আলিনা প্লুগাৰু (ইংৰাজী ভাষা: Alina Plugaru; জন্ম: ১৮ ডিচেম্বৰ ১৯৮৭) এগৰাকী ৰোমানিয়ান উদ্যোগী আৰু প্ৰাক্তন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনয় শিল্পী, যাক ৰোমানিয়াত "পৰ্ণৰ ৰাণী" বুলি অভিহিত কৰা হয়।১ ষ্ট্ৰিপাৰ আৰু মডেল হিচাপে কাম কৰাৰ পিছত তেওঁ ২০০৬ চনত কামোদ্দীপক ভিডিঅ'ত অভিনয় কৰিবলৈ আৰম্ভ কৰিছিল।
জীৱন আৰু কেৰিয়াৰ
প্লুগাৰুৰ জন্ম ৰোমানিয়াৰ ভাছলুইত হৈছিল। ১৫ বছৰ বয়সত প্লুগাৰুৱে মডেলিং কেৰিয়াৰ গঢ়াৰ সিদ্ধান্ত লয় আৰু তেওঁ বুখাৰেষ্টলৈ গুচি যায়। ১৬ বছৰ বয়সত তেওঁ এগৰাকী 'এক্সটিক ডান্সাৰ' হিচাপে কাম আৰম্ভ কৰে। তেওঁ দুবছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তত নৃত্য প্ৰদৰ্শন কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল, যাৰ পিছত এখন পৰ্ণ ফিল্মৰ চেট পৰিদৰ্শন কৰি তেওঁৰ এই ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহ জন্মে। তেওঁ ১৮ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতেই ২০০৬ চনত পৰ্ণ ষ্টাৰ আৰু পৰিচালক জেঞ্জা ৰাগীৰ সৈতে পৰ্ণ কেৰিয়াৰ আৰম্ভ কৰে।

প্লুগাৰুৱে ৰোমানিয়া আৰু অন্যান্য দেশত এগৰাকী নৃত্যশিল্পী হিচাপে নিয়মিতভাৱে অংশগ্ৰহণ কৰে। যোৱা কেইবছৰমান ধৰি তেওঁ ইউৰোপৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামোদ্দীপক মেলাসমূহ যেনে 'দ্য ইৰ'ছ শ্ব' বুখাৰেষ্ট', 'দ্য বাৰ্চিলোনা ইণ্টাৰনেশ্যনেল ইৰ'টিক ফিল্ম ফেষ্টিভেল', 'দ্য লিবন ইণ্টাৰনেশ্যনেল ইৰ'টিক ফেষ্টিভেল', 'দ্য ইৰ'ছ পৰ্টো', 'দ্য ইৰ'ছ এণ্ড এমোৰ ভিয়েনা' আৰু 'দ্য ইৰ'ছ শ্ব' চফিয়া'ত এগৰাকী নিয়মীয়া অতিথি আছিল।
বিগত বৰ্ষসমূহত তেওঁ ৰোমানিয়ান ইৰ'টিক ইণ্ডাষ্ট্ৰী এৱাৰ্ডছ (PIER 2008 আৰু PIER 2009)ত শ্ৰেষ্ঠ ৰোমানিয়ান পৰ্ণ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল। ৰোমানিয়াৰ প্ৰাপ্তবয়স্ক মনোৰঞ্জন উদ্যোগৰ উন্নতিত আগবঢ়োৱা অৱদানৰ বাবে প্লুগাৰুক স্বীকৃতি দিয়া হৈছিল।২৩
২০০৯ চনৰ মাৰ্চ মাহত এক অনলাইন নিৰ্বাচনত তেওঁক 'আদৰ্শ ৰোমানিয়ান মহিলা' হিচাপে নিৰ্বাচিত কৰা হৈছিল আৰু প্ৰায় এক চতুৰ্থাংশ (২৪.৬৯%) ৱেবছাইট দৰ্শকে তেওঁৰ সপক্ষে ভোট দিছিল।
২০০৯ চনৰ ২৪ ছেপ্টেম্বৰত প্লুগাৰুৱে প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ উদ্যোগৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে।৪
প্লুগাৰুৱে ২০১১ চনত 'ইৰ'টিক ড্ৰিমছ শ্ব' বাই আলিনা প্লুগাৰু' নামৰ এটা কামোদ্দীপক নৃত্য দল গঠন কৰে৫ আৰু তেওঁ উৎসৱ, ব্যক্তিগত পাৰ্টি আৰু ৰাজহুৱা স্থানত নিজৰ দলটোৰ সৈতে সঘনাই নৃত্য প্ৰদৰ্শন কৰে। ২০১১ চনৰ মে' মাহত তেওঁ ৰোমানিয়ান ইৰ'টিক ইণ্ডাষ্ট্ৰী এৱাৰ্ডছত (PIER 2011) নিজৰ নৃত্য দলটোৰ বাবে শ্ৰেষ্ঠ শ্ব'ৰ বঁটা লাভ কৰে।৬
প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ উদ্যোগৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ বুখাৰেষ্টৰ অন্যতম শীৰ্ষ ৰেটিং থকা এটা কামোদ্দীপক মালিচ কেন্দ্ৰ পৰিচালনা কৰে।৭
২০১৫ চনত প্লুগাৰু 'প্ৰ' টিভিত' প্ৰচাৰিত ৰিয়েলিটী ধাৰাবাহিক চাণ্ট চেলিব্ৰু, স্কোৱাটে-মা ডে আইচি! (I'm a Celebrity...Get Me Out of Here!-ৰ ৰোমানিয়ান সংস্কৰণ) ৰ এগৰাকী প্ৰতিযোগী আছিল।৮ ১৬ দিনৰ পাছত জনসাধাৰণৰ ভোটৰ জৰিয়তে তেওঁক শ্ব'টোৰ পৰা বাহিৰ কৰা হয়।
দূৰদৰ্শন
- চাণ্ট চেলিব্ৰু, স্কোৱাটে-মা ডে আইচি! (২০১৫) ষ্টুডিঅ': প্ৰ' টিভি
- নিমানি নু-ই পাৰফেক্ট (২০০৯) ষ্টুডিঅ': প্ৰাইমা টিভি
- মেকিং অফ (২০০৭) ষ্টুডিঅ': অ'পেন মিডিয়া প্ৰডাকচন
- চেক্ৰেটুল মেৰী (২০০৫) ষ্টুডিঅ': লা ডলচে ভিটা প্ৰডাকচন এণ্ড এণ্টেনা ১ টিভি
তথ্যসূত্ৰ
- ↑ Alexandru, Ionescu. (10 May 2008). Alina Plugaru, Oficial Regina Porno. Libertatea.ro
- ↑ Andreea, Dancu. (10 May 2008). Alina Plugaru, Cea Mai Bună Actriţă Porno. Click.ro
- ↑ C. Radu, Munteanu. (2 June 2009). Alina Plugaru, Regina Eros Show. Libertatea.ro
- ↑ C. Radu, Munteanu. (September 24, 2009). Alina Plugaru nu va mai juca în filme porno. Libertatea.ro
- ↑ (23 December 2010). Alina Plugaru se intoarce in industria XXX. Libertatea.ro
- ↑ (13 May 2011). Eros Show 2011 a desemnat castigatorii industriei porno!. Showbiz.ro
- ↑ (26 May 2008). Opening of the Mon Amour erotic massage parlour in Bucharest. MonAmour-Masaj.ro
- ↑ (19 February 2015). Follow Up. Actriţă de filme pentru adulţi, Alina Plugaru şi actorul Gabi Jugaru s-au alăturat echipei "Sunt celebru, scoate-mă de aici!". Radardemedia.ro
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলিনা প্লুগাৰু” প্ৰবন্ধৰ সংশোধন ৬২২৬৯৪ (২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।