অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আশালতা সেন

আশালাতা সেন (Ashalata Sen; জন্ম:৫ ফেব্ৰুৱাৰী ১৮৯৪ – মৃত্যু:১৩ ফেব্ৰুৱাৰী ১৯৮৬) এগৰাকী ভাৰতীয় সক্ৰিয় কৰ্মী, কবি, সমাজকৰ্মী, আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ আগশাৰীৰ ব্যক্তি আছিল।

হালনাগাদ: ৪ অক্টোবৰ ২০২৫ ১৯০ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

আশালাতা সেন (Ashalata Sen; জন্ম:৫ ফেব্ৰুৱাৰী ১৮৯৪ – মৃত্যু:১৩ ফেব্ৰুৱাৰী ১৯৮৬) এগৰাকী ভাৰতীয় সক্ৰিয় কৰ্মী, কবি, সমাজকৰ্মী, আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ আগশাৰীৰ ব্যক্তি আছিল।১২৩

জীৱনী

১৮৯৪ চনত, অবিভক্ত বংগৰ নোৱাখলিৰ এটি উকীল পৰিয়ালত, বগলামোহন দাসগুপ্ত আৰু মনোদাসুন্দৰী দাসগুপ্তৰ ঘৰত আশালতা সেনে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ দেউতাক নোৱাখলি জজ আদালতৰ অধিবক্তা আছিল। সৰুৰেপৰাই তেওঁ সাহিত্যিক ৰচনাৰাজিৰ প্ৰতি আকৰ্ষিত হৈছিল। ১০ বছৰ বয়সতেই তেওঁ বংগ বিভাজনৰ বিৰুদ্ধে জাতীয়তাবাদী উদ্যমেৰে কবিতা ৰচনা কৰিছিল আৰু সেইবোৰ অন্তঃপুৰ আলোচনীত প্ৰকাশ পাইছিল। তেওঁৰ আইতাক নৱশশী দেৱীৰপৰা পোৱা উৎসাহৰ বলত তেওঁ ১৯০৫ চনত ১১ বছৰ বয়সত স্বদেশী আন্দোলনত যোগদান কৰি ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰৱেশ কৰে। উচ্ছ্বাস, উৎস, বিদ্যুৎ আৰু ছোটোদেৰ ছড়া আদি তেওঁ ৰচনা কৰা কিছু উল্লেখযোগ্য গ্ৰন্থ।৪

১৯২১ চনত তেওঁ মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনত যোগদান কৰিছিল; আৰু নাৰী সবলীকৰণৰ বাবে তেওঁৰ ঘৰত শিক্ষা আশ্ৰম প্ৰতিষ্ঠা কৰিছিল। ১৯২২ চনত ঢাকা জিলাৰপৰা প্ৰতিনিধি হিচাপে গয়া কংগ্ৰেছত যোগদান কৰিছিল। তেওঁ ১৯২৪ চনত শৰ্মা গুপ্ত আৰু সৰযূবালা গুপ্তৰ সহযোগত গান্ধীবাদী দৰ্শনক আগুৱাই নিবলৈ আৰু মহিলা অংশগ্ৰহণকাৰীসকলৰ মাজত জাতীয়তাবাদৰ অনুভূতি জগাই তুলিবলৈ গেণ্ডাৰীয়া মহিলা সমিতি প্ৰতিষ্ঠা কৰিছিল। ১৯২৫ চনত সৰ্বভাৰতীয় কাটুনী সংঘৰ সদস্য হৈ ওচৰৰ গাঁৱত খাদী ব্যৱহাৰৰ প্ৰচাৰ আৰম্ভ কৰিছিল।৪

১৯৮৬ চনৰ ১৩ ফেব্ৰুৱাৰী তাৰিখে, নতুন দিল্লীস্থিত তেওঁৰ পুত্ৰৰ বাসগৃহত তেওঁৰ মৃত্যু হয়।

তথ্যসূত্ৰ

  1. ↑ GUPTA. (2013). Death and Desire in Times of Revolution. Economic and Political Weekly. পৃ. 59–68
  2. ↑ (27 June 2019). 5 unknown women freedom fighters of India who did as much as Gandhi and Nehru. India Today
  3. ↑ (2020-08-15). Remembering the women who fought for India's freedom. Deccan Herald
  4. ↑ Dasgupta. (2015). স্বাধীনতা সংগ্ৰামে বাংলাৰ নাৰী. Radical Impression. পৃ. 106–112. ISBN 9788185459820

সম্পৰ্কিত শ্ৰেণী

বঙালী সাহিত্যিকভাৰতৰ নাৰীভাৰতৰ স্বাধীনতা সংগ্ৰামীমহাত্মা গান্ধী এডিটাথন, ২০২৫

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আশালতা সেন” প্ৰবন্ধৰ সংশোধন ৫৪১৮৪৭ (৪ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।