অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আলেক্সান্দ্ৰা কষ্টেনিউক

আলেক্সান্দ্ৰা কনষ্টাণ্টিনভনা কষ্টেনিউক (ৰাছিয়ান: Александра Константиновна Костенюк; জন্ম ২৩ এপ্ৰিল ১৯৮৪) এগৰাকী ৰাছিয়ান আৰু ছুইছ দবা গ্ৰেণ্ডমাষ্টাৰ। তেওঁ ২০০৮ৰ পৰা ২০১০ চনলৈ মহিলা বিশ্ব দবা চেম্পিয়নৰ উপাধি আৰু ২০২১ চনত মহিলা বিশ্ব দ্ৰুত (ৰেপিড )দবা চেম্পিয়নৰ উপাধি লাভ কৰে।

হালনাগাদ: ১৬ জুন ২০২৬ ৬৩৭ শব্দ · ৪ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

আলেক্সান্দ্ৰা কনষ্টাণ্টিনভনা কষ্টেনিউক (ৰাছিয়ান: Александра Константиновна Костенюк; জন্ম ২৩ এপ্ৰিল ১৯৮৪) এগৰাকী ৰাছিয়ান আৰু ছুইছ দবা গ্ৰেণ্ডমাষ্টাৰ। তেওঁ ২০০৮ৰ পৰা ২০১০ চনলৈ মহিলা বিশ্ব দবা চেম্পিয়নৰ উপাধি আৰু ২০২১ চনত মহিলা বিশ্ব দ্ৰুত (ৰেপিড )দবা চেম্পিয়নৰ উপাধি লাভ কৰে। কষ্টেনিউকে ২০০৪ চনত ইউৰোপীয় মহিলা চেম্পিয়নৰ খিতাপ আৰু দুবাৰ (২০০৫ আৰু ২০১৬) ৰাছিয়াৰ মহিলা দবা চেম্পিয়নৰ খিতাপ জয় কৰে।

কষ্টেনিউকে ৰাছিয়াৰ হৈ মহিলা দবা অলিম্পিয়াডত ২০১০, ২০১২ আৰু ২০১৪ চনত দলীয় স্বৰ্ণপদক লাভ কৰে। তেওঁ ২০১৭ চনত মহিলা বিশ্ব দলীয় দবা চেম্পিয়নশ্বিপ আৰু ২০০৭, ২০০৯, ২০১১, ২০১৫ আৰু ২০১৭ চনৰ মহিলা ইউৰোপীয় দলীয় দবা চেম্পিয়নশ্বিপত স্বৰ্ণপদক লাভ কৰে। তেওঁ ২০২১ চনত মহিলা দবা বিশ্ব কাপো জয় কৰে।

২০২২ চনত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত ৰাছিয়ান খেলুৱৈসকলৰ ওপৰত আৰোপিত নিষেধাজ্ঞাৰ ফলস্বৰূপে কষ্টেনিউকে ফেডাৰেচন পৰিৱৰ্তন কৰে। মাৰ্চ ২০২৩ৰ পৰা তেওঁ ছুইজাৰলেণ্ডক প্ৰতিনিধিত্ব কৰি আহিছে।

দবা শিকাৰ আৰম্ভণিৰ দিনবোৰ

কষ্টেনিউকে পাঁচ বছৰ বয়সত নিজৰ দেউতাকৰ পৰা দবা খেল শিকে। তেওঁ ২০০৩ চনত মস্কোৰ ৰাছিয়ান ষ্টেট একাডেমী অৱ ফিজিকেল এডুকেচনৰ পৰা প্ৰশিক্ষিত পেচাদাৰী দবা প্ৰশিক্ষক হিচাপে স্নাতক হয়।১ শিশু অৱস্থাতে তেওঁ দবা যাত্ৰাৰ বাবে অৰ্থ উপাৰ্জনৰ উদ্দেশ্যে প্ৰদৰ্শনীমূলক দবা খেলিছিল।২

কষ্টেনিউকে ১৯৯৪ চনত ইউৰোপীয় যুৱ দবা চেম্পিয়নশ্বিপৰ ১০ বছৰৰ তলৰ শাখাত আৰু ১৯৯৬ চনত ইউৰোপীয় আৰু বিশ্ব যুৱ দবা চেম্পিয়নশ্বিপৰ উভয়তে ১২ বছৰৰ তলৰ শাখাত শীৰ্ষস্থান লাভ কৰে। ১২ বছৰ বয়সত তেওঁ দ্ৰুত দবাত ৰাছিয়াৰ মহিলা চেম্পিয়ন হয়।৩

২০০১ চনত, ১৭ বছৰ বয়সত, তেওঁ বিশ্ব মহিলা দবা চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হয় যদিও চীনৰ ঝু চেনৰহাতত পৰাস্ত হয়।

গ্ৰেণ্ডমাষ্টাৰ উপাধি আৰু আন্তঃৰাষ্ট্ৰীয় সফলতা

কষ্টেনিউকে জাৰ্মানীৰ ড্ৰেছডেনত অনুষ্ঠিত টুৰ্ণামেণ্টত বিজয়ী হৈ ইউৰোপীয় মহিলা চেম্পিয়নৰ উপাধি লাভ কৰে।৪ এই প্ৰতিযোগিতাত তেওঁৰ প্ৰদৰ্শন ৰেটিং ২৬০০ৰ ওপৰত আছিল, যাৰ ফলত তেওঁ ২০০৪ চনৰ নৱেম্বৰত গ্ৰেণ্ডমাষ্টাৰ উপাধি লাভ কৰে আৰু বিশ্ব দবা ফেডাৰেচন (FIDE)ৰ পৰা এই উচ্চতম উপাধি লাভ কৰা দশম মহিলা হয়।৫৬ তাৰ পূৰ্বে, তেওঁ ১৯৯৮ চনত মহিলা গ্ৰেণ্ড মাষ্টাৰ আৰু ২০০০ চনত ইণ্টাৰনেচনেল মাষ্টাৰ উপাধি লাভ কৰিছিল।

২০০৫ চনত তেওঁ ৰাছিয়ান মহিলা চেম্পিয়নশ্বিপ জয় কৰে৭

আগষ্ট ২০০৬ চনত, তেওঁ প্ৰথমবাৰ দবা ৯৬০ৰ‌‌ মহিলা বিশ্ব চেম্পিয়ন হয়, জাৰ্মানীৰ শীৰ্ষ মহিলা খেলুৱৈ এলিছাবেথ প্যাহত্‌জক ৫½–২½ ব্যৱধানত পৰাস্ত কৰি। ২০০৮ চনত তেওঁ ক্যাটেৰিনা লাহ্নোক ২½–১½ ব্যৱধানত পৰাস্ত কৰি এই উপাধি ৰক্ষা কৰে।৮

তেওঁৰ আটাইতকৈ বৃহৎ সাফল্য আছিল ২০০৮ চনৰ মহিলা বিশ্ব দবা চেম্পিয়নশ্বিপ জয়, য'ত ফাইনেলত চীনৰ প্ৰতিভাবান খেলুৱৈ হৌ ইফানক ২½–১½ ব্যৱধানত পৰাস্ত কৰে।৯১০ সেই বছৰৰ শেষত তেওঁ বেইজিঙত অনুষ্ঠিত বিশ্ব মাইণ্ড স্পৰ্টছ গেমছত মহিলাৰ ব্যক্তিগত ব্লিট্‌জ শাখাৰ বিজয়ী হয়।১১

২০১০ চনৰ মহিলা বিশ্ব দবা চেম্পিয়নশ্বিপত, কষ্টেনিউক তৃতীয় ৰাউণ্ডত ৰুৱান লুফেইৰ বিপক্ষে পৰাস্ত হয় আৰু খিতাপ হেৰুৱায়।

অন্যান্য সাফল্য আৰু সাম্প্ৰতিক কৃতিত্ব

২০১৩ চনত, কষ্টেনিউক পুৰুষৰ( অৰ্থাৎ পুৰুষ মহিলা সকলোৰে বাবে মুকলি )লুইছ দবা চেম্পিয়নশ্বিপত বিজয়ী হৈ এই উপাধি জয় কৰা প্ৰথম মহিলা হয়।১২তেওঁ মহিলাৰ ছুইচ চেম্পিয়নৰ উপাধিও লাভ কৰে।

২০১৪ চনত, তেওঁ মহিলা বিশ্ব ৰেপিড চেম্পিয়নশ্বিপত কেটেৰিনা লাগ্নোৰ সৈতে যুটীয়াকৈ প্ৰথম স্থানত থকা অৱস্থাত টাইব্ৰেকৰ ফলত ৰূপৰ পদক লাভ কৰে।১৩

২০১৫ চনত, তেওঁ ইউৰোপীয়–ACP মহিলা ৰেপিড চেম্পিয়নশ্বিপ কুটাইছিত জয় কৰে। সেই বছৰৰ জুলাইত তেওঁ ছুইচ চেম্পিয়নশ্বিপৰ প্লে-অফত ভাদিম মিল'ভৰ হাতত পৰাস্ত হয় যদিও মহিলা ছুইচ চেম্পিয়নৰ উপাধি লাভ কৰে। কষ্টেনিউকে পুনৰ ৰাছিয়ান মহিলা চেম্পিয়নশ্বিপ জয় কৰে।১৪১৫৭

২০১৭ চনত তেওঁ মণ্টে কাৰ্ল'ত অনুষ্ঠিত ইউৰোপীয় ACP মহিলা ব্লিট্‌জ চেম্পিয়নশ্বিপ জয় কৰে।১৬

২০১৯ চনত, তেওঁ অনলাইন স্পীড দবা চেম্পিয়নশ্বিপত ইউক্ৰেইন-আমেৰিকান ইণ্টাৰনেচনেল মাষ্টাৰ আনা জাটনিচক ২০–৮ ব্যৱধানত পৰাস্ত কৰে।১৭১৮

নৱেম্বৰত, তেওঁ মোনাক'ত অনুষ্ঠিত ইউৰোপীয় মহিলা ৰেপিড আৰু ব্লিট্‌জ চেম্পিয়নশ্বিপ জয় কৰে।১৯

ডিচেম্বৰত, তেওঁ FIDE মহিলা গ্ৰাঁ প্ৰি ২০১৯–২০ৰ দ্বিতীয় পৰ্যায়ত প্ৰথম স্থান লাভ কৰে। সেই মাহতেই, তেওঁ বেল্ট এণ্ড ৰোড(Belt and Road) বিশ্ব মহিলা দবা চেম্পিয়নশ্বিপত হৌ ইফানৰ পিছত দ্বিতীয় স্থান লাভ কৰে।২০

২০২০ আৰু ২০২১ চনৰ সাফল্য

আগষ্ট ২০২০ চনত, কষ্টেনিউকে ৰাছিয়ান দলৰ অংশ হিচাপে অনলাইন দবা অলিম্পিয়াডত ভাৰতৰ সৈতে স্বৰ্ণপদক ভগাই লয়। তেওঁ এই ফলাফলত অসন্তুষ্ট আছিল আৰু ইয়াৰ বিষয়ে মন্তব্য কৰাত বিতৰ্কৰ সৃষ্টি হৈছিল।২১২২

২০২১ চনৰ জুলাই-আগষ্টত, তেওঁ মহিলা দবা বিশ্ব কাপত অংশগ্ৰহণ কৰে আৰু ক্লাচিকেল মেচবোৰত টাইব্ৰেক নোহোৱাকৈ বিজয়ী হয়। ফাইনেলত তেওঁ আলেক্সান্দ্ৰা গৰিয়াচ্চকিনাক ১.৫ - ০.৫ ব্যৱধানত পৰাস্ত কৰে। এই বিজয়ে তেওঁক $৫০,০০০ পুৰস্কাৰ, ৪৩ ৰেটিং পইণ্ট, আৰু ২০২২ মহিলা কেণ্ডিডেটস্‌ টুৰ্ণামেণ্টৰ বাবে যোগ্যতা প্ৰদান কৰে।২৩

তেওঁ ২০২১ চন শেষ কৰে ৱাৰ্শ'ত অনুষ্ঠিত মহিলা বিশ্ব ৰেপিড চেম্পিয়নশ্বিপত বিজয়ী হৈ, তেওঁ ১১ ৰাউণ্ডত ৯ পইণ্ট লাভ কৰে। ব্লিট্‌জ চেম্পিয়নশ্বিপত, তেওঁ আই এম বিবিচাৰা আছাউবায়েভাৰ পিছত দ্বিতীয় স্থান লাভ কৰে।২৪

তথ্যসূত্ৰ

  1. ↑ Chess.com-Kosteniuk bio 2015 Apr 9"
  2. ↑ Jennifer Shahade, Chess Queens, 2024, p. 215
  3. ↑ (24 April 2014). Alexandra Kosteniuk: "The victory was so close!". FIDE Women World Rapid and Blitz Championships 2014. FIDE
  4. ↑ (4 April 2004). The 2004 European Women's Chess Champion. ChessBase
  5. ↑ (6 April 2004). Certificate of Title Result Grandmaster
  6. ↑ FIDE Handbook 2003: International Title Regulations of FIDE. Arbitri Lombardia Scacchi
  7. ↑ Silver, Albert. (1 November 2016). Riazantsev and Kosteniuk are 2016 Russian champions. Chess News. ChessBase
  8. ↑ (1 August 2008). Mainz 2008: Kosteniuk wins Chess960, Rybka and Shredder qualify. Chess News
  9. ↑ Alexandra Kosteniuk is Women's World Champion ChessBase
  10. ↑ The crowning of Kosteniuk as a World Champion Chessdom
  11. ↑ "Kosteniuk wins WMSG blitz title" . Chessdom
  12. ↑ chessqueen.com - Chess Queen Alexandra Kosteniuk's Chess Blog
  13. ↑ (25 April 2014). Title: Kateryna Lagno crowned Women's World Rapid Champion. FIDE Women World Rapid and Blitz Championships 2014. FIDE
  14. ↑ (4 June 2015). Alexandra Kosteniuk wins European-ACP Women's Rapid Championship. Chessdom
  15. ↑ (17 July 2015). Abschluss der SEM in Leukerbad: Erster Titel für GM Vadim Milov. Swiss Chess Federation
  16. ↑ (24 October 2017). Anna Muzychuk & Alexandra Kosteniuk won the European ACP Women's Rapid & Blitz Chess Championship. FIDE
  17. ↑ (8 April 2020). Nakamura Defeats So To Repeat As Speed Chess Champion. Chess.com
  18. ↑ Doggers, Peter. (27 May 2019). Women's Speed Chess: Kosteniuk Too Strong For Zatonskih. Chess.com
  19. ↑ Chess-Results Server Chess-results.com - European Women Individual Blitz Chess Championship 2019. chess-results.com
  20. ↑ The Week in Chess 1311. theweekinchess.com
  21. ↑ (31 August 2020). India, Russia announced joint winners of Chess Olympiad after controversial finish
  22. ↑ Kosteniuk, Alexandra. (30 August 2020). Let's clarify one thing: India didn't win the Olympiad, but was rather named by FIDE a co-champion. imho, there is a huge difference between actually "winning" the gold or just being awarded one without winning a single game in the final #onlineolympiad
  23. ↑ chess24.com. (2 August 2021). Congratulations to Alexandra Kosteniuk (@chessqueen) on winning the 2021 Women's #FIDEWorldCup, earning $50k (40k after FIDE's cut) and picking up an amazing 43 rating points in the process! t.co/SHpthl7K4q #c24live t.co/gESpcdmJZ1
  24. ↑ Results - Women Rapid

সম্পৰ্কিত শ্ৰেণী

বিশ্বৰ মহিলা দবা খেলুৱৈগ্ৰেণ্ডমাষ্টাৰবিশ্বৰ দবা খেলুৱৈদবা খেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলেক্সান্দ্ৰা কষ্টেনিউক” প্ৰবন্ধৰ সংশোধন ৬১২৫৩১ (১৬ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।