আলিজে অগ্নিহোত্ৰী (জন্ম: ১ নৱেম্বৰ, ১৯৯৬), পেছাদাৰীভাৱে কেৱল আলিজে নামেৰে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী ভাষা চলচ্চিত্ৰত কাম কৰে। তেওঁ অভিনেতা অতুল অগ্নিহোত্ৰী আৰু প্ৰযোজক অলভিৰা খানৰ কন্যা তথা অভিনেতা চমন খানৰ ভাগিনী। তেওঁ ২০২৩ চনৰ ছবি ফৰৰেৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰে।১২
প্ৰাৰম্ভিক জীৱন
অগ্নিহোত্ৰীৰ জন্ম ১৯৯৬ চনৰ ১ নৱেম্বৰত মুম্বাইত অভিনেতা, প্ৰযোজক তথা পৰিচালক অতুল অগ্নিহোত্ৰী আৰু অলভিৰা খানৰ ঘৰত হৈছিল।৩২ তেওঁ দম্পতীটোৰ কনিষ্ঠ সন্তান আৰু তেওঁৰ আয়ান অগ্নিহোত্ৰী নামৰ এজন জ্যেষ্ঠ ভাতৃ আছে।৪
অগ্নিহোত্ৰীয়ে মুম্বাইৰ ধীৰুভাই আম্বাণী আন্তৰ্জাতিক বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল আৰু ২০২২ চনত লণ্ডনৰ এছঅ’এএছ বিশ্ববিদ্যালয়ৰপৰা ডেভেলপমেণ্টেল ষ্টাডিজত বি.এ. ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।৫
কেৰিয়াৰ
২০২৩ চনত অগ্নিহোত্ৰীয়ে ফাৰৰে চলচ্চিত্ৰৰ জৰিয়তে আনুষ্ঠানিকভাৱে অভিনয় জগতত আত্মপ্ৰকাশ কৰে। চলচ্চিত্ৰখন ভাৰতৰ ৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল আৰু ২০২৩ চনৰ ২৪ নৱেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছিল। দি ইণ্ডিয়ান এক্সপ্ৰেছৰ অলকা সাহানীয়ে ৫টা তৰাৰ ভিতৰত ৩টা তৰা প্ৰদান কৰি অগ্নিহোত্ৰীৰ অভিনয়ৰ প্ৰশংসা কৰে আৰু কয় যে "অগ্নিহোত্ৰীয়েই হৈছে সেইগৰাকী যাৰ বুদ্ধিমত্তা আৰু উচ্চাকাংক্ষা ফাৰৰেৰ কেন্দ্ৰবিন্দু হৈ পৰিছে, তেওঁ কাহিনীটোক একগোট কৰি ৰাখিছে আৰু নিজৰ চৰিত্ৰটোক সম্পৰ্কীয় কৰি তুলিছে। তেওঁ চিনেমাখনৰ বিভিন্ন পৰ্যায়ত নিয়তিৰ পৰিৱৰ্তনসমূহো নিপুণভাৱে চিত্ৰায়িত কৰিছে।"৬ ছবিখনত আগবঢ়োৱা অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰ শ্ৰেষ্ঠ নবাগত অভিনেত্ৰীৰ বঁটাকে ধৰি বিভিন্ন সন্মান লাভ কৰে।১
সংবাদ মাধ্যমৰ ভাবমূৰ্তি
২০২৪ চনত আলিজাক জি কিউৰ "৩৫ গৰাকী আটাইতকৈ প্ৰভাৱশালী যুৱ ভাৰতীয়"ৰ তালিকাত স্থান দিয়া হৈছিল।৭ ইয়াৰ উপৰি তেওঁ হেল্ল!, দ্য ৱৰ্ড আৰু গ্ৰাজিয়াকে ধৰি বিভিন্ন আলোচনীৰ বেটুপাতত স্থান লাভ কৰিছে।
আলিজা কেইবাটাও ব্ৰেণ্ড আৰু সামগ্ৰীৰ চেলিব্ৰিটি এণ্ডোৰ্চাৰো, যিবোৰৰ ভিতৰত বিয়িং হিউমেন ক্ল'থিং, টৰী বাৰ্চ এল এল চি আৰু নাইকা অন্যতম।৮
তথ্যসূত্ৰ
- ↑ Filmfare Awards 2024 Winners - Complete List. Filmfare
- ↑ (23 November 2023). Alizeh Agnihotri Biography: Know Everything About The Farrey Star and Salman Khan's Niece, Family, and More. JagranTV.com
- ↑ Instagram. www.instagram.com
- ↑ (5 December 2023). Meet Alizeh Agnihotri: Know everything about her lifestyle, relationship with Salman Khan, family, Bollywood debut, and more. Financial Express
- ↑ Sahani, Alaka. (31 December 2023). Salman Khan made me promise that I won't overact: Alizeh Agnihotri. The Indian Express. The Indian Express Pvt. Ltd
- ↑ Sahani, Alaka. (24 November 2023). Farrey movie review: Alizeh Agnihotri leads a near-perfect cast in this teenage drama that scores high. The Indian Express
- ↑ Ray, Sanjana. (25 April 2024). Meet GQ's Most Influential Young Indians of 2024. GQ India
- ↑ (10 October 2023). Salman Khan introduces Alizeh Agnihotri as the face of Being Human women collection. ET BrandEquity
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলিজে অগ্নিহোত্ৰী” প্ৰবন্ধৰ সংশোধন ৫৯১৬৩৪ (২১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।