অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মুনমুন দাস

মুনমুন দাস (ইংৰাজী: Munmun Das) অসমৰ এগৰাকী কণ্ঠশিল্পী। তেওঁ তিৱা লোক সংগীতৰ বাবে বিশেষভাৱে জনাজাত। তেওঁ আকাশবাণী কেন্দ্ৰ গুৱাহাটীৰ জনগোষ্ঠীয় গীত বিভাগৰ স্বাকৃতিপ্ৰাপ্ত গায়িকা আৰু তিৱা নৃত্য গুৰু নাদিৰাম দেউৰীৰ উদ্যোগত প্ৰতিষ্ঠিত 'মাৰ্কাংকুছি তিৱা কাণ্ঠিচুৰী চমত' নামৰ সাংস্কৃতিক গোষ্ঠীৰো এগৰাকী…

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৪ ২১০ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

মুনমুন দাস (ইংৰাজী ভাষা: Munmun Das) অসমৰ এগৰাকী কণ্ঠশিল্পী। তেওঁ তিৱা লোক সংগীতৰ বাবে বিশেষভাৱে জনাজাত। তেওঁ আকাশবাণী কেন্দ্ৰ গুৱাহাটীৰ জনগোষ্ঠীয় গীত বিভাগৰ স্বাকৃতিপ্ৰাপ্ত গায়িকা আৰু তিৱা নৃত্য গুৰু নাদিৰাম দেউৰীৰ উদ্যোগত প্ৰতিষ্ঠিত 'মাৰ্কাংকুছি তিৱা কাণ্ঠিচুৰী চমত' নামৰ সাংস্কৃতিক গোষ্ঠীৰো এগৰাকী সদস্যা।১ দাসে বিভিন্ন অনুষ্ঠানত গীত পৰিৱেশন কৰাৰ লগতে কেইবাখনো অডিঅ' চিডি আৰু কেছেটত কণ্ঠদান কৰিছে।

কৰ্মজীৱন

দাসে 'মাৰ্কাংকুছি তিৱা কাণ্ঠিচুৰী চমত' সাংস্কৃতিক গোষ্ঠীটোৰ জৰিয়তে অসম তথা ভাৰতৰ বিভিন্ন ঠাইত তিৱা লোক সংগীত পৰিৱেশন কৰি আহিছে। ২০০৭ চনত, গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠান আৰু এছিয়ান এথেলিকছ্ মীটৰ আৰম্ভণী অনুষ্ঠানত তেওঁ গীত পৰিৱেশন কৰে। ২০০৮ চনত কেৰালাৰ থিৰুৱন্তপুৰমত অনুষ্ঠিত 'অ'ক্টেভ' শীৰ্ষক অনুষ্ঠান, কলিকতাৰ অসম মহোৎসৱ, ওড়িশাৰ সম্বলপুৰৰ চিমেন্ট নগৰত অনুষ্ঠিত ভাৰতীয় লোকনৃত্য সমাৰোহ আৰু নতুন দিল্লীৰ প্ৰগতি ময়দানত আয়োজিত 'আছাম দে'ৰ অনুষ্ঠানত দাসে গীত পৰিৱেশন কৰে। ২০০৯ চনত কলকাতাত আয়োজিত লোকনৃত্যৰ সমাৰোহ 'সাংস্কৃতিকী' আৰু ২০১০ চনত উত্তৰাখণ্ডত আয়োজিত বসন্ত উৎসৱত তেওঁ গীত গাই সমাদৃত হয়।১

মুনমুন দাসে কণ্ঠদান কৰা অডিঅ' চিডি আৰু কেছটসমূহৰ ভিতৰত তিৱা তছিমা, নিনাৱা, নিঠাৱা, খুমজিল কুঁৱৰী, অ'পিষ্টৰামা, আজি বৰত কালি বৰত আদি উল্লেখযোগ্য।১

ডিৱাই ৩৬৫-এ আয়োজন কৰা 'ডি ৱাই মেডলি' অনুষ্ঠানত 'লাই লাই হিলালি', 'জাকৈ চাৰি চাবে বাবি' আদি গীত পৰিৱেশন কৰি সমাদৃত হৈছে।

পাৰিবাৰিক জীৱন

মুনমুন দাসে জাগীৰোডৰ মিকিৰকুছি গাঁৱৰ সংগীত শিল্পী জিৰেন মিকিৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁ বৰ্তমান দুটা পুত্ৰ সন্তানৰ মাতৃ।১

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ গুলজাৰিলাল শৰ্মা. (November 2011). তিৱা গীত 'লাই লাই হিলালি'ৰে জনপ্ৰিয় মৰিগাঁৱৰ মুনমুন. বিস্ময়

সম্পৰ্কিত শ্ৰেণী

অসমৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুনমুন দাস” প্ৰবন্ধৰ সংশোধন ৪৫৪০৭০ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।