মেঘনা গুলজাৰ (Meghna Gulzar; এগৰাকী ভাৰতীয় লেখক, পৰিচালক আৰু প্ৰযোজক। ২০১৮ চনৰ বলীউডী ছবি ৰাজী পৰিচালনাৰ বাবে তেওঁ অধিক পৰিচিত।১
১৯৯৯ চনত দেউতাকৰ পৰিচালনাৰ হু-তু-তুৰ চিত্ৰনাট্যকাৰ হিচাপে অভিষেক ঘটাৰ পিছত ২০০০ চনত মেঘনা পৰিচালিত প্ৰথমখন ছবি ফিলহাল মুক্তি পায়; যদিও সেই দশকটোত তেওঁ পৰিচালনাত সফলতা লাভ কৰিব নোৱাৰিলে। আঠ বছৰীয়া এক জঠৰ সময় পাৰ কৰাৰ পিছত তেওঁ সমালোচকৰ প্ৰশংসিত ছবি তলৱাৰ (২০১৫) পৰিচালনা কৰে, যিখন বক্স অফিচত সিমান সফল নোহোৱাৰ পিছতো শ্ৰেষ্ঠ পৰিচালকৰ মনোনয়ন পায়। ২০১৮ চনত তেওঁৰ পৰিচালিত ছবি দেশপ্ৰেমমূলক থ্ৰিলাৰ ৰাজীয়ে প্ৰথমবাৰৰ বাবে লাভৰ মুখ দেখায়। ৰাজী ভাৰতৰ সৰ্বাধিক উপাৰ্জন কৰা চলচ্চিত্ৰৰ অন্যতম। এই ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ পৰিচালকৰ ফিল্মফেয়াৰ বঁটা অৰ্জন কৰিবলৈ সক্ষম হয়। ৰাজীয়ে তেওঁক পৰিচালক হিচাপে প্ৰতিষ্ঠিত হোৱাত সহায় কৰে আৰু ইয়াৰ পিছত তেওঁ জীৱনীমূলক ড্ৰামা ছবি ছাপাক (২০২০) পৰিচালনা কৰে।
প্ৰাৰম্ভিক জীৱন
গীতিকাৰ আৰু কবি গুলজাৰ আৰু প্ৰাক্তন অভিনেত্ৰী ৰাখীৰ কন্যা মেঘনা গুলজাৰৰ জন্ম হৈছিল ১৯৭৩ চনৰ ১৩ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ মুম্বাইত। বৰ্তমানৰ বাংলাদেশৰ মেঘনা নদীৰ নামেৰে মাকে তেওঁক মেঘনা নাম দিছিল।২
কৰ্মজীৱন
মেঘনাই ‘দ্য টাইমছ অফ ইণ্ডিয়া’ আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিকাশ নিগমৰ (NFDC) ‘পাব্লিকেচন চিনেমা ইন ইণ্ডিয়া’ৰ ফ্ৰীলেঞ্চ লেখিকা হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। তেওঁৰ কবিতা ভাৰতীয় কবি সমাজৰ সংকলনসমূহত প্ৰকাশ পাইছিল। সমাজবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা চৈয়দ আখতাৰ মিৰ্জাৰ সৈতে সহকাৰী পৰিচালক হিচাপে কাম কৰে। ১৯৯৫ চনত নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ টিচ্ছ স্কুল অফ আৰ্টছৰ পৰা চলচ্চিত্ৰ নিৰ্মাণৰ চুটি পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। তাৰপৰা উভতি অহাৰ পিছত দেউতাক লেখক-পৰিচালক গুলজাৰৰ ছবি মাচিছ আৰু হু-তু-তুৰ সহকাৰী হিচাপে কামত সোমায়। মেঘনাই একে সময়তে চিত্ৰনাট্য লিখাৰ কাম হাতত লোৱাৰ উপৰিও দূৰদৰ্শনৰ তথ্যচিত্ৰ আৰু কেইবাটাও মিউজিক ভিডিঅ’ৰ পৰিচালনাৰ সৈতে জড়িত হয়।
২০০২ চনত মেঘনাই তেওঁৰ প্ৰথম ছবি ফিলহাল৩ পৰিচালনা কৰে; য'ত প্ৰাক্তন মিছ ইউনিভাৰ্ছ সুস্মিতা আৰু টাবুৱে অভিনয় কৰিছিল। মেঘনা পৰিচালিত দ্বিতীয়খন ছবি আছিল জাষ্ট মেৰিড (২০০৭)।৪ তেওঁ অমৃতা সিং অভিনীত সঞ্জয় গুপ্তৰ সংকলন দছ কাহানিয়াৰ আধাৰত পূৰ্ণমাসী নামেৰে এখন চুটি ছবিও পৰিচালনা কৰে। ২০১৫ চনত মেঘনাই বিশাল ভৰদ্বাজে লিখা তলৱাৰ পৰিচালনা কৰে, যিখনৰ কাহিনীৰ আধাৰ আছিল ২০০৮ চনত সংঘটিত হোৱা নয়দাৰ ডাবল মাৰ্ডাৰ।৫৬
২০১৮ চনত তেওঁৰ থ্ৰিলাৰ তেওঁ ৰাজী মুক্তি পায়।৭ জংলী পিকচাৰ্ছ আৰু ধৰ্ম প্ৰডাকচনৰ দ্বাৰা নিৰ্মিত এই ছবিখনত আলিয়া ভাট আৰু বিকি কৌশলে অভিনয় কৰিছিল।৮ ছবিখন হৰিন্দৰ ছিক্কাৰ উপন্যাস কলিং সহমতৰ আধাৰত নিৰ্মিত।৯ বিশ্বজুৰি ১৯৩ কোটি টকা (২৪ মিলিয়ন মাৰ্কিন ডলাৰ) উপাৰ্জন কৰি ই বলীউডৰ অন্যতম সৰ্বাধিক উপাৰ্জনকাৰী ছবি বুলি প্ৰমাণিত হয়। তলৱাৰ আৰু ৰাজী দুয়োখনে শ্ৰেষ্ঠ ছবিৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰাৰ লগতে মেঘনায়ো শ্ৰেষ্ঠ পৰিচালক শাখাত দুটা মনোনয়ন লাভ কৰে। ৰাজীয়ে শ্ৰেষ্ঠ ছবিৰ সন্মান পায় আৰু মেঘনায়ো ইয়াৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে।
পৰৱৰ্তী পৰিচালনাৰ বাবে মেঘনাই এচিড আক্ৰমণৰ পৰা জীৱন ৰক্ষা পৰা লক্ষ্মী আগৰৱালাৰ জীৱনৰ আধাৰত এখন বায’পিক নিৰ্মাণ কৰিবলৈ বাছি লৈছিল। ছবিখনৰ নাম দিছিল ছাপাক। লক্ষ্মী আগৰৱালাৰ দ্বাৰা অনুপ্ৰাণিত হৈ এচিড আক্ৰমণৰ পৰা জীৱন ৰক্ষা পৰা মালতি নামৰ ছোৱালী এজনীৰ বিষয়ে ছবিখন বৰ্ণনা কৰা হৈছে। দীপিকা পাড়ুকনে কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰা ছবিখনত ২০২০ চনৰ ১০ জানুৱাৰীত মুক্তি পোৱাৰ লগে লগে সমালোচকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়।১০
তথ্যসূত্ৰ
- ↑ (6 September 2006). Life beyond Filhaal. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Megna Gulzar. (2004). Because He is. Rupa & Co. পৃ. 67
- ↑ (2003). Encyclopaedia of Hindi cinema. Encyclopædia Britannica (India). পৃ. 244. ISBN 978-81-7991-066-5
- ↑ (16 March 2007). Just Married. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Meghna Gulzar: I will celebrate Talvar's success NOW
- ↑ Aarushi murder: How Meghna Gulzar's Talvar presented a bang-on prediction of what was to come
- ↑ (23 June 2017). Alia Bhatt a spy, Vicky Kaushal a Pak army man in Meghna Gulzar's Raazi. Deccan Chronicle
- ↑ (23 June 2017). ALIA BHATT KICKS OFF MEGHNA GULZAR'S UPCOMING ESPIONAGE THRILLER, RAAZI, IN JULY. MumbaiMirror
- ↑ (23 June 2017). Alia Bhatt a spy, Vicky Kaushal a Pak army man in Meghna Gulzar's Raazi. DeccanChronicle
- ↑ (14 February 2019). Deepika Padukone's Chhapaak begins, director Meghna Gulzar shares first pic. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেঘনা গুলজাৰ” প্ৰবন্ধৰ সংশোধন ৬৩২০৪৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।