আশা নেগী ( Asha Negi; জন্ম: ২৩ আগষ্ট ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী ভাষা টেলিভিছন প্ৰডাকচনৰ কামৰ বাবে পৰিচিত। জি টিভিৰ ছ’প অপেৰা পবিত্ৰ ৰিষ্টাত পূৰৱী দেশমুখ কিৰ্লোস্কৰ আৰু অল্ট বালাজীৰ ৱেব চিৰিজ বাৰীশত গৌৰৱী কৰ্মৰকাৰৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বেছিকৈ পৰিচিত। ৰিয়েলিটি শ্ব' ফিয়াৰ ফেক্টৰ: খাট্ৰন কে খিলাৰী ৬ত অংশগ্ৰহণৰ বাবেও তেওঁ পৰিচিত।১
২০১০ চনত নেগীয়ে সপোনো ছে ভৰে নাইনাত মধুৰাৰ চৰিত্ৰত অভিনয় কৰি টেলিভিছনত অভিষেক ঘটায় আৰু পিছলৈ ২০১১ চনত চনী টিভিত একতা কাপুৰৰ বদে আচ্ছে লগা হেইত অপেক্ষা মালহোত্ৰাৰ চৰিত্ৰত অভিনয় কৰে।২ তেখেতে ২০১১ চনৰ পৰা ২০১৪ চনলৈকে পূৰৱী দেশমুখৰ চৰিত্ৰত অভিনয় কৰা ছ'প অপেৰা পবিত্ৰ ৰিষ্টাত তেওঁৰ ব্ৰেকথ্ৰু অভিনয় লাভ কৰে।৩৪
২০১৩ চনত তেওঁ পবিত্ৰ ৰিষ্টাৰ সহ অভিনেতা আৰু সংগী ঋত্বিক ধনজনীৰ সৈতে নৃত্য ৰিয়েলিটি শ্ব' নাচ বল্লীয়ে ৬ত জয়ী হয়। তেওঁৰ আন ভূমিকা আছিল জি টিভিত চুহানা/কল্পনাৰ চৰিত্ৰত এক মুঠি আছমান আৰু ষ্টাৰপ্লাছত কয়লৰ চৰিত্ৰত কুচ তোহ হাই তেৰে মেৰে দাৰমিয়ানত। পিছলৈ তেওঁ কালাৰ্ছ টিভিত ফিয়াৰ ফেক্টৰ: খাট্ৰন কে খিলাদি ৬ত অংশগ্ৰহণ কৰে।৫ ২০১৯ চনত তেওঁক ৱেব ছিৰিজ বাৰীশত গৌৰৱী কৰ্মকাৰৰ চৰিত্ৰত অভিনয় কৰা হয়।৬ অনুৰাগ বাসুৰ পৰিচালক লুডো (চলচ্চিত্ৰ)ৰ জৰিয়তে হিন্দী চলচ্চিত্ৰত অভিষেক ঘটায়, য'ত তেওঁ সহযোগী চৰিত্ৰত অভিনয় কৰে। কলাৰ বম ছবিতো অভিনয় কৰিছিল।
প্ৰাথমিক জীৱন
উত্তৰাখণ্ডৰ দেৰাডুনত এল. নেগী আৰু বীনা নেগী ঘৰত আশা নেগীৰ জন্ম হৈছিল। ২০০৯ চনত তেওঁক মিছ উত্তৰাখণ্ড ২০০৯ৰ মুকুট পিন্ধোৱা হয়।৭ অৱশেষত তেওঁ অভিনয় কেৰিয়াৰ গঢ়িবলৈ মুম্বাইলৈ গুচি যায়।
ব্যক্তিগত জীৱন
নেগীয়ে ২০১৩ চনত তেওঁৰ পবিত্ৰ ৰিষ্টাৰ কষ্টাৰ ঋত্বিক ধনজনীৰ সৈতে সম্পৰ্ক আৰম্ভ কৰে।৮ পিছলৈ ৭ বছৰ ডেটিং কৰাৰ পিছত ২০২০ চনত তেওঁলোকৰ মাজত বিচ্ছেদ ঘটে।

বঁটা আৰু মনোনয়ন
| বছৰ | Award | Category | Role | Show | Result |
|---|---|---|---|---|---|
| 2012 | গোল্ড এৱাৰ্ডছ | ষ্টেলাৰ পাৰ্ফৰ্মাৰ অৱ দ্য ইয়েৰ | Purvi Deshmukh Kirloskar | পবিত্ৰ ৰিষ্টা | |
| গোল্ড ডেবিউ ইন এ লিড ৰ'ল (মহিলা) | |||||
| 2013 | ভাৰতীয় টেলি বঁটা | শ্ৰেষ্ঠ ফ্ৰেচ নতুন মুখ(মহিলা) | |||
| Best Onscreen Couple (ঋত্বিক ধনজনীৰ সৈতে) | |||||
| গোল্ড এৱাৰ্ড | শ্ৰেষ্ঠ চেলিব্ৰিটি জোৰী (ঋত্বিক ধনজনীৰ সৈতে) | ||||
| সহযোগী চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰীৰ স্বৰ্ণ বঁটা |
তথ্যসূত্ৰ
- ↑ (24 August 2017). Rithvik Dhanjani's message for Asha Negi on her birthday is worth a read. See photo
- ↑ (23 August 2019). Pavitra Rishta fame Asha Negi rings in birthday with beau Rithvik Dhanjani in the hills. The Times of India
- ↑ (1 June 2012). I'd like to see Delhi's nightlife: Asha Negi. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Eight years of Pavitra Rishta: Here's what the cast of the show is doing now. Times Of India
- ↑ Soapbox's new screen jodis are amping the romance quotient. Times of India
- ↑ (2 February 2014). TV's hit couple Rithvik and Asha Negi win 'Nach Baliye 6′. The Indian Express
- ↑ Asha Negi: Movies, Photos, Videos, News, Biography & Birthday · eTimes. timesofindia.indiatimes.com
- ↑ (6 June 2011). Akshay Kumar, Russell Peters' Breakaway Gets Media Attention. Sawfnews.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আশা নেগী” প্ৰবন্ধৰ সংশোধন ৪৮৭২৮০ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।