জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
আহ টয়
আহ টয় (ইংৰাজী: Ah Toy; ১৮ মে’ ১৮২৯ – ১ ফেব্ৰুৱাৰী ১৯২৮) কেলিফৰ্ণিয়া গোল্ড ৰাছৰ সময়ত কেলিফৰ্ণিয়াৰ ছান ফ্ৰান্সিস্কোত এগৰাকী চীনা আমেৰিকান যৌনকৰ্মী আৰু ম্যাডাম আছিল। তেওঁ ছান ফ্ৰান্সিস্কোৰ প্ৰথমগৰাকী চীনা যৌনকৰ্মী আছিল।
-
আহমদ আলি
আহমদ আলি (Ahmed Ali; ১ জুলাই ১৯১০ দিল্লীত – ১৪ জানুৱাৰী ১৯৯৪) এগৰাকী পাকিস্তানী ঔপন্যাসিক, কবি, সমালোচক, অনুবাদক, কূটনীতিবিদ আৰু পণ্ডিত আছিল। আধুনিক উৰ্দু চুটি গল্পৰ তেওঁ আছিল এগৰাকী পথপ্ৰদৰ্শক।
-
আহমদ শ্বাহ কাজাৰ
আহমদ শ্বাহ কাজাৰ (Ahmad Shah Qajar)(পাৰ্চী: احمد شاه قاجار; ২১ জানুৱাৰী ১৮৯৮ – ২১ ফেব্ৰুৱাৰী ১৯৩০) ১৯০৯ চনৰ ১৬ জুলাইৰপৰা ১৯২৫ চনৰ ১৫ ডিচেম্বৰলৈকে ইৰাণৰ (পাৰস্যৰ) শ্বাহ আছিল আৰু কাজাৰ বংশৰ সপ্তম আৰু শেষ শাসক।
-
আহমাদুল কবীৰ
আহমাদুল কবীৰ (আহমেদুল কবির) আছিল এজন বাংলাদেশী ৰাজনীতিবিদ আৰু সাংবাদিক। তেওঁক মনু মিঞা বুলিও জনা যায়৷ তেওঁ গণতন্ত্ৰী পাৰ্টিৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু স্বতন্ত্ৰ বিশ্ববিদ্যালয়, বাংলাদেশৰ গভৰ্নিং এণ্ড ট্ৰাষ্টী ব'ৰ্ডৰ অংশ আছিল।
-
আহমেদ ৰাজা খান বৰেলৱী
আহমেদ ৰাজা খান বৰেলৱী (১৪ জুন ১৮৫৬ – অক্টোবৰ ১৯২১) শ্ৰদ্ধাৰে আ'লা হজৰত নামেৰে পৰিচিত এজন ভাৰতীয় ইছলামিক পণ্ডিত আৰু কবি আছিল যাক বাৰেলৱী আন্দোলনৰ প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হয়। তেওঁ আছিল এজন পুনৰুজ্জীৱক যিয়ে মহম্মদ আৰু জনপ্ৰিয় চুফী প্ৰথাৰ প্ৰতিৰক্ষাৰ বাবে বিস্তৃতভাৱে লিখিছিল।
-
আৰ কে চনমুখম চেট্টি
ছাৰ ৰামছামী চেট্টিয়াৰ কান্দাসামী শনমুখম চেট্টিয়াৰ কেচিআইই (১৭ অক্টোবৰ ১৮৯২ – ৫ মে' ১৯৫৩) ভাৰতৰ এজন অধিবক্তা, অৰ্থনীতিবিদ, ৰাজনীতিবিদ আছিল যিয়ে ১৯৪৭ চনৰপৰা ১৯৪৮ চনলৈকে ভাৰতৰ প্ৰথম বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ১৯৩৫ চনৰপৰা ১৯৪১ চনলৈকে কোচিন ৰাজ্যৰ দিৱান।
-
আৰ বানুমাথি
আৰ বানুমাথি (R. Banumathi; জন্ম: ২০ জুলাই ১৯৫৫) হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এজন প্ৰাক্তন ন্যায়াধীশ।[ তেওঁ তামিলনাডুৰ আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা ষষ্ঠগৰাকী মহিলা।
-
আৰ. এছ. সুব্বলক্ষ্মী
আৰ. এছ. সুব্বলক্ষ্মী (R. S. Subbalakshmi; ১৮ আগষ্ট ১৮৮৬ - ২০ ডিচেম্বৰ ১৯৬৯) (কেতিয়াবা সুব্বলক্ষ্মী বা শুভলক্ষ্মী বুলি লিখা হয়) আছিল ভাৰতৰ এগৰাকী সমাজ সংস্কাৰক আৰু শিক্ষাবিদ।
-
আৰ. এছ. সুব্বালক্ষ্মী
আৰ. এছ. সুব্বালক্ষ্মী (R. S. Subbalakshmi, কেতিয়াবা বানান সুব্বুলক্ষ্মী বা সুভলক্ষ্মী) (১৮ আগষ্ট ১৮৮৬ – ২০ ডিচেম্বৰ ১৯৬৯), ভাৰতৰ এজন সমাজ সংস্কাৰক আৰু শিক্ষাবিদ আছিল।
-
আৰছাদ মাদানী
মৌলানা আৰছাদ মাদানী ( ইংৰাজী: Maulana Arshad Madani) হ'ল এজন ভাৰতীয় ইছলামিক পণ্ডিত আৰু বৰ্তমান দাৰুল উলুম দেওবন্দীৰ অধ্যক্ষ। তেওঁ আছাদ মাদনীৰ পিছত জমিয়ত উলামা-ই-হিন্দৰ অষ্টম সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে।
-
আৰছাম কুদৰত এ খোদা
আৰছাম কুদৰত এ খোদা (জন্ম: ১৬ জুন ১৯৮৫) এজন ইছলামি পণ্ডিত, চুফী, লেখক আৰু ধৰ্মীয় নেতা। তেওঁ দেৱানবাগ শৰীফৰ পৰিচালক, যিটো এটা চুফী সংগঠন, য’ত তেওঁ মুহাম্মদী ইছলামৰ নীতিসমূহ শিক্ষা দিয়ে, মুৰাকাবা আৰু ইছলামী ধৰ্মীয় আচাৰ-অনুষ্ঠান পালন কৰাৰ জৰিয়তে আধ্যাত্মিক জাগৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
-
আৰতি আগৰৱাল
আৰতি আগৰৱাল ( Arthi Agarwal; জন্ম: ৫ মাৰ্চ, ১৯৮৪ – মৃত্যু: ৬ জুন, ২০১৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তেলেগু চিনেমা আৰু তামিল চিনেমাত কাম কৰিছিল।
-
আৰতি আগৰৱালা (বিজ্ঞানী)
আৰতি আগৰৱালা এজন বিজ্ঞানী আৰু অভিযান্ত্ৰিকবিদ যি গণনাত্মক ফট’নিক্স আৰু বৈচিত্ৰ্য, ন্যায়সঙ্গতা, আৰু অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে পৰিচিত। তেওঁ এই দুয়োটা ক্ষেত্ৰতে বিভিন্ন পুৰস্কাৰে স্বীকৃতি লাভ কৰিছে।
-
আৰতি ছাৰিন
আৰতি ছাৰিন(Arti Sarin) ভাৰতীয় নৌসেনাত সেৱা আগবঢ়োৱা এগৰাকী পতাকা বিষয়া। বৰ্তমান তেওঁ চিকিৎসা সেৱাৰ সঞ্চালক প্ৰধান (নৌসেনা) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ পূৰ্বে তেওঁ এয়াৰ মাৰ্শ্বাল পদবীত চিকিৎসা সেৱাৰ সঞ্চালক প্ৰধান (নৌসেনা) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
আৰতি দত্ত
আৰতি দত্ত (ইংৰাজী: Aroti Dutt; ১৯২৪ – ২০০৩) ভাৰতৰ এগৰাকী সমাজকৰ্মী আছিল। ১৯৬৫ চনৰ পৰা ১৯৭১ চনলৈকে দুটা কাৰ্যকালৰ বাবে “এছ'চিয়েটেড কাণ্ট্ৰিউইমেন অৱ দ্য ৱৰ্ল্ড”ৰ বিশ্ব সভানেত্ৰী আছিল আৰু তাৰ পিছত তেওঁলোকৰ সন্মানীয় সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
আৰতি ৰাণা
আৰতি ৰাণা (জন্ম: ১৯৭৬) এগৰাকী ভাৰতীয় উদ্যোগী। তেওঁ সহকৰ্মী থাৰু মহিলাসকলক হস্তশিল্প নিৰ্মাণ আৰু বিক্ৰী কৰিবলৈ গোট স্থাপন কৰাত সহায় কৰে। তেখেতৰ এই কামৰ প্ৰতি সন্মান জনাই ২০২২ চনত ভাৰত চৰকাৰে তেওঁক ২০২০ চনৰ নাৰী শক্তি পুৰস্কাৰ প্ৰদান কৰে।
-
আৰফা ছায়েদা জেহৰা
আৰফা ছায়েদা জেহৰা (Arfa Sayeda Zehra) এগৰাকী পাকিস্তানী বিশেষজ্ঞ। বৰ্তমান তেওঁ শিক্ষা আৰু ৰাষ্ট্ৰীয় সমন্বয় বিষয়ৰ প্ৰধানমন্ত্ৰীৰ বিশেষ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
আৰভিং বিবাৰ
আৰভিং বিবাৰ (; ১৯০৯–১৯৯১) তেখেত এজন আমেৰিকান মনোবিশ্লেষক আছিল, তেওঁৰ অধ্যয়ন সমকামিতা: পুৰুষ সমকামীৰ এক মনোবিশ্লেষণাত্মক অধ্যয়ন (১৯৬২)ৰ বাবে বেছিকৈ পৰিচিত, য'ত বিবাৰে এই স্থিতি গ্ৰহণ কৰিছিল যে সমকামিতা এটা অৰ্জিত বৈশিষ্ট্য।
-
আৰাশ
আৰাশ দ্য আৰ্চাৰ (ফাৰ্চী: آرش کمانگیر) হৈছে ইৰানী পৌৰাণিক কাহিনী আৰু ঐতিহাসিক পৰম্পৰাৰ এজন বীৰ ধনুৰ্ধৰ চৰিত্ৰ। ইৰানী লোককথা অনুসৰি ইৰান আৰু টুৰানৰ মাজৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল আৰাশে নিক্ষেপ কৰা এটা কাঁড়ৰদ্বাৰা, যিটো কাঁড় নিক্ষেপ কৰিবলৈ তেওঁ নিজৰ জীৱন ত্যাগ কৰিছিল।
-
আৰাশ (গায়ক)
আৰাশ লাবাফ (ফাৰ্চী: آرش لباف, জন্ম ২৩ এপ্ৰিল ১৯৭৭) এগৰাকী ইৰানী-চুইডিছ গায়ক, মনোৰঞ্জনকাৰী আৰু প্ৰযোজক। তেওঁৰ মূল ভাষা হৈছে ফাৰ্চী। তেওঁ ২০০৯ চনৰ ইউৰোভিছন চং কনটেষ্টত আয়েচেলৰ সৈতে আজাৰবাইজানক প্ৰতিনিধিত্ব কৰিছিল আৰু "অলৱেজ" গীতটোৰে তৃতীয় স্থান লাভ কৰিছিল।
-
আৰাশ আব্বাচী
আৰাশ আব্বাচী (ফাৰ্চী: آرش عباسی; জন্ম ১৯৭৮, মালায়ৰ) হৈছে এজন ইৰানী চিত্ৰনাট্যকাৰ, পৰিচালক আৰু অভিনেতা।
-
আৰিফা জান
আৰিফা জান (: Arifa Jan; জন্ম প্ৰায় ১৯৮৭) কাশ্মীৰৰ শ্ৰীনগৰত ফেল্ট ৰাগ নিৰ্মাণৰ এগৰাকী ভাৰতীয় কৰ্মী। যোৱা ৮ মাৰ্চ ২০২০ তাৰিখে জানক নাৰী শক্তিৰ সন্মানেৰে সন্মানিত কৰা হয়।
-
আৰিয়ানা গ্ৰাণ্ডে
আৰিয়ানা গ্ৰাণ্ডে-বুটেৰা ( Ariana Grande-Butera; জন্ম: ২৬ জুন, ১৯৯৩) এগৰাকী আমেৰিকান গায়িকা, গীতিকাৰ আৰু অভিনেত্ৰী। পপ আইকন আৰু জনপ্ৰিয় সংগীতৰ এগৰাকী প্ৰভাৱশালী ব্যক্তি হিচাপে গণ্য কৰা গ্ৰেণ্ডে তেওঁৰ চাৰি অষ্টক কণ্ঠৰ পৰিসৰৰ বাবে পৰিচিত, যিটো হুইচেল ৰেজিষ্টাৰলৈকে বিস্তৃত।
-
আৰিয়ানা গ্ৰীণব্লাট
আৰিয়ানা গ্ৰীণব্লাট (ইংৰাজী: Ariana Greenblatt; জন্ম: ২৭ আগষ্ট, ২০০৭) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁৰ প্ৰথমটো মুখ্য চৰিত্ৰ আছিল ডিজনী চেনেলৰ কমেডী ধাৰাবাহিক ষ্টাক ইন দা মিডল (২০১৬–২০১৮)।
-
আৰিয়ানা ছয়ীদ
আৰিয়ানা ছয়ীদ (দাৰি/পাস্তু:, Aryana Sayeed) এগৰাকী আফগান কণ্ঠশিল্পী, গীতিকাৰ আৰু টিভি ব্যক্তিত্ব। তেওঁ মুখ্যতঃ দাৰি ভাষাত গীত গায় যদিও তেওঁৰ যথেষ্ঠ সংখ্যক পাস্তু গীতো আছে। তেওঁ আফগানিস্তানৰ অতি প্ৰখ্যাত সংগীত শিল্পীসকলৰ অন্যতম।
-
আৰুচি নাশিক
আৰুচি নাশিক (Arushi Nishank; জন্ম: ১৭ ছেপ্টেম্বৰ ১৯৮৬) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, উদ্যোগতা, তথা চলচ্চিত্ৰ নিৰ্মাতা। যাক প্ৰায়ে আৰুচি পোখৰিৱাল বুলি পৰিচিত। তেওঁ পীৰ বিৰ্জু মহাৰাজ আৰু পূৰ্ণিমা পাণ্ডেৰ শিষ্য। তেওঁ সংস্কৃতি সম্পৰ্ক আই.চি.চি.আৰ-ৰ ভাৰতীয় কাউঞ্চিলৰ এগৰাকী কথক এমপেনল্ড শিল্পী।
-
আৰুচি নিশাংক
আৰুশি নিশাংক পণ্ট (Arushi Nishank Pant, জন্ম-১৭ ছেপ্টেম্বৰ ১৯৮৬) হৈছে এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী আৰু পৰিৱেশবিদ৷ তেখেত দেৰাডুনস্থিত হিমালয়ান আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ৷
-
আৰুণি কাশ্যপ
আৰুণি কাশ্যপ (Aruni Kashyap; জন্ম: ৯ জুন, ১৯৮৪) হৈছে এগৰাকী ভাৰতীয় লেখক আৰু অনুবাদক। সমালোচকৰ দ্বাৰা বহুলভাৱে প্ৰশংসিত The House With a Thousand Stories শীৰ্ষক উপন্যাসখনৰ লেখক তেওঁ।
-
আৰ্তভাগ (ঋষি)
আৰ্তভাগ (সংস্কৃত: आर्तभाग) আছিল এজন ভাৰতীয় দাৰ্শনিক, যিয়ে মিথিলাৰ ৰজা জনকৰ দৰবাৰত তেওঁ আয়োজন কৰা বহুদক্ষিণা যজ্ঞত অংশগ্ৰহণ কৰিছিল। তেওঁ জৰৎকাৰু বংশৰ বৈদিক ঋষি আছিল। আৰ্তভাগ ঋতভাগৰ পুত্ৰ।
-
আৰ্থী পাৰ্থসাৰথি
আৰ্থী পাৰ্থসাৰথি (ইংৰাজী: Aarthi Parthasarathy) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু ৱেবকমিক স্ৰষ্টা। মুম্বাইত ডাঙৰ-দীঘল হোৱা আৰু বৰ্তমান বেংগালুৰুত বাস কৰা পাৰ্থসাৰথি তেওঁৰ ৱেবকমিক ধাৰাবাহিক ৰয়েল এগজিষ্টেনচিয়েলছ আৰু আৰ্বানলোৰৰ বাবে পৰিচিত।