অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মুকুন্দকাম শৰ্মা

ন্যায়াধীশ ড° মুকুন্দকাম শৰ্মা (ইংৰাজী: Dr. Mukundakam Sharma) (জন্ম: ১৮ ছেপ্টেম্বৰ ১৯৪৬, কলকাতাত ) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ। তেওঁ ২০০৮ চনৰ ৯ এপ্ৰিল তাৰিখে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হৈছিল আৰু ২০১১ চনৰ ১৭ ছেপ্টেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰিছিল।

হালনাগাদ: ৯ মে’ ২০২৪ ২০৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ন্যায়াধীশ ড° মুকুন্দকাম শৰ্মা (ইংৰাজী ভাষা: Dr. Mukundakam Sharma) (জন্ম: ১৮ ছেপ্টেম্বৰ ১৯৪৬, কলিকতাত ১) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ। তেওঁ ২০০৮ চনৰ ৯ এপ্ৰিল তাৰিখে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হৈছিল আৰু ২০১১ চনৰ ১৭ ছেপ্টেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰিছিল।

১৯৭০ চনৰ ১৬ জুন তাৰিখে ড° মুকুন্দকাম শৰ্মা অধিবক্তা হিচাপে পঞ্জীভূত হৈছিল। তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁ সাংবিধানিক, সেৱা, অসামৰিক আৰু কৰ সম্পৰ্কীয় বিষয়ত ওকালতি কৰিছিল। তেওঁ অসম আৰু মনিপুৰৰ চৰকাৰী অধিবক্তা হিচাপে কাম কৰাৰ লগতে লগতে ৰে'লৱেৰো অধিবক্তা আছিল। ১৯৮১ চনৰ পৰা ১৯৮৮ চনলৈ তেওঁ মিজোৰামৰ Standing Counsel আৰু ২৮.৪.১৯৮৮ ৰ পৰা ৭.২.১৯৮৯ লৈ একে ৰাজ্যৰে মহাধিবক্তা হিচাপে কৰ্মৰত আছিল। তেওঁ ১.১.১৯৮৮ ত জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত হৈছিল। ১৯৯২ চনৰ এপ্ৰিলৰ পৰা ১৯৯৪ চনৰ জানুৱাৰীলৈ তেওঁ নাগালেণ্ডৰ মহাধিবক্তা হিচাপে কৰ্মৰত আছিল। ১৯৭৯ চনৰ পৰা ১৯৯২ চনলৈ ড° মুকুন্দকাম শৰ্মা গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ অংশকালীন প্ৰবক্তা আছিল।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে ড° মুকুন্দকাম শৰ্মা ১০.১.১৯৯৪ ত নিযুক্ত হৈছিল আৰু ১৪.২.১৯৯৪ ত পাটনা উচ্চ ন্যায়ালয়লৈ বদলি হৈ গৈছিল। ১২.১২.১৯৯৪ ত দিল্লী উচ্চ ন্যায়ালয়লৈ বদলি হৈ শৰ্মা ২৮.১১.২০০৬ ত একে ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মূখ্য ন্যায়াধীশ হিচাপে পদোন্নীত হৈছিল। ০৪.১২.২০০৬ ৰ পৰা তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ স্থায়ী মূখ্য ন্যায়াধীশ হিচাপে নিযুক্ত আছিল।

৯ এপ্ৰিল ২০০৮ ৰ পৰা ড°মুকুন্দকাম শৰ্মা ভাৰতৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হৈছিল১।

তথ্যসূত্ৰ

  1. ↑ "Hon'ble Mr. Justice Mukundakam Sharma." Supreme Court of India. Accessed 5 December 2008

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিভাৰতৰ ন্যায়াধীশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুকুন্দকাম শৰ্মা” প্ৰবন্ধৰ সংশোধন ৪২০৮৬৪ (৯ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।