আলেক্সঁদ্ৰ দ্যুমা (Alexandre Dumas,; ২৪ জুলাই ১৮০২ – ৫ ডিচেম্বৰ ১৮৭০), যিজন আলেক্সঁদ্ৰ দ্যুমা পেৰ নামেৰেও পৰিচিত, আছিল এজন ফৰাছী ঔপন্যাসিক, নাট্যকাৰ,প্ৰবন্ধকাৰ। তেওঁ মূলত: ঐতিহাসিক সমল আৰু দুঃসাহসিক ৰোমাঞ্চকৰ অভিযানক লৈ লিখা উপন্যাস সমূহৰ বাবে বিখ্যাত। ফৰাছী ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ আলেকজেণ্ডাৰ ডুমাছৰ লেখা ইমানেই জনপ্ৰিয় হৈছিল যে তেওঁৰ লেখা সমূহ ইংৰাজীকে ধৰি পৃথিৱীৰ প্ৰায় বিভিন্ন ভাষালৈ অনূদিত হৈছিল।
তেওঁৰ বহুতো বুৰঞ্জীমূলকউপন্যাস আৰু দুঃসাহসিক উপন্যাস, প্ৰবন্ধ আদি বাতৰি কাকত, আলোচনী আদিত ধাৰাবাহিক ভাৱেও প্ৰকাশিত হৈছিল। তাৰে ভিতৰত দ্য কাউণ্ট অৱ মণ্টে ক্ৰিষ্টো, থ্ৰী মাস্কেটিয়াছ,টুৱেনটি ইয়েৰচ আফটাৰ আদি। ''বিংশ শতিকাৰ আগভাগত তেওঁৰ উপন্যাসৰ কাহিনী লৈ ২০০খন মান চলচ্চিত্ৰ তৈয়াৰ কৰা হৈছিল। বিভিন্ন আলোচনী, বাতৰি কাকত আদিত প্ৰকাশিত হোৱা লিখনি ভ্ৰমণ কাহিনী কে আদি কৰি তেওঁৰ জীৱনকালত সৰ্বমুঠ১০০,০০০ পৃষ্ঠাৰ লিখনি প্ৰকাশ হৈছিল।১ ১৮৪০ চনত আলেকজেণ্ডাৰৰ ডুমাছে পেৰিছত থিয়েটাৰ হিষ্ট্ৰৰিক প্ৰতিষ্ঠা কৰিছিল। ইয়াতেই তেখেতৰ ঐতিহাসিক নাটক সমূহ প্ৰদৰ্শিত হৈছিল।
প্ৰাৰম্ভিক জীৱন
আলেকজেণ্ডাৰ ডুমাছৰ দেউতাকৰ নাম আছিল জেনেৰেল থমাছ আলেকজেণ্ডাৰ ডুমাছ ডেভি দ্য লা পাইলেটৰী। দেউতাক এজন অভিজাত ব্যক্তিৰ লগত সেনাবাহিনীৰ বিষয়া আছিল। আলেকজেণ্ডাৰ ডুমাছৰ জন্ম হৈছিল সেই সময়ৰ ফৰাছী উপনিবেশ চেইণ্ট ডমিনিগ তথা বৰ্তমানৰ হাইটিত। কিন্তু আলেকজেণ্ডাৰ ডুমাছৰ মাক এগৰাকী আফ্ৰিকাৰ দাস আছিল।২১৪ আলেকজেণ্ডাৰৰ দুগৰাকী বায়েক আছিল। মেৰী আলেকজেন্দ্ৰিন আৰু লুই আলেকজেন্দ্ৰিন। তেওঁলোকৰ মাক আছিল লুইজে এলিজাবেথ। ৩ ১৪ বছৰ বয়সত আলেকজেণ্ডাৰ ডুমাছক দেউতাকে ফ্ৰান্সলৈ লৈ যায় আৰু সামৰিক বাহিনীৰ একাডেমীত সামৰিক শিক্ষা লাভ কৰি ফ্ৰান্সৰ সামৰিক বাহিনীত যোগদান কৰে। সেনাবাহিনীত ভাল প্ৰদৰ্শন কৰাৰ বাবে ৩১ বছৰ বয়সত পদোন্নতি লাভ কৰিছিল। এনে পদোন্নতি লাভ কৰা আফ্ৰিকা -কেৰেবিয়ান মূলৰ তেওঁৱেই প্ৰথম সৈনিক আছিল।৪ আলেকজেণ্ডাৰ ডুমাছে ফ্ৰান্সৰ সেনাবাহিনীত থাকোঁতেই লুই ফিলিপ,ডিউক অৱ অৰ্লেয়াঞ্চৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰে। ইয়াৰ পাছত তেওঁ লেখক হিচাপে কেৰিয়াৰ জীৱন আৰম্ভ কৰে। ১৮৫১ চনত লুই নেপোলিয়ন বোনাপাৰ্টৰ নিৰ্বাচনৰ পাছত লুই নেপোলিয়ন বোনাপাৰ্টে আলেকজেণ্ডাৰ ডুমাছৰ লিখনি সহ্য কৰা নাছিল আৰুফ্ৰান্সএৰিবলৈ বাধ্য হৈ বেলজিয়ামত কেইবাবছৰ থাকে। বেলজিয়ামৰ পৰা ৰাছিয়ালৈ যায়। ৰাছিয়াত কেইবছৰমান থকাৰ পাছত তেওঁ ইটালীলৈ যায়। ১৮৬১ চনত তেওঁ 'লাইণ্ডেপেণ্ডেণ্ট'নামৰ বাতৰি কাকত এখন প্ৰকাশ কৰে। এই বাতৰি কাকতখনত তেওঁ ইটালী একত্ৰীকৰণৰ ওপৰত সমৰ্থন জনাই লিখিছিল। ১৮৬৪ চনত তেওঁ পেৰিছলৈ উভতি আহে। আলেকজেণ্ডাৰ ডুমাছক দেউতাকৰ অভিজাত পৰিয়ালৰ দ্য লা পাইলেটেৰী উপাধি গ্ৰহণ কৰিবলৈ দিয়া হোৱা নাছিল। সেয়ে তেওঁ ডুমাছ উপাধি নিজৰ নামৰ পাছত ব্যৱহাৰ কৰিছিল।
কৰ্মজীৱন
লুই ফিলিপৰ হকে কাম কৰি থাকোঁতেই আলেকজেণ্ডাৰ ডুমাছে আলোচনী বিলাকত প্ৰবন্ধ আৰু থিয়েটাৰৰ বাবে নাটক লিখিবলৈ আৰম্ভ কৰে। ১৮২৯ চনত ২৭ বছৰ বয়সত তেওঁৰ জীৱনৰ প্ৰথমখন নাটক 'হেনৰী থ্ৰী এণ্ড হিজ কোৰ্ট'নাটকখন লিখি ভুয়সী প্ৰশংসা লাভ কৰে। ইয়াৰ পাছৰ বছৰত তেওঁ 'ক্ৰিষ্টনেও'নামৰ দ্বিতীয়খন নাটকখনো সমানেই জনপ্ৰিয়তা লাভ কৰে। নাট্য ৰচনাৰ যোগেদি তেওঁ প্ৰচুৰ আয় লাভ কৰিবলৈ সক্ষম হয়। কিন্তু ১৮৩০ চনত ফ্ৰান্সৰ বিপ্লৱে দেশত ৰাজনৈতিক অস্থিৰতাৰ লগতে অৰ্থনৈতিক অস্থিৰতাও সৃষ্টি কৰে আৰু দেশত স্বাভাৱিক অৱস্থা ঘূৰি আহিবলৈ সময় লাগে। নাট্য ৰচনাৰ সফলতাৰ পাছত তেওঁ উপন্যাস লিখিবলৈ আৰম্ভ কৰে। বাতৰিকাকত আৰু আলোচনীত তেওঁ ধাৰাবাহিক ভাৱে উপন্যাস লিখিবলৈ ধৰে। তেওঁৰ প্ৰথমখন ধাৰাবাহিক উপন্যাস আছিল 'লা কমটেছ ডি চেলিচবাৰী; এডৱাৰ্ড থাৰ্ড'(জুলাই -অক্টোবৰ,১৮৩৬)। ১৮৩৮ চনত তেওঁ আৰু এখন নাটক, এখন ধাৰাবাহিক বুৰঞ্জীমূলক উপন্যাস'লে কেপিটাইন পল' লিখিছিল। এইখন উপন্যাসখন নৌ সেনা বিষয়াজন পল জোনছৰ জীৱনৰ আধাৰত লিখা হৈছিল। ১৮৩৯ চনৰ পৰা ১৮৪১ চনলৈ ডুমাছে কেইবাজনো বন্ধুৰ সহায়ত ইউৰোপীয় ইতিহাসত বিখ্যাত এখন অপৰাধ সংকলন প্ৰকাশ কৰিছিল। এই সংকলনখন ৮ টান খণ্ডত বিভক্ত আছিল। ১৮৪০ চনত প্ৰকাশিত তেওঁৰ 'দ্য ফ্ৰেন্সিং মাষ্টাৰ'(The Fencing Master) উপন্যাসখনত ৰাছিয়াৰ ডিচেম্বৰ বিপ্লৱৰ সাক্ষীৰ ঘটনাৰাজিৰ ওপৰত লিখা বাবে সেই সময়ৰ ৰাছিয়াৰ জাৰ প্ৰথম নিকোলাসে আলেকজেণ্ডাৰ ডুমাছক ৰাছিয়া ভ্ৰমণত বাধা আৰোপ কৰাৰ লগতে তেওঁৰ উপন্যাসখনো ৰাছিয়াত নিষেধাজ্ঞা আৰোপ কৰিছিল। অৱশ্যে আলেকজেণ্ডাৰ ডুমাছক জাৰৰ মৃত্যুৰ পাছলৈকে ৰাছিয়া ভ্ৰমণত বাধা আৰোপ কৰা হৈছিল। ডুমাছৰ উপন্যাসসমূহ বহুত জনপ্ৰিয় হোৱাৰ বাবে ইংৰাজী ভাষা ভাষাৰ লগতে পৃথিৱীৰ অন্যান্য ভাষালৈ অনুবাদ কৰা হৈছিল। সেই সময়ত আলেকজেণ্ডাৰ ডুমাছে কিতাপ লিখি প্ৰচুৰ ধন অৰ্জন কৰিছিল যদিও বিলাসী জীৱন আৰু নাৰীৰ সংগত পৰি মাজে মধ্যে দেউলীয়া হ'বলগীয়া হৈছিল।
ব্যক্তিগত জীৱন
১৮৪০ চনত আলেকজেণ্ডাৰ ডুমাছ অভিনেত্ৰী ইডা ফেৰিয়াৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ কোনো সন্তান নাছিল। কিছুমান পণ্ডিতৰ মতে আলেকজেণ্ডাৰ ডুমাছৰ ৪০ গৰাকী উপপত্নী আছিল।৫ কিতাপ লিখি তেওঁ অৰ্জন কৰা প্ৰচুৰ ধন বিলাসী জীৱন আৰু এই নাৰীসকলৰ বাবে খৰচ কৰি মাজে মধ্যে দেউলীয়া হৈ পৰিবলগীয়া হৈছিল।৬
মৃত্যু
১৮৪০ চনৰ ১ ফেব্ৰুৱাৰীত ৬৮ বছৰ বয়সত হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ আলেকজেণ্ডাৰ ডুমাছে মৃত্যুক আকোঁৱালি লয়।
গ্ৰন্থপঞ্জী
- দ্য থ্ৰী মাস্কেটিয়াৰ্ছ
- দ্য কাউণ্ট অৱ মণ্টে ক্ৰিষ্টো
- টুৱেনটি ইয়েৰচ আফটাৰ
- দ্য ব্লেক টিউলিপ
- দ্য মেন আন দ্য আইনৰ মাস্ক
- দ্য ফেনচিং মাষ্টাৰ
- দ্য কাউণ্ট অৱ মৰেট
- কুইন মাৰ্গট
- দ্য ৱল্ফ লিডাৰ
- দ্য লেডী অৱ কেমেলিয়া
- টেন আয়েৰে লেটাৰ এনটেটেড
- জৰ্জ
- লুই দে লা ভেলিয়েৰ
- দ্য ৰোমাঞ্চেচ অৱ আলেকজেণ্ডাৰ ডুমাছ ৭
তথ্যসূত্ৰ
বহিঃসংযোগ
- thegreatestbooks.org/authors/4779
- openlibrary.org/authors/OL18236A
- www.nytimes.com/2006/08/20/books/review/20pevear
- research.hrc.utexas.edu:8080/hrcxtf/view?docId=e
- web.archive.org/web/20181227082116/http://alexan
- en.wikisource.org/wiki/1911_Encyclop%C3%A6dia_Br
- greatcaricatures.com/articles_galleries/gill/gal link|date=November 2024 |bot=InternetArchiveBot |fix-attempted=yes }}
- www.cadytech.com/dumas/
- web.archive.org/web/20111213010600/http://www.in
- news.bbc.co.uk/2/hi/entertainment/4609819.stm
- www.heraldsun.news.com.au/common/story_page/0,54 link|date=November 2024 |bot=InternetArchiveBot |fix-attempted=yes }}
- archive.org/search.php?query=%28%28subject%3A%22
- fadedpage.com/csearch.php?author=Dumas%2C%20Alex
- standardebooks.org/ebooks/alexandre-dumas
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলেক্সঁদ্ৰ দ্যুমা” প্ৰবন্ধৰ সংশোধন ৬৩৪৪২৫ (৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।