অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মীনা কান্দাচামি

ইলাভেনিল মীনা কান্দাচামি (Ilavenil Meena Kandasamy; জন্ম:১৯৮৪) তামিলনাডুৰ চেন্নাই নিবাসী এগৰাকী ভাৰতীয় কবি, কল্প কাহিনী লেখক, অনুবাদক আৰু সমাজকৰ্মী। ২০০৬ আৰু ২০১০ চনত মীনাৰ ক্ৰমে টাচ আৰু মিচ মিলিটেন্সি শীৰ্ষক দুখন কবিতাৰ কিতাপ প্ৰকাশ পাইছে।

হালনাগাদ: ২২ মাৰ্চ ২০২৬ ৫৫৯ শব্দ · ৩ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ইলাভেনিল মীনা কান্দাচামি (Ilavenil Meena Kandasamy; জন্ম:১৯৮৪) তামিলনাডুৰ চেন্নাই নিবাসী এগৰাকী ভাৰতীয় কবি, কল্প কাহিনী লেখক, অনুবাদক আৰু সমাজকৰ্মী।১

২০০৬ আৰু ২০১০ চনত মীনাৰ ক্ৰমে টাচ আৰু মিচ মিলিটেন্সি শীৰ্ষক দুখন কবিতাৰ কিতাপ প্ৰকাশ পাইছে। ২০০১ চনৰপৰা ২০০২ চনলৈ তেওঁ দলিত মিডিয়া নেটৱৰ্কৰ দ্বি-মাহিলী বিকল্প ইংৰাজী আলোচনী দ্য দলিত সম্পাদনা কৰিছিল।২

তেওঁ আইৱা বিশ্ববিদ্যালয়ৰ আন্তৰ্জাতিক লেখন কাৰ্যসূচীত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু যুক্তৰাজ্যৰ কেণ্ট বিশ্ববিদ্যালয়, কেণ্টাৰবাৰীত চাৰ্লছ ৱেলেছ ইণ্ডিয়া ট্ৰাষ্ট ফেলো আছিল। মীনাই আউটলুক ইণ্ডিয়া৩, দ্য হিন্দুকে ধৰি বিভিন্ন প্লেটফৰ্মৰ বাবে স্তম্ভলেখন কৰিছে।৪৫৬

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৮৪ চনত জন্মগ্ৰহণ কৰা মীনা আছিল তামিল পিতৃ-মাতৃৰ সন্তান। মাক-দেউতাক দুয়োগৰাকী বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল।১৭৮ সৰুৰেপৰা তেওঁৰ কবিতাৰ প্ৰতি এক বিশেষ অনুৰাগ আছিল। পিছলৈ তেওঁ মীনা নামটো গ্ৰহণ কৰে।৯ মীনা চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ৰ পৰা সামাজিক-ভাষা বিজ্ঞানত পি এইচ ডি ডিগ্ৰীধাৰী।১ ১৭ বছৰ বয়সতে কবিতাৰে লেখক জীৱন আৰম্ভ কৰা মীনাই১০ দলিত লেখক আৰু নেতাসকলৰ কিতাপ ইংৰাজীলৈ অনুবাদ কৰিছে।১১

কৰ্মজীৱন

২০১২ চনত মীনা
২০১২ চনত মীনাছবি: Two Circles · CC BY-SA 2.0

এগৰাকী লেখক হিচাপে, মীনাই মুখ্যতঃ জাতি ধ্বংস, নাৰীবাদ আৰু ভাষিক পৰিচয়ৰ ওপৰত গুৰুত্ব দিছিল।১২ তেওঁৰ ভাষাত কবিতাক তেওঁ সামাজিক কামৰ হকে ব্যৱহাৰ কৰিবলৈ পছন্দ কৰে।১৩ তেওঁৰ প্ৰথম সংকলন টাচৰ ২০০৬ চনৰ আগষ্ট মাহৰ সংস্কৰণটি কমলা দাসৰ পাতনিৰে সৈতে প্ৰকাশ হৈছিল।১ পৰৱৰ্তী সময়ত মিচ মিলিটেন্সি প্ৰকাশ হয়।১ এই গ্ৰন্থখনত মীনাই হিন্দু আৰু তামিল পৌৰাণিক কাহিনীবোৰৰ পুনৰ কথনৰ বাবে জাতি বিৰোধী আৰু নাৰীবাদী দৃষ্টিভংগী গ্ৰহণ কৰিছে।১৩ মাস্কাৰা আৰু মাই লাভাৰ স্পিকচ অৱ ৰেপৰ দৰে অন্যান্য ৰচনাসমূহেৰে তেওঁ ভাৰতৰ বিভিন্ন কবিতা প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰিছিল।১৪

এন্থলজি অৱ কনটেম্পৰেৰী ইণ্ডিয়ান পয়েট্ৰি১৫, দ্য লিটল মেগাজিন, কাব্য ভাৰতী, ইণ্ডিয়ান লিটাৰেচাৰ, পয়েট্ৰি ইণ্টাৰনেচনেল ৱেব, মিউজ ইণ্ডিয়া, কোৱাৰ্টাৰলি লিটাৰেৰী ৰিভিউ, আউটলুক, টেহেলকা আৰু দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ দৰে বিভিন্ন কবিতা সংকলন আৰু আলোচনীত মীনাৰ সৃষ্টিৰাজি প্ৰকাশ হৈছে।১৬ তেওঁক ২০০৯ চনত আইৱা বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক লিখন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈও আমন্ত্ৰণ জনোৱা হৈছিল।১২১ দুবছৰ পিছত মীনাক কেণ্ট বিশ্ববিদ্যালয়ৰ চাৰ্লছ ৱেলেছ ইণ্ডিয়া ট্ৰাষ্ট ফেলো ৰূপে নিৰ্বাচন কৰা হয়।১২ তেওঁ পিটছবাৰ্গত অনুষ্ঠিত চিটি অৱ এছাইলাম জেজ পয়েট্ৰি কনচাৰ্ট, দ্য ফৰ্টিণ্টথ আফ্ৰিকা ইণ্টাৰনেচনেল ফেষ্টিভেল (২০১০), ডাৰ্বান আৰু ডিএছচি জয়পুৰ সাহিত্য মহোৎসৱ (২০১১)ত এগৰাকী বিশিষ্ট কবি ৰূপে অংশগ্ৰহণ কৰিছিল।১৭

সমাজকৰ্মী হিচাপে

মীনা জাতি আৰু লিংগ বিষয়ক কামৰ সৈতে জড়িত। লগতে সমাজে কেনেকৈ মানুহক এই শ্ৰেণীবোৰৰ আধাৰত ভাগ কৰে; সেই বিষয়তো তেওঁ কাম কৰে।১৮ হিন্দু সমাজ বিষয়ত দাঙি ধৰা নিৰ্ভীক সমালোচনাৰ বাবে তেওঁ ভাবুকিৰ সন্মুখীন হৈছে, এই ভাবুকি সম্পৰ্কে তেওঁ কৈছে;

"এনে হিংসাজনক ভাবুকিয়ে আপুনি কি লিখিব সেইবিষয়ত আপোনাক শ্ৰুতলিপি দিয়া বা আপোনাক যিকোনো ধৰণে বাধা দিয়া উচিত নহয়।"১৯

২০১২ চনত, হায়দৰাবাদৰ ওচমানিয়া বিশ্ববিদ্যালয়ৰ দলিত শিক্ষাৰ্থীৰ এটা দলে হোষ্টেলত ‘খাদ্য ফেচিবাদ’ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ এটা গোমাংস খোৱা উৎসৱৰ আয়োজন কৰিছিল। সোঁপন্থী ছাত্ৰ গোট অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে (এবিভিপি) অনুষ্ঠানটো আৰু আয়োজকসকলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।২০মীনাই এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি অনুষ্ঠানটোৰ সপক্ষে মাত মাতিছিল। ফলশ্ৰুতিত তেওঁ সামাজিক মাধ্যমত নিৰন্তৰ অপব্যৱহাৰৰ সন্মুখীন হৈছিল।১৯২১ দ্য নেটৱৰ্ক অৱ ৱুমেন ইন মিডিয়া ইণ্ডিয়াই (ডব্লিউএমএনআই) তেওঁৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা দি এটি প্ৰেছ বিবৃতি প্ৰকাশ কৰিছিল।২২২৩

অনুবাদক ৰূপে

মীনাই তামিলৰ পৰা গদ্য আৰু কবিতা অনুবাদ কৰিছে।২৪ তেওঁ পেৰিয়াৰ ই ভি ৰামাস্বামী, থল থিৰুমাভালভান আৰু তামিল ইলাম লেখক, যেনে, কাচি আনন্দন, চেৰণ আৰু ভি আই এছ জয়পালনৰ লেখা ইংৰাজীলৈ অনুবাদ কৰিছে।১৭ অনুবাদক হিচাপে নিজৰ ভূমিকা সম্পৰ্কে তেওঁ কৈছে;

"মই জানো যে কবিতাৰ কোনো সীমা নাই, কোনো বেৰা নাই, কোনো নিৰ্দিষ্ট শৈলীৰ নিৰ্দেশনা নাই- ইয়াত আপুনি পৰীক্ষা কৰিবলৈ মুক্ত, আপুনি আপোনাৰ নিজৰ কণ্ঠস্বৰ বিচাৰিবলৈ মুক্ত, আপুনি ভুল কৰিবলৈ মুক্ত আৰু লগতে বিফল হ’বলৈও মুক্ত- কিয়নো অনুবাদৰ সময়ত সকলো সময়তে প্ৰায়ে এনে ঘটে।"৯

অভিনেত্ৰী ৰূপে

অভিনেত্ৰী ৰূপে মীনাই প্ৰথমবাৰৰ বাবে মালয়ালম চিনেমা, Oraalppokkamত ভূমুকি মাৰিছিল।২৫এই চিনেমাখন আছিল অনলাইনৰ যোগেদি সমজুৱা ধন সংগ্ৰহ কৰি নিৰ্মাণ কৰা প্ৰথমখন মালয়ালম চিনেমা।২৬

সন্মান

  • Hermann Kesten Prize (২০২২); PEN Centre Germany.২৭

উল্লেখযোগ্য কাম

জীৱনী

  • আয়্যানকলি: আ দলিত লিডাৰ অৱ অৰ্গেনিক প্ৰটেষ্ট; এম নিচাৰৰ সৈতে; জানুৱাৰী, ২০০৮

কবিতা

  • মিচ মিলিটেন্সি,২৮ ২০১০, প্ৰকাশক: নৱায়ন; এই গ্ৰন্থৰ শীৰ্ষক কবিতা "মিচ মিলিটেন্সি", তামিল ক্লাছিকৰ চিলাপতিকৰমৰ নায়িকা কন্নাকীৰ ওপৰত আধাৰিত। এই কবিতাটো নাৰীসকলকৰ প্ৰতি নায়িকাগৰাকীৰ দৰে বিপ্লৱী আৰু সাহসী হোৱাৰ এক আহ্বান।
  • টাচ.২৮ প্ৰকাশক: পিকক বুকচ্‌, মুম্বাই, আগষ্ট, ২০০৬, .
  • দ্য এইটথ ডে অৱ ক্ৰিয়েচন কবিতাৰ ৱেবচাইট শ্ল’ ট্ৰেইনচত থকা ১৬টি কবিতাৰ ই-চেপবুক
  • #ThisPoemWillProvokeYou & Other Poems, চেপবুক, হাৰপাৰ কলিনচ্‌, ২০১৫
  • উই আৰ নট দ্য চিটিজেনচ্‌, সীমিত সংখ্যাৰ হেণ্ডমেইড চেপবুক (৫৩ কপি), Tangerine Press, লণ্ডন, ২০১৮

উপন্যাস

  • দ্য জিপচি গডেছ, আটলাণ্টিক বুকচ্‌, এপ্ৰিল, ২০১৪২৯
  • হোৱেন আই হিট য়্যু: অ’ৰ, আ পৰ্ট্ৰেইট অৱ দ্য ৰাইটাৰ অজ আ য়ং ৱাইফ,আটলাণ্টিক বুকচ্‌, মে’, ২০১৭. কিতাপখনে ২০১৮ চনৰ ৱুমেনচ প্ৰাইজৰ বাবে নিৰ্বাচিত হৈছিল।৩০
  • Exquisite Cadavers, আটলাণ্টিক বুকচ, ২০১৯

অনুবাদ

  • তালিচমান: এক্সট্ৰিম ইমচনচ অৱ দলিত লিবাৰেচন, সম্য প্ৰকাশন, কলিকতা, ২০০৩
  • আপৰুট হিন্দুত্ব: দ্য ফায়াৰি ভইচ অৱ দ্য লিবাৰেচন পেন্থাৰচ্‌, সম্য প্ৰকাশন, কলিকতা, ২০০৪
  • হোৱাই ৱেৰ ৱুমেন ইনশ্লেইভড, দ্য পেৰিয়াৰ চেল্ফ ৰেচপেক্ট প্ৰপাগাণ্ডা ইনষ্টিটিউচন (চেন্নাই), ২০০৭
  • ৱাকিং ইজ আনাডাৰ ড্ৰিম: পয়েমচ্‌ অন দ্য জেন’চাইড ইন তামিল এলেম, ড° ৰবিকুমাৰ (সম্পাদক), ৰবিশংকৰ (সহ-অনুবাদক) নৱায়ন প্ৰকাশন (নতুন দিল্লী), ২০১০
  • (সম্পাদক/অনুবাদক): ডিজায়াৰচ বিকাম ডিমনচ্‌: পয়েমচ্‌ অৱ ফ’ৰ তামিল ৱুমেন পয়েটচ্‌: মালতী মৈত্ৰী, চলমা, কুট্টি ৰেৱতী, সুকিৰ্তাৰাণী; টাইটলড অক্সিচ প্ৰেছ, ২০১৮
  • তিৰুকুড়াল: দ্য বুক অৱ ডিজায়াৰ', পেংগুইন ৰেণ্ডম হাউচ, ভাৰত (নতুন দিল্লী), ২০২৩৩১

তথ্যসূত্ৰ

  1. ↑ (27 September 2010). INDIA Being Untouchable (press release). Christian Solidarity Worldwide
  2. ↑ Poetry International Rotterdam
  3. ↑ Outlook India
  4. ↑ Kandasamy, Meena. (18 January 2016). The Hindu. The Hindu
  5. ↑ Porterfolio
  6. ↑ (17 April 2012). Osmania University Beef Festival Leads To Violence. HuffPost
  7. ↑ Warrier, Shobha. (21 May 2012). They don't like women who are flamboyant about sexuality. Rediff.com
  8. ↑ Jeyan, Subash. (6 March 2011). In a language darkly... The Hindu
  9. ↑ Singh, Pallavi. (8 March 2010). Dalits look upon English as the language of emancipation. Mint. HT Media Ltd
  10. ↑ Rangan, Baradwaj. (29 April 2011). The Politics of Poetry. The Hindu
  11. ↑ Independent
  12. ↑ (28 January 2013). Meena Kandasamy. The Hindu
  13. ↑ Sampsonia Way
  14. ↑ (19 February 2007). Poetry collection. The Hindu
  15. ↑ Anthology of Contemporary Indian Poetry. BigBridge.Org
  16. ↑ International Writing Program (IWP). Meena Kandasamy – 2009 Resident. University of Iowa
  17. ↑ (1 July 2011). Poetry Connections feat. K. Satchidanandan. Arts Council England
  18. ↑ A Female Dalit Poet Fights Back in Verse. The Wall Street Journal
  19. ↑ Meena Kandasamy interview: 'I don't know if I'm idiotic – or courageous'. The Independent
  20. ↑ NDTV
  21. ↑ Storyful
  22. ↑ Feminists India
  23. ↑ Outlook
  24. ↑ Nair, Supriya. (9 August 2012). In verse proportion. Mint. HT Media Ltd
  25. ↑ (14 November 2013). Moving the Masses. The New Indian Express
  26. ↑ (12 November 2013). Crowd-funded movie in the making. The Hindu
  27. ↑ (19 September 2022). Indian author Meena Kandasamy to receive PEN Germany prize. Deutsche Welle
  28. ↑ Tellis, Ashley. (30 January 2011). Poems of an outdated, designer feminism. The New Indian Express
  29. ↑ Maranovna, Tuppence. (9 May 2014). The Gypsy Goddess by Meena Kandasamy. tuppencemagazine.co.uk
  30. ↑ Faleiro, Sonia. (19 May 2017). When I Hit You by Meena Kandasamy — murder on the mind. Financial Times
  31. ↑ Narang, Gaurvi. (15 February 2023). 'Only thing you read to your lover in bed'—Meena Kandasamy's modern book on ancient Tamil text. The Print

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদীভাৰতীয় সাহিত্যিকসমাজকৰ্মীভাৰতীয় মহিলা কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মীনা কান্দাচামি” প্ৰবন্ধৰ সংশোধন ৫৯১৯৫০ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।