মেধা ৰঘুনাথ (ইংৰাজী ভাষা: Medha Raghunath) চেন্নাইৰ এগৰাকী প্ৰাক্তন ভাৰতীয় মডেল, ভিডিঅ’ জকী আৰু চচিয়েল গৰাকী। তেওঁ সুন্দৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আৰু মডেল হিচাপে কাম কৰাৰ আগতে তামিল টেলিভিছন অনুষ্ঠানৰ আঁত ধৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।১২
কেৰিয়াৰ
মেধাই মনোৰঞ্জন জগতত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল চান টিভিৰ নৃত্য অনুষ্ঠান ‘তিলানা তিলানা’ৰ জৰিয়তে এগৰাকী ভিডিঅ’ জকী হিচাপে। ইয়াৰ উপৰি তেওঁ শ্ৰীলংকান চেনেল শক্তি টিভিত ‘ইলায়াগানম’ অনুষ্ঠানৰ আঁত ধৰিছিল। এই অনুষ্ঠানত তেওঁৰ উপস্থিতিয়ে তেওঁক মণিৰত্নমৰ ৰোমাণ্টিক ড্ৰামা ‘আলাইপায়ুথে’ (২০০০)ত অভিনয়ৰ সুযোগ দিয়ে, য’ত তেওঁ এগৰাকী ছফ্টৱেৰ ইঞ্জিনিয়াৰ আৰু মাধৱনৰ চৰিত্ৰটোৰ বান্ধৱী হিচাপে অভিনয় কৰিছিল।৩ ২০০০ চনত মেধাই মিছ চেন্নাই সুন্দৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ী পূজা নায়াৰৰ পিছতে দ্বিতীয় স্থান লাভ কৰে।৪
২০ বছৰ বয়সত মেধাই ‘মিছ ইণ্ডিয়া ২০০২’ প্ৰতিযোগিতাত অংশ লৈ শীৰ্ষ ১৩ গৰাকীৰ ভিতৰত স্থান লাভ কৰিছিল। তেওঁ ব্ৰিটিছ তথ্যচিত্ৰ ‘বিচেছ এণ্ড বিউটি কুইনছ: দ্য মেকিং অৱ মিছ ইণ্ডিয়া’ (২০০২)ৰ অন্যতম মুখ্য সাক্ষাৎকাৰদাতা হিচাপেও প্ৰদৰ্শিত হৈছিল।৫৬ ইয়াৰ পিছত মেধাই দক্ষিণ কোৰিয়াৰ ডেগুত অনুষ্ঠিত ২০০৩ চনৰ ‘ৱৰ্ল্ড মিছ ইউনিভাৰ্চিটি’ত ভাৰতৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰে। মেধাই নেপাল আৰু মালদ্বীপৰ প্ৰতিনিধিৰ পিছতে তৃতীয় স্থান লাভ কৰাৰ লগতে ‘মিছ হেল্থ’ খিতাপো জয় কৰে। মঞ্চত তেওঁ যোগাসন, ভাৰতনাট্যম আৰু যুদ্ধ কলা কালাৰি প্ৰদৰ্শন কৰিছিল।৭
সুন্দৰী প্ৰতিযোগিতাসমূহৰ পিছত মেধাই ভাৰত আৰু বিদেশৰ বিভিন্ন ফেশ্বন শ্ব’ত অংশ ল’বলৈ আৰম্ভ কৰে। ২০০৩ চনত লণ্ডনত অনুষ্ঠিত এটা অনুষ্ঠানৰ আয়োজকৰ বিৰুদ্ধে তেওঁ আইনী যুঁজত অৱতীৰ্ণ হৈছিল, যিয়ে তেওঁক আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল।৮৯
২০১০ চনৰ মাজভাগত মেধাই আৰ. কে. চেলভামণিৰ আৰক্ষী সম্পৰ্কীয় ছবি ‘পুলান ভিচাৰনাই ২’ত প্ৰশান্তৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছিল। অৱশ্যে নিৰ্মাণ কাৰ্যত বিলম্ব হোৱাৰ বাবে অভিনেতা-অভিনেত্ৰীৰ সলনি কৰা হয় আৰু শেষত মেধাক সেই ছবিত দেখা নগ’ল।১০ তেওঁ এগৰাকী প্ৰিণ্ট মডেল হিচাপে কাম অব্যাহত ৰাখিছিল আৰু দুখন তামিল আলোচনী ‘আনন্দ বিকটন’ আৰু ‘কুমুদম’ৰ বাবে বিকিনি শ্বুট কৰিছিল।১১ পৰৱৰ্তী সময়ত তেওঁ পুনৰ তামিল টেলিভিছনত ভিডিঅ’ জকী হিচাপে কাম কৰিবলৈ লয় আৰু ২০০৯ চনৰ শেষৰফালে কলাইগনাৰ টিভিত দেখা যায়।১২
গাইনাক’লজিষ্ট কমলা চেলভামৰাজৰ পুত্ৰ তথা অভিনেতা জেমিণী গণেশানৰ নাতি চিকিৎসক দীপু ৰাজকমল চেলভৰাজৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত মেধাই মনোৰঞ্জন আৰু ফেশ্বন জগত ত্যাগ কৰে।১৩
তথ্যসূত্ৰ
- ↑ (11 April 2009). An adrenaline rush!. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Ram, Arun. (June 25, 2001). Watch company Swatch opens new store in Chennai with dazzling ramp show. India Today
- ↑ Rediff On The NeT, Movies: Gossip from the southern film industry. m.rediff.com
- ↑ Participate in Miss Chennai, Chennai Man, Miss Chennai Winners
- ↑ (26 July 2002). Last Night's TV: Bitches And Beauty Queens (C4). The Northern Echo
- ↑ Simon, Jane. (25 July 2002). SPICE GIRLS ARE INDIAN WINNERS. mirror
- ↑ (25 March 2009). Nostalgia for historic city of Gyeongju
- ↑ (13 November 2003). Model complains of assault by co-ordinator. The Times of India
- ↑ (19 November 2003). Dailynews - "I was tortured sexually" - Exclaims Medha!
- ↑ Tamil movies: No heroine. But the shoot is going on.. www.behindwoods.com
- ↑ HOT Photo Feature of Chennai Model Medha Ragunath - 24 Photos Inside. APHerald [Andhra Pradesh Herald]
- ↑ HOT Photo Feature of Chennai Model Medha Ragunath - 24 Photos Inside. APHerald [Andhra Pradesh Herald]
- ↑ Kamala Selvaraj and Medha pose together during the launch of Radhika hair studio in Chennai - Photogallery
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেধা ৰঘুনাথ” প্ৰবন্ধৰ সংশোধন ৫৯৯৭২৭ (২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।