মেৰী বাৰ ক্লে (Mary Barr Clay; ১৩ অক্টোবৰ, ১৮৩৯ – ১২ অক্টোবৰ, ১৯২৪)১ আমেৰিকাৰ মহিলা ভোটাধিকাৰ আন্দোলনৰ এগৰাকী নেত্ৰী আছিল। তেওঁ মেৰী বি ক্লে আৰু মিচেছ জে ফ্ৰেংক হেৰিক নামেৰেও পৰিচিত হৈছিল।
ৰাজহুৱা জীৱন
১৮৭৯ চনৰ মে’ মাহত মেৰী বি ক্লে নেশ্যনেল উইমেন ছাফ্ৰেজ এছ’চিয়েশ্যনৰ দশম বৰ্ষপূৰ্তিত অংশগ্ৰহণ কৰিবলৈ মিছৌৰীৰ ছেইণ্ট লুইছলৈ যায়। অতি সোনকালেই তেওঁ সেই সংস্থাটোৰ কেণ্টাকিৰ প্ৰতিনিধি হৈ পৰে আৰু উপ-সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। ইতিমধ্যে তেওঁ আমেৰিকান মহিলা ভোটাধিকাৰ সংস্থাৰ উপ-সভানেত্ৰী আছিল। তাত তেওঁ চুজান বি এন্থনীক লগ পায় আৰু ভোটাধিকাৰৰ নেতাগৰাকীক কেণ্টাকিৰ ৰিচমণ্ডত ভাষণ দিয়াৰ ব্যৱস্থা কৰে।২ ঘৰলৈ উভতি আহি তেওঁ ১৮৭৯ চনত ফেয়েট কাউণ্টি ইকুৱেল ৰাইটছ এছ'চিয়েচন গঠন কৰে। পিছৰ বছৰত তেওঁ মেডিচন কাউণ্টি ইকুৱেল ৰাইটছ এছ'চিয়েচন গঠন কৰে। সৰু পুত্ৰ দুজনক পঢ়া-শুনা কৰিবলৈ মিচিগানৰ এন আৰ্বাৰত ৰখাই তেওঁ তাত ভোটাধিকাৰৰ ক্লাব গঠন কৰিছিল। তেখেতে মিচিগান ষ্টেট ভোটাধিকাৰ সংস্থাৰ বাবে ফ্লিণ্টত অনুষ্ঠিত হোৱা অধিৱেশনৰ সভানেত্ৰী হৈছিল। তেওঁ এন আৰ্বাৰত "ৰেজিষ্টাৰ আৰু মিচিগান বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ আইন শ্ৰেণীৰ আগত "মহিলাৰ ভোটদানৰ সাংবিধানিক অধিকাৰ"ৰ ওপৰত এটা স্তম্ভ সম্পাদনা কৰিছিল।২ তেওঁ কেণ্টাকিৰ প্ৰতিবেদন মহিলা ভোটাধিকাৰৰ ইতিহাস: ১৮৭৬-১৮৮৫ চনৰ তৃতীয় খণ্ডত দাখিল কৰিছিল।৩
১৮৮৩ চনত আমেৰিকান উইমেন ছাফ্ৰেজ এছ’চিয়েশ্যনৰ সভানেত্ৰী নিৰ্বাচিত হোৱাৰ সময়ত ক্লে ৰাষ্ট্ৰীয় মহিলা সংগঠনৰ সভাপতিৰ পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী কেণ্টাকিয়ান হিচাপে পৰিগণিত হয়। চুজান বি এন্থনী, লুচি ষ্টোন, এলিছ ষ্টোন ব্লেকৱেল আৰু অন্যান্য আগশাৰীৰ ভোটাধিকাৰীসকলৰ সৈতে তেওঁ চিঠিপত্ৰ লিখিছিল। তেওঁৰ কনিষ্ঠ ভগ্নী ল’ৰা ক্লেক মহিলা অধিকাৰ আন্দোলনলৈ টানি অনাৰ কৃতিত্ব তেওঁক দিয়া হয়। কনিষ্ঠ ক্লে ইতিহাসত মহিলা অধিকাৰৰ সমৰ্থক হিচাপে অধিক পৰিচিত হৈ পৰিছিল।
মৃত্যু
১৯০২ চনত তেওঁৰ ৰাজহুৱা জীৱনৰ বহুলাংশে অন্ত পৰে, কাৰণ তেওঁ অসুস্থতা আৰু পাৰিবাৰিক বাধ্যবাধকতাৰ সৈতে মোকাবিলা কৰিব লগীয়া হৈছিল।৪ ১৯২৪ চনৰ ১২ অক্টোবৰত ৮৪ বছৰীয়া ক্লেৰ মৃত্যু হয়।
তথ্যসূত্ৰ
- ↑ Woman of the Century
- ↑ (1893). A woman of the century: fourteen hundred-seventy biographical sketches accompanied by portraits of leading American women in all walks of life. Harvard University. পৃ. 179–180
- ↑ (1886). History of Woman Suffrage, Vol. 3: 1876–1885. Susan B. Anthony. পৃ. 818–822
- ↑ Cole, Jennie. (30 August 2011). Cole, Jennie (August 30, 2011). "'Her'Story: Women in the Special Collections: Mary Barr Clay, the Louisville Equal Rights Association, and Women's Rights. John Filson Blog. Filson Historical Society
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেৰী বাৰ ক্লে” প্ৰবন্ধৰ সংশোধন ৪৯২৪৫৬ (১৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।