অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আলী লিমোনাডী

আলী লিমোনাডী (ফাৰ্চী: علی لیمونادی) এজন ইৰানত জন্মগ্ৰহণ কৰা আমেৰিকান চলচ্চিত্ৰ আৰু টেলিভিছন পৰিচালক, টেলিভিছন প্ৰযোজক আৰু সাংবাদিক। তেওঁ লছ এঞ্জেলছত আইআৰটিভি (ইৰানী টেলিভিছন)-ৰ প্ৰতিষ্ঠাপক আছিল, যি আছিল আমেৰিকা যুক্তৰাষ্ট্ৰত ইৰানী প্ৰব্ৰজনকাৰীসকলৰ প্ৰথম টেলিভিছন প্ৰতিনিধিত্ব।

হালনাগাদ: ৩১ মে’ ২০২৬ ১৮৩ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

আলী লিমোনাডী (ফাৰ্চী ভাষা: علی لیمونادی) এজন ইৰানত জন্মগ্ৰহণ কৰা আমেৰিকান চলচ্চিত্ৰ আৰু টেলিভিছন পৰিচালক, টেলিভিছন প্ৰযোজক আৰু সাংবাদিক। তেওঁ লছ এঞ্জেলছত আইআৰটিভি (ইৰানী টেলিভিছন)-ৰ প্ৰতিষ্ঠাপক আছিল, যি আছিল আমেৰিকা যুক্তৰাষ্ট্ৰত ইৰানী প্ৰব্ৰজনকাৰীসকলৰ প্ৰথম টেলিভিছন প্ৰতিনিধিত্ব।১

প্ৰাৰম্ভিক জীৱন আৰু কৰ্মজীৱন

আলী লিমোনাডীৰ জন্ম তেহৰানত হৈছিল। হাইস্কুলৰ শিক্ষা সমাপ্ত কৰাৰ পাছত তেওঁ জাৰ্মানীলৈ স্থানান্তৰিত হয়। ১৯৬২ চনৰপৰা ১৯৬৮ চনলৈকে তেওঁ বাৰ্লিন ইউনিভাৰ্চিটি অৱ দি আৰ্টছত চলচ্চিত্ৰ পৰিচালনা আৰু চিনেমাটোগ্ৰাফীৰ অধ্যয়ন কৰিছিল। দাচ আবনমেণ্ট হৈছে তেওঁৰ অন্যতম এখন চলচ্চিত্ৰ যিখন সেই সময়ত অৰ্থাৎ ১৯৬৭ চনত প্ৰদৰ্শিত হৈছিল।

১৯৭৯ চনত ইৰানৰ বিপ্লৱ সমাপ্ত হোৱাৰ কেইমাহমানৰ পিছত লিমোনাডী আমেৰিকা যুক্তৰাষ্ট্ৰলৈ স্থানান্তৰিত হয়।২ তেওঁ প্ৰথমতে এবছৰ থকাৰ পৰিকল্পনা কৰিছিল।২ এটা সাক্ষাৎকাৰত লিমোনাডীয়ে কৈছিল: "সেই সময়ত আমি ভাবিছিলো যে ছয় মাহৰ পিছত আমি ইৰানলৈ ঘূৰি যাম। আমি ভাবিছিলো যে পৰিস্থিতি শান্ত হ’ব আৰু মানুহে নিজৰ দেশত পুনৰ জীৱন আৰম্ভ কৰিব পাৰিব। আমাৰ মাজৰ কিছুমানে আনকি নিজৰ বেগবোৰো সম্পূৰ্ণকৈ খোলা নাছিল।" ১

১৯৭৯ চনৰ পৰৱৰ্তী কৰ্মজীৱন

১৯৮১ চনৰ ১৫ মাৰ্চত লিমোনাডীয়ে কেএছচিআই টেলিভিছন চেনেলত আইআৰটিভি (ইৰানী টেলিভিছন) নামৰ ইৰানৰ বাহিৰত প্ৰথমটো ইৰানী টেলিভিছন ষ্টেচন মুকলি কৰে।১৩৪ লছ এঞ্জেলছৰ ষ্টুডিঅ' চিটীত তেওঁৰ নিজৰ টেলিভিছন সম্প্ৰচাৰ ষ্টুডিঅ' আছিল আৰু তেওঁ ইয়াক মাজে-মাজে ভাড়াতিয়া হিচাপে দিছিল।২৫ তেওঁ ইৰানীয়ান নামৰ এখন টেলিভিছন ধাৰাবাহিক প্ৰযোজনা কৰিছিল।৬ ১৯৮০ৰ দশকত তেওঁৰ এই ইৰানীয়ান অনুষ্ঠানটোৰ অবৈধ কঁপি ইউৰোপৰ জৰিয়তে গোপনে ইৰানলৈ সৰবৰাহ কৰা হৈছিল।৫৭

২০০৭ চনত লিমোনাডীয়ে হাজাৰ হাজাৰ ভাইৰাছযুক্ত ইমেইল লাভ কৰিছিল, যাক তেওঁ ইৰান চৰকাৰৰ এজেণ্টৰ কাৰ্য বুলি অভিহিত কৰিছিল।২ লিমোনাডীয়ে নিয়মীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত ইৰানী সংবাদ মাধ্যম যেনে ভইচ অৱ আমেৰিকাৰ পাৰ্চিয়ান টেলিভিছনত অংশগ্ৰহণ কৰে।৮

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Bagherpour, Amir. (September 12, 2010). The Iranian Diaspora in America: 30 Years in the Making. Frontline. PBS, KQED
  2. ↑ Barboza, Tony. (2007-09-16). Iranians in U.S. weigh the price of activism. Los Angeles Times
  3. ↑ Akbarzadeh, P. An Interview with Ali Limonadi. Radio Zamaneh
  4. ↑ Naficy, Hamid. (2011-09-16). A Social History of Iranian Cinema, Volume 1: The Artisanal Era, 1897-1941. Duke University Press. পৃ. lvii. ISBN 978-0-8223-4775-0
  5. ↑ Naficy, Hamid. (1993-01-01). The Making of Exile Cultures: Iranian Television in Los Angeles. U of Minnesota Press. ISBN 978-0-8166-2084-5
  6. ↑ During, Simon. (1999). The Cultural Studies Reader. Psychology Press. পৃ. 553. ISBN 978-0-415-13754-6
  7. ↑ Parks, Lisa; Kumar, Shanti. (2003). Planet TV: A Global Television Reader. NYU Press. পৃ. 383. ISBN 978-0-8147-6692-7
  8. ↑ (9 April 2007). Persian tv weekly highlights 4/9. VOA

সম্পৰ্কিত শ্ৰেণী

ইৰানৰ ব্যক্তিচলচ্চিত্ৰ পৰিচালকসাংবাদিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলী লিমোনাডী” প্ৰবন্ধৰ সংশোধন ৬১০৫৬৬ (৩১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।