জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মিৰ'শ্লাৱ কলিতা
মিৰ'শ্লাৱ কলিতা (Mirosław Kalita; জন্ম: ১৮ জুলাই ১৯৭০) এগৰাকী প'লেণ্ডৰ পূৰ্ব ফুটবল খেলুৱৈ আৰু বৰ্তমান ফুটবল প্ৰশিক্ষক।তেওঁ মিডফিল্ড পজিচনত খেলিছিল।
-
মীনা (অভিনেত্ৰী)
মীনা দুৰাইৰাজ ( Mena Durairage; জন্ম: ১৬ ছেপ্টেম্বৰ ১৯৭৬) পেছাগতভাৱে মীনা নামেৰে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ লগতে হিন্দী চিনেমাতো কাম কৰে। তেখেত এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পী। মীনাই তামিল, তেলেগু, মালয়ালম, কানাড়া, আৰু হিন্দী ছবিত অভিনয় কৰিছে।
-
মীনা কান্দাচামি
ইলাভেনিল মীনা কান্দাচামি (Ilavenil Meena Kandasamy; জন্ম:১৯৮৪) তামিলনাডুৰ চেন্নাই নিবাসী এগৰাকী ভাৰতীয় কবি, কল্প কাহিনী লেখক, অনুবাদক আৰু সমাজকৰ্মী। ২০০৬ আৰু ২০১০ চনত মীনাৰ ক্ৰমে টাচ আৰু মিচ মিলিটেন্সি শীৰ্ষক দুখন কবিতাৰ কিতাপ প্ৰকাশ পাইছে।
-
মীৰা খান্না
মীৰা খান্না (ইংৰাজী: Meera Khanna) হৈছে এগৰাকী ভাৰতীয় লেখিকা, কবি, আৰু লিংগ অধিকাৰ কৰ্মী। তেওঁ হৈছে ভি. মোহিনী গিৰিয়ে প্ৰতিষ্ঠা কৰা গিল্ড অব চাৰ্ভিছ (Guild of Service)ৰ ন্যাসৰক্ষক আৰু কাৰ্যবাহী উপ-সভানেত্ৰী।
-
মীৰা জেচমিন
মীৰা জেচমিন যোছেফ ( Meera Jasmine), এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ মালয়ালম, তামিল, তেলেগু আৰু কানাড়া ভাষাৰ ছবিত অভিনয় কৰে। পেছাগতভাৱে তেওঁ মীৰা জেচমিন নামেৰে পৰিছিত। ২০০১ চনত লোহিতাদাসৰ ছবি সূত্ৰধৰণৰ জৰিয়তে মীৰাই চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।
-
মুকুন্দকাম শৰ্মা
ন্যায়াধীশ ড° মুকুন্দকাম শৰ্মা (ইংৰাজী: Dr. Mukundakam Sharma) (জন্ম: ১৮ ছেপ্টেম্বৰ ১৯৪৬, কলকাতাত ) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ। তেওঁ ২০০৮ চনৰ ৯ এপ্ৰিল তাৰিখে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হৈছিল আৰু ২০১১ চনৰ ১৭ ছেপ্টেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰিছিল।
-
মুকুল চক্ৰৱৰ্তী
মুকুল চক্ৰৱৰ্তী (ইংৰাজী: Mukul Chakravarty ) অসমৰ এগৰাকী শিক্ষাবিদ, গৱেষক, প্ৰাবন্ধিক তথা হাস্য-ব্যংগ লিখক। ‘চৰিত পুথি’ৰ এগৰাকী বিশিষ্ট গৱেষক হিচাপে পৰিচিত চক্ৰৱৰ্তী ভাষা-সাহিত্য-সংস্কৃতিৰ পূৰ্ণাংগ আলোচনী মাহেকীয়া 'বাৰ্তাপখিলী' ৰ এগৰাকী উপদেষ্টা হোৱাৰ লগতে হাস্য-ব্যংগ আলোচনী 'গিৰজনি' ৰ সম্পাদক।
-
মুক্তি প্ৰসাদ গগৈ
মুক্তি প্ৰসাদ গগৈ (Mukti Prasad Gogoi)অসমৰ এগৰাকী চিকিৎসক আৰু লেখক। ১৯৮৪ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।
-
মুক্তিনাথ শৰ্মা বৰদলৈ
মুক্তিনাথ শৰ্মা বৰদলৈ (Muktinath Sarmah Bordoloi), ১৯১০-১৯৭৭) অসমৰ এগৰাকী সংগীতজ্ঞ। অসমীয়া আধুনিক সংগীত জগতলৈ তেওঁ অৱদান আগবঢ়াই গৈছে। তেওঁ সংগীতজ্ঞ কীৰ্তিনাথ শৰ্মা বৰদলৈৰ পুত্ৰ। এই পিতা-পুত্ৰৰ যুটিয়ে অসমীয়া সংগীতৰ ধাৰাটোক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল।
-
মুগ্ধা গডছে
মুগ্ধা বীৰা গডছে (জন্ম: ২৬ জুলাই ১৯৮৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মুখ্যত হিন্দী ছবিত কাম কৰে। এগৰাকী প্ৰাক্তন মডেল গডছে ২০০৪ চনৰ ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ ছেমি ফাইনেলিষ্ট আছিল। তেওঁ মধুৰ ভাণ্ডাৰকাৰৰ ২০০৮ চনৰ ছবি ফেশ্বনৰ জৰিয়তে অভিনয়ত অভিষেক ঘটায়।
-
মুত্তিয়া মুৰালিধৰণ
দেশবন্দু মুত্তিয়া মুৰালিধৰণ (முத்தையா முரளிதரன், මුත්තයියා මුරලිදරන්), প্ৰায়ে মুৰালি বুলি কোৱা হয় (জন্ম ১৭ এপ্ৰিল ১৯৭২) এগৰাকী শ্ৰীলংকাৰ ক্ৰিকেট প্ৰশিক্ষক, প্ৰাক্তন পেছাদাৰী ক্ৰিকেটাৰ, ব্যৱসায়ী আৰু আই চি চি ক্ৰিকেট হল অৱ ফেমৰ সদস্য।
-
মুনমুন দত্ত
মুনমুন দত্ত (Munmun Dutta; জন্ম: ২৮ ছেপ্টেম্বৰ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী টেলিভিছন উদ্যোগত কাম কৰে। হিন্দী ভাষাৰ চিটকম তাৰক মেহতা কা উল্টা চশমাত ববিতা আয়াৰৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
মুনমুন দাস
মুনমুন দাস (ইংৰাজী: Munmun Das) অসমৰ এগৰাকী কণ্ঠশিল্পী। তেওঁ তিৱা লোক সংগীতৰ বাবে বিশেষভাৱে জনাজাত। তেওঁ আকাশবাণী কেন্দ্ৰ গুৱাহাটীৰ জনগোষ্ঠীয় গীত বিভাগৰ স্বাকৃতিপ্ৰাপ্ত গায়িকা আৰু তিৱা নৃত্য গুৰু নাদিৰাম দেউৰীৰ উদ্যোগত প্ৰতিষ্ঠিত 'মাৰ্কাংকুছি তিৱা কাণ্ঠিচুৰী চমত' নামৰ সাংস্কৃতিক গোষ্ঠীৰো এগৰাকী…
-
মুনিবা মাজাৰি
মুনিবা মাজাৰি (منیبہ مزاری; জন্ম ৩ মাৰ্চ ১৯৮৭) এজনী পাকিস্তানী মানৱাধিকাৰ কৰ্মী, চিত্ৰশিল্পী, টেলিভিচন উপস্থাপক, প্ৰেৰণাদায়ী বক্তা আৰু গায়িকা। ২০০৫ চনত মুনিবা মাজাৰি এজন পাকিস্তানী বিমান বাহিনীৰ কৰ্মকৰ্তাৰ লগত বিবাহ বন্ধনত আবদ্ধ হয়। বিয়াৰ দুইবছৰৰ ভিতৰতে মুনিবা এটা পথ দুৰ্ঘটনাৰগ্ৰস্ত হয়।
-
মুল্কৰাজ আনন্দ
মুল্কৰাজ আনন্দ (১২ ডিচেম্বৰ ১৯০৫ – ২৮ ছেপ্তেম্বৰ ২০০৪) এগৰাকী খ্যাতনামা ভাৰতীয় ইংৰাজী ভাষাৰ সাহিত্যিক আছিল, যিয়ে প্ৰচলিত ভাৰতীয় সমাজৰ দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ জীৱনৰ বাস্তৱ ছবি নিৰ্মাণৰ বাবে বিশেষকৈ জনপ্ৰিয়তা লাভ কৰিছিল। ইংগ-ভাৰতীয় কথাসাহিত্যৰ পথিকৃৎসকলৰ ভিতৰত তেওঁ এজন, আৰু আৰ. কে.
-
মৃগেন শৰ্মা
মৃগেন শৰ্মা (ইংৰাজী: Mrigen Sarma; জন্ম: ১০ ছেপ্টেম্বৰ ১৯৭০) এগৰাকী অসমীয়া লেখক, কবি, সাংবাদিক, শিল্পী আৰু সমাজসেৱী। তেওঁ বিশেষকৈ অসমীয়া সাহিত্য, অসমীয়া ভাষা-সাহিত্য আৰু অসমৰ লোক-সংস্কৃতি বিষয়ক তথ্যমূলক আৰু ক্ষেত্ৰভিত্তিক নিবন্ধৰ লেখক হিচাপে পৰিচিত।
-
মৃণালিনী মুখাৰ্জী
মৃণালিনী মুখাৰ্জী (১৯৪৯ – ১৫ ফেব্ৰুৱাৰী ২০১৫) এগৰাকী ভাৰতীয় ভাস্কৰ্য শিল্পী। ভাস্কৰ্য্য শিল্পৰ বাবে এক অগতানুগতিক সামগ্ৰী ৰং কৰা আৰু বোৱা ভাং গছৰ আঁহৰ ব্যৱহাৰৰ বাবে পৰিচিত। তেওঁৰ কেৰিয়াৰ ১৯৭০ চনৰ পৰা ২০০০ চনলৈকে চাৰি দশকৰো অধিক সময় ধৰি চলিছিল।
-
মৃদুস্মিতা ফুকন
মৃদুস্মিতা ফুকন একেধাৰে প্ৰবন্ধকাৰ, গল্পকাৰ, অনুবাদক, শিশু সাহিত্যিক৷ তেখেতে ১৯৭১ চনৰে বৰ্তমান সময়লৈকে ‘ অসম বাণী’, ‘দৈনিক জনমভূমি’,‘ আমাৰ অসম’,‘ দৈনিক অসম’, ‘ অসমীয়া প্ৰতিদিন’, ‘নতুন দৈনিক’, ‘ এদিন’ আদি দৈনিক বা সাপ্তাহিক কাকত; ‘সঁফুৰা’, ‘মৌচাক’, ‘হিয়াৰ ৰামধেনু’ আদি শিশু-আলোচনী; ‘প্ৰান্তিক’,…
-
মেগনাছ কাৰ্লছেন
মেগনাছ কাৰ্লছেন ( নৰৱেজীয়: Sven Magnus Øen Carlsen; জন্ম: ৩০ নৱেম্বৰ ১৯৯০) এজন নৰৱেৰ দবা গ্ৰেণ্ডমাষ্টাৰ। কাৰ্লছেন পাঁচবাৰৰ বিশ্ব দবা চেম্পিয়ন, বৰ্তমানৰ পাঁচবাৰৰ বিশ্ব ৰেপিড দবা চেম্পিয়ন, বৰ্তমানৰ সাতবাৰৰ বিশ্ব ব্লিটজ দবা চেম্পিয়ন আৰু বৰ্তমানৰ দবা বিশ্বকাপ চেম্পিয়ন।
-
মেগী স্মিথ
দাম মাৰ্গাৰেট নাটালি মেগী স্মিথ (ইংৰাজী: Dame Margaret Natalie Maggie Smith) হলিউদৰ এগৰাকী সক্ৰিয় অভিনেত্ৰী। ১৯৩৪ চনৰ ২৮ ডিচেম্বৰত জন্মলাভ কৰা অভিনেত্ৰীগৰাকীৰ চলচিত্ৰ আৰু নাটক উভয় ক্ষেত্ৰতে সুনাম আছে।
-
মেঘনা গুলজাৰ
মেঘনা গুলজাৰ (Meghna Gulzar; এগৰাকী ভাৰতীয় লেখক, পৰিচালক আৰু প্ৰযোজক। ২০১৮ চনৰ বলীউডী ছবি ৰাজী পৰিচালনাৰ বাবে তেওঁ অধিক পৰিচিত। ১৯৯৯ চনত দেউতাকৰ পৰিচালনাৰ হু-তু-তুৰ চিত্ৰনাট্যকাৰ হিচাপে অভিষেক ঘটাৰ পিছত ২০০০ চনত মেঘনা পৰিচালিত প্ৰথমখন ছবি ফিলহাল মুক্তি পায়; যদিও সেই দশকটোত তেওঁ পৰিচালনাত সফলতা…
-
মেট ডেমন
মেথিউ পেইজ ডেমন (Matt Damon; জন্ম: ৮ অক্টোবৰ ১৯৭০) হৈছে এজন আমেৰিকীয় অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক আৰু চিত্ৰনাট্যলেখক৷ তেওঁক ২০০৭ চনত ফৰ্বছ আলোচনীয়ে "সৰ্বাধিক উপাৰ্জন নিশ্চিত কৰিব পৰা তাৰকা"ৰ তালিকাভুক্ত কৰে৷ ২০১০ চনত তেওঁ সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনয়-শিল্পী হিচাপে পৰিগণিত হয়৷ মেট ডেমনে…
-
মেথিল দেৱীকা
মৈথিল দেৱীকা, জন্ম: ১৯৭৬ চন, এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু গৱেষণা তত্ত্বাৱধায়ক। তেওঁ ইছৰোৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ স্পেচ ছায়েন্স এণ্ড টেকন'লজিৰ জ্যেষ্ঠ গৱেষণা সহযোগী আছিল, ২০২৩ চনত তেওঁৰ নিজে পৰিকল্পনা কৰা আৰ্টচ্ ইণ্টিগ্ৰেটেড এডভান্স চাইন্স প্ৰজেক্টত কাম কৰিছিল।
-
মেধা শংকৰ
মেধা শংকৰ (Medha Shankr; জন্ম: ১ আগষ্ট ১৯৯৭)
-
মেধা ৰঘুনাথ
মেধা ৰঘুনাথ (ইংৰাজী: Medha Raghunath) চেন্নাইৰ এগৰাকী প্ৰাক্তন ভাৰতীয় মডেল, ভিডিঅ’ জকী আৰু চচিয়েল গৰাকী। তেওঁ সুন্দৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আৰু মডেল হিচাপে কাম কৰাৰ আগতে তামিল টেলিভিছন অনুষ্ঠানৰ আঁত ধৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
মেহজাবীন চৌধুৰী
মেহজাবীন চৌধুৰী (ইংৰাজী: Mehazabien Chowdhury; জন্ম: ১৯ এপ্ৰিল ১৯৯১) এগৰাকী বাংলাদেশী অভিনেত্ৰী, মডেল আৰু ২০০৯ চনৰ লাক্স চেনেল আই ছুপাৰষ্টাৰ বিজয়ী। বাংলাদেশৰ সৌন্দৰ্য প্ৰতিযোগিতা লাক্স চেনেল আই ছুপাৰষ্টাৰ জিকাৰ পিছতে তেওঁ অভিনয় জীৱন আৰম্ভ কৰিছিল।
-
মেৰিনা ভিয়াজভস্কা
মেৰিনা চেৰ্গিভনা ভিয়াজভস্কা ( ইউক্ৰেইন: Марина Сергіївна В'язовська; জন্ম ১৯৮৪) এগৰাকী ইউক্ৰেইনৰ গণিতজ্ঞ। তেওঁ গোলক সাজোনৰ (sphere packing) ওপৰত কৰা গৱেষণা কৰ্মৰ বাবে পৰিচিত। বৰ্তমান তেওঁ ছুইজাৰলেণ্ডৰ ইক'ল পলিটেকনিক ফেডাৰেল ডি ল'জানৰ গণিত প্ৰতিষ্ঠানৰ সংখ্যা তত্ত্ব আসনৰ অধ্যাপক।
-
মেৰী ক্লাৱৱালা যাদৱ
মেৰী ক্লাৱৱালা যাদৱ (Mary Clubwala Jadhav, ১৯০৯–১৯৭৫) এগৰাকী ভাৰতীয় জনহিতৈষী আৰু সমাজকৰ্মী। তেওঁ চেন্নাই আৰু সমগ্ৰ ভাৰতত বহুতো বেচৰকাৰী সংগঠন স্থাপন কৰিছিল। তেওঁক প্ৰায়ে দেশৰ আটাইতকৈ পুৰণি সংগঠিত সামাজিক-কৰ্ম সংস্থা স্থাপনৰ কৃতিত্ব দিয়া হয়।
-
মেৰী বাৰ ক্লে
মেৰী বাৰ ক্লে (Mary Barr Clay; ১৩ অক্টোবৰ, ১৮৩৯ – ১২ অক্টোবৰ, ১৯২৪) আমেৰিকাৰ মহিলা ভোটাধিকাৰ আন্দোলনৰ এগৰাকী নেত্ৰী আছিল। তেওঁ মেৰী বি ক্লে আৰু মিচেছ জে ফ্ৰেংক হেৰিক নামেৰেও পৰিচিত হৈছিল।
-
মেৰী মেলন
মেৰী মেলন (২৩ ছেপ্টেম্বৰ ১৮৬৯ – ১১ নৱেম্বৰ ১৯৩৮), বা টাইফইড মেৰী, আমেৰিকা যুক্তৰাষ্ট্ৰত টাইফইড জ্বৰৰ জীৱাণুৰ অলাক্ষণিক বাহক হিচাপে চিনাক্ত হোৱা প্ৰথম ব্যক্তি। ৰান্ধনীৰূপে কাম কৰা প্ৰথম সময়ছোৱাত তেওঁ ২২ গৰাকী অন্য লোকক সংক্ৰমিত কৰিছিল বুলি ধাৰণা কৰা হয় যাৰ ভিতৰত তিনিজনৰ মৃত্যু ঘটে।