অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আশা দে ভছ

আশা দে ভছ (: Asha de Vos, সিংহল: ආශා ඩි වොස්; জন্ম ১৯৭৯) এগৰাকী শ্ৰীলংকাৰ সামুদ্ৰিক জীৱবিজ্ঞানী, সমুদ্ৰ শিক্ষা প্ৰচাৰক আৰু উত্তৰ ভাৰত মহাসাগৰৰ ভিতৰত নীলা তিমি গৱেষণাৰ পথ প্ৰদৰ্শক। ব্লু ৱেল প্ৰজেক্টৰ বাবে তেওঁ পৰিচিত।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৩৯৫ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

আশা দে ভছ (: Asha de Vos, সিংহল: ආශා ඩි වොස්; জন্ম ১৯৭৯) এগৰাকী শ্ৰীলংকাৰ সামুদ্ৰিক জীৱবিজ্ঞানী, সমুদ্ৰ শিক্ষা প্ৰচাৰক আৰু উত্তৰ ভাৰত মহাসাগৰৰ ভিতৰত নীলা তিমি গৱেষণাৰ পথ প্ৰদৰ্শক।১ ব্লু ৱেল প্ৰজেক্টৰ বাবে তেওঁ পৰিচিত। তেওঁ এগৰাকী জ্যেষ্ঠ টিইডি ফেলো২ আৰু ২০১৮ চনত বিবিচি ১০০ মহিলা বঁটাৰ বাবে নিৰ্বাচিত হয়।৩৪ তেওঁ নেচনেল জিঅ’গ্ৰাফিক ২০১৬ চনৰ ইমাৰ্জিং এক্সপ্ল'ৰাৰ গ্ৰাণ্টী হিচাপে নিৰ্বাচিত হৈছিল।।৫

জীৱন আৰু কৰ্মজীৱন

১৯৭৯ চনত শ্ৰীলংকাত জন্মগ্ৰহণ কৰিছিল আশা দে ভছ।১ ছয় বছৰ বয়সত আশাৰ মাক-দেউতাকে তেওঁৰ বাবে পুৰণি জিঅ’গ্ৰাফিক আলোচনী লৈ আহিছিল। তেওঁ আলোচনী আৰু কিতাপৰ পৃষ্ঠা চাই চাই কল্পনা কৰিছিল— “এদিন এইজনী মই হ’ম; যি ঠাইলৈ আন কোনেও কেতিয়াও যোৱানাই, তালৈ যাম আৰু যি বস্তু আন কোনেও দেখা নাই, সেয়া চাম।” এই কল্পনাই তেওঁক এগৰাকী “দুঃসাহসিক-গৱেষক” হোৱাৰ সপোন দেখিবলৈ অনুপ্ৰাণিত কৰিছিল।৬৭

দে ভছৰ প্ৰাথমিক শিক্ষা কলম্বোৰ লেডিজ কলেজ আৰু পিছত কলম্বো ইণ্টাৰনেশ্যনেল স্কুলত হৈছিল। তাৰ পিছত তেওঁ ছেইণ্ট এণ্ড্ৰুজ বিশ্ববিদ্যালয়ত সাগৰীয় আৰু পৰিৱেশ জীৱবিজ্ঞানৰ স্নাতক অধ্যয়নৰ বাবে স্কটলেণ্ডলৈ গুচি যায়। ইয়াৰ পিছত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা সংহত জৈৱ-বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু পশ্চিম অষ্ট্ৰেলিয়া বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰে।৮৯ দে ভ’ছ হৈছে সাগৰীয় স্তন্যপায়ী প্ৰাণীৰ গৱেষণাত পি এইচ ডি লাভ কৰা প্ৰথম আৰু একমাত্ৰ শ্ৰীলংকাৰ নাগৰিক।১০

আশা দে ভছে আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘৰ সামুদ্ৰিক আৰু উপকূলীয় ইউনিটত জ্যেষ্ঠ কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৮ চনত তেওঁ শ্ৰীলংকাৰ ব্লু ৱেল প্ৰজেক্ট প্ৰতিষ্ঠা কৰিছিল, যিয়ে উত্তৰ ভাৰত মহাসাগৰৰ ভিতৰত নীলা তিমিৰ ওপৰত প্ৰথম দীৰ্ঘম্যাদী অধ্যয়ন গঠন কৰে। গৱেষণাৰ জৰিয়তে তেওঁ আৱিষ্কাৰ কৰিছিল যে পূৰ্বতে প্ৰতি বছৰে প্ৰব্ৰজন কৰা বুলি ভবা নীলা তিমিৰ এটা অচিনাক্ত অনন্য জনসংখ্যা শ্ৰীলংকাৰ ওচৰৰ সাগৰত বছৰজুৰি আছে।১১৭ আশা দে ভছৰ গৱেষণাৰ ফলস্বৰূপে আন্তঃৰাষ্ট্ৰীয় তিমি চিকাৰ আয়োগে শ্ৰীলংকাৰ নীলা তিমিক সংৰক্ষণমূলক গৱেষণাৰ তৎকালীন প্ৰয়োজন থকা প্ৰজাতি হিচাপে চিহ্নিত কৰিছে। লগতে তিমিৰ সৈতে জাহাজৰ সংঘৰ্ষ ৰোধ কৰাৰ ক্ষেত্ৰত শ্ৰীলংকা চৰকাৰৰ সৈতে সহযোগিতাও আৰম্ভ কৰিছে।তেওঁ আই ইউ চি এন প্ৰজাতিৰ চিটাচিয়ান বিশেষজ্ঞ গোটৰ আমন্ত্ৰিত সদস্য। তেওঁ পূৰ্বে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ চান্টা ক্ৰুজত প’ষ্ট-ডক্টৰেল গৱেষক হিচাপে কাম কৰিছিল আৰু নেচনেল জিঅ’গ্ৰাফিকৰ বাবে অতিথি ব্লগাৰ হিচাপেও লিখিছিল।১২১৩

আশা দে ভছ শ্ৰীলংকাৰ প্ৰথম সাগৰীয় সংৰক্ষণ গৱেষণা আৰু শিক্ষা সংস্থা অ লাভজনক অ’চেনছৱেলৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক।৬ ডি ভ’ছৰ মতে উপকূলীয় অঞ্চলসমূহৰ স্বাস্থ্য আৰু ভৱিষ্যৎ স্থানীয় লোকসকলৰ ওপৰতেই নিৰ্ভৰ কৰে। তেওঁ "পেৰাচুট বিজ্ঞান" বুলি কোৱা পদ্ধতিক সমালোচনা কৰে। এই পদ্ধতিত পশ্চিমীয়া গৱেষকসকলে উন্নয়নশীল দেশসমূহলৈ গৈ তথ্য সংগ্ৰহ কৰে, কিন্তু স্থানীয় লোকসকলক প্ৰশিক্ষণ নিদিয়ে বা অঞ্চলটোৰ উন্নয়নত বিনিয়োগ নকৰে, আৰু তাৰ পিছতে ঘূৰি যায়। ১৪তেওঁ যুক্তি আগবঢ়ায় যে এনে ধৰণৰ পদ্ধতি স্থায়ী নহয় আৰু সংৰক্ষণ প্ৰচেষ্টাক দুৰ্বল কৰি তোলে। তেওঁ লগতে কৈছে যে নাৰীয়ে নিজৰ সক্ষমতাৰ ভিত্তিত নিজকে সংজ্ঞায়িত কৰা উচিত, লিংগৰ বাবে নিজৰ সম্ভাৱনাক সীমাবদ্ধ কৰি ৰখা উচিত নহয়।১৫১৬১৭১৮

দে ভছ টিইডি চিনিয়ৰ ফেলো, ড্যুক ইউনিভাৰ্চিটিৰ গ্ল’বেল ফেলো ইন মেৰিন কনজাৰ্ভেচন আৰু বিশ্ব অৰ্থনৈতিক মঞ্চই তেওঁক ইয়ং গ্ল’বেল লিডাৰ হিচাপে নিৰ্বাচিত কৰিছে। ২০১৩ চনত তেওঁ বৈজ্ঞানিক প্ৰকাশনৰ বাবে ৰাষ্ট্ৰপতিৰ বঁটা লাভ কৰে।১৯ ২০১৫ চনত তেওঁ মেৰিন কনজাৰ্ভেচন একচন ফাণ্ড ফেলো আছিল আৰু ২০১৬ চনত তেওঁ পিউ মেৰিন ফেলো হৈছিল।২০২১ ২০১৮ চনত তেওঁ উইংছ ৱৰ্ল্ডকুৱেষ্ট উইমেন অৱ ডিস্কভাৰী ছি বঁটা লাভ কৰে।[22] ২০১৮ চনৰ ২৬ মে’ত ব্ৰিটিছ কাউন্সিলৰ সোণালী প্ৰাক্তন ছাত্ৰ বঁটাৰ প্ৰথম সংস্কৰণত পেছাদাৰী কৃতিত্ব শাখাত সোণালী প্ৰাক্তন ছাত্ৰ বঁটা লাভ কৰে।২২ বছৰৰ পিছৰ সময়ছোৱাত তেওঁ বিবিচিৰ ১০০ মহিলা তালিকাত স্থান লাভ কৰে।২৩ ২০১৯ চনৰ ২৭ মাৰ্চত দে ভ’ছক শ্ৰীলংকাৰ সংসদে ১২ গৰাকী পৰিৱৰ্তনকাৰী মহিলাৰ ভিতৰত এগৰাকী হিচাপে উদযাপন কৰে।২০২০ চনত স্কুবা ডাইভিং আলোচনীয়ে দে ভ’ছক বছৰৰ চি হিৰো হিচাপে নিৰ্বাচিত কৰে।২৪৩২৫২৬

২০২৩ চনত দে ভছে এছিয়াৰ বিজ্ঞানী সকলৰ দ্বাৰা প্ৰদান কৰা এছিয়ান বিজ্ঞানী ১০০ তালিকাত সম্মানিত ব্যক্তি হিচাপে নিৰ্বাচিত হৈছিল।

তথ্যসূত্ৰ

  1. ↑ (2020-02-13). These 20 women were trailblazing explorers—why did history forget them?. Magazine
  2. ↑ UK. Asha De Vos. The Global Teacher Prize
  3. ↑ (2018-11-19). BBC 100 Women 2018: Who is on the list?. BBC News
  4. ↑ ආශා ඩි වොස්: ඔක්ස්ෆර්ඩ් විශ්වවිද්‍යාලයේ විශිෂ්ටත්වයට පාත්‍ර වූ ලාංකික කතගෙන් උගත හැකි පාඩම්. BBC News සිංහල
  5. ↑ Asha de Vos - National Geographic Society. National Geographic Society
  6. ↑ Wight, Andrew. What's It Like To Be Sri Lanka's First Whale Biologist?. Forbes
  7. ↑ (2020-11-15). සමුද්‍ර ක්ෂීරපායී පර්යේෂකයින් අතරින් ආචාර්ය උපාධියක් ලබා ගත් පළමු සහ එකම ශ්‍රී ලාංකිකයා. www.alpanthiya.lk
  8. ↑ Asha de Vos, Marine Biologist and Ocean Educator, Information, Facts, News, Photos. National Geographic
  9. ↑ පාසලේදී පසුගාමී වුව ද ලෝකයේ ම විශිෂ්ටත්වයට පත් ශ්‍රී ලාංකික කත. BBC News සිංහල
  10. ↑ (March 11, 2017). Blue whales in a changing world: Wildlife and Nature Protection Society Monthly Lecture – March 2017. The Island
  11. ↑ (2016-05-16). Leading the Way: Meet the Next Generation of Explorers. Magazine
  12. ↑ (2016-07-31). Ocean of opportunities for this young woman of the sea. Sundaytimes.lk
  13. ↑ Together they traverse the deep blue sea. Sundaytimes.lk
  14. ↑ (10 November 2017). Sri Lankan Whale Researcher Calls for an End to 'Parachute Science'. Oceans
  15. ↑ Let capacity not gender define you: Asha de Vos · Daily FT. www.ft.lk
  16. ↑ (2019-10-15). We asked women around the world these 6 provocative questions. Culture
  17. ↑ (2020-02-13). These 20 women were trailblazing explorers—why did history forget them?. Magazine
  18. ↑ (6 June 2019). Women in Oceanography Still Navigate Rough Seas. Eos
  19. ↑ Life Online - Asha De Vos. Life.dailymirror.lk
  20. ↑ Marine Conservation Action Fund (MCAF). Center For Ocean Life
  21. ↑ Asha de Vos. pew.org
  22. ↑ Kumara, Sisira. (January 14, 2018). Sri Lanka's Ocean Girl Asha de Vos Wins the Women of Discovery Sea Award for 2018. The Sri Lankan Scientist
  23. ↑ Marine biologist from Sri Lanka wins award in British Council's first ever Global Alumni awards
  24. ↑ (2018-11-23). ලෝකයේ දැනට සිටින බලසම්පන්නම කාන්තාවන් 100 දෙනාගේ අපුරු තොරතුරු මෙන්න. Aruna
  25. ↑ (2020-06-04). Celebrating Sri Lankan Women Changemakers. Parliament of Sri Lanka
  26. ↑ ශ්‍රී ලංකා සාගර ජීව විද්‍යාඥවරියක් බ්‍රිතාන්‍ය කවුන්සිලයේදී සම්මානයෙන් පුද ලබයි. sinhala.adaderana.lk

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আশা দে ভছ” প্ৰবন্ধৰ সংশোধন ৬৩৬৮২৭ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।