আলী আজিমি (ফাৰ্চী ভাষা: علی عظیمی) লণ্ডনত বসবাস কৰা এগৰাকী ইৰানী গায়ক-গীতিকাৰ আৰু গীটাৰিষ্ট।১ তেওঁক ইৰানৰ অলটাৰনেটিভ সংগীত জগতৰ এজন অগ্ৰগামী শিল্পী হিচাপে গণ্য কৰা হয়। ২০১০ চনৰ আৰম্ভণিলৈকে তেওঁ 'ৰেডিঅ' তেহৰাণ' বেণ্ডৰ মুখ্য কণ্ঠশিল্পী আৰু গীতিকাৰ আছিল।২ এই বেণ্ডটোত তেওঁৰ সৈতে পেদ্ৰাম আফচিন (লীড গীটাৰ), হেসাম গাৰ্শাচবি (বেছ) আৰু প্লাম হাশেমী (ড্ৰামছ) আছিল।৩
'ৰেডিঅ' তেহৰাণ' ভংগ হোৱাৰ পিছত, আলীয়ে একক কেৰিয়াৰ আৰম্ভ কৰে আৰু ২০১৩ চনত তেওঁৰ প্ৰথমটো এলবাম মিষ্টাৰ মীন মুকলি কৰে। ২০১৯ চনত আলীয়ে তেওঁৰ তৃতীয়টো এলবাম প্ৰকাশ কৰে।
অফ লাভ এণ্ড আডাৰ ইভিলছ
২০১৯ চনৰ ১ অক্টোবৰত আলীয়ে তেওঁৰ বহু প্ৰত্যাশিত তৃতীয়টো এলবাম মুকলি কৰে, যাৰ নাম আছিল অফ লাভ এণ্ড আডাৰ ইভিলছ। এলবামটো নতুনকৈ মুক্তি পোৱা সত্ত্বেও ইয়াৰ 'হেইহট' আৰু 'পানাহান্দে'ৰ দৰে গীতসমূহে পাৰ্চীসকলৰ মাজত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে। এলবামটো মুকলি কৰাৰ পাছতেই আলীয়ে সমগ্ৰ বিশ্বজুৰি এটা সংগীত যাত্ৰা (ট্যুৰ) কৰাৰ কথা ঘোষণা কৰিছিল; যাৰ আৰম্ভণি হৈছিল ২০১৯ চনৰ শৰৎকালত ইউৰোপৰপৰা।
এই সংগীত যাত্ৰা সফল হৈছিল আৰু ক’ভিডৰ বাবে ২০২০/২০২১ চনত কিছুসময় স্থগিত থকাৰ পিছৰেপৰা আলীয়ে নিয়মিতভাৱে ইউৰোপ আৰু উত্তৰ আমেৰিকাত সংগীত পৰিৱেশন কৰি আহিছে।৪
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (2 October 2023). Ali Azimi. beehype
- ↑ (18 March 2012). Radio Tehran. Contemporary Iranian
- ↑ Radio Tehran. Our Stage
- ↑ ALI AZIMI PAST TOURS
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলী আজিমি” প্ৰবন্ধৰ সংশোধন ৬১০৫১২ (৩১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।