মেৰিনা চেৰ্গিভনা ভিয়াজভস্কা ( ইউক্ৰেইন: Марина Сергіївна В'язовська;১ জন্ম ১৯৮৪)২ এগৰাকী ইউক্ৰেইনৰ গণিতজ্ঞ। তেওঁ গোলক সাজোনৰ (sphere packing) ওপৰত কৰা গৱেষণা কৰ্মৰ বাবে পৰিচিত। বৰ্তমান তেওঁ ছুইজাৰলেণ্ডৰ ইক'ল পলিটেকনিক ফেডাৰেল ডি ল'জানৰ গণিত প্ৰতিষ্ঠানৰ সংখ্যা তত্ত্ব আসনৰ অধ্যাপক।৩ ২০২২ চনত তেওঁ গণিতৰ সৰ্বোচ্চ সন্মানসমূহৰ অন্যতম ফিল্ডছ মেডেল লাভ কৰে।৪৫ মাৰিয়াম মিৰ্জাখানীৰ পিছত এই বঁটা পোৱা তেওঁ দ্বিতীয়গৰাকী মহিলা গণিতজ্ঞ।
শিক্ষা আৰু কেৰিয়াৰ
কিভত জন্মগ্ৰহণ কৰা মেৰিনাই বিজ্ঞান আৰু প্ৰযুক্তিক্ষেত্ৰত উচ্চ কৃতিত্ব লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে স্থাপিত এখন বিশেষ মাধ্যমিক বিদ্যালয় "কিভ নেচাৰেল চায়েন্স লাইচিয়াম নাম্বাৰ ১৪৫"ত পঢ়িছিল। তাত শিক্ষকতা কৰা এণ্ড্ৰি ন্যাজ্যুক নামৰ প্ৰভাৱশীল শিক্ষকগৰাকীয়ে মাধ্যমিক স্কুলত কাম কৰাৰ পূৰ্বে গণিতৰ এগৰাকী পেচাদাৰী গৱেষক আছিল। কিভত অৱস্থিত তাৰাছ শ্বেভচেংকো ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ ছাত্ৰী হিচাপে তেওঁ ২০০২, ২০০৩, ২০০৪, আৰু ২০০৫ চনত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে আয়োজিত আন্তঃৰাষ্ট্ৰীয় গণিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ২০০২ আৰু ২০০৫ চনত তেওঁ এই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা শিক্ষাৰ্থীসকলৰ ভিতৰত অন্যতম আছিল।৬
ভিয়াজভস্কাই ২০১০ চনত ইউক্ৰেইনৰ নেচনেল একাডেমী অৱ চাইন্সৰ গণিত প্ৰতিষ্ঠানৰ পৰা প্ৰাৰ্থী ডিগ্ৰী,১ কাইজাৰশ্লটাৰ্ন বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী, আৰু ২০১৩ চনত বন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী (Dr. rer. nat.) লাভ কৰে। ডন জেগিয়াৰ আৰু ৱাৰ্নাৰ মুলাৰৰ অধীনত গৱেষণা কৰা মেৰিনাৰ Modular Functions and Special Cycles শীৰ্ষক থেছিছখনত বিশ্লেষণাত্মক সংখ্যা তত্ত্বৰ বিষয়ে আলোচনা কৰা হৈছিল।৭
তেওঁ বাৰ্লিন মেথমেটিকেল স্কুল আৰু বাৰ্লিনৰ হামব'ল্ট বিশ্ববিদ্যালয়ৰ এগৰাকী ডক্টৰোত্তৰ গৱেষক,৮ আৰু প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ মিনাৰ্ভা সন্মানীয় অতিথি আছিল।৯ কিছুদিন সহকাৰী অধ্যাপক হিচাপে কাৰ্য্যনিৰ্বাহ কৰাৰ পাছত ২০১৮ চনৰ জানুৱাৰী মাহৰ পৰা তেওঁ চুইজাৰলেণ্ডৰ ইক’ল পলিটেকনিক ফেডাৰেল ডি ল’জানত সংখ্যা তত্ত্ব আসনৰ পূৰ্ণাংগ অধ্যাপক হিচাপে কাম কৰি আহিছে।৩
অৱদান
২০১৬ চনত ভিয়াজভস্কাই অষ্টম মাত্ৰা,১০১১১২ আৰু আন গণিতজ্ঞৰ সহযোগত ২৪ মাত্ৰাৰ গোলক সাজোন (sphere packing) সমস্যাটো সমাধান কৰে।১৩৮ পূৰ্বতে সমস্যাটো কেৱল তিনি বা তাতকৈ কম মাত্ৰাৰ বাবেহে সমাধান কৰা হৈছিল আৰু ইয়াৰে ত্ৰিমাত্ৰিক সংস্কৰণটোৰ প্ৰমাণ (কেপলাৰৰ অনুমান) দীঘলীয়া কম্পিউটাৰ গণনাৰ সৈতে জড়িত আছিল। ইয়াৰ বিপৰীতে ৮ আৰু ২৪ মাত্ৰাৰ বাবে ভিয়াজভস্কাৰ প্ৰমাণ "আচৰিতভাৱে সহজ"।৮
গোলক সাজোনৰ ওপৰত কৰা কামৰ লগতে ভিয়াজভস্কাই বণ্ডাৰেংকো আৰু ৰাডচেংকোৰ সৈতে গোলাকাৰ চানেকিৰ (spherical design) ওপৰত কৰা গৱেষণাৰ বাবেও পৰিচিত। তেওঁলোক দুজনৰ সহযোগত তেওঁ যাদৃচ্ছিক মাত্ৰা এটাত সৰু সৰু চানেকিৰ অস্তিত্বৰ ওপৰত কোৰেভাৰ আৰু মেয়াৰ্ছে আগবঢ়োৱা অনুমান এটা প্ৰমাণ কৰিলে। এই ফলাফলৰ বাবে তেওঁৰ সহ-লেখক এণ্ড্ৰি বণ্ডাৰেংকোৱে ২০১৩ চনত 'আনুমানিক তত্ত্ব'ত (approximation theory) ভাচিল এ পপভ বঁটা লাভ কৰিছিল।১৪
স্বীকৃতি
২০১৬ চনত ভিয়াজভস্কাই চালেম বঁটা,১৫ আৰু ২০১৭ চনত গোলক সাজোন আৰু মডিউলাৰ ফৰ্মৰ ওপৰত কৰা কামৰ বাবে ক্লে ৰিচাৰ্চ বঁটা আৰু চাষ্ট্ৰ ৰামানুজন বঁটা লাভ কৰে।১৬১৭ ২০১৭ চনৰ ডিচেম্বৰত তেওঁ ২০১৮ বৰ্ষৰ গণিতৰ নিউ হৰাইজনছ্ বঁটা লাভ কৰে।১৮ ২০১৮ চনৰ আন্তঃৰাষ্ট্ৰীয় গণিতজ্ঞ সন্মিলনত তেওঁ এগৰাকী আমন্ত্ৰিত বক্তা আছিল।১৯ ২০১৯ চনৰ বাবে তেওঁক গণিতৰ ৰুথ লিটল চেটাৰ বঁটা২০ আৰু ফাৰ্মা বঁটা প্ৰদান কৰা হয়।২১ তেওঁ ২০২০ বৰ্ষৰ ইএমএছ বঁটা বিজয়ী সকলৰ ভিতৰত অন্যতম।২২ ২০২০ চনত লাটছিছ ফাউণ্ডেচনে প্ৰদান কৰা ৰাষ্ট্ৰীয় লাটছিছ বঁটাও তেওঁ লাভ কৰিছিল।২৩ ২০২১ চনত তেওঁক একাডেমিয়া ইউৰোপিয়ালৈ মনোনীত কৰা হয়।২৪ ২০২২ বৰ্ষৰ জুলাই মাহত ভিয়াজভস্কাক ক্লে মেথেমেটিক্স ইনষ্টিটিউটৰ জ্যেষ্ঠ পণ্ডিত হিচাপে নিযুক্তি দিয়া হৈছিল।২৫ তেখেতক ২০২২ চনৰ জুলাই মাহত ফিল্ডছ্ মেডেল প্ৰদান কৰা হয়, যাৰ ফলত তেওঁ এই সন্মান পোৱা দ্বিতীয়গৰাকী মহিলা (মাৰিয়াম মিৰ্জাখানীৰ পিছত) আৰু প্ৰথমগৰাকী ইউক্ৰেইনীয় হিচাপে পৰিগণিত হয়।২৬২৭
পৰিয়াল
স্কুলৰ শেষত মিলিত পদাৰ্থ বিজ্ঞানৰ গোট এটাত ভিয়াজভস্কাই তেওঁৰ স্বামী ডেনিল এভটুশ্বিনস্কিক লগ পাইছিল। তেতিয়া তেওঁলোকৰ বয়স আছিল প্ৰায় ১২ বছৰ। তেওঁ ইপিএফএলত কৰ্মৰত এগৰাকী পদাৰ্থ বিজ্ঞানৰ গৱেষক। তেওঁলোকৰ দুটা সন্তান আছে, ইয়াৰে ডাঙৰজন পুত্ৰ আৰু আনগৰাকী কন্যা।৫
নিৰ্বাচিত গৱেষণাপত্ৰ
- Bondarenko, Andriy; Radchenko, Danylo; Viazovska, Maryna. (2013). Optimal asymptotic bounds for spherical designs. Annals of Mathematics. পৃ. 443–452
- Viazovska, Maryna. (2017). The sphere packing problem in dimension 8. Annals of Mathematics. পৃ. 991–1015
- Cohn, Henry; Kumar, Abhinav; Miller, Stephen D. (2017). The sphere packing problem in dimension 24. Annals of Mathematics. পৃ. 1017–1033
- Cohn, Henry; Kumar, Abhinav; Miller, Stephen D. (2019). Universal optimality of the E8 and Leech lattices and interpolation formulas. Annals of Mathematics
তথ্যসূত্ৰ
- ↑ Вязовська М.С.. Catalogues. Vernadsky National Library of Ukraine
- ↑ Maryna Viazovska. German National Library
- ↑ Maryna Viazovska promoted to Full Professor
- ↑ Fields Medals 2022. International Mathematical Union
- ↑ Lin, Thomas; Klarreich, Erica. (5 July 2022). In Times of Scarcity, War and Peace, a Ukrainian Finds the Magic in Math. quantamagazine.org. Quanta Magazine
- ↑ IMC official results: 2002, 2003, 2004, and 2005. Accessed 2016-04-07
- ↑ Viazovska, Maryna. (2013). Modular Functions and Special Cycles. Doctoral dissertation. University of Bonn
- ↑ Klarreich, Erica. (March 30, 2016). Sphere Packing Solved in Higher Dimensions. Quanta Magazine
- ↑ Minerva Distinguished Visitor Lectures, Princeton University, retrieved 2020-06-14
- ↑ Knudson, Kevin. (March 29, 2016). Stacking Cannonballs In 8 Dimensions. Forbes
- ↑ Morgan, Frank. (March 21, 2016). Sphere Packing in Dimension 8. The Huffington Post
- ↑ Loos, Andreas. (March 21, 2016). So stapeln Mathematiker Melonen. Die Zeit
- ↑ Grossman, Lisa. (March 28, 2016). New maths proof shows how to stack oranges in 24 dimensions. New Scientist
- ↑ Popov Prize previous winners. University of South Carolina, Interdisciplinary Mathematics Institute
- ↑ Prix Salem 2016. Société Mathématique de France
- ↑ 2017 Clay Research Awards. Clay Mathematics Institute
- ↑ (26 September 2017). Maryna Viazovska to receive 2017 SASTRA Ramanujan Prize. The Hindu
- ↑ Breakthrough Prize – Mathematics Laureates – Maryna Viazovska. breakthroughprize.org
- ↑ Invited section lectures. ICM 2018
- ↑ News from the AMS. American Mathematical Society
- ↑ Institut de Mathématiques de Toulouse – Prix Fermat 2019. www.math.univ-toulouse.fr
- ↑ (8 May 2020). Prize Winners Announced. European Mathematical Society
- ↑ National Latsis Prize – SNF. www.snf.ch
- ↑ Maryna Viazovska. Members. Academia Europaea
- ↑ Maryna Viazovska · Clay Mathematics Institute. www.claymath.org
- ↑ Ukrainian Viazovska wins Fields Medal 2022. www.ukrinform.net
- ↑ Fields Medal | International Mathematical Union (IMU)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেৰিনা ভিয়াজভস্কা” প্ৰবন্ধৰ সংশোধন ৬৩৬১২৬ (১৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।