জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মেৰী ৰয়
মেৰী ৰয় (১৯৩৩ – ১ ছেপ্টেম্বৰ ২০২২) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু নাৰী অধিকাৰ কৰ্মী আছিল আৰু ১৯৮৬ চনত কেৰালাৰ ছিৰিয়াৰ মালাবাৰ নাছৰানী সম্প্ৰদায়ৰ ভিতৰত প্ৰচলিত উত্তৰাধিকাৰ আইনখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ গোচৰত জয়ী হোৱাৰ বাবে পৰিচিত হৈছিল।
-
মৈথিলি প্ৰকাশ
মৈথিলি প্ৰকাশ (ইংৰাজী: Mythili Prakash) হৈছে এগৰাকী আমেৰিকান নৃত্যশিল্পী আৰু নৃত্য পৰিচালক। তেওঁ হৈছে দক্ষিণ ভাৰতৰ শাস্ত্ৰীয় নৃত্য ভাৰতনাট্যমৰ বিশেষজ্ঞ।
-
মো য়েন
গুৱান ময়ে (Guan Moye; জন্ম: ১৭ ফেব্ৰুৱাৰী, ১৯৫৫), মো য়েন ছদ্মনামেৰে যি বেছিকৈ জনাজাত; এগৰাকী চীনা ঔপন্যাসিক আৰু চুটি গল্প লেখক। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাতৰি আলোচনী টাইমৰ ডনাল্ড মৰিছনে তেওঁক "সকলো চীনা লেখকৰ ভিতৰতে আটাইতকৈ বিখ্যাত, নিষিদ্ধ আৰু বহুলভাৱে পাইৰেটেড" বুলি উল্লেখ কৰিছে, আনহাতে জিম লিচে…
-
মোনা আগৰৱাল
মোনা আগৰৱাল (Mona Agarwal, জন্ম: ৮ নৱেম্বৰ, ১৯৮৭) এগৰাকী ভাৰতীয় পেৰা শ্বুটাৰ। তেওঁ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ শাখাত অংশগ্ৰহণ কৰে। ২০২৪ চনৰ মাৰ্চ মাহত নতুন দিল্লীত অনুষ্ঠিত হোৱা ডব্লিউ এছ পি এছ পেৰা শ্বুটিং বিশ্বকাপত স্বৰ্ণ জয় কৰি পেৰিছ পেৰালিম্পিকৰ বাবে স্থান লাভ কৰে।
-
মোনা সিং
মোনা সিং (ইংৰাজী: Mona Singh; জন্ম: ৮ অক্টোবৰ ১৯৮১) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী চলচ্চিত্ৰ আৰু ধাৰাবাহিকত কাম কৰে। সিঙে বিশেষকৈ ধাৰাবাহিক জছী জৈছী কোই নহীঁ (২০০৩–২০০৬)-ত কৰা অভিনয়ৰ বাবে পৰিচিতি লাভ কৰিছে।
-
মোহনকৃষ্ণ মিশ্ৰ
মোহনকৃষ্ণ মিশ্ৰ ( ইংৰাজী: Mohankrishna Mishra) অসমৰ এজন কবি। তেওঁ সমদল ' আৰু শাওনৰ শীতল বৃষ্টি নামৰ দুখন কবিতা সংকলনৰে অসমীয়া সাহিত্য জগতত চিনাকি লাভ কৰে। সত্তৰ দশকত জন্ম লাভ কৰা মোহনকৃষ্ণ মিশ্ৰ বাঁওপন্থী মতাদশৰ্ত বিশ্বাসী এগৰাকী প্ৰগতিশীল কবি।
-
মৰাণ চৰকাৰ
মৰাণ চৰকাৰ ( Moran Sarkar; ) এগৰাকী পঞ্জাবী মুছলমান সম্প্ৰদায়ৰ এগৰাকী দৰবাৰী নাচৰ নাচনী (nutch girl) আছিল। ১৯০২ চনত তেওঁ মহাৰজা ৰঞ্জিত সিঙক বিয়া কৰাইছিল। এগৰাকী নাচনী ছোৱালীক বিয়া কৰোৱা বাবে শিখ ধৰ্মগুৰু আকালি ফুল সিঙে মহাৰজাক বেত্ৰাঘাটেৰে শাস্তি প্ৰদান কৰিছিল।
-
যজ্ঞ বেজবৰুৱা
যজ্ঞ বেজবৰুৱা (Jajna Bezbaruah;১৯৩৯-২০২০)আছিল অসমৰ নগাঁও জিলাৰ এগৰাকী স্বনামধন্য সংগীতজ্ঞ, সুৰকাৰ আৰু গীতিকাৰ।তেখেত আকাশবাণীৰ এগৰাকী গ্ৰেড-'এ' কম্প'জাৰ আছিল।
-
যদুনাথ ভট্টাচাৰ্য
যদুনাথ ভট্টাচাৰ্য বা যদু ভট্ট (Jadunath Bhattacharya; ১৮৪০ – ৪ এপ্ৰিল ১৮৮৩) এজন ভাৰতীয় সংগীতজ্ঞ আৰু ঊনবিংশ শতিকাৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ। কবিৰ ভাষাত তেওঁ " ঐশ্বৰিক হাতৰ গৰাকী" আছিল।
-
যদুনাথ সিং
যদুনাথ সিং (Jadunath Singh; ১৯১৬ –১৯৪৮) আছিল ভাৰতীয় সেনাৰ এজন সৈনিক। তেওঁক ১৯৪৭ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত হোৱা সংঘৰ্ষত তেওঁৰ ভূমিকাৰ বাবে মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান বা পদালংকাৰ পৰম বীৰ চক্ৰৰে সন্মানিত হৈছিল।
-
যমুনা (অভিনেত্ৰী)
যমুনা (জন্ম: নিপ্পানিচ Jamuna; ৩০ আগষ্ট ১৯৩৬ – ২৭ জানুৱাৰী ২০২৩) এগৰাকী অভিনেত্ৰী, পৰিচালক আৰু ৰাজনীতিক, যিয়ে মূলতঃ তেলুগু ছবিত কাম কৰিছিল। ১৬ বছৰ বয়সত ড° গৰিকাপতি ৰাজাৰাও পুটিল্লুত (১৯৫৩) অভিনয়ৰে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে আৰু এল ভি প্ৰসাদৰ মিছাম্মা (১৯৫৫) ছবিৰে তেওঁৰ সফলতা লাভ কৰে।
-
যমুনা টুডু
যমুনা টুডু ( Jamuna Tudu) এগৰাকী ভাৰতীয় পৰিৱেশ কৰ্মী। তেওঁ আৰু আন পাঁচগৰাকী মহিলাই তেওঁ বাস কৰা গাঁৱৰ ওচৰত অবৈধভাৱে গছ কটা ৰোধ কৰিছিল আৰু ই পিছলৈ এই কাৰ্য এটা সংগঠনলৈ সম্প্ৰসাৰিত হৈছিল। ঝাৰখণ্ডত কাঠ মাফিয়া আৰু নক্সালৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে তেওঁক লেডী টাৰ্জান বুলি কোৱা হয়।
-
যশপাল শৰ্মা
যশপাল শৰ্মা (; ১১ আগষ্ট ১৯৫৪ – ১৩ জুলাই ২০২১) এজন ভাৰতীয় আন্তঃ ৰাষ্ট্ৰীয় ক্ৰিকেট খেলুৱৈ। ৭০/৮০ৰ দশকৰ তেওঁ এজন বিধ্বংসী মিড্ল অৰ্ডাৰ বেটছ্মেন আছিল। ১৯৮৩ চনত বিশ্বকাপ জয় কৰা ভাৰতীয় ক্ৰিকেট দল তেওঁ এজন সদস্য আছিল তেওঁ ১৯৭৮ চনৰপৰা ১৯৮৫ চনলৈ ৩৭খন টেষ্ট মেচ, ৪২খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয়(ODI) খেলিছে।
-
যশোধৰা
যশোধৰা (Yaśodharā; Yasodharā) এজন শ্ৰমণ হোৱাৰ উদ্দেশ্যে গৃহ-ত্যাগ নকৰালৈকে ৰাজকুমাৰ সিদ্ধাৰ্থৰ পত্নী আৰু ৰাহুলৰ মাতৃ, তথা দেৱদত্তৰ ভগ্নী আছিল। পিছলৈ লৈ বৌদ্ধ ধৰ্মৰ অনুগমন কৰি ভিক্ষুণী হৈছিল আৰু এগৰাকী অৰ্হতা (নাৰী অৰ্হৎ) ৰূপে পৰিগণিত হৈছিল।
-
যশৱন্ত সিনহা
যশৱন্ত সিনহা (Yashwant Sinha; জন্ম ৬ নৱেম্বৰ ১৯৩৭) এজন ভাৰতীয় প্ৰশাসক আৰু ৰাজনীতিবিদ। প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰৰ অধীনত ১৯৯০ চনৰ পৰা ১৯৯১ চনলৈ আৰু পুনৰ ১৯৯৮ চনৰ মাৰ্চ মাহৰ পৰা ২০০২ চনৰ জুলাই মাহলৈকে প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অধীনত তেওঁ বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
য়শ্বিনৰী অহচুমি
য়শ্বিনৰী অহচুমি (Yoshinori Ohsumi; 大隅 良典; জন্ম: ৯ ফেব্ৰুৱাৰী, ১৯৪৫) এজন জাপানী কোষ জীৱবিজ্ঞানী আৰু অট'ফেগী বিশেষজ্ঞ। অট'ফেগী (autophagy) মানে শৰীৰৰ কোষসমূহ নিজে নিজে ধংস হোৱা প্ৰৱণতা। তেওঁ জাপানৰ বিখ্যাত গৱেষণা প্ৰতিষ্ঠান টকিঅ' প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অধ্যাপক।
-
য়াছমিন শইকীয়া
য়াছমিন শইকীয়া (Yasmin Saikia) হৈছে হাৰ্ড-নিকাচ'ছ চেয়াৰ ইন পিছ ষ্টাডিজ আৰু এৰিজোনা ষ্টেট ইউনিভাৰ্চিটিৰ দক্ষিণ এছিয়ান ইতিহাসৰ অধ্যাপক৷ তেওঁ ফ্ৰেগমেণ্টেড মেমৰিজ: ষ্ট্ৰাগলিং টু বি টাই-আহোম ইন ইণ্ডিয়া (২০০৪) আৰু ৱমেন, ৱাৰ, এণ্ড দ্য মেকিং অৱ বাংলাদেশ: ৰিমেম্বাৰিং ১৯৭১ (২০১১)ৰ লেখিকা৷
-
য়ুমলেম্বম গম্ভিনী দেৱী
য়ুমলেম্বম গম্ভিনী দেৱী (Yumlembam Gambhini Devi, জন্ম: ১ জানুৱাৰী ১৯৪৫) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী তথা নৃত্য শিল্পী। তেওঁ মূলতঃ মণিপুৰৰ নাট সংকীৰ্তন আৰু মণিপুৰী ৰাসৰ লগত জড়িত। তেওঁ জৱাহৰলাল নেহৰু মণিপুৰ নৃত্য একাডেমীৰ অনুষদৰ সদস্য। তেওঁ ১৯৮৮ চনত সংগীত নাটক একাডেমী বঁটাৰ লাভ কৰিছিল।
-
য়েছুবাই ভোঁচলে
মহাৰাণী য়েছুবাই ভোঁচলে (Maharani Yesubai Bhonsale (née Jivubai / Rajau / Rajasa Shirke)) ছত্ৰপতি সম্ভাজী মহাৰাজৰ পত্নী আছিল৷ তেওঁক মাৰাঠা ৰাজ্যৰ ছত্ৰপতি মহাৰাণী বুলি কোৱা হয়। তেওঁ আনুষ্ঠানিকভাৱে স্বৰাজ্যৰ দ্বিতীয়গৰাকী ৰাজ অভিষেক ৰাণী হৈছিল। তেওঁ ছত্ৰপতি শ্বাহু-প্ৰথমৰ মাতৃ।
-
য়েভেচ মেয়াৰ
য়েভেচ এফ. মেয়াৰ'(Yves F. Meyer) (; জন্ম: ১৯ জুলাই ১৯৩৯) এজন ফ্ৰান্সৰ গণিতজ্ঞ। ১৯৩৯ চনৰ ১৯ জুলাই তাৰিখে ফ্ৰান্সৰ পেৰিছ চহৰত তেওঁৰ জন্ম হয়। তেওঁ ৱেভলেট সূত্ৰৰ (wavelet theory) অন্যতম পিতৃপুৰুষ। এই সূত্ৰৰ উৎকৰ্ষ সাধনৰ অৰ্থে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১৭ বৰ্ষৰ এবেল বঁটা প্ৰদান কৰা হয়।
-
য়োহানী
য়োহানী দিল'কা ডি চিলভা (Yohani Diloka de Silva, යොහානි දිලෝකා ද සිල්වා) (জন্ম ৩০ জুলাই ১৯৯৩) শ্ৰীলংকাৰ এগৰাকী গায়ক-গীতিকাৰ, ৰেপাৰ, ৰেকৰ্ড প্ৰযোজক আৰু ইউটিউবাৰ। তেওঁ ইউটিউবাৰ হিচাপে তেওঁৰ সংগীত জীৱনৰ পাতনি মেলিছিল। তেওঁৰ 'দেৱিয়াংগে বেৰে'ৰ ৰেপ কভাৰৰ বাবে তেওঁ স্বীকৃতি লাভ কৰিছিল।
-
যাজ্ঞবল্ক্য আশ্ৰম
যাজ্ঞবল্ক্য আশ্ৰম (সংস্কৃত: याज्ञवल्क्य आश्रम) হৈছে ভাৰতীয় দাৰ্শনিক তথা বৈদিক ঋষি যাজ্ঞবল্ক্যৰ সৈতে সম্পৰ্কিত এক প্ৰাচীন গুৰুকুল। বিশ্বাস কৰা হয় যে ঋষি যাজ্ঞবল্ক্যই এই আশ্ৰমতেই আত্মজ্ঞান তথা ব্ৰহ্মজ্ঞান লাভ কৰিছিল। প্ৰাচীন ভাৰতীয় দৰ্শনৰ বহু গুৰুত্বপূৰ্ণ গ্ৰন্থ ইয়াতেই ৰচনা কৰা হৈছিল।
-
যুগললোচন দাস
যুগললোচন দাস (Jugal Lochan Das) হৈছে এগৰাকী অসমীয়া লেখক। তেওঁ অসমীয়া ভাষাৰ শিশু সাহিত্যিক হিচাপে বিখ্যাত। শিশু সাহিত্যৰ উপৰিও বিস্ময়, ৰহস্য, মায়া আদি বিভিন্ন আলোচনীৰো নিয়মীয়া লেখক। বৰ্তমান তেওঁ সদৌ অসম অসম ক্ৰীড়া সাংবাদিক সন্থাৰ উপ সভাপতি।
-
যোগিতা বিহানী
যোগিতা বিহানী (জন্ম ৭ আগষ্ট ১৯৯৫) এজন ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰত কাৰ্য্য কৰে। বিহানীয়ে প্ৰথমবাৰৰ বাবে অভিনয় আৰম্ভ কৰে টেলিভিছন চ’প অপেৰাৰ দিল হি তো হ্যায় (২০১৮–২০২০)ত।
-
যোগিন্দৰ সিং
চুবেদাৰ যোগিন্দৰ সিং চাহনান, পি.ভি.চি (Joginder Singh;২৬ ছেপ্টেম্বৰ ১৯২১ – ২৩ অক্টোবৰ ১৯৬২), ভাৰতীয় সৈন্যবাহিনীৰ এজন সৈনিক আৰু মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক বীৰত্ব পুৰস্কাৰ পৰম বীৰ চক্ৰ প্ৰাপক।
-
যোগেন্দ্ৰ সিং যাদৱ
চুবেদাৰ মেজৰ আৰু কেপ্টেইন যোগেন্দ্ৰ সিং যাদৱ পি.ভি.চি (Yogendra Singh Yadav) ভাৰতীয় সেনাৰ এগৰাকী অৱসৰী মান্যতাপ্ৰাপ্ত বিষয়া, যাক কাৰ্গিল যুদ্ধৰ সময়ত প্ৰদৰ্শন কৰা সাহস আৰু কৰ্তব্যবোধৰ বাবে সৰ্বোচ্চ ভাৰতীয় সামৰিক সন্মান পৰম বীৰ চক্ৰ প্ৰদান কৰা হৈছিল।
-
যোগেশ কিশোৰ ফুকন
যোগেশ কিশোৰ ফুকন (জন্ম: ১ মাৰ্চ ১৯৫৬) একাধাৰে কবি, গীতিকাৰ, নাট্যকাৰ, প্ৰবন্ধ লেখক, সম্পাদক, শিক্ষাবিদ। অনাতাঁৰ শিল্পী হিচাপে স্বীকৃতিপ্ৰাপ্ত যোগেশ কিশোৰ ফুকন সাম্প্ৰতিক অসমীয়া সাহিত্যৰ এজন লেখত ল'বলগীয়া সাহিত্যিক।
-
যোছেফ ষ্টালিন
যোছেফ ষ্টালিন (জৰ্জিয়ান: იოსებ სტალინი; জন্ম: ১৮ ডিচেম্বৰ ১৮৭৮ – মৃত্যু: ৫ মাৰ্চ ১৯৫৩) আছিল ছোভিয়েট ইউনিয়নৰ প্ৰধান নেতা আৰু কমিউনিষ্ট ৰাজনীতিবিদ। তেওঁ লেনিনৰ পাছত ছোভিয়েট ইউনিয়নৰ নেতা হৈ উঠি ১৯২০–৫০ দশকত ছোভিয়েট কৌশল আৰু নীতিসমূহৰ পৰিচালনা কৰিছিল।
-
লংগিনায়
কেচিয়াছ লংগিনায় এৰিষ্টটলৰ সমসাময়িক এজন গ্ৰীক ভাষ্যবিদ আৰু দাৰ্শনিক সমালোচক আছিল। এমেচা বা এথেন্সত জন্মগ্ৰহণ কৰা তেওঁ এমোনিয়াছ চাকাছ আৰু অৰিগেন দ্য পাগানৰ অধীনত আলেকজেন্দ্ৰিয়াত অধ্যয়ন কৰিছিল আৰু এথেন্সত ত্ৰিশ বছৰ ধৰি অধ্যাপনা কৰিছিল। তেওঁৰ এজন শিক্ষাৰ্থী আছিল পোৰফিৰী।
-
লক্ষ্মণ সেন
লক্ষ্মণ সেন (Lakshmana Sena; ৰাজত্বকাল: ১১৭৮–১২০৬) আছিল ভাৰতীয় উপমহাদেশৰ বংগ অঞ্চলৰ সেন ৰাজবংশৰ এগৰাকী শাসক। তেওঁ সুদীৰ্ঘ ২৮ বছৰ কাল বংগত শাসন কৰিছিল। তেওঁৰ সাম্ৰাজ্যই গৌড়, কামৰূপ, কলিংগ, মগধ আৰু কাশীৰ ভূখণ্ডৰ অধিকাৰী হৈ শিখৰত উপনীত হৈছিল।