জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
আমিনা দিলবাজী
আমিনা পাশা কিজি দিলবাজী (আজেৰবাইজানী: Əminə Dilbazi; ২৬ ডিচেম্বৰ ১৯১৯ – ৩০ এপ্ৰিল ২০১০) এগৰাকী আজেৰবাইজানী লোক-নৃত্যশিল্পী আছিল।
-
আমিনা হানিম
আমিনা হানিম ( ১৭৭০ – ১৮২৪) প্ৰাক্তন অট্টোমান ৱালি (গৱৰ্ণৰ) ইজিপ্তৰ শাসকলৈ পৰিণত আৰু পিছলৈ মহম্মদ আলী বংশৰ প্ৰথম ৰজা হিচাপে পৰিগণিত মহম্মদ আলীৰ প্ৰথম ৰাণী পত্নী আছিল।
-
আমিৰ আজীজী
আমিৰ আজীজী (ফাৰ্চী:امیر عزیزی; জন্ম: ১৯৮৪) এগৰাকী ইৰানী চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ।
-
আমিৰ গাভিদেল
আমিৰ গাভিদেল (জন্ম: ২২ মাৰ্চ, ১৯৪৭ – মৃত্যু: ৮ নৱেম্বৰ, ২০০৯) এগৰাকী ইৰানীয় লেখক আৰু চলচ্চিত্ৰ নিৰ্মাতা আছিল। তেওঁ নিজৰ গৃহ চহৰ মাশ্বহাদত বাটৰ নাট পৰিৱেশন কৰি সৰু অৱস্থাতে শৈল্পিক জীৱন আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ তেহৰানলৈ যায় আৰু তাত আনুষ্ঠানিকভাৱে ইৰানীয় চিনামাত নিজৰ কৰ্মজীৱন আৰম্ভ কৰে।
-
আমিৰ হোছেইন আৰ্মান
আমিৰ হোছেইন আৰ্মান (ফাৰ্চী: امیرحسین آرمان; জন্ম ৫ নৱেম্বৰ ১৯৮২) এগৰাকী ইৰানী অভিনেতা আৰু গায়ক।
-
আমীৰ কবীৰ
মিৰ্জা তাঘী খান-ই ফাৰাহানী আমিৰ কবীৰ (জন্ম, ৯ জানুৱাৰী ১৮০৭ –মৃত্যু, ১০ জানুৱাৰী ১৮৫২) নামেৰে বেছি পৰিচিত, তেওঁৰ ৰাজত্বকালৰ প্ৰথম তিনি বছৰ নাছেৰ আল-দিন শ্বাহ কাজাৰৰ প্ৰধানমন্ত্ৰী আছিল। তেওঁক সাধাৰণতে "ইৰাণৰ প্ৰথম সংস্কাৰক" বুলি গণ্য কৰা হয়।
-
আমীৰা শ্বাহ
আমীৰা শ্বাহ (Ameera Shah, জন্ম-২৪ ছেপ্টেম্বৰ ১৯৭৯) এগৰাকী ভাৰতীয় উদ্যোগী। তেওঁ ভাৰত আৰু আফ্ৰিকাত উপস্থিতি থকা এটা আগশাৰীৰ নিদান শৃংখল মেট্ৰ'পলিছ হেল্থকেয়াৰৰ কাৰ্যবাহী অধ্যক্ষ আৰু সম্পূৰ্ণ সময়ৰ সঞ্চালিকা।
-
আমেইৰা পুনবাণী
আমেইৰা পুনবাণী এগৰাকী ভাৰতীয় সাজ-পোছাক ডিজাইনাৰ আৰু চেলিব্ৰিটি ষ্টাইলিষ্ট যিয়ে হিন্দী চিনেমাত কাম কৰে।
-
আমেলিয়া কেৰ
আমেলিয়া চাৰ্লট কেৰ (ইংৰাজী: Amelia Charlotte Kerr; জন্ম: ১৩ অক্টোবৰ ২০০০) নিউজিলেণ্ডৰ এগৰাকী ক্ৰিকেটাৰ যিয়ে বৰ্তমান ৱেলিংটন আৰু নিউজিলেণ্ডৰ হৈ খেলে। তেওঁ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দুটা শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া মহিলা ক্ৰিকেটাৰ আৰু মহিলাৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক…
-
আমেলিয়া গেথিং
আমেলিয়া গেথিং (ইংৰাজী: Amelia Gething; জন্ম: ২৪ জানুৱাৰী ১৯৯৯) এগৰাকী ইংৰাজী অভিনেত্ৰী আৰু লেখিকা। কন্টেন্ট-ক্ৰিয়েটৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু বিবিচিৰ শ্ব’ দ্য আমেলিয়া গেথিং কমপ্লেক্স (২০১৯–২০২১) লিখিছিল।
-
আমোছ অজ
আমোছ অজ (৪ মে' ১৯৩৯ – ২৮ ডিচেম্বৰ ২০১৮) আছিল এজন ইজৰাইলী লেখক, ঔপন্যাসিক, সাংবাদিক আৰু বুদ্ধিজীৱী। তেখেতে নেগেভৰ বেন-গুৰিয়ান বিশ্ববিদ্যালয়ৰ হিব্ৰু সাহিত্যৰ অধ্যাপক আছিল।
-
আম্পাৰো কুৱেছাডা
মাৰিয়া ডি আম্পাৰো মুনোজ ই কুৱেছাডা (ইংৰাজী: Maria de Amparo Muñoz y Quesada; জন্ম: ২১ জুন ১৯৫৪ – ২৭ ফেব্ৰুৱাৰী ২০১১) এগৰাকী স্পেনিছ অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য ৰাণী আছিল। তেওঁ ফিলিপাইনছৰ মানিলাত অনুষ্ঠিত ১৯৭৪ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত জয়লাভ কৰিছিল।
-
আম্ব্ৰিণ বাত
আম্ব্ৰিন বাত (জন্ম ১৯৬৯) বষ্টনত বাস কৰা এগৰাকী পাকিস্তানী আমেৰিকান শিল্পী যিয়ে তেওঁৰ অংকন, চিত্ৰকলা, প্ৰিণ্ট আৰু কোলাজৰ বাবে বেছিকৈ পৰিচিত আৰু তেওঁৰ শ্ৰম নিবিড়, অংকন কৰা আত্মচিত্ৰৰ বাবে স্বীকৃতি লাভ কৰিছে যিয়ে পৰম্পৰাগত পাৰ্চী শিল্পৰ জৰিয়তে নাৰীবাদী আৰু ৰাজনৈতিক ধাৰণাক চিত্ৰিত কৰে।
-
আম্ৰপালি ডুবে
আম্ৰপালি ডুবে (ইংৰাজী: Amrapali Dubey; জন্ম: ১১ জানুৱাৰী ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ ভোজপুৰী চিনেজাত কাম কৰে। ভোজপুৰী চলচ্চিত্ৰৰ অন্যতম সৰ্বাধিক পাৰিশ্ৰমিক পোৱা আৰু প্ৰতিষ্ঠিত অভিনেত্ৰী হিচাপে পৰিচিত ডুবেই চাৰিটা ভোজপুৰী ফিল্ম এৱাৰ্ডছ আৰু দুটা আন্তঃৰাষ্ট্ৰীয় ভোজপুৰী ফিল্ম এৱাৰ্ডছকে…
-
আমৰাণ মহম্মদ আহমেদ
আমৰাণ মহম্মদ আহমেদ ( Amran Mohamed Ahmed; জন্ম: ১২ এপ্ৰিল ১৯৫৪ চনত হাৰগেইছাত) এগৰাকী ছোমালি লেখিকা, কবি আৰু সাংবাদিক, যিয়ে ২০০৫ চনত ফিনলেণ্ডৰ শৰণাৰ্থী পৰিষদে "বছৰৰ শৰণাৰ্থী মহিলা" হিচাপে নিৰ্বাচিত হয়।
-
আয়লাৰ হাঘী
আয়লাৰ হাঘী (Aylar Haghi); (১৯৯৯ – ১৬ নৱেম্বৰ ২০২২) ইৰাণৰ তাব্ৰিজত মাহছা আমিনিৰ প্ৰতিবাদৰ সময়ত ইৰাণৰ নিৰাপত্তা বাহিনীৰদ্বাৰা নিহত হোৱা এগৰাকী ইৰাণী ছাত্ৰী। চৰকাৰী বিষয়া আৰু সংবাদ মাধ্যমে তেওঁৰ হত্যাকাণ্ডক অস্বীকাৰ কৰিলে; তেওঁলোকে দাবী কৰিছিল যে তেওঁ পৰি মৃত্যুমুখত পৰিছিল।
-
আয়া উৱেটো
আয়া উৱেটো (Aya Ueto; জন্ম: ১৪ ছেপ্টেম্বৰ ১৯৮৫) এগৰাকী জাপানী অভিনেত্ৰী, গায়িকা আৰু টেলিভিছন ব্যক্তিত্ব। ১৯৯৭ চনত উৱেটোৱে সপ্তম জাপান বিছোজো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিশেষ জুৰী বঁটা লাভ কৰিছিল।
-
আয়ুষী ঢোলাকীয়া
আয়ুষী ঢোলাকীয়া এগৰাকী ভাৰতীয় সৌন্দৰ্য ৰাণী, যিয়ে ২০১৯ চনৰ ১৯ ডিচেম্বৰত ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত মিছ টিন ইণ্টাৰনেশ্যনেল ২০১৯-ৰ মুকুট লাভ কৰিছিল। মিছ টিন ইণ্টাৰনেশ্যনেল খিতাপ অৰ্জন কৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয়।
-
আয়েশা আইমান
আয়েশা এছ. আইমান (Ayeesha Aiman) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৫ চনৰ মিছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল হিচাপে অভিষিক্ত হোৱাৰ লগতে জাপানৰ টকিঅ’ত অনুষ্ঠিত হোৱা মিছ ইণ্টাৰনেশ্যনেল ২০১৫ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
আয়েশা কুৰেইছি
আয়েশা কুৰেইছি ( Ayessha Quraishi; জন্ম: ২৮ অক্টোবৰ, ১৯৭০) এগৰাকী সমসাময়িক ভিচুৱেল আৰ্টিষ্ট, যিয়ে পাকিস্তানৰ কৰাচীত বাস কৰে আৰু কাম কৰে। কুৰেইছিয়ে কৰাচীৰ শিক্ষাবিদ নায়াৰ জামিলেণ্ডৰ পৰা প্ৰাৰম্ভিক কলা প্ৰশিক্ষণ লাভ কৰে আৰু তাৰ পিছৰ পৰাই তিনি দশকৰো অধিক সময় নিজৰ শিল্পকৰ্মত স্বকীয় কৌশল আৰু…
-
আয়েশা ধাৰকাৰ
আয়েশা ধাৰকাৰ (ইংৰাজী: Ayesha Dharker; জন্ম: ১৬ মাৰ্চ ১৯৭৮) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। তেওঁ ষ্টাৰ ৱাৰ্ছ: এপিচ’ড ২ – এটাক অফ দ্য ক্ল’নছত নাবোৰ ৰাণী জামিলিয়াৰ চৰিত্ৰত কৰা অভিনয় আৰু তেওঁৰ মঞ্চ পৰিৱেশনৰ বাবে জনাজাত। তেওঁৰ অন্যান্য চলচ্চিত্ৰ চৰিত্ৰসমূহৰ ভিতৰত তামিল ছবি দ্য টেৰৰিষ্ট (১৯৯৭) অন্যতম।
-
আল খাদ্ৰা মাব্ৰুক
আল খাদ্ৰা মিণ্ট মাব্ৰুক (ইংৰাজী: Al Khadra Mint Mabrook; প্ৰায় ১৯৩৪ – অক্টোবৰ ২০২১), যাক চমুকৈ আল খাদ্ৰা বুলি জনা যায়, এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃত চহৰাৱী কবি আছিল।
-
আল খোৱাৰিজমি
মুহাম্মদ ইবনে মুছা আল-খোৱাৰিজমি (Muhammad ibn Musa al-Khwarizmi; ابوجعفر محمد بن موسی خوارزمی; আনুমানিক ৭৮০-৮৫০ খ্ৰীষ্টাব্দ) এজন প্ৰখ্যাত পাৰ্চিয়ান বহুমুখী প্ৰতিভাধৰ পণ্ডিত আছিল। তেওঁ গণিত, জ্যোতিৰ্বিজ্ঞান আৰু ভূগোলৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ আৰবী ভাষাত সৃষ্টি কৰিছিল।
-
আলতাফ ফাতিমা
আলতাফ ফাতিমা (উৰ্দু: الطاف فاطمہ) (জন্ম:১০ জুন ১৯২৭ – মৃত্যু:২৯ নৱেম্বৰ ২০১৮) এগৰাকী পাকিস্তানী উৰ্দু ভাষাৰ ঔপন্যাসিক, চুটি গল্প লেখিকা আৰু শিক্ষয়ত্ৰী (মুহাম্মাদ ইকবালত বিশেষজ্ঞ) আছিল। আলতাফ ফাতিমাৰ জন্ম লক্ষ্ণৌত হৈছিল আৰু ভাৰত বিভাজনৰ সময়ত লাহোৰলৈ গুচি গৈছিল।
-
আলফ্ৰেড জুলছ আয়াৰ
ছাৰ আলফ্ৰেড জুলছ "ফ্ৰেডী" আয়াৰ বা এ. জে. আয়াৰ (২৯ অক্টোবৰ, ১৯১০ – ২৭ জুন, ১৯৮৯) আছিল এজন ব্ৰিটিছ দাৰ্শনিক। তেওঁৰ দাৰ্শনিক গ্ৰন্থ বিশেষকৈ (Language, Truth, and Logic, 1936) আৰু (The Problem of Knowledge, 1956)ৰ বাবে তেওঁ বিশ্বব্যাপী খ্যাতি লাভ কৰিছিল।
-
আলমিলা বাগ্ৰিয়াচিক
আলমিলা বাগ্ৰিয়াচিক (Almila Bagriacik; জন্ম: ১০ জুলাই ১৯৯০) এগৰাকী তুৰ্কী-জাৰ্মান অভিনেত্ৰী। তেওঁ জাৰ্মান চলচ্চিত্ৰ আৰু টেলিভিছনত অভিনয় কৰিছে।
-
আলাউদ্দিন আল আজাদ
আলাউদ্দিন আল আজাদ (Alauddin Al-Azad; জন্ম: ৬ মে' ১৯৩২ - মৃত্যু: ৩ জুলাই ২০০৯)) বাংলাদেশৰ এজন ঔপন্যাসিক, প্ৰবন্ধকাৰ, কবি, নাট্যকাৰ, গৱেষক আৰু অধ্যাপক। তেওঁৰ লিখনিবিলাক আছিল সংগ্ৰামী আৰু আশাবাদী। সমসাময়িক নাগৰিক জীৱনৰ সমস্যাসমূহ তেওঁ লিখিছিল। ১৯৫২ চনৰ ভাষা আন্দোলনৰ সক্ৰিয় কৰ্মী আছিল তেওঁ।
-
আলাৰমেল ভল্লী
আলাৰমেল ভল্লী হৈছে এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু ভাৰতনাট্যমৰ পাণ্ডানাল্লুৰ শৈলীৰ নৃত্য পৰিচালক। ১৯৮৬ চনত ভল্লীয়ে "দীপশিখা নৃত্য ফাউণ্ডেছন আৰু শৈক্ষিক ন্যাস" প্ৰতিষ্ঠা কৰে।
-
আলি ছাদিকিন
আলী ছাদিকিন ১৯৭৭ চনৰপৰা ১৯৮১ চনলৈকে ইণ্ডোনেছিয়াৰ ফুটবলএছ'চিয়েচনৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় বিপ্লৱৰ সময়ত তেওঁ ইণ্ডোনেছিয়াৰ নৌসেনাৰ পূৰ্বৰ পিপলছ ছিকিউৰিটি এজেন্সীৰ নৌসেনাত যোগদান কৰে আৰু অপাৰেচন প্ৰডাক্ট আৰু অপাৰেচন ক্ৰাইৰ সময়ত ডাচসকলৰ বিৰুদ্ধে যুদ্ধ কৰে।
-
আলি লাৰ্টাৰ
এলিসন এলিজাবেথ লাৰ্টাৰ (জন্ম: ২৮ ফেব্ৰুৱাৰী, ১৯৭৬), এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু প্ৰাক্তন মডেল। তেওঁ ১৯৯৬ চনত 'এস্কুয়াৰ' আলোচনীৰ এটা ধেমেলীয়া প্ৰতিবেদনত কাল্পনিক মডেল এলেগ্ৰা কলমেনৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু ১৯৯০-ৰ দশকত কেইবাটাও টেলিভিছন অনুষ্ঠানত অতিথি চৰিত্ৰত অভিনয় কৰিছিল।