অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মেৰী ক্লাৱৱালা যাদৱ

মেৰী ক্লাৱৱালা যাদৱ (Mary Clubwala Jadhav, ১৯০৯–১৯৭৫) এগৰাকী ভাৰতীয় জনহিতৈষী আৰু সমাজকৰ্মী। তেওঁ চেন্নাই আৰু সমগ্ৰ ভাৰতত বহুতো বেচৰকাৰী সংগঠন স্থাপন কৰিছিল। তেওঁক প্ৰায়ে দেশৰ আটাইতকৈ পুৰণি সংগঠিত সামাজিক-কৰ্ম সংস্থা স্থাপনৰ কৃতিত্ব দিয়া হয়।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৩৫১ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

মেৰী ক্লাৱৱালা যাদৱ (Mary Clubwala Jadhav, ১৯০৯–১৯৭৫) এগৰাকী ভাৰতীয় জনহিতৈষী আৰু সমাজকৰ্মী। তেওঁ চেন্নাই আৰু সমগ্ৰ ভাৰতত বহুতো বেচৰকাৰী সংগঠন স্থাপন কৰিছিল। তেওঁক প্ৰায়ে দেশৰ আটাইতকৈ পুৰণি সংগঠিত সামাজিক-কৰ্ম সংস্থা স্থাপনৰ কৃতিত্ব দিয়া হয়। তেওঁৰ সংস্থা গিল্ড অফ চাৰ্ভিছে অনাথ আশ্ৰম, মহিলা সাক্ষৰতা, অক্ষমসকলৰ যত্ন আৰু পুনৰ্বাসন আদিৰ সৈতে সম্পৰ্কিত এক ডজনৰো অধিক ইউনিট পৰিচালনা কৰে।১

প্ৰাৰম্ভিক জীৱন

১৯০৯ চনত ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত মাদ্ৰাজ প্ৰেচিডেন্সীৰ ওটাকামুণ্ডত মেৰীৰ জন্ম হৈছিল। মাদ্ৰাজ চহৰৰ ৩০০ শক্তিশালী পাৰ্চী সম্প্ৰদায়ৰ সদস্য ৰুষ্টম পেটেল আৰু আলামাই তেওঁৰ পিতৃ মাতৃ।২ তেওঁ মাদ্ৰাজত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল আৰু ১৮ বছৰ বয়সত নোগি ক্লাৱৱালাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ১৯৩০ চনত তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তান খুশ্ৰৰ জন্ম হৈছিল। ১৯৩৫ চনত অসুস্থতাৰ বাবে নোগি ক্লাৱৱালাৰ মৃত্যু হৈছিল। ইয়াৰ পিছত তেওঁ নিজকে সামাজিক কাৰ্মৰ প্ৰতি নিয়োজিত কৰিছিল। পিছলৈ তেওঁ এজন ভাৰতীয় সেনা বিষয়া মেজাৰ চন্দ্ৰকান্ত কে যাদৱৰ সৈতে পুনৰ বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁ সামাজিক কাম-কাজৰ একে ক্ষেত্ৰত আগবঢ়াইছিল।৩

কৰ্মজীৱন

১৯৪২ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ক্লাৱৱালাই বেছিভাগ গিল্ড অফ চাৰ্ভিছৰ সহায়কাৰীসকলৰ সৈতে তেওঁ ইণ্ডিয়ান হস্পিটেলিটি কমিটি স্থাপন কৰিছিল। মাদ্ৰাজ আৰু ইয়াৰ চাৰিওফালে বহু সংখ্যক ভাৰতীয় সৈন্য ৰখা হৈছিল আৰু তেওঁলোকৰ খুব কম সুবিধাৰে অতি কষ্টৰে আছিল। শ্ৰীমতী ক্লাৱৱালাই সকলো সম্প্ৰদায়ৰ মহিলাসকলক ভ্ৰাম্যমাণ ভোজনশালা, চিকিৎসালয় আৰু চিকিৎসা ব্যৱস্থা, পৰিৱৰ্তনমূলক চিকিৎসা আৰু মনোৰঞ্জন কাৰ্যসূচী আয়োজন কৰাৰ প্ৰচেষ্টাত যোগদান কৰিবলৈ প্ৰেৰিত কৰিছিল। জনসাধাৰণে আতিথেয়তা সমিতিৰ দ্বাৰা আৰম্ভ কৰা যুদ্ধ পুঁজিত উদাৰতাৰে দান কৰিছিল যি যুদ্ধৰ পিছতো নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল। পিছলৈ এই পুঁজি পুনৰসংস্থাপন কৰাত সহায়ক আছিল। বিজয়ী ১৪তম সেনাই মেৰীক তেওঁৰ অত্যধিক প্ৰচেষ্টাৰ স্বীকৃতি স্বৰূপে এখন জাপানী তৰোৱাল প্ৰদান কৰিছিল। শ্ৰীমতী ক্লাৱৱালাক জেনেৰেল কৰিয়াপ্পাৰ দ্বাৰা "দা ডাৰ্লিং অফ দা আৰ্মি" বুলি কোৱা হৈছিল। তেওঁ ১৯৫২ চনত মাদ্ৰাজ স্কুল অফ ছচিয়েল ৱৰ্ক আৰম্ভ কৰিছিল। এই প্ৰতিষ্ঠান মুম্বাইত অৱস্থিত টাটা ইনষ্টিটিউট অফ ছচিয়েল চাইন্সেছৰ পিছতে দক্ষিণ ভাৰতৰ প্ৰথম সামাজিক শিক্ষাৰ ক্ষেত্ৰত ভাৰতৰ দ্বিতীয় শিক্ষণ প্ৰতিষ্ঠান।

তেওঁক ১৯৫৬ চনত এবছৰৰ বাবে শ্ৰীযুত আৰ. ই. কাষ্টেলৰ পিছত মাদ্ৰাজৰ শ্বেৰীফ নিযুক্ত কৰা হৈছিল।৪ তেওঁ ১৯৬১ চনত মাদ্ৰাজ (বৰ্তমান চেন্নাই) ভ্ৰমণৰ কালছোৱাত ডিউক অফ এডিনবাৰ্গক সন্মানিত কৰিছিল।৫

বঁটা আৰু সন্মান

  • মেম্বাৰ অফ দা অৰ্ডাৰ অফ ব্ৰিটিছ এম্পায়াৰ সদস্য (১৯৪১ চনৰ নতুন বছৰৰ সন্মান)৬
  • পদ্মশ্ৰী, ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান (১৯৫৫)
  • পদ্মভূষণ, ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান (১৯৬৮)৭
  • পদ্মবিভূষণ, ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান (১৯৭৫)৮

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (30 September 2009). Guild of Service founder’s role hailed. The Hindu
  2. ↑ (14 July 2009). Mary Clubwala sculpture unveiled
  3. ↑ madrasmusings.com/Vol%2018%20No%2015/the_parsis_ link|date=April 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
  4. ↑ (20 December 2006). dated December 20, 1956: New Sheriff of Madras. The Hindu
  5. ↑ (9 June 2012). When Queen came calling. The Times of India
  6. ↑ The London Gazette. thegazette.co.uk
  7. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  8. ↑ Padma Vibhushan Awardees. Ministry of Communications and Information Technology

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীপদ্মশ্ৰী বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ীপদ্মবিভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেৰী ক্লাৱৱালা যাদৱ” প্ৰবন্ধৰ সংশোধন ৬৪০১৭৪ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।