জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
বিষ্ণু শৰ্মা
বিষ্ণু শৰ্মা (विष्णुशर्मन् / विष्णुशर्मा) এজন ভাৰতীয় পণ্ডিত আৰু লেখক আছিল। তেওঁ উপকথাৰ সংকলন পঞ্চতন্ত্ৰ ৰচনা কৰিছে বুলি জনা যায়।
-
বিৰিঞ্চি কুমাৰ দাস
বিৰিঞ্চি কুমাৰ দাস এজন সমালোচক, অনুবাদক, অধ্যাপক। তেওঁ বৰ্তমান বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ অসমীয়া সাহিত্য সন্মিলনীৰ ২০২৩-২৫ বৰ্ষৰ কাৰ্যবাহী সভাপতি ৰূপেও সেৱা আগবঢ়াই আহিছে। তেওঁৰ বৰ্তমানলৈকে ৪খন গ্ৰন্থ প্ৰকাশ পোৱাৰ লগতে দুখনকৈ অনুবাদিত গ্ৰন্থ প্ৰকাশ হৈছে।
-
বীৰ দাস
বীৰ দাস (Vir Das; জন্ম: ৩১ মে' ১৯৭৯) এজন ভাৰতীয় কমেডিয়ান, অভিনেতা আৰু সংগীতশিল্পী। ষ্টেণ্ডআপ কমেডীত কেৰিয়াৰ আৰম্ভ কৰাৰ পিছত দাসে বদমাছ কোম্পানী (২০১০), দিল্লী বেলি (২০১১), আৰু গ' গোৱা গ'ন (২০১৩) আদি ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰি হিন্দী চিনেমাত কিছু পৰিচয় অৰ্জন কৰে।
-
বীৰেন্দৰ সিং ধানোৱা
এয়াৰ চীফ মাৰ্শ্বাল বীৰেন্দৰ সিং ধানোৱা (Birender Singh Dhanoa) PVSM, AVSM, YSM, VM, ADC, এগৰাকী ভাৰতীয় বায়ুসেনাৰ বিষয়া। তেওঁ ভাৰতীয় বায়ুসেনাৰ ২২তম বায়ুসেনা প্ৰধান হিচাপে ২০১৬ চনৰ ৩১ ডিচেম্বৰৰপৰা ২০১৯ চনৰ ৩০ ছেপ্টেম্বৰলৈকে কাৰ্যনিৰ্বাহ কৰিছিল।
-
বু আলী শ্বাহ কালাণ্ডাৰ
শ্বেইখ চৈয়দ শ্বাৰফুদ্দিন বু আলী শ্বাহ কালাণ্ডাৰ পানীপতি, বু আলী কালাণ্ডাৰ নামেৰে বিখ্যাত (১২০৯–১৩২৪ খ্ৰীষ্টাব্দ), দিল্লী চুলতানীৰ ভাৰতৰ বৰ্তমানৰ হাৰিয়ানাৰ পানীপথত জন্মগ্ৰহণ কৰা আৰু ভাৰতত অধ্যাপনা কৰা ওৱেইছি অৰ্ডাৰৰ এজন কালাণ্ডাৰ আৰু চুফী সন্ত।
-
বুদ্ধিন্দ্ৰনাথ ভট্টাচাৰ্য
বুদ্ধিন্দ্ৰনাথ ভট্টাচাৰ্য বা বুদ্ধিন্দ্ৰনাথ দেলিহীয়াল ভট্টাচাৰ্য (Budhindranath Delihial Bhattacharya; জন্ম: ১৮৬৫-মৃত্যু: ১৯৪৫) অসমৰ প্ৰথমখন ইংৰাজী-অসমীয়া অভিধান প্ৰণেতা।যোৰহাটত তেওঁ ‘বুধিবাবু’ নামে জনপ্ৰিয় আছিল। কলেজীয়া ছাত্ৰাৱস্থাত বুধিবাবু লক্ষ্মীনাথ বেজবৰুৱাৰ সহপাঠী আছিল।
-
বুলা চৌধুৰী
বুলা চৌধুৰী ( Bula Choudhury; জন্ম: ২ জানুৱাৰী ১৯৭০ চনত) এগৰাকী ভাৰতীয় প্ৰাক্তন সাঁতোৰবিদ। তেওঁ অৰ্জুন বঁটা বিজয়ী, পদ্মশ্ৰী বঁটা বিজয়ী, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰীয় মহিলা সাঁতোৰ চেম্পিয়ন আৰু ২০০৬ চনৰ পৰা ২০১১ চনলৈকে ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ নন্দনপুৰক প্ৰতিনিধিত্ব কৰি বিধায়ক হিচাপে নিৰ্বাচিত হয়।
-
বৃন্দা (নৃত্য পৰিচালক)
বৃন্দা গোপাল (ইংৰাজী: Brinda Gopal) হৈছে এগৰাকী ভাৰতীয় নৃত্য পৰিচালক আৰু নিৰ্দেশক। বৃন্দাই মূলতঃ দক্ষিণ ভাৰতীয় চলচ্চিত্ৰত কাম কৰে। ভাৰতীয় বিভিন্ন চলচ্চিত্ৰৰ নৃত্যৰ তেওঁ নৃত্য পৰিচালনা কৰিছে।
-
বৃন্দা আচাৰ্য
বৃন্দা আচাৰ্য (Brinda Acharya; জন্ম: ১৮ ছেপ্টেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ কন্নড় চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০২১ চনত প্ৰেমম পূজ্যম নামৰ কন্নড় চলচ্চিত্ৰ এখনত অভিনয়েৰে ছবিজগতত খোজ দিয়ে। ইয়াৰ পিছত, ২০২৩ চনত তেওঁ কৌশল্যা সুপ্ৰজা ৰামা নামৰ ছবিখনত অভিনয় কৰিছিল।
-
বৃন্দা কাৰাট
বৃন্দা কাৰাট ( Brinda Karat; জন্ম: ১৭ অক্টোবৰ ১৯৪৭) এগৰাকী ভাৰতীয় মাৰ্ক্সবাদী ৰাজনীতিবিদ আৰু ২০০৫ চনৰ ১১ এপ্ৰিলৰ পৰা ২০১১ চনলৈকে পশ্চিম বংগক প্ৰতিনিধিত্ব কৰা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ। তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সদস্য। ২০০৫ চনত তেওঁ চিপিআই(এম) পলিটব্যুৰোৰ প্ৰথম মহিলা সদস্য।
-
বৃহদ্ৰথ
প্ৰথম বৃহদ্ৰথ (সংস্কৃত- बृहद्रথ) হিন্দু সাহিত্যত প্ৰদৰ্শিত মগধৰ প্ৰাচীন কিম্বদন্তি শাসক বংশ বৃহদ্ৰথ বংশৰ প্ৰতিষ্ঠাপক আছিল। তেওঁ গংগা নদীৰ পাৰত ক্ষমতাৰ কেন্দ্ৰ চুবুৰীয়া ৰাজ্য চেদীৰ পৰা নতুনকৈ বসতি স্থাপন কৰা মগধলৈ স্থানান্তৰ কৰি মগধ প্ৰতিষ্ঠা কৰে।
-
বেগম আবিদা আহমেদ
বেগম আবিদা আহমেদ (Begum Abida Ahmed,১৭ জুলাই ১৯২৩ – ৭ ডিচেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, শিল্পী, আৰু সমাজ কৰ্মী৷ তেওঁ ১৯৭৪ চনৰ পৰা ১৯৭৭ চনলৈ ভাৰতৰ প্ৰথম মহিলা হিচাপে আৰু পিছলৈ লোকসভাত সাংসদ সদস্য হিচাপে উত্তৰ প্ৰদেশৰ বাৰেলী সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল৷ আবিদা আহমেদ ভাৰতৰ পঞ্চম…
-
বেগা বেগম
বেগা বেগম ( Bega Begum) (১৫১১-১৭ জানুৱাৰী ১৫৮২) মোগল সাম্ৰাজ্যৰ সম্ৰাট হুমায়ুনৰ প্ৰথম পত্নী হিচাপে জান-ই-কালান নামেৰে জনাজাত আছিল আৰু হজলৈ যোৱাৰ পিছত তেওঁ হাজী বেগম নামেৰেও পৰিচিত হৈছিল।
-
বেঞ্জামিন দৈমাৰী
বেঞ্জামিন দৈমাৰী (Benjamin Daimary; ২৮ জুলাই, ২০০০) হৈছে এগৰাকী অসমীয়া অভিনেতা আৰু প্ৰসাধন শিল্পী। তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী সৰ্বজনীন গে' অভিনেতা। ২০২১ চনত অসমীয়া চলচ্চিত্ৰ জোনাকী পৰুৱাত কৰা অভিনয়ৰ বাবে তেওঁ বিচাৰকৰ বিশেষ বঁটা লাভ কৰে।
-
বেন জনচন
বেঞ্জামিন জনছন (Benjamin Jonson; ১১ জুন ১৫৭২ – ১৮ আগষ্ট, ১৬৩৭) এজন ইংৰাজ নাট্যকাৰ আৰু কবি আছিল। জনছনৰ শিল্পীত্বই ইংৰাজী কবিতা আৰু মঞ্চ কৌতুকৰ ওপৰত এক স্থায়ী প্ৰভাৱ পেলাইছিল।
-
বেনজিৰ চালাম
বেনজিৰ চালাম বাংলাদেশৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় আৰু লোক নৃত্যশিল্পী। তেওঁৰ জন্ম ১৯৭৯ চনৰ ১৭ জানুৱাৰীত বাংলাদেশৰ ৰাজশাহী জিলাত।
-
বেনাৰচ ৰেল ইঞ্জিন কাৰখানা
ভানাৰাস ৰেল ইঞ্জিন কাৰখানা (Banaras Locomotive Works) ভাৰতীয় ৰেলৰ দ্বাৰা পৰিচালিত আৰু বাৰানসীৰ ডিৰেকাত অৱস্থিত এক কাৰখানা। ইয়াত ডিজেল-ইলেকট্ৰিক ৰেল ইঞ্জিন আৰু আনুষংগিক আহিলা-পাতি নিৰ্মাণ কৰা হয়। সম্প্ৰতি ই ভাৰতৰ বৃহত্তম ডিজেল-ইলেকট্ৰিক ৰেল ইঞ্জিন নিৰ্মাতা।
-
বেবী হালদাৰ
বেবী হালদাৰ (বা হালদাৰ) (জন্ম ১৯৭৩) এগৰাকী ভাৰতীয় লেখক। তেওঁৰ উচ্চ প্ৰশংসিত সৃষ্টি কৰ্মটি হ'ল - ২০০৬ চনত প্ৰকাশ হোৱা তেওঁৰ আত্মজীৱনী আলো আঁধাৰি (আ লাইফ লেচ অৰ্ডিনেৰী), য'ত ঘৰুৱা কৰ্মীৰূপে তেওঁৰ ৰুঢ় জীৱনটো বৰ্ণিত হৈছে। কিতাপখন ১৩টা বিদেশী ভাষালৈ অনুবাদ হৈছে।
-
বেবে নানকী
বেবে নানকী (ਬੇਬੇ ਨਾਨਕੀ) (১৪৬৪–১৫১৮) শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম শিখগুৰু গুৰু নানকৰ জ্যেষ্ঠ ভগ্নী আছিল। বেবে নানকী শিখ ধৰ্মৰ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় চৰিত্ৰ। তেওঁক শিক্ষকসকলৰ প্ৰথম গুৰুশিখ বুলি জনা যায়। তেওঁ প্ৰথম বাৰৰ বাবে ভাতৃ গুৰু নানকৰ "আধ্যাত্মিক বিশিষ্টতা" হৃদয়ংগম কৰিছিল।
-
বেলা হাদিদ
ইজাবেলা খাইৰ হাদিদ (ইংৰাজী: Bella Hadid; জন্ম ৯ অক্টোবৰ, ১৯৯৬) এগৰাকী আমেৰিকান মডেল। হাদিদে আন্তঃৰাষ্ট্ৰীয় Vogue আলোচনীৰ মুঠ ৩৫টা কভাৰত উপস্থিত হৈছে। ২০২২ চনত তেওঁক ব্ৰিটিছ ফেশ্বন কাউন্সিলৰদ্বাৰা ‘‘মডেল অৱ দ্য য়েৰ’’ হিচাপে মনোনীত কৰা হয়।
-
বেহাট বিবি
বেহাট বিবি, যাক বেহাট দেদ বুলিও কোৱা হয়, কাশ্মীৰৰ পৃষ্ঠপোষক সন্ত শ্বেখ নূৰ-উদ-দিন (নুন্দ ৰেছি)ৰ শিষ্য আছিল। ভনীয়েক দেহাট বিবিৰ সৈতে তেওঁক কেতিয়াবা ছাট’আ কোৰি বুলিও কোৱা হয়, আক্ষৰিক অৰ্থত নুণ্ড ৰেছিৰ ছোৱালী শিষ্য বা ছোৱালী ছাত্ৰী।
-
বৈভৱ সূৰ্যবংশী
বৈভৱ সূৰ্যবংশী (Vaibhav Suryavanshi,জন্ম: ২৭ মাৰ্চ ২০১১) এজন ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ বিহাৰৰ হৈ ঘৰুৱা ক্ৰিকেট আৰু ৰাজস্থান ৰয়েলছৰ হৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ খেলে। বাওঁহতীয়া বেটছমেন হিচাপে ২০২৪ চনৰ জানুৱাৰী মাহত তেওঁ প্ৰথম শ্ৰেণীৰ খেলত অভিষেক ঘটায়।
-
বৈভৱী মাৰ্চেণ্ট
বৈভৱী মাৰ্চেণ্ট (Vaibhavi Merchant) হৈছে বলীউডৰ ছবিত কাম কৰা এগৰাকী ভাৰতীয় নৃত্য পৰিচালক। ১৯৯৯ চনত হম দিল দে চুকে সনামৰ ঢোলী তাৰো ধোল বাজে গীতটিৰ বাবে তেওঁ শ্ৰেষ্ঠ নৃত্য পৰিচালনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।
-
বৈষ্ণৱী মহন্ত
বৈষ্ণৱী মহন্ত (Vaishnavi Mahant) ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিচনৰ অভিনেত্ৰী গৰাকী মুকেশ খান্নাৰ দূৰদৰ্শনত প্ৰচাৰিত টেলিভিচন ধাৰাবাহিক 'শক্তিমান'ত গীতা বিশ্বাসৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে সুপৰিচিত।
-
ব্ৰাত্য বসু
ব্ৰাত্যব্ৰত বসু ৰায়চৌধুৰী (Bratya Basu; জন্ম: ২৫ ছেপ্টেম্বৰ ১৯৬৯) এজন ভাৰতীয় বাঙালী নাট্যকাৰ, নাট পৰিচালক, কবি, প্ৰাবন্ধিক, ঔপন্যাসিক, অনুবাদক, সম্পাদক, অভিনেতা আৰু ৰাজনীতিবিদ। বৰ্তমান তেওঁ পশ্চিম বংগৰ উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ মন্ত্ৰী।
-
বৎসল শেঠ
বৎসল শেঠ (জন্ম ৫ আগষ্ট ১৯৮০) হৈছে এগৰাকী ভাৰতীয় অভিনেতা, মডেল আৰু উদ্যোগী। ভাৰতীয় বহু টেলিভিছন শ্ব’ আৰু অসংখ্য হিন্দী চলচ্চিত্ৰত অভিনয় কৰা তেখেতে ২০০৪ চনৰ টাৰ্জান: দ্য ৱাণ্ডাৰ কাৰ ছবিত ৰাজ চৌধাৰী, ২০১৪ চনৰ থ্ৰিলাৰ ছিৰিজ এক হাছিনা থি-ত শৌৰ্য্য গোৱেংকা, ২০১৭ চনৰ লাভ-চাগা হাচিলত কবীৰ ৰাইচান্দৰ…
-
বৰ্খা দত্ত
বৰ্খা দত্ত এগৰাকী ভাৰতীয় টেলিভিছন সাংবাদিক, লেখিকা আৰু বাতৰিৰ সূত্ৰধাৰ। বৰ্তমান তেওঁ তিৰংগা টিভিত কৰ্মৰত। ইয়াৰ আগতে তেওঁ সুদীৰ্ঘ ২১ বছৰ কাল এনডিটিভিৰ লগত জড়িত আছিল। ২০১৭ চনৰ জানুৱাৰী মাহত তেওঁ এনডিটিভিৰ পৰা ওলাই আহে।
-
ভক্তি শৰ্মা
ভক্তি শৰ্মা (Bhakti Sharma; জন্ম ৩০ নৱেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় সাঁতোৰবিদ (মুকলি পানীৰ)। এণ্টাৰ্কটিকাৰ পানীত মুক্ত সাঁতোৰৰ দ্বাৰা ৰেকৰ্ড গঢ়া শৰ্মা এচিয়াৰ প্ৰথম মহিলা আৰু পৃথিৱীৰ সৰ্বকনিষ্ঠতম।
-
ভগিনী নিবেদিতা
ভগিনী নিবেদিতা (Sister Nibedita; জন্ম:এলিজাবেথ ন’বেল; ২৮ অক্টোবৰ ১৮৬৭ – ১৩ অক্টোবৰ ১৯১১) এগৰাকী আয়াৰলেণ্ড দেশীয় শিক্ষয়িত্ৰী, লেখিকা, সমাজ কৰ্মী, বিদ্যালয় প্ৰতিষ্ঠাপক আৰু স্বামী বিবেকানন্দৰ শিষ্যা আছিল। শৈশৱ আৰু যৌৱনৰ আৰম্ভণিৰ কালছোৱা আয়াৰলেণ্ডত কটায়।
-
ভগৱতী চৰণ বৰ্মা
ভগৱতী চৰণ বৰ্মা (Bhagawati Charan Verma; ৩০ আগষ্ট, ১৯০৩ — ৫ অক্টোবৰ, ১৯৮১) আছিল হিন্দী সাহিত্যৰ এগৰাকী লেখক। তেওঁ হিন্দী ভাষাত বহুকেইখন উপন্যাস ৰচনা কৰিছে। ১৯৩৪ চনত প্ৰকাশিত চিত্ৰলেখা তেওঁৰ অন্যতম কৃতি। এই উপন্যাসখনৰ আধাৰতেই ১৯৪১ আৰু ১৯৬৪ চনত দুখনকৈ হিন্দী চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে।