অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আলেক্‌ছা পালাডিনো

আলেক্‌ছা পালাডিনো (ইংৰাজী: Aleksa Palladino; জন্ম: ২১ ছেপ্টেম্বৰ, ১৯৮০) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ মানী এণ্ড লো, দ্য এডভেঞ্চাৰছ অৱ চেবাষ্টিয়ান ক'ল, ফাইণ্ড মি গিল্টি, এইচবিঅ’ৰ অপৰাধমূলক ধাৰাবাহিক বোৰ্ডৱাক এম্পায়াৰত (২০১০-২০১১) এঞ্জেলা ডাৰমোডী, ৰং টাৰ্ণ ২: ডেড এণ্ডত (২০০৭) মাৰা, বিফৰ দ্য ডেভিল…

হালনাগাদ: ৩০ মাৰ্চ ২০২৬ ২৬৮ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

আলেক্‌ছা পালাডিনো (ইংৰাজী ভাষা: Aleksa Palladino; জন্ম: ২১ ছেপ্টেম্বৰ, ১৯৮০)১ এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী। তেওঁ মানী এণ্ড লো, দ্য এডভেঞ্চাৰছ অৱ চেবাষ্টিয়ান ক'ল, ফাইণ্ড মি গিল্টি, এইচবিঅ’ৰ অপৰাধমূলক ধাৰাবাহিক বোৰ্ডৱাক এম্পায়াৰত (২০১০-২০১১) এঞ্জেলা ডাৰমোডী, ৰং টাৰ্ণ ২: ডেড এণ্ডত (২০০৭) মাৰা, বিফৰ দ্য ডেভিল ন’জ ইউ আৰ ডেড (২০০৭), দ্য মিডনাইট চুইম (২০১৪), দ্য আইৰিচমেনত (২০১৯) মেৰী শ্বীৰাণ আৰু নো মেন অৱ গডত (২০২১) মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ এএমচিৰ ধাৰাবাহিক হল্ট এণ্ড কেচ ফায়াৰৰ দ্বিতীয় ছিজনত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল। ২০০৭ চনৰপৰা ২০১৮ চনলৈ তেওঁ নিজৰ প্ৰাক্তন স্বামী ডেভন চাৰ্চৰ সৈতে 'একজিটমিউজিক' নামৰ এটা ড্ৰিমপপ মিউজিক বেণ্ডৰ সৈতে জড়িত আছিল আৰু তেওঁলোকে দ্য ডিক্লাইন অৱ দ্য ৱেষ্ট (২০০৭), পেচেজ (২০১২) আৰু দ্য ৰিকগনিচনছ (২০১৮) নামৰ এলবামসমূহ মুকলি কৰিছিল।

প্ৰাৰম্ভিক জীৱন

পালাডিনোৰ জন্ম হৈছিল নিউয়ৰ্ক চহৰত,২ য’ত তেওঁ ডাঙৰ-দীঘল হৈছিল আৰু এগৰাকী অভিনেত্ৰী হিচাপে কাম কৰিছিল। তেওঁ চলচ্চিত্ৰ নিৰ্মাতা, ছ’প্ৰানো গায়িকা, ফটোগ্ৰাফাৰ, গ্ৰাফিক শিল্পী আৰু প্ৰযোজক চাব্ৰিনা এ. পালাডিনোৰ একমাত্ৰ সন্তান।৩ তেওঁ ছিচিলিয়ান চিত্ৰশিল্পী আৰু ভাস্কৰ্যশিল্পী এঞ্জেলা ফোডেল পালাডিনো৪ আৰু ইটালীয়-আমেৰিকান চিত্ৰকৰ তথা গ্ৰাফিক ডিজাইনাৰ এন্থনী আমেৰিকো "টনি" পালাডিনোৰ নাতিনী। টনি পালাডিনোৱে ৰবাৰ্ট ব্লচৰ ১৯৫৯ চনৰ উপন্যাস চাইকোৰ শিৰোনামৰ আখৰসমূহৰ আৰ্হি প্ৰস্তুত কৰিছিল।৫ এমি শ্বাৰমেন-পালাডিনোৰদ্বাৰা নিৰ্মিত ধাৰাবাহিক দ্য মাৰ্ভেলাছ মিচেছ মাইচেলৰ এটা খণ্ড টনিৰ নামত উৎসৰ্গা কৰা হৈছে।৬ পালাডিনোৰ মাহীয়েক কেট পালাডিনো-কিৰ্ক এগৰাকী ডিজাইনাৰ, তেওঁৰ আজু-ককাক ৰোকো ফোডেল ট্ৰাপানিৰ এজন চিত্ৰশিল্পী আছিল আৰু তেওঁৰ বৰ-দেউতাক ট নিনো ফোডেল ৰিচাৰ্ড এভেডন আৰু পিটাৰ লিণ্ডবাৰ্গৰ দৰে বিখ্যাত ফেশ্বন ফটোগ্ৰাফাৰসকলৰ ফটো পৰিমাৰ্জনকাৰী হিচাপে কাম কৰিছিল।৭ পালাডিনোৰ পূৰ্বপুৰুষসকল নেপোলি আৰু চিচিলিৰ নিবাসী আছিল।

ব্যক্তিগত জীৱন

পালাডিনোৱে তেওঁৰ স্বামী ডেভন চাৰ্চৰ সৈতে ‘একজিটমিউজিক’ নামৰ বেণ্ডটো গঠন কৰিছিল। তেওঁ ২০০১ চনত কানাডাৰ এটা ৰে’ল ভ্ৰমণৰ সময়ত ডেভনক লগ পাইছিল। ২০১৫ চনত পালাডিনো আৰু চাৰ্চৰ বিবাহ বিচ্ছেদ হয়।৮

তথ্যসূত্ৰ

  1. ↑ Lanham, Tom. (2012-04-19). Two Sides of Aleksa Palladino. The San Francisco Examiner. পৃ. Extra! 23
  2. ↑ Chang, Kee. (12 October 2013). The Archives: Aleksa Palladino. anthemmagazine.com
  3. ↑ (2016-11-17). Sabrina Palladino. The Artists Company
  4. ↑ This Course: Aleksa Palladino - Anthem Magazine. anthemmagazine.com
  5. ↑ Heller, Steven. (2014-05-21). Tony Palladino, Designer of 'Psycho' Lettering, Dies at 84 (Published 2014). The New York Times
  6. ↑ (December 2017). Who Is Tony Palladino? 'Marvelous Mrs. Maisel' Dedicated An Episode To The Legendary Creative. Bustle
  7. ↑ Home - Tonino Fodale. toninofodalestudio.com
  8. ↑ Hannah Burke. (2018). Interview: The emotional labyrinth of Exitmusic. altcitizen.com

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলেক্‌ছা পালাডিনো” প্ৰবন্ধৰ সংশোধন ৫৯৭৭৩৫ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।