মুক্তিনাথ শৰ্মা বৰদলৈ (Muktinath Sarmah Bordoloi), ১৯১০-১৯৭৭) অসমৰ এগৰাকী সংগীতজ্ঞ। অসমীয়া আধুনিক সংগীত জগতলৈ তেওঁ অৱদান আগবঢ়াই গৈছে। তেওঁ সংগীতজ্ঞ কীৰ্ত্তিনাথ শৰ্মা বৰদলৈৰ পুত্ৰ। এই পিতা-পুত্ৰৰ যুটিয়ে অসমীয়া সংগীতৰ ধাৰাটোক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ প্ৰথমখন নাটক শোণিত কুঁৱৰীৰ পাতনিত কীৰ্তিনাথ শৰ্মা বৰদলৈ আৰু মুক্তিনাথ শৰ্মা বৰদলৈৰ কথা উল্লেখ কৰিছে।
মুক্তিনাথ শৰ্মা বৰদলৈয়ে সৰুৰে পৰা দেউতাকৰ সান্নিধ্যত থাকি সাহিত্য - সংস্কৃতিৰ বাটত মনোনিৱেশ কৰিছিল। তেওঁ একাধাৰে গীতিকাৰ, সুৰকাৰ,গীতি-নাট্যকাৰ, শিশু সাহিত্যিক, কবি, শিক্ষাবিদ ৰূপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়।১
মুক্তিনাথ শৰ্মা বৰদলৈয়ে প্ৰায় দুকুৰি গীত ৰচনা কৰাৰ লগতে ইয়াৰে প্ৰায়বিলাকতে সুৰো সংযোজন কৰিছিল। আকাশবাণীৰ জৰিয়তে তেওঁৰ গীত প্ৰচাৰ হোৱাৰ লগতে সমসাময়িক কেইবাগৰাকীও জনপ্ৰিয় তথা প্ৰতিষ্ঠিত শিল্পীয়ে তেওঁৰ গান গ্ৰামোফোন ৰেকৰ্ডত বাণীবদ্ধ কৰিছিল। তেওঁৰ গান যিসকল শিল্পীয়ে তেতিয়া বাণীবদ্ধ কৰিছিল অথবা আকাশবাণীৰ জৰিয়তে পৰিৱেশন কৰিছিল তাৰ ভিতৰত তলৰ তালিকাভুক্ত শিল্পীসকল উল্লেখনীয় -
| শিল্পী | ৰচনাকাল | বাণীবদ্ধ/প্ৰচাৰকাল |
|---|---|---|
| বীৰেন্দ্ৰনাথ দত্ত (বেলিমাৰ যায় আই যশোমতী) | ১৯৫৫ | ১৯৬০ |
| দীপালী বৰঠাকুৰ ( (জোন-ধলে জোনালীতে,সুৰকাৰ:ৰুদ্ৰ বৰুৱা) | ১৯৬০ | ১৯৬৪ |
| বীণা ভাগৱতী (কিয় বাৰু হাহোঁ কিয় বাৰু কান্দো) | ১৯৬৫ | ১৯৬৬ |
প্ৰকাশিত গ্ৰন্থ
এই পিতা-পুত্ৰ যুটিয়ে একেলগে ৰচনা কৰা আৰু মঞ্চস্থ কৰা নৃত্য-নাটিকা হৈছে -
- লুইত কোঁৱৰ (১৯৩০)
- সুৰবিজয় (১৯৩৪)
- মেঘাৱলী (১৯৪১)
তথ্যসূত্ৰ
- ↑ অসমীয়া আধুনিক সংগীতৰ ইতিহাস: লোকনাথ গোস্বামী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুক্তিনাথ শৰ্মা বৰদলৈ” প্ৰবন্ধৰ সংশোধন ৪৭৮১৮২ (১৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।