অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মেগনাছ কাৰ্লছেন

মেগনাছ কাৰ্লছেন ( নৰৱেজীয়: Sven Magnus Øen Carlsen; জন্ম: ৩০ নৱেম্বৰ ১৯৯০) এজন নৰৱেৰ দবা গ্ৰেণ্ডমাষ্টাৰ। কাৰ্লছেন পাঁচবাৰৰ বিশ্ব দবা চেম্পিয়ন, বৰ্তমানৰ পাঁচবাৰৰ বিশ্ব ৰেপিড দবা চেম্পিয়ন, বৰ্তমানৰ সাতবাৰৰ বিশ্ব ব্লিটজ দবা চেম্পিয়ন আৰু বৰ্তমানৰ দবা বিশ্বকাপ চেম্পিয়ন।

হালনাগাদ: ২০ মে’ ২০২৬ ৭৫৫ শব্দ · ৪ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

মেগনাছ কাৰ্লছেন ( নৰৱেজীয়: Sven Magnus Øen Carlsen; জন্ম: ৩০ নৱেম্বৰ ১৯৯০) এজন নৰৱেৰ দবা গ্ৰেণ্ডমাষ্টাৰ। কাৰ্লছেন পাঁচবাৰৰ বিশ্ব দবা চেম্পিয়ন, বৰ্তমানৰ পাঁচবাৰৰ বিশ্ব ৰেপিড দবা চেম্পিয়ন, বৰ্তমানৰ সাতবাৰৰ বিশ্ব ব্লিটজ দবা চেম্পিয়ন আৰু বৰ্তমানৰ দবা বিশ্বকাপ চেম্পিয়ন। ২০১১ চনৰ ১ জুলাইৰ পৰা তেওঁ আন্তৰ্জাতিক দবা সংস্থাৰ বিশ্ব দবা ৰেংকিঙত ১ নং স্থান দখল কৰি আহিছে আৰু একেৰাহে সৰ্বাধিক সময় শীৰ্ষস্থানত থকাৰ অভিলেখ স্থাপন কৰিছে।১ তেওঁৰ শীৰ্ষ ৰেটিং ২৮৮২ ইতিহাসৰ সৰ্বোচ্চ। ধ্ৰুপদী দবাত ১২৫খন খেলত একে লেথাৰিয়ে অপৰাজিত হৈ থকাৰ অভিলেখো তেওঁৰ নামতে আছে।২৩ দবাৰ বিস্ময়-বালক কাৰ্লছেনে ১৩ বছৰ সম্পূৰ্ণ কৰাৰ কিছু দিনৰ পিছতে ক’ৰাছ দবা প্ৰতিযোগিতাৰ চি গ্ৰুপত প্ৰথম স্থান দখল কৰে আৰু কেইমাহমানৰ পিছত গ্ৰেণ্ডমাষ্টাৰ খিতাপ অৰ্জন কৰে। ১৫ বছৰ বয়সত তেওঁ নৰৱেৰ দবা চেম্পিয়নশ্বিপ লাভ কৰে আৰু পিছলৈ ২০০৫ চনত বিশ্ব চেম্পিয়নৰ প্ৰত্যাহ্বানকাৰীজনক বাছি উলিয়াবলৈ পতা প্ৰাৰ্থী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়। ১৭ বছৰ বয়সত তেওঁ ক’ৰাছৰ শীৰ্ষ গ্ৰুপত যৌথভাৱে প্ৰথম স্থান দখল কৰে। ১৮ বছৰ বয়সত তেওঁ ২৮০০ ৰেটিং অতিক্ৰম কৰি এই দুৰ্লভ সন্মান অৰ্জন কৰা কনিষ্ঠতম খেলুৱৈৰূপে পৰিগণিত হয়। ২০১০ চনত ১৯ বছৰ বয়সত তেওঁ ফিদেৰ বিশ্ব ৰেংকিঙত ১ নম্বৰ স্থান দখল কৰে। এই অভিলেখ এতিয়ালৈকে ভংগ হোৱা নাই।

কাৰ্লছেনে ২০১৩ চনত বিশ্বনাথন আনন্দক পৰাস্ত কৰি বিশ্ব দবা চেম্পিয়ন হৈছিল। পিছৰ বছৰত আনন্দৰ বিৰুদ্ধে তেওঁ খিতাপ অক্ষুণ্ণ ৰাখে আৰু ২০১৪ চনৰ বিশ্ব ৰেপিড চেম্পিয়নশ্বিপ আৰু বিশ্ব ব্লিটজ চেম্পিয়নশ্বিপ দুয়োটাতে জয়লাভ কৰি তিনিওটা খিতাপ একেলগে অৰ্জন কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয়। এই কৃতিত্ব তেওঁ ২০১৯ আৰু ২০২২ চনত পুনৰাবৃত্তি কৰে।৪৫ ২০১৬ চনত চাৰ্গেই কাৰ্জাকিন, ২০১৮ চনত ফেবিয়ানো কাৰুৱানা আৰু ২০২১ চনত ইয়ান নেপমনিয়াচ্চিৰ বিৰুদ্ধে তেওঁ নিজৰ ধ্ৰুপদী বিশ্ব খিতাপ ৰক্ষা কৰে। ২০২৩ চনত কাৰ্লছেনে প্ৰেৰণাহীনতাৰ কাৰণে বিশ্ব চেম্পিয়নৰ খিতাপ ৰক্ষাৰ যুঁজৰ পৰা স্বেচ্ছাই আঁতৰি আহে।৬

কৈশোৰৰপৰাই আক্ৰমণাত্মক শৈলীৰ বাবে পৰিচিত কাৰ্লছেনে নিজকে বিশ্ব মানৰ দবা খেলুৱৈ হিচাপে গঢ়ি তুলিছে। তেওঁ খেলত বিভিন্ন ধৰণৰ ওপেনিং ব্যৱহাৰ কৰে যাতে প্ৰতিদ্বন্দ্বীসকলে তেওঁৰ বিৰুদ্ধে প্ৰস্তুতি চলাবলৈ অসুবিধা পায় আৰু খেলৰ পূৰ্বে কম্পিউটাৰ বিশ্লেষণৰ উপযোগিতা হ্ৰাস পায়। ৭

বাল্যকাল

অভিযান্ত্ৰিক দম্পতী চিগ্ৰান ওৱেন আৰু হেনৰিক এলবাৰ্ট কাৰ্লছনৰ পুত্ৰ মেগনাছ কাৰ্লছেনৰ ১৯৯০ চনৰ ৩০ নবেম্বৰত নৰৱেৰ টনছবাৰ্গত জন্ম হৈছিল।৮ ফিনলেণ্ডৰ ইছপু অঞ্চলত এবছৰ থকাৰ পাছত পৰিয়ালটো বেলজিয়ামৰ ব্ৰাছেলছলৈ গুচি যায়। তাৰ পাছত ১৯৯৮ চনত নৰৱেলৈ উভতি আহি অৱশেষত হাছলুমত থাকিবলৈ লয়। সৰু কালতে তেওঁ প্ৰখৰ বুদ্ধি মত্তাৰ পৰিচয় দিছিল। দুবছৰ বয়সতে তেওঁ ৫০০-টুকুৰাৰ জিগছ পাজল সমাধান কৰিবলৈ সক্ষম হৈছিল।৯

পাঁচ বছৰ বয়সত কাৰ্লছেনৰ দেউতাকে তেওঁক দবা খেলিবলৈ শিকাইছিল। প্ৰথমে তেওঁ বিশেষ আগ্ৰহ দেখুৱা নাছিল। তেওঁৰ তিনিগৰাকী ভগ্নী আছিল আৰু ২০১০ চনত তেওঁ কৈছিল যে বায়েকক খেলত হৰুৱাৰ ইচ্ছাৰ বাবে তেওঁ দবা খেলৰ প্ৰতি মনোযোগ দিছিল।১০

কাৰ্লছেনে পঢ়া প্ৰথমখন দবাৰ কিতাপ আছিল বেণ্ট লাৰ্ছেনৰ ফাইণ্ড দ্য প্লেন নামৰ এখন পুস্তিকা আৰু আৰম্ভণী পৰ্যায়ৰ বিষয়ে তেওঁৰ প্ৰথমখন কিতাপ আছিল এডৱাৰ্ড গুফেল্ডৰ দ্য কম্প্লিট ড্ৰেগন।১১ কাৰ্লছেনে ঘণ্টাৰ পিছত ঘণ্টা ধৰি নিজেই খেলি নিজৰ প্ৰাৰম্ভিক দবা দক্ষতা বিকাশ কৰিছিল— গুটিবোৰ ইফালে সিফালে চাল দিছিল, পৰিযোজনাৰ সন্ধান কৰিছিল আৰু দেউতাকে দেখুওৱা খেল আৰু অৱস্থানবোৰ পুনৰ খেলিছিল। ছিমেন এগডেষ্টেইনে কাৰ্লছেনৰ ব্যতিক্ৰমী স্মৃতিশক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে তেওঁ পাঁচ বছৰ বয়সতে বিশ্বৰ সকলো দেশৰ স্থান, জনসংখ্যা, পতাকা আৰু ৰাজধানী স্মৰণ কৰিবলৈ সক্ষম হৈছিল। পিছলৈ তেওঁ নৰৱেৰ ৩৫৬খন পৌৰসভাৰ স্থান, জনসংখ্যা, জাতীয় পতাকা আৰু প্ৰশাসনিক কেন্দ্ৰ মুখস্থ কৰিছিল।১২ তেওঁ ৮ বছৰ আৰু ৭ মাহত জীৱনৰ প্ৰথমখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে—১৯৯৯ চনৰ নৰৱেজিয়ান দবা চেম্পিয়নশ্বিপৰ আটাইতকৈ কম বয়সীয়া বিভাগ— আৰু সম্ভাব্য ১১ৰ ভিতৰত ৬ পইণ্ট অৰ্জন কৰে।১৩

কাৰ্লছেনক নৰৱেৰ কলেজ অৱ এলিট স্প'ৰ্টত দেশৰ শীৰ্ষ খেলুৱৈ গ্ৰেণ্ডমাষ্টাৰ (জিএম) চিমেন এগডেষ্টেইনে প্ৰশিক্ষণ দিছিল।১৪ ২০০০ চনত এগডেষ্টেইনে কাৰ্লছেনক নৰৱেৰ প্ৰাক্তন জুনিয়ৰ চেম্পিয়ন আৰু পিছলৈ আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ (আই এম) আৰু গ্ৰেণ্ডমাষ্টাৰ (জি এম) টৰ্ব'ৰ্ন ৰিংডাল হেনচেনৰ সৈতে চিনাকি কৰাই দিয়ে।১৫

২০০০ চনৰ শৰৎকালৰ পৰা ২০০২ চনৰ শেষলৈকে কাৰ্লছেনে প্ৰায় ৩০০খন ৰেটিং প্ৰতিযোগিতাত খেলাৰ লগতে কেইবাখনো ব্লিটজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু অন্যান্য সৰু সৰু ইভেণ্টত অংশগ্ৰহণ কৰে।১৬ ২০০২ চনৰ অক্টোবৰ মাহত তেওঁ পেনিস্কোলাত অনুষ্ঠিত ইউৰোপীয় ১২ বছৰ অনুৰ্ধ চেম্পিয়নশ্বিপত ষষ্ঠ স্থান লাভ কৰে।১৭ পিছৰ মাহত তেওঁ ২০০২ চনত হেৰাক্লিয়নত অনুষ্ঠিত হোৱা বিশ্ব ১২ বছৰ অনুৰ্ধ চেম্পিয়নশ্বিপত প্ৰথম স্থানৰ বাবে সমতা স্থাপন কৰে আৰু টাইব্ৰেকত ইয়ান নেপমনিয়াচ্চিৰ পিছত দ্বিতীয় স্থান লাভ কৰে।১৮ তাৰ পিছত তেওঁ কম দিনৰ ভিতৰতে একেৰাহে তিনিটা আই এম নৰ্ম লাভ কৰে: প্ৰথমটো ২০০৩ চনৰ জানুৱাৰী মাহৰ গাউছডাল ট্ৰল মাষ্টাৰছত (স্ক’ৰ ৭/১0 ); ২০০৩ চনৰ জুন মাহত ষ্টকহোমত অনুষ্ঠিত হোৱা চেলংগেৰ্নাছ আই এম-টুৰ্ণামেণ্টত দ্বিতীয়টো (৬/৯, ); আৰু তৃতীয়টো ২০০৩ চনৰ জুলাই মাহত কোপেনহেগেনত অনুষ্ঠিত হোৱা পলিটিকেন কাপত (৮/১১)। ২০০৩ চনৰ ২০ আগষ্টত তেওঁক আনুষ্ঠানিকভাৱে আই এম খিতাপ দিয়া হয়।১৯

প্ৰাথমিক বিদ্যালয় শেষ কৰাৰ পিছত কাৰ্লছেনে ২০০৩ চনৰ শৰৎকালত ইউৰোপৰ আন্তঃৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ এবছৰৰ ছুটী লৈছিল, তাৰ পিছত ক্ৰীড়া বিদ্যালয়ত মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰিবলৈ উভতি আহে।২০ স্কুলৰ পৰা আঁতৰত থকা বছৰটোত তেওঁ ইউৰোপীয় ১৪ বছৰ অনুৰ্ধ চেম্পিয়নশ্বিপত যৌথভাবে তৃতীয় আৰু ২০০৩ চনৰ বিশ্ব ১৪ বছৰ অনুৰ্ধ চেম্পিয়নশ্বিপত যৌথভাৱে নৱম স্থান লাভ কৰে।২১

তথ্যসূত্ৰ

  1. ↑ Svensen, Tarjei J. (2024-02-16). The 7 Most Mindblowing Magnus Carlsen Records. Chess.com
  2. ↑ Aimee Lewis. (15 January 2020). Magnus Carlsen breaks record for longest unbeaten run in chess. CNN
  3. ↑ (9 October 2020). Longest unbeaten streak in professional chess. Guinness World Records
  4. ↑ Barden, Leonard. (30 December 2022). Chess: Magnus Carlsen captures double world crown in Rapid and Blitz. amp-theguardian-com.cdn.ampproject.org
  5. ↑ (30 December 2022). World Blitz: Carlsen clinches triple crown, Assaubayeva defends her title. Chess News
  6. ↑ Lourim, Jake. (26 July 2022). Magnus Carlsen Is Giving Up The World Title. But The Carlsen Era Lives On.. FiveThirtyEight
  7. ↑ Leonard Barden. (1 March 2014). Magnus Carlsen: the greatest of all time or too much of a grinder?. The Guardian
  8. ↑ Grønn, Atle; Briseid, Håkon Martol. (14 February 2009). Magnus Carlsen. Store norske leksikon. Norsk nettleksikon
  9. ↑ Max, D.T. (21 March 2011). The prince's gambit: A chess star emerges for the post-computer age. The New Yorker
  10. ↑ Davidson, Max. (2 December 2010). My perfect weekend: Magnus Carlsen. The Telegraph
  11. ↑ (2006). Just checking. New in Chess. পৃ. 106
  12. ↑ Agdestein, Simen. (2014). Hvordan Magnus Carlsen ble verdensmester. NKI forlaget. পৃ. 189
  13. ↑ Agdestein, Simen. (2014). Hvordan Magnus Carlsen ble verdensmester. NKI forlaget. পৃ. 23
  14. ↑ Agdestein (2014), p. 36
  15. ↑ FIDE Chess Profile 1501720 Hansen, Torbjorn Ringdal. FIDE
  16. ↑ Agdestein (2004), pp. 16–18; 26
  17. ↑ Agdestein (2004), pp. 16–18; 26
  18. ↑ 17° World Championship u12 (boys). BrasilBase
  19. ↑ Agdestein (2004), p. 190
  20. ↑ Agdestein (2004), p. 104
  21. ↑ (22 November 2003). European Youth Championship Boys – U14. Chess-Results

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেগনাছ কাৰ্লছেন” প্ৰবন্ধৰ সংশোধন ৬০৭৩২১ (২০ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।