মীৰা জেচমিন যোছেফ ( Meera Jasmine), এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ মালয়ালম, তামিল, তেলেগু আৰু কানাড়া ভাষাৰ ছবিত অভিনয় কৰে। পেছাগতভাৱে তেওঁ মীৰা জেচমিন নামেৰে পৰিছিত।
২০০১ চনত লোহিতাদাসৰ ছবি সূত্ৰধৰণৰ জৰিয়তে মীৰাই চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত ২০০০ৰ দশকটোত তেওঁ দক্ষিণ ভাৰতীয় ভাষাৰ বিভিন্ন বাণিজ্যিক আৰু সমালোচনাত্মকভাৱে সফল ছবিত অভিনয় কৰি ২০০০ চনৰ অন্যতম উল্লেখযোগ্য আৰু ভৰষাযোগ্য অভিনেত্ৰী হিচাপে পৰিগণিত হয়। ২০০৪ চনত পাদম অন্নু: অৰু ভিলাপাম ছবিত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু লগতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে।[3] তামিলনাডু চৰকাৰে তেওঁক কলাইমামনি আৰু ভি. শান্তাৰাম বঁটাৰে সন্মানেৰে ভূষিত কৰে।[4] দ্য হিন্দু কাকতে এসময়ত তেওঁক “মালয়ালম চিনেমাৰ তাৰকা আৰু অভিনেতাসকলৰ মাজত নিজৰ স্থান দখল কৰিব পৰা মুষ্টিমেয় অভিনেতাৰ ভিতৰত তেৱোঁ এগৰাকী” বুলি অভিহিত কৰিছিল।
প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন
মীৰা জেচমিনৰ জন্ম হৈছিল কেৰালাৰ তিৰুভাল্লাৰ কুট্টাপুজা গাঁৱৰ১ জোচেফ আৰু আলেয়াম্মাৰ ঘৰত। মাক-দেউতাকৰ পাঁচটা সন্তানৰ ভিতৰত তেওঁ চতুৰ্থ সন্তান আছিল।২ তেওঁৰ দুগৰাকী ভগ্নী জিবি চাৰা জোচেফ আৰু জেনী চুজান জোচেফ,৩ তেওঁলোকেওঁ ছবিতো অভিনয় কৰিছে;৪ আৰু দুজন ভাতৃ আছে। ২০১৪ চনৰ ৯ ফেব্ৰুৱাৰীত মীৰাৰ ডুবাইত অভিযন্তা হিচাপে কাম কৰা অনিল জন টাইটাছৰ সৈতে বিবাহ হয়।
কৰ্মজীৱন
মালয়ালম ভাষা ছবি সূত্ৰধৰণৰ যোগে মীৰাৰ চলচ্চিত্ৰত অভিষেক হয়। তেওঁৰ দ্বিতীয়খন ছবি আছিল কমলৰ পৰিচালনাত গ্ৰামোফোন, য'ত তেওঁ নব্য নায়াৰ আৰু দিলীপৰ সৈতে অভিনয় কৰিছিল।৫ এজনী ইহুদী ছোৱালীৰ চৰিত্ৰত কৰা তেওঁৰ অভিনয়ক মালয়ালম সমালোচকসকলে শলাগ লৈছিল। তেওঁৰ তৃতীয়খন ছবি আছিল একেজন পৰিচালকৰে ৰোমান্টিক কমেডী স্বপ্নকুডু, য’ত পৃথ্বীৰাজ সুকুমাৰন, কুঞ্চকো ববন, জয়সূৰ্য্য, আৰু ভাৱনাই অভিনয় কৰিছিল। ব্যৱসায়িকভাৱে অতি সফল ছবিখনত মীৰাৰ অভিনয় উচ্চ প্ৰশংসিত হৈছিল।৬
মীৰাৰ প্ৰথম তামিল ছবি লিংগুস্বামী পৰিচালিত ব্যৱসায় সফল ছবি ৰাণ আৰু এই ছবিখনে তেওঁক নিৰ্মাতাসকলৰ বাচনিৰ অভিনেত্ৰী কৰি তুলিছিল। ৰাণৰ সফলতাই তেওঁক তামিল চলচ্চিত্ৰ জগতৰ প্ৰতিষ্ঠিত অভিনেতাসকলৰ সৈতে কাম কৰাৰ সুযোগ দিয়ে। যদিও তেওঁৰ পৰৱৰ্তী ছবিবোৰে সিমান সফলতা দিয়া নাছিল, তেওঁ পৰিচালক মণি ৰত্নমৰ চকুত পৰিছিল আৰু আয়ুথা এজুথুৰ বাবে তেওঁক কাষ্টিং কৰিছিল। তামিল নজনা মীৰাই এই ছবিখনৰ বাবে নিজৰ ডাবিং নিজে কৰিছিল। তেওঁক পিছলৈ এন লিংগুস্বামীৰ সন্দাকোজি আৰু এছ এছ ষ্টেনলিৰ মাৰ্কিউৰী পুক্কালত দেখা যায়।৭ ২০১১ চনৰ ডিচেম্বৰ মাহত তেওঁৰ শেহতীয়া তামিল ছবি মাম্বটিয়ান মুক্তি পায়।
বঁটা আৰু স্বীকৃতি
২০০৪: ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (পাদম অন্নু: অৰু ভিলাপাম)।
২০০৬: শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা দক্ষিণ (পাদম অন্নু: অৰু ভিলাপাম)।
২০০৭: শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা দক্ষিণ(কস্তৰিমন)।
২০০৮: শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা দক্ষিণ (ওৰে কদল)।
২০০৯: তামিলনাডু চৰকাৰৰ দ্বাৰা কলাইমামনি বঁটা প্ৰদান।
তথ্যসূত্ৰ
- ↑ (29 November 2004). Scent of the Jasmine. দ্য হিন্দু
- ↑ (26 September 2004). Mature portrayal. দ্য হিন্দু
- ↑ (19 October 2004). Meera Jasmine's sisters seek anticipatory bail. দ্য হিন্দু
- ↑ Tamil movies: Meera Jasmine's patch up with her family, behindwoods.com; accessdate 28 January 2018
- ↑ (11 November 2002). Meera Jasmin. দ্য হিন্দু
- ↑ (15 September 2003). Youth Stuff. দ্য হিন্দু
- ↑ Review: Sandakozhi (2005). Sify
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মীৰা জেচমিন” প্ৰবন্ধৰ সংশোধন ৪৯৬৯৬৫ (২৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।