অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মেহজাবীন চৌধুৰী

মেহজাবীন চৌধুৰী (ইংৰাজী: Mehazabien Chowdhury; জন্ম: ১৯ এপ্ৰিল ১৯৯১) এগৰাকী বাংলাদেশী অভিনেত্ৰী, মডেল আৰু ২০০৯ চনৰ লাক্স চেনেল আই ছুপাৰষ্টাৰ বিজয়ী। বাংলাদেশৰ সৌন্দৰ্য প্ৰতিযোগিতা লাক্স চেনেল আই ছুপাৰষ্টাৰ জিকাৰ পিছতে তেওঁ অভিনয় জীৱন আৰম্ভ কৰিছিল।

হালনাগাদ: ১৮ ছেপ্তেম্বৰ ২০২৬ ২৬১ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

মেহজাবীন চৌধুৰী (ইংৰাজী ভাষা: Mehazabien Chowdhury; জন্ম: ১৯ এপ্ৰিল ১৯৯১) এগৰাকী বাংলাদেশী অভিনেত্ৰী, মডেল আৰু ২০০৯ চনৰ লাক্স চেনেল আই ছুপাৰষ্টাৰ বিজয়ী।১ বাংলাদেশৰ সৌন্দৰ্য প্ৰতিযোগিতা লাক্স চেনেল আই ছুপাৰষ্টাৰ জিকাৰ পিছতে তেওঁ অভিনয় জীৱন আৰম্ভ কৰিছিল।২৩৪

ম’বাইল ফোন অপাৰেটৰ বাংলালিংকৰ এটা টেলিভিছন বিজ্ঞাপনত অভিনয় কৰি চৌধুৰীয়ে বিশেষ চৰ্চা লাভ কৰিছিল। এটিএন বাংলাত সম্প্ৰচাৰিত টেলিভিছন নাটক তুমি থাকো সিন্ধু পাৰেৰ জৰিয়তে তেওঁ আত্মপ্ৰকাশ কৰে। তেতিয়াৰপৰাই তেওঁ বড় ছেলে, চম্পা হাউচ, বুকেৰ বাঁ পাশে, আলো, লতা অডিঅ’, চিৰকাল আজ আৰু কাজলেৰ দিন ৰাত্ৰিৰ দৰে কেইবাখনো নাটকত অভিনয় কৰিছে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৯১ চনৰ ১৯ এপ্ৰিলত বাংলাদেশৰ চট্টগ্ৰামত চৌধুৰীৰ জন্ম হৈছিল।৫৬৭

২০২৫ চনৰ ১৪ ফেব্ৰুৱাৰীত মেহজাবীনে পৰিচালক, প্ৰযোজক তথা চিত্ৰনাট্যকাৰ আদনান অল ৰাজীৱৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৮৯

কৰ্মজীৱন

চৌধুৰীয়ে মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০০৯ চনত তেওঁ লাক্স চেনেল আই ছুপাৰষ্টাৰৰ খিতাপ দখল কৰে, য’ত মৌনিতা খান ঈশানা প্ৰথম ৰানাৰ্ছ আপ আৰু সাদিকা স্বৰ্ণা দ্বিতীয় ৰানাৰ্ছ আপ হৈছিল।১০ এই প্ৰতিযোগিতাত বিজয়ী হোৱাৰ পিছত তেওঁ নিয়মিতভাৱে সংবাদ মাধ্যমত কাম কৰিবলৈ আৰম্ভ কৰে।১১

চৌধুৰীৰ প্ৰথম টেলিভিছন অভিষেক ঘটিছিল তুমি থাকো সিন্ধু পাৰে নাটকৰ জৰিয়তে।১২ ইয়াৰ পিছত তেওঁ টেলিভিছন বিজ্ঞাপনত ভূমুকি মাৰিবলৈ আৰম্ভ কৰে।১৩

২০১৬ চনত চৌধুৰীয়ে নৃত্যৰ ৰিয়েলিটি শ্ব’ মংগোলী-চেনেল আই সেৰা নাচিয়েত অতিথি বিচাৰক হিচাপে কাম কৰিছিল।১৪

চৌধুৰীয়ে ৰোমাণ্টিক-কমেডী টেলিফিল্ম একাই ১০০ত নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল।১৫ ২০১৭ চনত তেওঁ জনপ্ৰিয় টেলিভিছন নাটক বড় ছেলেত অভিনয় কৰে।১৬১৭

২০২০ চনত চৌধুৰীক বহুজাতিক পাদুকা ব্ৰেণ্ড বাটা বাংলাদেশৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিৰ্বাচিত কৰা হয়।১৮ ২০২৩ চনত তেওঁ অনলাইন মাৰ্কেটপ্লেচ দাৰাজ বাংলাদেশৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে ঘোষণা কৰা হয়।১৯২০ চৌধুৰী বৰ্তমান নিহাৰ নেচাৰেল হেয়াৰ অইলৰ এগৰাকী ব্ৰেণ্ড এম্বেছেডৰ।১৩

২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ভিকি জাহেদৰ পৰিচালনাত তেওঁৰ প্ৰথমখন ৱেব ফিল্ম ৰেডৰাম চৰকীত মুক্তি পায়।২১

২০২২ চনত চৌধুৰীয়ে মাচৰাঙা টেলিভিছনত সম্প্ৰচাৰিত সংগীতৰ ৰিয়েলিটি শ্ব’ স্কুৱেৰ সুৰেৰ সেৰাত অতিথি বিচাৰক হিচাপে অংশগ্ৰহণ কৰিছিল।২২

তথ্যসূত্ৰ

  1. ↑ (19 September 2020). "I have not signed any movie" – Mehazabien Chowdhury. The Daily Star
  2. ↑ Alom, Zahangir. (2010-01-24). Talent and glamour unified. The Daily Star
  3. ↑ Hassan, Mainul. (2010-02-02). Journey to stardom. The Daily Star
  4. ↑ Mehazabien Chowdhury crowned Lux Superstar '09. The Daily Star
  5. ↑ (2020-04-19). Happy 29th birthday to Mehazabien. Daily Bangladesh
  6. ↑ (5 August 2019). bn:মেহজাবিন চৌধুৰী. NTV
  7. ↑ (19 April 2017). Birthdays are a rare respite for Mehazabien. The Daily Star
  8. ↑ ১৩ বছৰেৰ প্ৰেমেৰ সফল পৰিণতি. Bangla Tribune
  9. ↑ Mehazabien Chowdhury ties the knot with Adnan Al Rajeev. Dhaka Tribune
  10. ↑ Mehazabien wraps up new TVC, telefilm. The Independent
  11. ↑ Reality shows provide much-needed platform to gifted: Mehazabien. New Age
  12. ↑ (19 January 2018). Mehzabien's journey into the world of television. The Daily Star
  13. ↑ (20 April 2021). Hair oil brand Nihar Naturals onboards Mehazabien Chowdhury as its brand ambassador.. The Daily Star
  14. ↑ Mehazabien as guest judge at Shera Nachiye. The New Nation
  15. ↑ (28 July 2020). Nisho to play a rebellious bachelor and live in his car. Dhaka Tribune
  16. ↑ (12 September 2017). Mehazabien didn't realise "Boro Chele" would be such a hit. The Daily Star
  17. ↑ (23 September 2017). Boro Chele Becomes One of the Most Watched Bangladeshi Telefilms in YouTube. The Daily Star
  18. ↑ New faces of Bata. The Financial Express
  19. ↑ Daraz celebrates its seventh anniversary. Prothom Alo
  20. ↑ Nisho, Mehazabien made Daraz brand ambassadors. Daily Sun
  21. ↑ (18 February 2022). Exploring the intriguing characters of 'Redrum'. The Daily Star
  22. ↑ Mehazabien appears as judge in singing reality show. The Bangladesh News

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেহজাবীন চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৬৩৬১২৫ (১৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।