অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আশ্ৰিতা

আশ্ৰিতা এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল ভাষাৰ ছবিত অভিনয় কৰিছে। ২০১৩ চনত ইছাক্কি ছবিৰ জৰিয়তে অভিনয়ত অভিষেক ঘটায় ৷ ইয়াৰ পিছত তেওঁ অৰেঞ্জ মিত্তাই (২০১৫) আৰু অজাহেন্দ্ৰ ছল্লুক্কু আমুধা (২০১৬)কে ধৰি আন কিছুমান উল্লেখযোগ্য ছবিত অভিনয় কৰে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ১৮৯ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

আশ্ৰিতা এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল ভাষাৰ ছবিত অভিনয় কৰিছে। ২০১৩ চনত ইছাক্কি ছবিৰ জৰিয়তে অভিনয়ত অভিষেক ঘটায় ৷ ইয়াৰ পিছত তেওঁ অৰেঞ্জ মিত্তাই (২০১৫) আৰু অজাহেন্দ্ৰ ছল্লুক্কু আমুধা (২০১৬)কে ধৰি আন কিছুমান উল্লেখযোগ্য ছবিত অভিনয় কৰে। তেওঁৰ অভিনয় দক্ষতা আৰু পৰ্দাত তেওঁৰ উপস্থিতিয়ে ক্ৰমান্বয়ে তেওঁক তামিল চলচ্চিত্ৰ জগতত প্ৰতিষ্ঠা কৰিছে।

কেৰিয়াৰ

আশ্ৰিতাৰ জন্ম হৈছিল মাদুৰাইৰ এটা তামিল পৰিয়ালত। তেওঁ বহুতো ছপা বিজ্ঞাপনৰ বাবে মডেলিং কৰিছে, যিয়ে তেওঁক বিভিন্ন সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ দিয়ে। তেওঁ ভিভেল মিছ চাউথ ইণ্ডিয়া বিউটিফুল ফেচ প্ৰতিযোগিতাত জয়ী হোৱাৰ লগতে মিছ অন্ধ্ৰ প্ৰদেশ প্ৰতিযোগিতাত ৰানাৰ্ছ আপ হয়।

সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পিছত কম বাজেটৰ গাঁওকেন্দ্ৰিক ছবি ইছাক্কি (২০১৩)ৰ জৰিয়তে ডাঙৰ পৰ্দাত তেওঁৰ অভিষেক ঘটে। এই ছবিখনত তেওঁ এগৰাকী শিক্ষয়িত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছে।১২

২০১৪ চনত তেওঁ ধনুশ ৫এম ভাগুপ্পু নামৰ চলচিত্ৰত আখিলৰ বিপৰীতে মুখ্য মহিলা চৰিত্ৰত অভিনয় কৰে, যিটো অতি সীমিত পৰিসৰত মুক্তি পাইছিল।৩

২০১৫ চনত তেওঁ ৰমেশ তিলকৰ বিপৰীতে বিজয় চেথুপতীৰ প্ৰযোজনাত অৰেঞ্জ মিট্টাই নামৰ চলচ্চিত্ৰখনত "কাভ্য" নামৰ এখন চহৰীয়া ছোৱালীৰ চৰিত্ৰত অভিনয় কৰে।৪ চলচ্চিত্ৰখন ভাল পৰ্যালোচনাৰ সন্মুখীন হৈছিল, যদিও বক্স অফিচত বিশেষ সফল হোৱা নাছিল।৫

পাছত আশ্ৰিতাই নগৰাজৰ অলগেন্দ্ৰ চোল্লুক্কু অমুধা নামৰ চলচিত্ৰখনত মুখ্য চৰিত্ৰত অভিনয় কৰে, য’ত তেওঁ সফলভাৱে অডিশন দিছিল।৬৭৮

চলচ্চিত্ৰৰ তালিকা

বছৰচলচ্চিত্ৰ
২০১৩ইছাক্কিনন্দিনী
২০১৪ধনুষ ভোৰ ৫টা ভাগুপ্পু
২০১৫কমলা মিত্তাইকাব্য
২০১৬অজহেন্দ্ৰ ছোল্লুক্কু আমুধাআমুধা

তথ্যসূত্ৰ

  1. ↑ Isakki Movie Review {1/5}: Critic Review of Isakki by Times of India
  2. ↑ Creative Blogs | Creative Writing | Creative Thoughts
  3. ↑ A family affair that is better forgotten
  4. ↑ subhakeerthana, s. (13 July 2015). I am determined to do more Tamil films: Aashritha. Deccan Chronicle
  5. ↑ Rangan, Baradwaj. (31 July 2015). Orange Mittai: A fairly affecting road movie. The Hindu
  6. ↑ Actress Aashritha talks about Azhagendra Sollukku Amudha!. YouTube
  7. ↑ Actress Aashritha Images - Actress, Gallery - TimesofCinema
  8. ↑ Azhagendra Sollukku Amudha Movie Review {1/5}: Mother of all stalking-as-romance films

সম্পৰ্কিত শ্ৰেণী

তামিল চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আশ্ৰিতা” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৭৪ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।