অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মেথিল দেৱীকা

মৈথিল দেৱীকা, জন্ম: ১৯৭৬ চন, এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু গৱেষণা তত্ত্বাৱধায়ক। তেওঁ ইছৰোৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ স্পেচ ছায়েন্স এণ্ড টেকন'লজিৰ জ্যেষ্ঠ গৱেষণা সহযোগী আছিল, ২০২৩ চনত তেওঁৰ নিজে পৰিকল্পনা কৰা আৰ্টচ্ ইণ্টিগ্ৰেটেড এডভান্স চাইন্স প্ৰজেক্টত কাম কৰিছিল।

হালনাগাদ: ২৭ জুলাই ২০২৫ ৩৫২ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

মৈথিল দেৱীকা, জন্ম: ১৯৭৬ চন, এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু গৱেষণা তত্ত্বাৱধায়ক।১ তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ স্পেচ ছায়েন্স এণ্ড টেকন'লজিৰ জ্যেষ্ঠ গৱেষণা সহযোগী আছিল, ২০২৩ চনত তেওঁৰ নিজে পৰিকল্পনা কৰা আৰ্টচ্ ইণ্টিগ্ৰেটেড এডভান্স চাইন্স প্ৰজেক্টত কাম কৰিছিল।২ বৰ্তমান তেওঁ কেৰালাৰ মুখ্যমন্ত্ৰীৰ নভা কেৰালা পোষ্ট ডক্টৰেট ফেল'শ্বিপ কৰি আছে। তেওঁৰ গৱেষণাৰ বিষয়, মন্দিৰ পৰিসৰত মহিলা নৃত্যশিল্পীৰ বাবে নতুন প্ৰদৰ্শন স্থান: এ ষ্টাডি অন হাউ দ্য মডাৰ্ণ উইমেন ৰি-ইনভাৰ্ট হাৰ ইছ'টেৰিক স্পেচ।৩

প্ৰাৰম্ভিক জীৱন

দেৱীকাৰ দুগৰাকী জ্যেষ্ঠ ভগ্নীৰ এগৰাকী ৰাধিকা পিল্লাই, শিক্ষক আৰু কলা সমালোচক আৰু মৈথিল ৰেণুকা১ যিয়ে ফৰ্বছৰ সম্পাদক হিচাপে কাম কৰে। প্ৰখ্যাত সাহিত্যিক মৈথিল ৰাধাকৃষ্ণন তেওঁৰ আপোন মোমায়েক। লেখক ভি কে এনৰ পত্নী বেদৱতী তেওঁৰ নিজৰ মাহীয়েক।১

মৈথিল দেৱীকাই তিৰুচিৰাপল্লীৰ ভাৰতীদাসন বিশ্ববিদ্যালয়ৰ পৰা মোহিনীঅট্টমত পি.এইচ.ডি. ডিগ্ৰী লাভ কৰে।৪ তেওঁ কলকাতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা পৰিৱেশ্য কলাত এম.এ. আৰু মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰিছে।৫

কৃতিত্ব

মৈথিল দেৱীকাই ভাৰতৰ খাজুৰাহো আন্তঃৰাষ্ট্ৰীয় মহোৎসৱকে ধৰি বিভিন্ন নৃত্য মহোৎসৱত এককভাৱে নৃত্য পৰিৱেশন কৰিছে।৬

তেওঁ মাদ্ৰাজ মিউজিক একাডেমি,৭ মুদ্ৰা উৎসৱ৮ আৰু নিশাগন্ধী নৃত্য উৎসৱত নৃত্য অনুষ্ঠান পৰিৱেশন কৰিছে।৯ বিদেশৰ মাটিত তেওঁ বষ্টন,১০ নিউয়ৰ্ক চহৰ, টেক্সাছ, ফিলাডেলফিয়া, লাওছ,১১ চিয়াং মাই,১২ ছিডনী আৰু মেলবৰ্ণ১৩ আদি বিভিন্ন দেশত অনুষ্ঠান পৰিৱেশন কৰিছে।

ডকুমেণ্টেছন

২০১৮ চনত দেৱীকাই এখন চুটি ছবি তথ্যচিত্ৰ সৰ্পততৱাম বা দ্য চাৰ্পেণ্ট উইজডম নামৰ এখন চুটি ছবি নিৰ্মাণ কৰিছিল। ছবিখনত তেওঁ গীতৰ কথা লিখে আৰু সংগীত সংযোজন কৰে, নৃত্যৰ নৃত্য পৰিচালনা আৰু পৰিৱেশন কৰাৰ উপৰি সহ-পৰিচালক আৰু সহ-প্ৰযোজক হিচাপেও কাম কৰে।১৪ ২০১৮ চনত এই ছবিখনে অকাডেমী বঁটাৰ প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈ ভোট লাভ কৰিছিল।১৫ এল এৰ প্ৰেষ্টিজ থিয়েটাৰত ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ হোৱাৰ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰতো ই প্ৰদৰ্শিত হৈছিল। ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভ, পুনেতো ছবিখন মুকলি কৰা হৈছিল।

সম্প্ৰদায় ডান্স কোম্পানীয়ে পৃষ্ঠপোষকতা কৰা মৈথিল দেৱীকাৰ আন এক সৃষ্টি “অহল্যা’’ও ২০২১ চনৰ মে' মাহত বিশ্ব প্ৰিমিয়াৰৰ বাবে মুকলি হয়।১৬

বঁটা

দেৱীকাৰ আৰ্কাইভত সংগৃহীত ছবিখন ২০১৮ চনৰ অকাডেমি বঁটাৰ প্ৰতিদ্বন্দ্বিতা তালিকাত ভোট লাভ কৰিছিল।১৭১৫ তেওঁ দুটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰে, মোহিনীঅট্টম ২০০৭ৰ১৮ বাবে “ওস্তাদ বিছমিল্লাহ যুৱপুৰস্কাৰ’’ আৰু ২০১০ চনত উৰিষ্যাৰ মন্ত্ৰীৰ পৰা “দেৱদাসী বঁটা’’ লাভ কৰে।১৯ তেওঁ লাভ কৰা ৰাজ্যিক সন্মান হ’ল, ক্ষেত্ৰকলা অকাডেমি বঁটা ২০২০২০ আৰু কেৰালা সংগীত নাটক একাডেমী বঁটা ২০১১ চনৰ।২১২২

২০১৬ চনত মাদ্ৰাজ মিউজিক অকাডেমিৰ পৰা মিড-ইয়াৰ ফেষ্টৰ শ্ৰেষ্ঠ নৃত্যশিল্পী বঁটা লাভ কৰে।২৩ ২০১০ চনত তেওঁক SPIC‐MACAY অৰ্থাৎ ছ'চাইটি ফৰ দ্য প্ৰমোচন অৱ ইণ্ডিয়ান ক্লাছিকেল মিউজিক এণ্ড কালচাৰ এমংষ্ট ইউথত নিযুক্তি দিয়া হয়।২৪২৫ তেওঁ ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদত মোহিনীঅট্টমৰ বাবে এম্পেনেল শিল্পী।২৬ শেহতীয়াকৈ তেওঁৰ বঁটা হৈছে দক্ষিণমূৰ্তিপুৰস্কাৰ, যিটো তেওঁ ২০২২ চনত পণ্ডিত হৰিপ্ৰসাদ চৌৰাচিয়া আৰু শিৱামণিৰ সৈতে লাভ কৰে।২৭

তথ্যসূত্ৰ

  1. ↑ methil devika. eShe
  2. ↑ Women have come a long way, but a little more improvement won't do harm: Kerala Minister Mridula Ramesh. India Today
  3. ↑ GOVERNMENT OF KERALA
  4. ↑ (16 February 2017). Dancing to the tunes of life. Deccan Chronicle
  5. ↑ Dancing to the tunes of life
  6. ↑ (2016-03-07). So much divine energy in Khajuraho: Methil Devika. INDIA New England News
  7. ↑ Kochi, RITZ. (2019-01-22). Redefining Dance: A Chat With Dr.Methil Devika! · RITZ
  8. ↑ Nisha. (2010-09-17). Exquisite recitals. The Hindu
  9. ↑ Nampoothiri, Hareesh N. (2015-02-05). Potpourri of dance. The Hindu
  10. ↑ Mohiniyattam recital by Methil Devika in Boston!! at Chinmaya Mission Auditorium, Andover, MA · Indian Event. events.sulekha.com
  11. ↑ (26 January 2017). First Indian Classical Dance Show Debuts in Vientiane Capital – Lao Tribune
  12. ↑ Indian Dance and Fashion Show at Central festival. Chiang Mai Citylife
  13. ↑ admin. Methil Devika Dance workshop in Melbourne. Indian Events · Movies · Australian
  14. ↑ Nagarajan, Saraswathy. (20 September 2018). In tune with the dance of the serpent. The Hindu
  15. ↑ Slayton, Jeff. (26 September 2018). Sarpathathwa -The Serpent Wisdom: A Beautiful Short Film by Indian Classical Dancer Methil Devika. L.A. Dance Chronicle
  16. ↑ Kumar, P. k Ajith. (2021-05-06). When life imitates art during pandemic. The Hindu
  17. ↑ Review - Sarpatatwam - Padma Jayaraj. narthaki.com
  18. ↑ (19 April 2013). Methil Devika interacts with students in the city - Times of India. The Times of India
  19. ↑ Keeping a tradition alive. The New Indian Express
  20. ↑ Thiraseela.com. thiraseela.com
  21. ↑ Kerala Sangeetha Nataka Akademi Award: Dance. Department of Cultural Affairs, Government of Kerala
  22. ↑ (14 January 2019). Methil Devika. Mathrubhumi
  23. ↑ Srikanth, Rupa. (2016-07-08). Dance of grace. The Hindu
  24. ↑ Samskriti: Collaborations With SPIC MACAY · Amrita Vishwa Vidyapeetham. www.amrita.edu
  25. ↑ (2013-04-10). Forgotten moves. Hindustan Times
  26. ↑ Dr. Methil Devika · Indian Council for Cultural Relations. www.iccr.gov.in
  27. ↑ (2022-12-13). Singer Nanchamma, 3 others to receive awards. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেথিল দেৱীকা” প্ৰবন্ধৰ সংশোধন ৫২৭৯৮৪ (২৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।