মেধা শংকৰ (Medha Shankr; জন্ম: ১ আগষ্ট ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী চলচ্চিত্ৰত তেওঁৰ কামৰ বাবে পৰিচিত। শংকৰে ব্ৰিটিছ মিনিচিৰিজ বীচাম হাউচ (২০১৯)ত অভিনয়েৰে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল আৰু তাৰ পিছত বহু কেইখন ছবিত পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰিছিল। জীৱনীমূলক চলচ্চিত্ৰ, টুৱেলভ্থ ফেইল (২০২৩)ত অভিনয়েৰে তেওঁ সফলতা লাভ কৰে। ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ জি চিনে বঁটা লাভ কৰে।১২
প্ৰাৰম্ভিক জীৱন
উত্তৰ প্ৰদেশৰ নয়ডা চহৰত শংকৰে জন্ম গ্ৰহণ কৰিছিল আৰু তাতেই তেওঁ ডাঙৰ-দীঘল হৈছিল। শংকৰ এগৰাকী প্ৰশিক্ষিত হিন্দুস্তানী শাস্ত্ৰীয় কণ্ঠশিল্পী। তেওঁ দিল্লীৰ নেচনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন'লজিৰ পৰা ফেশ্বন মেনেজমেণ্ট বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৩৪
কৰ্মজীৱন
২০১৯ চনত, ব্ৰিটিছ টেলিভিছন ধাৰাবাহিক বীচাম হাউচত অভিনয়েৰে, শংকৰে অভিনয় জগতত আত্মপ্ৰকাশ কৰে। ধাৰাবাহিকখনত তেওঁ ৰোশনাৰা নামৰ ছোৱালী এজনীৰ চৰিত্ৰত অভিনয় কৰে।৫ ইয়াৰ পিছত ২০২১ চনত, শ্বাদিস্থান নামৰ হিন্দী ভাষাৰ কিশোৰ-কিশোৰীৰ সংগীতধৰ্মী ছবি এখনত অভিনয়েৰে শংকৰে চলচ্চিত্ৰত অভিষেক ঘটায়।৬ নিউজ১৮-ৰ সৃষ্টি নেগীয়ে মতামত আগবঢ়ায়, "মেধাই কিশোৰী এগৰাকীৰ দুৰ্বলতা আৰু উতলি থকা হতাশাক সম্পূৰ্ণ সততাৰে উপস্থাপন কৰে" ৭ একে বছৰতে, তেওঁ ষ্ট্ৰীমিং ধাৰাবাহিক দিল বেকাৰাৰত কনিষ্ঠ ভগ্নী ঈশ্বৰীৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ধাৰাবাহিকখনে সমালোচকৰ পৰা ইতিবাচক সমালোচনা লাভ কৰিছিল।৩৮
২০২২ চনত, শংকৰে মেক্স, মিন এণ্ড মেউজাকি নামৰ ছবিখনত মিনাৰাৰ চৰিত্ৰত অভিনয় কৰিছিল, যিয়ে বয়সস্থ মানুহ এজনৰ বাবে তাইৰ প্ৰেমিকক এৰি দিয়ে। এই ছবিখনে বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত সমালোচকৰ প্ৰশংসা লাভ কৰিছিল।৯ ২০২৩ চনত, শংকৰে অভিনেতা বিক্ৰান্ত মেছিৰ বিপৰীতে নাট্যধৰ্মী ছবি টুৱেলভ্থ ফেইলত শ্ৰদ্ধা যোশীৰ চৰিত্ৰত অভিনয় কৰে।১০ ইণ্ডিয়া টুডেৰ ভাবনা আগৰৱালাই উল্লেখ কৰিছে, "শ্ৰদ্ধাৰ চৰিত্ৰত মেধা শংকৰৰ এটা নিৰ্দিষ্ট অংশও আছে, আৰু তেওঁ হৈছে ছবিখনৰ লঘু মুহূৰ্তত সহায় কৰা ক্ৰাচ।" ১১ দ্য হিন্দুৰ অনুজ কুমাৰে কয় যে শংকৰে তেওঁৰ "স্থিৰতা আৰু উষ্ণতাৰে" আপ্লুত কৰে।১২ ছবিখনে শ্লিপাৰ হিট হিচাপে মৰ্যাদা লাভ কৰিছিল।১৩ এই ছবিখনে তেওঁৰ কৰ্মজীৱনৰ অগ্ৰগতি প্ৰদান কৰিছিল আৰু তেওঁ অভিনেত্ৰীৰূপে সকলোৰে নজৰলৈ আহে।১৪
চলচ্চিত্ৰপুঞ্জী
চলচ্চিত্ৰ
| † | এতিয়াও মুক্তি নোপোৱা ছবিসমূহক বুজায় |
| বৰ্ষ | শিৰোনাম | ভূমিকা | টোকা | তথ্য. |
|---|---|---|---|---|
| ২০১৫ | উইথ ইউ ফৰ ইউ অলৱেইজ | মায়া | চুটি ছবি | ১৫ |
| ২০২১ | শ্বাদিস্থান | আৰ্শী মোডী | ১৬ | |
| ২০২২ | মেক্স, মিন এণ্ড মেউজাকি | মিনাৰা "মিন" হুছেইন | ৯ | |
| ২০২৩ | টুৱেলভ্থ ফেইল | শ্ৰদ্ধা যোশী | লগতে গীত "বোলো না" (চলচ্চিত্ৰ সংস্কৰণ)ৰ বাবে গায়িকা | ১৭ ১৮ |
| ২০২৫ | মালিক | পোষ্ট-প্ৰডাকচন | ১৯ | |
| শিৰোনামহীন ছবি | চিত্ৰগ্ৰহণ | ২০ |
টেলিভিছন
বঁটা আৰু মনোনয়ন
| বৰ্ষ | পুৰস্কাৰ | শিতান | চলচ্চিত্ৰ | ফলাফল | তথ্য. |
|---|---|---|---|---|---|
| ২০২৪ | জি চিনে বঁটা | শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী | টুৱেলভ্থ ফেইল | ২৩ | |
| পিংকভিলা স্ক্ৰীণ আৰু ষ্টাইল আইকন বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী - জুৰী চয়ছ | ২৪ |
তথ্যসূত্ৰ
- ↑ How 12th Fail actress Medha Shankar became an overnight sensation. News18 India
- ↑ Medha Shankar takes over social media, becomes new crush with magical performance. Odisha TV
- ↑ (2021-07-13). Living her dreams: Medha Shankar of 'Dil Bekaraar' hopes to make a mark as an actor. The Hindu
- ↑ (27 June 2021). Medha Shankar making a mark. Mid Day
- ↑ (September 2021). Medha Shankar: Exploring a world of acting opportunities. Eastern Eye
- ↑ Medha Shankar shares her on-sets experiences in Shaadisthan. The Tribune India
- ↑ (12 June 2021). Shaadisthan Movie Review: Memorable Performances Make It Relevant and Meaningful. News18
- ↑ (2021-11-26). Dil Bekaraar review: A warm slice of the '80s to get nostalgic with. Firstpost
- ↑ After tremendous response at Busan, IFFK and Palm Springs, film Max, Min and Meowzaki receives overwhelming response in Mumbai. ANI News
- ↑ Medha Shankr reacts to 12th Fail's success, recalls her 'restart' moment in life. DNA India
- ↑ Agarwal, Bhavna. (27 October 2023). 12th Fail Review: Vikrant Massey passes with flying colors on performance sheet. India Today
- ↑ Kumar, Anuj. (26 October 2023). '12th Fail' movie review: Vidhu Vinod Chopra delivers yet another hug of hope that is more earnest than magical. The Hindu
- ↑ 12th Fail box office collection: Vikrant Massey's film crosses ₹50 crore during 5th week in India. Hindustan Times
- ↑ 12th Fail's Medha Shankar gets overnight fame, earn million followers on social media. Jagran
- ↑ (22 July 2021). #AgainstAllOdds! Medha Shankar. The Times of India
- ↑ (2021-07-29). Shaadisthan Review: Woke but weak
- ↑ 12th Fail: Vikrant Massey, Medha Shankar seek blessings at Patna's Hanuman temple. Deccan Herald
- ↑ 12th Fail (Original Motion Picture Soundtrack). Apple Music
- ↑ (4 July 2024). Rajkummar Rao and Medha Shankar to star in action flick Maalik from Bhakshak director Pulkit; film goes on floors in September. Bollywood Hungama
- ↑ (2025-01-22). Sunny Kaushal, Nimrat Kaur and Medha Shankr team up for detecting comedy. Bollywood Hungama
- ↑ (20 June 2020). Beecham House characters guide: Who's who in new PBS period drama. British Period Dramas
- ↑ Sharma, Sampada. (26 November 2021). Dil Bekaraar first impression: Disney Plus Hotstar series stays true to Anuja Chauhan's novel. The Indian Express
- ↑ 2024 Zee Cine Awards Winners. Zee Cine Awards
- ↑ Pinkvilla Screen & Style Icons Awards: Complete list of winners ft. Medha Shankr, Akshay Kumar, Karan Johar and more. Pinkvilla
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেধা শংকৰ” প্ৰবন্ধৰ সংশোধন ৫৭২৬৭১ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।