অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মৃগেন শৰ্মা

মৃগেন শৰ্মা (ইংৰাজী: Mrigen Sarma; জন্ম: ১০ ছেপ্টেম্বৰ ১৯৭০) এগৰাকী অসমীয়া লেখক, কবি, সাংবাদিক, শিল্পী আৰু সমাজসেৱী। তেওঁ বিশেষকৈ অসমীয়া সাহিত্য, অসমীয়া ভাষা-সাহিত্য আৰু অসমৰ লোক-সংস্কৃতি বিষয়ক তথ্যমূলক আৰু ক্ষেত্ৰভিত্তিক নিবন্ধৰ লেখক হিচাপে পৰিচিত।

হালনাগাদ: ২২ মে’ ২০২৬ ৪৬৫ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মৃগেন শৰ্মা (ইংৰাজী ভাষা: Mrigen Sarma; জন্ম: ১০ ছেপ্টেম্বৰ ১৯৭০) এগৰাকী অসমীয়া লেখক, কবি, সাংবাদিক, শিল্পী আৰু সমাজসেৱী। তেওঁ বিশেষকৈ অসমীয়া সাহিত্য, অসমীয়া ভাষা-সাহিত্য আৰু অসমৰ লোক-সংস্কৃতি বিষয়ক তথ্যমূলক আৰু ক্ষেত্ৰভিত্তিক নিবন্ধৰ লেখক হিচাপে পৰিচিত। তথ্যমূলক নিবন্ধৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদানৰ বাবে তেওঁ ২০১০ চনত হৰিপ্ৰসাদ মিশ্ৰ সোঁৱৰণী বঁটা লাভ কৰে।১

জন্ম আৰু পৰিয়াল

মৃগেন শৰ্মাৰ জন্ম ১৯৭০ চনৰ ১০ ছেপ্টেম্বৰ তাৰিখে অসম ৰাজ্যৰ নলবাৰী জিলাৰ গন্ধিয়া গাঁৱত হয়। তেওঁৰ পিতৃৰ নাম জীতেন শৰ্মা আৰু মাতৃ নাম স্বৰ্ণলতা দেৱী।

২০০৯ চনত তেওঁ নলবাৰী জিলাৰ বৰকুৰিহাৰ অতুল শৰ্মা আৰু ৰীণা দেৱীৰ কন্যা দীপিকা দেৱীক বিয়া কৰায়। তেওঁলোকৰ সন্তানৰ নাম প্ৰজ্ঞান শৰ্মা।

শিক্ষা

শৰ্মাই গন্ধিয়া মজলীয়া বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰে আৰু গন্ধিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰপৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। পৰৱৰ্তী সময়ত তেওঁ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা পি.ইউ. পৰীক্ষাত উত্তীৰ্ণ হৈ কামৰূপ মহাবিদ্যালয়, চামতাৰপৰা ১৯৯৪ চনত স্নাতক (বি.এ.) ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ এম.এ.ত অধ্যয়ন কৰে যদিও কৰ্ম সংস্থানৰ ব্যৱস্থা কৰিব লগা হোৱা বাবে তেওঁ শিক্ষা আধাতে সমাপ্ত কৰিব লগা হয়।

কৰ্মজীৱন

মৃগেন শৰ্মাই ১৯৯৬ চনত গুৱাহাটীৰ সূৰুয নগৰত অৱস্থিত ৰহস্য নামৰ মাহেকীয়া আলোচনীত কৰ্মজীৱনৰ পাতনি মেলে। পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ত নিযুক্ত হয়।

সাহিত্যিক আৰু সাংবাদিক জীৱন

শৰ্মাই ছাত্ৰ অৱস্থাতেই সাহিত্য চৰ্চা আৰম্ভ কৰে। ১৯৮৯ চনত গন্ধিয়া বালক সন্মিলনৰ মুখপাত্ৰ বালক-বন্ধুত প্ৰকাশিত শ্ৰীমন্ত শংকৰদেৱ শীৰ্ষক কবিতাটোৱেই তেওঁৰ প্ৰথম সাহিত্য সৃষ্টি। তাৰ পাছৰপৰা তেওঁ অসমীয়া দৈনিক, সাপ্তাহিক আৰু মাহেকীয়া আলোচনীত নিয়মিতভাৱে কবিতা, গল্প আৰু বিশেষকৈ তথ্যমূলক নিবন্ধ প্ৰকাশ কৰি আহিছে।

সাহিত্যিক বিষয়-বস্তু

  • অসমীয়া সাহিত্য
  • অসমীয়া ভাষা-সাহিত্য
  • অসমৰ লোক-সংস্কৃতি

প্ৰকাশিত গ্ৰন্থ

  1. অসমীয়া সংস্কৃতিৰ সম্ভাৰ (২০০৮) — অসম প্ৰকাশন পৰিষদ২৩৪
  2. উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতি (২০১৪) — চন্দ্ৰ প্ৰকাশ
  3. অসমৰ উৎসৱ-পাৰ্বণৰ সৌৰভ (২০২১) — জাগৰণ সাহিত্য প্ৰকাশন
  4. পুৰণি অসমৰ কাৰিকৰী শিল্প ইতিহাস (২০২২) — জাগৰণ সাহিত্য প্ৰকাশন৫
  5. ৰজা মলয়সেন (২০২৪, সাধুকথা) — অসম শিশু সাহিত্য ন্যাস

সাহিত্যিক মূল্যায়ন

মৃগেন শৰ্মাৰ লেখনীসমূহত তথ্যভিত্তিক গৱেষণা, ক্ষেত্ৰভিত্তিক অধ্যয়ন আৰু সহজ ভাষাশৈলীৰ সমন্বয় দেখা যায়। অসমীয়া লোক-সংস্কৃতি, পৰম্পৰা, শিল্পকলাৰ ইতিহাস আৰু সামাজিক পৰিৱৰ্তন তেওঁৰ ৰচনাৰ মুখ্য বিষয়। বিশেষকৈ অসমৰ প্ৰাচীন কাৰিকৰী শিল্প আৰু উৎসৱ-পাৰ্বণ সম্পৰ্কে কৰা অধ্যয়নে পাঠক আৰু গৱেষকৰ মাজত সমাদৰ লাভ কৰিছে। তথ্য সংৰক্ষণ আৰু জনসচেতনতা বৃদ্ধিত তেওঁৰ সাহিত্যিক অৱদান উল্লেখযোগ্য বুলি ধৰা হয়।

কৃতিত্ব

মৃগেন শৰ্মাৰ অসমীয়া সংস্কৃতিৰ সম্ভাৰ গ্ৰন্থখন 'গুৱাহাটী বিশ্ববিদ্যালয়'ৰ স্নতোকত্তৰ পৰ্যায়ত অসমীয়া বিষয়ত পাঠ্যপুথি হিচাপে অন্তৰ্ভুক্ত হৈছে। ইয়াৰ উপৰিও পুৰণি অসমৰ কাৰিকৰী শিল্প ইতিহাস গ্ৰন্থখন গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অসমীয়া বিভাগৰ পাঠ্যক্ৰমত পাঠ্যপুথি হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।

বঁটা আৰু সন্মান

  • হৰিপ্ৰসাদ মিশ্ৰ সোঁৱৰণী বঁটা (২০১০)
  • কবি কল্পদ্ৰুম বঁটা (২০০০)
  • শ্ৰেষ্ঠ কবিতা বঁটা (২০১৫)
  • বাৰ্তাপখিলী অনলাইন সাহিত্য প্ৰতিযোগিতা বঁটা (২০২২)

সামাজিক কৰ্ম

  1. গন্ধিয়া শাখা সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক (১৯৮৯-১৯৯৩ চন)
  2. পশ্চিম নলবাৰী লেখক সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক
  3. ‘আজি পুৱা ক্লাৱ’ গন্ধিয়া, নলবাৰীৰ প্ৰাক্তন সাধাৰণ সম্পাদক(১৯৯৮-৯৯চন)
  4. নতুন সাহিত্য পৰিষদ,গন্ধিয়া (নলবাৰী) শাখাৰ প্ৰাক্তন সভপতি ২০০৪-২০০৬ চন
  5. নলবাৰীৰ গন্ধিয়াৰ শ্ৰীশ্ৰীনৱগ্ৰহ দেৱালয়ৰ বাৰ্ষিক মহোৎসৱৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সহকাৰী সম্পাদক( ২০১৯চন)
  6. আৰ্য বিদ্যাপীঠ কলেজ কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক
  7. আৰ্য বিদ্যাপীঠ কলেজ কৰ্মচাৰী সন্থাৰ প্ৰাক্তন উপসভাপতি
  8. সন্মিলীত শাখা সাহিত্য সভা, গন্ধিয়াৰ নিবন্ধ সম্পাদক
  9. অখিল ভাৰতীয় সাহিত্য পৰিষদৰ প্ৰাক্তন নিবন্ধ সম্পাদক
  10. গন্ধিয়া সাংস্কৃতিক সংঘৰ সম্পাদক
  11. পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ সদস্য, চামতা

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Post shared on Facebook. Facebook. Meta Platforms, Inc
  2. ↑ Library catalogue entry for works by Mrigen Sarma. Tezpur University Library (KOHA OPAC). Tezpur University
  3. ↑ Books by Mrigen Sarma. Exotic India Art. Exotic India Art Pvt. Ltd
  4. ↑ অসমীয়া সংস্কৃতিৰ সম্ভাৰ. Internet Archive. Digital Library of India
  5. ↑ পুৰণি অসমৰ কাৰিকৰী শিল্প ইতিহাস. Scientia Books

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিকনলবাৰী জিলাৰ প্ৰসিদ্ধ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৃগেন শৰ্মা” প্ৰবন্ধৰ সংশোধন ৬০৭৭৮৮ (২২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।