আলেক্সান্দ্ৰা ইউৰিয়েভনা গৰিয়াচকিনা ১৯৯৮ চনৰ ২৮ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা এগৰাকী ৰাছিয়ান দবা খেলুৱৈ। তেওঁ গ্ৰেণ্ডমাষ্টাৰ (GM) উপাধিধাৰী আৰু বিশ্বত ফিদে ৰেটিঙৰ ভিত্তিত ষষ্ঠ স্থানত থকা মহিলা দবা খেলুৱৈ। গৰিয়াচকিনা ইতিহাসত চতুৰ্থ-উচ্চতম ৰেটিংধাৰী মহিলা দবা খেলুৱৈ আৰু ৰাছিয়াৰ সৰ্বোচ্চ ৰেটিংধাৰী মহিলা দবা খেলুৱৈ, শীৰ্ষ ৰেটিং ২৬১১।
তেওঁ ২০২০ চনৰ মহিলা বিশ্ব দবা চেম্পিয়নশ্বিপৰ চেলেঞ্জাৰ আছিল, য'ত তেওঁ জু ৱেনজুনৰ বিৰুদ্ধে টাইব্ৰেকৰ ৰেপিড খেলত পৰাস্ত হৈছিল। লগতে, তেওঁ ২০১৫, ২০১৭, আৰু ২০২০ চনত তিনিবাৰ ৰাছিয়ান মহিলা দবা চেম্পিয়নশ্বিপ জয় কৰিছিল। ২০২৩ চনৰ আগষ্ট মাহত, তেওঁ টাইব্ৰেক মেচত নুৰগিউল ছালিমোভাক পৰাস্ত কৰি ফিদে মহিলা বিশ্ব কাপ জয় কৰে।১
গৰিয়াচকিনা দবা পৰিয়ালত জন্মগ্ৰহণ কৰিছিল; তেওঁৰ পিতৃ এজন দবা প্ৰশিক্ষক, আৰু তেওঁৰ মাতৃপিতৃ দুয়োৰে ৰেটিং ২২০০ ৰ ওপৰত আছিল। তিনি বছৰৰ ভিতৰতে তেওঁ দবা প্ৰতিভা হিচাপে চিনাক্ত হৈছিল। বিশ্ব যুৱ দবা চেম্পিয়নশ্বিপৰ অন্তৰ্গত অনূৰ্ধ্ব ১০, অনূৰ্ধ্ব ১৪, আৰু অনূৰ্ধ্ব ১৬ বিভাগত বিজয়ী হৈ তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। লগতে, তেওঁ দুবাৰকৈ ছোৱালীৰ বিশ্ব জুনিয়ৰ চেম্পিয়ন আছিল।
১৩ বছৰ বয়সতে, গৰিয়াচকিনা হৌ ইফান আৰু কাতেৰিনা লাগ্নোৰ পিছত তৃতীয়-সৰ্বকনিষ্ঠ মহিলা গ্ৰেণ্ডমাষ্টাৰ (WGM) হৈছিল। তাৰ পিছতে, ২০১৮ চনৰ আৰম্ভণিতে, তেওঁ কিশোৰ অৱস্থাতে গ্ৰেণ্ডমাষ্টাৰ(GM) উপাধি লাভ কৰা পঞ্চম-সৰ্বকনিষ্ঠ মহিলা হৈছিল। ২০১৯ চনৰ কেণ্ডিডেটছ টুৰ্নামেণ্টত শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই ৯.৫/১৪ পইণ্টৰে বিজয়ী হৈ, ২০২০ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰিছিল।
আৰম্ভণিৰ জীৱন আৰু পৃষ্ঠভূমি

আলেক্সান্দ্ৰা গৰিয়াচকিনাৰ জন্ম হৈছিল ১৯৯৮ চনৰ ২৮ ছেপ্টেম্বৰ তাৰিখে ৰাছিয়াৰ অ’ৰেনবাৰ্গ ওবলাষ্টৰ অ’ৰ্স্কত। তেওঁৰ মাতৃ লাৰিছা মাতভিয়েংকো আৰু পিতৃ ইউৰি গৰিয়াচকিন—দুয়ো অভিজ্ঞ দবা খেলুৱৈ।২ বিশেষকৈ, তেওঁৰ পিতৃ আছিল ফিদে মাষ্টাৰ (FM) আৰু তেওঁৰ সৰ্বোচ্চ ফিদে ৰেটিং আছিল ২৩৯৫।৩ তেওঁৰ মাতৃও দবাত ৰাছিয়াৰ কেণ্ডিডেট মাষ্টাৰ অৱ স্পৰ্টছ আৰু তেওঁৰ সৰ্বোচ্চ ৰেটিং আছিল ২২১০।৪ তেওঁৰ পিতৃ ফিদেৰ দ্বাৰা স্বীকৃত এজন দবা প্ৰশিক্ষক। গৰিয়াচকিনাতকৈ বাৰ বছৰৰ সৰু ভনীয়েক অক্সানাও এগৰাকী দবা খেলুৱৈ।৫
তেওঁৰ পিতৃ-মাতৃ দুয়ো দবা খেলুৱৈ হলেও, গৰিয়াচকিনাই আৰম্ভণিতে দবাত বিশেষ উৎসাহ প্ৰদৰ্শন কৰা নাছিল; তাৰ পৰিৱৰ্তে তেওঁ নৃত্য আৰু টেবুল টেনিছ খেলিবলৈ ভাল পাইছিল।৬ কিন্তু পিছলৈ তেওঁ দবাত আগ্ৰহী হৈ পৰে আৰু ছয় বছৰ বয়সত খেলাৰ আৰম্ভ কৰে।৭ তেওঁ কিণ্ডাৰগাৰ্টেনত থকা সময়ত, তেওঁৰ পিতৃয়ে সন্ধিয়া সময়ত তেওঁৰ নিজৰ দবা বিদ্যালয়লৈ লগত লৈ যোৱাটো অভ্যাস কৰিছিল। তেওঁৰ মাতৃৰ মতে, গৰিয়াচকিনাই মূলত তেওঁৰ পিতৃৰ শ্ৰেণীবোৰ চাই চাই নিজে দবাৰ কৌশল আয়ত্ত কৰিছিল।৬ তেওঁৰ পিতৃয়েই আছিল তেওঁৰ প্ৰথম প্ৰশিক্ষক। গৰিয়াচকিনাই ন’বছৰ বয়সত তেওঁৰ মাতৃক আৰু কিছুদিনৰ পাছত তেওঁৰ পিতৃক দবাত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।২
তেওঁৰ প্ৰথম বিশ্ব যুৱ দবা প্ৰতিযোগিতাৰ খিতাপ জয় কৰাৰ পিছত, গৰিয়াচকিনা আৰু তেওঁৰ পিতৃ ২০১১ চনত ছাইবেৰিয়াৰ ছেলেখাৰ্ড, য়নাওলৈ স্থানান্তৰিত হয় যাতে তেওঁ আনাতোলি কাৰ্প’ভ প'লাৰ দবা বিদ্যালয়ত প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে।৭ তাত তেওঁৰ পিতৃও এজন প্ৰশিক্ষকৰ ৰূপত কৰ্মৰত হৈছিল। এবছৰ মানৰ পাছত তেওঁৰ মাতৃ আৰু ভগ্নীও ছেলেখাৰ্ডলৈ স্থানান্তৰিত হয়। প'লাৰ দবা বিদ্যালয়ত, গৰিয়াচকিনাই ৰাছিয়ান গ্ৰেণ্ডমাষ্টাৰ (GM) ভ্লাদিমিৰ বেল’ভৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰিছিল।৮
২০০৮–১৪: দুবাৰ বিশ্ব জুনিয়ৰ চেম্পিয়ন
গৰিয়াচকিনাই কম বয়সতে বিশ্ব যুৱআৰু বিশ্ব জুনিয়ৰ দবা চেম্পিয়নশ্বিপত সফলতা লাভ কৰিছিল। সাধাৰণতে, এই প্ৰতিযোগিতাসমূহত তেওঁ শীৰ্ষস্থানীয় ৰেটিংপ্ৰাপ্ত খেলুৱৈ আছিল। তেওঁ সৰ্বমুঠ পাঁচটা সোণৰ পদক লাভ কৰিছিল—২০০৮ চনত অনূৰ্ধ্ব-১০,৯{ ২০১১ চনত অনূৰ্ধ্ব-১৪,১০আৰু ২০১২ চনত অনূৰ্ধ্ব-১৮ শাখাত১০ প্ৰত্যেকটোত এটা; লগতে ২০১৩ আৰু ২০১৪ চনত অনূৰ্ধ্ব-২০ জুনিয়ৰ শাখাত ১৪ আৰু ১৬ বছৰ বয়সত দুটা সোণৰ পদক পাইছিল।১১১২ তদুপৰি, তেওঁ ২০০৯ চনত অনূৰ্ধ্ব-১২ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল, য'ত তেওঁ ১১ ৰাউণ্ডৰ অন্তত চাৰাছাদাত খাদেমালশাৰিয়েহৰ তুলনাত ১.৫ পইণ্ট কম পাইছিল।১৩
গৰিয়াচকিনাই অনূৰ্ধ্ব-১০, অনূৰ্ধ্ব-১৪, আৰু দ্বিতীয় অনূৰ্ধ্ব-২০ সোণৰ পদক লাভ কৰিছিল, য'ত তেওঁ এই প্ৰতিযোগিতাসমূহত শীৰ্ষ বাছনি (টপ ছীড) আছিল।৯১০১২ তেওঁ অনূৰ্ধ্ব-১৮ শাখাত দ্বিতীয় বাছনিৰ খেলুৱৈ আছিল। এই প্ৰতিযোগিতাসমূহত তেওঁৰ আটাইতকৈ ভাল প্ৰদৰ্শন ২০১১ চনৰ অনূৰ্ধ্ব-১৪ শাখাত আছিল, য'ত তেওঁ নিখুঁতভাৱে ৯/৯ স্ক'ৰ কৰিছিল। এই প্ৰতিযোগিতাত, তেওঁ আগশীৰ্ষ তিনিজন খেলুৱৈক পৰাস্ত কৰিছিল, য'ত দ্বিতীয় বাছনি আৰু ব্ৰঞ্জ পদক বিজয়ী খাদেমালশাৰিয়েহো আছিল।১০ তেতিয়া গৰিয়াচকিনাৰ ফিদে ৰেটিং ২৩১৩ আছিল আৰু খাদেমালশাৰিয়েহৰ ৰেটিং ২২১৫ আছিল।
খাদেমালশাৰিয়েহ গৰিয়াচকিনাৰে দ্বিতীয় বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ জয়ৰ সময়ত ২০১৪ চনত আকৌ ৰানাৰ-আপ হৈছিল, য'ত তেওঁ ১৩ ৰাউণ্ডৰ পিছত ১.৫ পইণ্টৰ ব্যৱধানত দ্বিতীয় স্থান লাভ কৰিছিল।১২ গৰিয়াচকিনাই ইউৰোপীয় যুৱ দবা চেম্পিয়নশ্বিপতো একেদৰে সফলতা লাভ কৰিছিল। তেওঁ ২০০৯ চনত অনূৰ্ধ্ব-১২ শাখাত ৰূপৰ পদক লাভ কৰাৰ পিছত, ২০১০ চনত অনূৰ্ধ্ব-১২, ২০১১ চনত অনূৰ্ধ্ব-১৪, আৰু ২০১২ চনত অনূৰ্ধ্ব-১৮ শাখাত তিনিটা সোণৰ পদক লাভ কৰিছিল।১৪১৫১৬ ১৭

২০০৮–১৪:
- প্ৰথম ডব্লিউ জি এম(WGM) খিতাপ লাভ আৰু শক্তিশালী প্ৰদৰ্শন
- গৰিয়াচকিনাই প্ৰথমবাৰৰ বাবে ফিদে ৰেটিং ২০০০ স্পৰ্শ কৰে ২০০৯ চনৰ জানুৱাৰীত। তেতিয়া তেওঁৰ বয়স মাত্ৰ ১০ বছৰ আছিল। ২০০৮ চনৰ ৰাছিয়ান PriFR অনূৰ্ধ্ব-১৮ প্ৰতিযোগিতাত বিজয়ী হোৱাৰ ফলত তেওঁ ৬০ ৰেটিং পইণ্ট লাভ কৰে।১৮১৯
- ২০১১: বৃহত্তম ৰেটিং বৃদ্ধি আৰু ডব্লিউ আই এম(WIM)খিতাপ লাভ
২০১১ চনত, ১২ বছৰ বয়সত, তেওঁৰ ৰেটিং প্ৰায় ৩০০ পইণ্ট বৃদ্ধি পাই ২০৪৫ ৰ পৰা ২৩৩৩ লৈ উন্নীত হয়।২০ তেওঁ ইতিমধ্যে মহিলা ফিদে মাষ্টাৰ (WFM) উপাধি অৰ্জন কৰিছিল।২১
প্ৰথম ইউৰোপীয় মহিলা ব্যক্তিগত দবা চেম্পিয়নশ্বিপ – ১১ ৰাউণ্ডত ৫.৫ পইণ্ট লাভ কৰে, মহিলা গ্ৰেণ্ডমাষ্টাৰ (WGM) অ'লগা গিৰিয়াৰ বিপক্ষে উল্লেখযোগ্য জয় সাব্যস্ত কৰে।২৪
- চেক ওপেন – যুটীয়া প্ৰথম স্থান লাভ কৰে।
- লিউডমিলা ৰুদেঙ্ক’ মেম'ৰিয়েল – একক বিজয়ী হয়।২৫২৬
- চেক ওপেনত তেওঁৰ সফলতাৰ ফলত, গৰিয়াচকিনাই মহিলা আন্তৰ্জাতিক মাষ্টাৰ (WIM) খিতাপ আৰু প্ৰথম ডব্লিউ জি এম নৰ্ম (WGM নৰ্ম )লাভ কৰে।১৮
- ২০১২: WGM উপাধি লাভ
- ২০১২ চনত গৰিয়াচকিনাৰ ৰেটিং স্থিৰভাৱে বৃদ্ধি পাইছিল, যাৰ ফলত তেওঁ ২০১৩ চনৰ জানুৱাৰীত প্ৰথমবাৰৰ বাবে ২৪০০ স্পৰ্শ কৰে।
- দ্বিতীয় ইউৰোপীয় মহিলা ব্যক্তিগত দবা চেম্পিয়নশ্বিপ – তেওঁৰ শেষ ডব্লিউ জি এম (WGM) নৰ্ম লাভ কৰে।
- ১৩ বছৰ ৫ মাহ ১৪ দিনত WGM খিতাপ লাভ – ইতিহাসৰ অন্যতম কম বয়সীয়া WGM হৈ পৰে।১৮
উল্লেখযোগ্য বিজয়
- GM দাভিত পেত্ৰোছিয়ানক ২০১২ চনৰ এৰোফ্লট ওপেন ‘বি’ ত পৰাস্ত কৰে।২৭
ৰাছিয়ান অনূৰ্ধ্ব-২০ জুনিয়ৰ গাৰ্লছ' চেম্পিয়নশ্বিপত যুটীয়াকৈ দ্বিতীয় স্থান অধিকাৰ কৰে।২৮
- ভি ডকভিচ কাপ ২০১২ – টাইব্ৰেকত য়িংলুন জু আৰু গ্ৰিগৰী ওপেৰিনৰ বিপক্ষে বিজয়ী হয়।১৮
- বিশ্ব আৰু ইউৰোপীয় অনূৰ্ধ্ব-১৮ চেম্পিয়নশ্বিপ বিজয়ী।
- ওলগা গিৰ্য়াৰ বিৰুদ্ধে বিজয়ী হৈ ৰাছিয়ান কাপ ফৰ উমেন চেম্পিয়ন হয়।
- ২০১৩–১৪: উচ্চ-স্তৰৰ প্ৰতিযোগিতাত অংশগ্ৰহণ
- ২০১৩ আৰু ২০১৪ চনৰ ভিতৰত গৰিয়াচকিনাৰ ফিদে ৰেটিং ২৪০০ ৰ ওচৰ-পাঁজৰে থাকি ২০১৪ চনৰ ডিচেম্বৰত ২৪৪১ হয় ।২০
- ২০১৩ টাটা ষ্টীল চি টুৰ্নামেণ্ট – ৩.৫/১৩ স্ক’ৰ কৰি শেষ অংশত থাকে।২৯
- ৰাছিয়ান অনূৰ্ধ্ব-১৯ ওপেন চেম্পিয়নশ্বিপ – দ্বিতীয় স্থান অধিকাৰ কৰে।
- ৰাছিয়ান মহিলা চেম্পিয়নশ্বিপ হায়াৰ লীগ – যুগ্ম দ্বিতীয় স্থান পাই প্ৰথমবাৰৰ বাবে ৰাছিয়ান মহিলা চেম্পিয়নশ্বিপ ছুপাৰফাইনেললৈ যোগ্যতা অৰ্জন কৰে।
- ২০১৩ ছুপাৰফাইনেল – ৪.৫/৯ স্ক’ৰ কৰি যুগ্ম চতুৰ্থ স্থান লাভ কৰে।
- ২০১৪ ছুপাৰফাইনেল – ৫.৫/৯ স্ক’ৰ কৰি যুগ্ম তৃতীয় স্থান লাভ কৰে।
আই এম নৰ্ম আৰু জি এম খেলুৱৈক পৰাস্ত
- ২০১৩ ইউৰোপীয় মহিলা ব্যক্তিগত চেম্পিয়নশ্বিপ – আই এম নৰ্ম লাভ কৰে।
- ২০১৪ ইউৰোপীয় ব্যক্তিগত চেম্পিয়নশ্বিপ– আই এম নৰ্ম লাভ কৰে।
- ২০১৩ আৰু ২০১৪ বিশ্ব যুৱ চেম্পিয়নশ্বিপত (অনূৰ্ধ্ব-১৮ ওপেন) – দুবাৰেই ৬.৫/১১ স্ক’ৰ কৰে।
- GM বোৰিছ চাভচেঙ্কো (2600+) আৰু আলেক্সাণ্ডাৰ ইপাটভ (2600+) ক পৰাস্ত কৰে।৩০৩১
২০১৫–১৮: কৈশোৰত গ্ৰেণ্ডমাষ্টাৰ, দুবাৰ ৰাছিয়ান মহিলা চেম্পিয়ন

গৰিয়াচকিনাই কৈশোৰত প্ৰতিষ্ঠিত দবাৰ খেলুৱৈ হিচাপে নিজৰ স্থান সুদৃঢ় কৰি তোলাৰ লগতে নতুন উচ্চতালৈ অগ্ৰসৰ হয়। এই সময়ছোৱাত, তেওঁ GM উপাধি লাভ কৰাৰ লগতে দুবাৰ ৰাছিয়ান মহিলা চেম্পিয়নশ্বিপত বিজয়ী হৈছিল।
- ২০১৫: আগশাৰীৰ প্ৰতিযোগিতাত অংশগ্ৰহণ
- ২০১৫ ৰাছিয়ান মহিলা চেম্পিয়নশ্বিপ ছুপাৰফাইনেল – ৯ ৰাউণ্ডৰ প্ৰতিযোগিতাত ৬.৫ পইণ্ট স্ক'ৰ কৰি যুগ্ম দ্বিতীয় স্থান লাভ কৰে।
- ২০১৫ বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ (অনূৰ্ধ্ব-২০) – মহিলা শাখাত ১০/১৩ স্ক'ৰ কৰি ৰানাৰ-আপ হয়।
- ২০১৬: প্ৰথমবাৰৰ বাবে ৰাছিয়ান মহিলা চেম্পিয়ন
ৰাছিয়ান মহিলা চেম্পিয়নশ্বিপ ছুপাৰফাইনেল – ৯ ৰাউণ্ডৰ প্ৰতিযোগিতাত ৭.৫ পইণ্ট লাভ কৰি একক বিজয়ী হয়।
- GM নৰ্ম লাভ – তেওঁ GM উপাধিৰ তিনিটা নৰ্মৰ ভিতৰত প্ৰথমটো লাভ কৰে।
- ২০১৭: GM উপাধি দিশে আগুৱাই যোৱা বছৰ
- ২০১৭ ৰাছিয়ান মহিলা চেম্পিয়নশ্বিপ ছুপাৰফাইনেল – যুগ্ম দ্বিতীয় স্থান লাভ কৰে।
- GM নৰ্ম লাভ – তেওঁ GM উপাধিৰ দ্বিতীয় নৰ্ম লাভ কৰে।
- ২০১৮: GM উপাধি লাভ আৰু দ্বিতীয় ৰাছিয়ান মহিলা চেম্পিয়নশ্বিপ
- GM উপাধি লাভ – ১৯ বছৰ বয়সত GM উপাধি লাভ কৰি বিশ্বৰ শীৰ্ষস্থানীয় মহিলা দবা খেলুৱৈসকলৰ ভিতৰত স্থান লাভ কৰে।
- ২০১৮ ৰাছিয়ান মহিলা চেম্পিয়নশ্বিপ ছুপাৰফাইনেল – ৯ ৰাউণ্ডত ৭.৫ পইণ্ট স্ক'ৰ কৰি দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হয়।
এই সময়ছোৱাত, গৰিয়াচকিনাই ইউৰোপীয় চেম্পিয়নশ্বিপ, বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ, আৰু বহুতো উচ্চ-স্তৰৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিশ্ব দবা মঞ্চত নিজৰ শক্তিশালী উপস্থিতি প্ৰতিষ্ঠা কৰিছিল।
২০১৯-বৰ্তমান: বিশ্ব চেম্পিয়নশ্বিপৰ প্ৰতিদ্বন্দ্বী

- ২০১৯: মহিলাৰ প্ৰাৰ্থী প্ৰতিযোগিতাত বিজয়ী
গৰিয়াচকিনাই ২০১৯ বৰ্ষৰ আৰম্ভণিতে পুনৰ শক্তিশালী ৰূপত ঘূৰি আহে আৰু ইউৰোপীয় ব্যক্তিগত দবা চেম্পিয়নশ্বিপত ৬.৫/১১ পইণ্ট লাভ কৰে। এই টুৰ্নামেণ্টত তেওঁ ২৭০১ ৰেটিং থকা ৰাউফ মামেদোভৰ বিপক্ষে উল্লেখনীয় বিজয় অৰ্জন কৰে।.৩২ তাৰ পিছতে, তেওঁ মহিলাৰ প্ৰাৰ্থী (Women's Candidates) টুৰ্নামেণ্টত অংশগ্ৰহণ কৰে। এইবাৰ প্ৰতিযোগিতাৰ নিয়ম সলনি হৈছিল। গৰিয়াচকিনাই ১.৫ পইণ্টৰ বিশাল ব্যৱধানত বিজয়ী হয়, ১৪ ৰাউণ্ডত ৯.৫ পইণ্ট লাভ কৰি দুটা ৰাউণ্ড বাকী থাকোঁতেই চূড়ান্ত বিজয় নিশ্চিত কৰে।৩৩ ২৬৬৬ ৰেটিং লাভ কৰি তেওঁ বিশ্বৰ শীৰ্ষস্থানীয় মহিলাৰ দবা খেলুৱৈসকলৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰে। কেৱল হাউ ইফান আৰু বৰ্তমানৰ মহিলা বিশ্ব চেম্পিয়ন জু ৱেনজুন তেওঁৰ আগত থাকে। এই জয়ৰ ফলত, তেওঁ বিশ্ব মহিলা দবা চেম্পিয়নশ্বিপৰ বাবে জু ৱেনজুনক প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ লাভ কৰে।
- ২০২০: মহিলা বিশ্ব চেম্পিয়নশ্বিপ ফাইনেল
বিশ্ব মহিলা দবা চেম্পিয়নশ্বিপ মেচ ২০২০ চনৰ জানুৱাৰীত অনুষ্ঠিত হৈছিল। ইয়াৰ প্ৰথমাৰ্ধ চীনত আৰু দ্বিতীয়াৰ্ধ ৰাছিয়াত। চীনত, গৰিয়াচকিনাই এখন খেলত বিজয়ী হয়, কিন্তু জু ৱেনজুনেও এখনত বিজয়ী হয়।৩৪৩৫ ৰাছিয়াত, গৰিয়াচকিনাই অষ্টম খেলত নেতৃত্ব গ্ৰহণ কৰে, কিন্তু জুৱে নৱম আৰু দশম খেলত পৰাস্ত কৰি পুনৰ আগভাগ লয়।৩৬৩৭ গৰিয়াচকিনাই দ্বাদশ খেলত জয় লাভ কৰি মেচটো টাইব্ৰেকলৈ নিয়াত সক্ষম হয়। টাইব্ৰেকত, তেওঁ প্ৰথম গেমটোত ভাল সুযোগ পায়ো তাক জয়লৈ ৰূপান্তৰ কৰিব নোৱাৰিলে। পিছত জুৱে তৃতীয় গেমটোত বিজয়ী হয় আৰু চেম্পিয়নশ্বিপৰ মুকুট অটুট ৰাখে।৩৮
- ২০২০-২১: ফিদে উইমেনচ গ্ৰেণ্ড প্ৰি বিজয়ী আৰু উচ্চ ৰেটিং
বিশ্ব চেম্পিয়নশ্বিপৰ আগতে গৰিয়াচকিনাই ২০১৯-২১ বৰ্ষৰ ফিদে মহিলা গ্ৰেণ্ড প্ৰিক্সত অংশগ্ৰহণ কৰে। তেওঁ স্কোলকোভো ইভেন্টত যুগ্ম দ্বিতীয় স্থান৩৯ আৰু মনাকো ইভেন্টত যুগ্ম প্ৰথম স্থান লাভ কৰে, যদিও শেষ ৰাউণ্ডত ক'নেৰু হাম্পীৰ বিপক্ষে পৰাস্ত হয়।৪০
- ল'জান (২০২০) - তেওঁ পুনৰ যুগ্ম প্ৰথম স্থান লাভ কৰে।৪১
সামগ্ৰিক গ্ৰেণ্ড প্ৰিক্স বিজয়ী - গৰিয়াচকিনাই ১০০ৰো অধিক পইণ্টৰ ব্যৱধানত শীৰ্ষস্থান লাভ কৰে।৪২
- ক'ভিদ -১৯ মহামাৰীৰ বাবে ২০২০ৰ অক্টোবৰলৈ কোনো ৰেটেড খেল নেখেলাৰ বাবে তেওঁৰ ৰেটিং ২৫৮২ত স্থিৰ থাকে, সেই সময়ত ই তেওঁৰ ব্যক্তিগত সৰ্বোচ্চ আছিল।
- তেওঁ ২০২০ ৰাছিয়ান মহিলা চেম্পিয়নশ্বিপ ছুপাৰফাইনেলত তৃতীয়বাৰ চেম্পিয়ন হয়।৪৩
- ২০২১-২০২৩: নতুন উচ্চতা আৰু বিশ্ব কাপ জয়
- ২০২১ ৰাছিয়ান ওপেন চেম্পিয়নশ্বিপ হায়াৰ লীগ - ওপেন শাখাত ৬.৫/৯ স্ক'ৰ কৰি ৭৪তম ৰাছিয়ান চেম্পিয়নশ্বিপ ছুপাৰফাইনেলৰ বাবে যোগ্যতা লাভ কৰে।৪৪
জি এম ৰেটিং ২৬১১ লাভ - তেওঁ ব্যক্তিগত সৰ্বোচ্চ ৰেটিং ২৬১১ অৰ্হতা লাভ কৰে, যি মহিলা দবাৰ ইতিহাসত চতুৰ্থ উচ্চতম।৪৫
- ২০২৩ মহিলা প্ৰাৰ্থী টুৰ্নামেণ্ট - প্ৰথম ৰাউণ্ডত আলেক্সান্দ্ৰা কষ্টেনিউকক পৰাস্ত কৰে কিন্তু ছেমিফাইনেলত তান জংঝিৰ বিপক্ষে পৰাস্ত হয়।
- ফিদে মহিলা গ্ৰেণ্ড প্ৰিক্স ২০২২-২৩ - গৰিয়াচকিনাই নিউ দিল্লী ইভেন্টত বিজয়ী হয় আৰু আস্তানাত দ্বিতীয় স্থান লাভ কৰি ২০২৪ মহিলা প্ৰাৰ্থী টুৰ্নামেণ্টৰ বাবে যোগ্যতা লাভ কৰে।
- ২০২৩ মহিলা বিশ্ব কাপ চেম্পিয়ন - গৰিয়াচকিনাই ফাইনেলত নুৰগিউল ছালিমোভাক পৰাস্ত কৰি বিশ্ব কাপ জয় কৰে।১
- ২০২৪ মহিলা প্ৰাৰ্থী টুৰ্নামেণ্ট
গৰিয়াচকিনাই ৮ ৰাউণ্ডৰ পিছত ৫ পইণ্টসহ শীৰ্ষ স্থানত আছিল, কিন্তু শেষ ৬ খেলত মাত্ৰ ২ পইণ্ট লাভ কৰি যুগ্ম ৫ম স্থানত শেষ কৰে।
তেওঁ এতিয়াও শীৰ্ষস্থানীয় মহিলা দবাৰ খেলুৱৈসকলৰ ভিতৰত অন্যতম, আৰু পুনৰ বিশ্ব চেম্পিয়নশ্বিপ প্ৰতিযোগিতাৰ সুযোগ লাভ কৰিবলৈ প্ৰচেষ্টা চলাই আছে।
তথ্যসূত্ৰ
- ↑ FIDE World Cup: Goryachkina wins Women's World Cup; Praggnanandhaa eliminates Caruana to reach finals. www.fide.com
- ↑ Aleksandra Goryachkina. chess24
- ↑ Jouri Goriatchkin. FIDE
- ↑ Larisa Matvienko. FIDE
- ↑ Oksana Goriachkina. FIDE
- ↑ Rybakov, Denis. (23 January 2020). День "Х" настал. Рассказываем про Александру Горячкину, которая уже сегодня может войти в историю. Красный Север
- ↑ Tregub, Elena. (2 July 2014). Гроссмейстер мечтает о короне. Север-Пресс
- ↑ Aleksandra Goryachkina. Chess Federation of Russia
- ↑ World Youth Chess Championship 2008 – Girls 10. Chess-results
- ↑ World Youth Chess Championship 2011 – U 14 Girls. Chess-results
- ↑ World Junior Championship (Girls) (2013). Chessgames
- ↑ World Under 20 Girls Chess Championship 2014. Chess-results
- ↑ World Youth Chess Championship 2009 (U12G). Chess-results
- ↑ European Youth Chess Championship 2009 Girls – 12. Chess-results
- ↑ European Youth Chess Championship Batumi 2010 - Girls Under 12. Chess-results
- ↑ European Youth Chess Championship Albena 2011 - Girls Under 14. Chess-results
- ↑ European Youth Chess Championship G18 Prague 2012 - Girls Under 18. Chess-results
- ↑ Aleksandra Goryachkina. Chessgames
- ↑ Aleksandra Goryachkina Standard Ratings January 2009. FIDE
- ↑ Aleksandra Goryachkina Rating Progress Chart. FIDE
- ↑ 61 Women's RUS Chmp 2011 FL. Obninsk Chess
- ↑ 61 Women's RUS Chmp 2011 FL. Obninsk Chess
- ↑ Aleksandra Goryachkina Standard Ratings May 2011. FIDE
- ↑ Aleksandra Goryachkina Standard Ratings July 2011. FIDE
- ↑ Aleksandra Goryachkina Standard Ratings September 2011. FIDE
- ↑ Aleksandra Goryachkina Standard Ratings November 2011. FIDE
- ↑ Aleksandra Goryachkina Standard Ratings March 2012. FIDE
- ↑ Crowther, Mark. (30 April 2012). The Week in Chess 912: Russian Junior Championship. The Week in Chess
- ↑ Crowther, Mark. (27 January 2013). 75th Tata Steel Wijk aan Zee 2013. The Week in Chess
- ↑ Aleksandra Goryachkina Standard Ratings February 2014. FIDE
- ↑ Aleksandra Goryachkina Standard Ratings April 2014. FIDE
- ↑ Aleksandra Goryachkina Standard Ratings August 2019. FIDE
- ↑ Pereira, Antonio. (14 June 2019). Goryachkina is the new World Championship challenger. ChessBase
- ↑ Kulkarni, Rakesh. (9 January 2020). Women's World Chess Championship: Ju Wenjun Strikes 1st. Chess.com
- ↑ Kulkarni, Rakesh. (12 January 2020). FIDE Women's World Championship: Goryachkina Strikes Back As Match Moves To Russia. Chess.com
- ↑ Fischer, Johannes. (18 January 2020). Goryachkina grabs the lead. ChessBase
- ↑ Kulkarni, Rakesh. (20 January 2020). FIDE Women's World Championship: Ju Wenjun Strikes Twice, Leads With 2 Games To Go. Chess.com
- ↑ Peterson, Macauley. (24 January 2020). Ju Wenjun remains World Champion. ChessBase
- ↑ Doggers, Peter. (23 September 2019). Humpy Koneru Wins Skolkovo FIDE Grand Prix. Chess.com
- ↑ (14 December 2019). Women's Grand Prix in Monaco - a trio at the top. ChessBase
- ↑ Doggers, Peter. (14 March 2020). Dzagnidze Wins Lausanne Women's Chess Grand Prix. Chess.com
- ↑ Doggers, Peter. (3 June 2021). Abdumalik Shines In Gibraltar; Lagno, Koneru Reach Candidates. Chess.com
- ↑ (16 December 2020). Ян Непомнящий стал чемпионом России 2020 года. Chess Federation of Russia
- ↑ Pavel Ponkratov Wins Russian Championship Higher League. Федерация шахмат России
- ↑ A stunning performance by 22-year-old Aleksandra Goryachkina, who scores 5/5 with the white pieces, climbs to 2610.5 on the live rating list & qualifies for the "Men's" Russian Championship!. Twitter
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলেক্সান্দ্ৰা গৰিয়াচকিনা” প্ৰবন্ধৰ সংশোধন ৬৩৫৮৭১ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।