল ভাষাৰ ছবিত অভিনয় কৰিছে। ২০১৩ চনত ইছাক্কি ছবিৰ জৰিয়তে অভিনয়ত অভিষেক ঘটায় ৷ ইয়াৰ পিছত তেওঁ অৰেঞ্জ মিত্তাই (২০১৫) আৰু অজাহেন্দ্ৰ ছল্লুক্কু আমুধা (২০১৬)কে ধৰি আন কিছুমান উল্লেখযোগ্য ছবিত অভিনয় কৰে।