ভানাৰাস ৰেল ইঞ্জিন কাৰখানা (Banaras Locomotive Works) ভাৰতীয় ৰে’লৰ দ্বাৰা পৰিচালিত আৰু বাৰানসীৰ বেনাৰচ ৰেল ইঞ্জিন কাৰখানাত অৱস্থিত এক কাৰখানা। ইয়াত ডিজেল-ইলেকট্ৰিক ৰেল ইঞ্জিন আৰু আনুষংগিক আহিলা-পাতি নিৰ্মাণ কৰা হয়। সম্প্ৰতি ই ভাৰতৰ বৃহত্তম ডিজেল-ইলেকট্ৰিক ৰেল ইঞ্জিন নিৰ্মাতা।
বেনাৰচ ৰেল ইঞ্জিন কাৰখানা (DRW) বাৰানসীৰ মহানগৰৰ উপকণ্ঠৰ মণ্ডুৱাদীহ নামৰ অঞ্চলত অৱস্থিত।
কোম্পানী
১৯৬১ চনত স্থাপিত ডিৰেকাৰ প্ৰথমটো ৰেল ইঞ্জিন কুণ্ডণ (WDM2 ১৮২৩৩) ১৯৬৪ চনত জানুৱাৰীৰ ৩ তাৰিখে নিৰ্মিত হৈ ওলায়। ১৯৬০ চনৰপৰা এলকো মূলৰ বিভিন্ন আৰ্হিৰ ইঞ্জিন নিৰ্মাণ আৰু গৱেষণা কৰাৰ উপৰিও ১৯৯০ দশকৰপৰা GM EMD আৰ্হিসমূহৰ নিৰ্মাণ আৰু গৱেষণাৰ লগতো ই জড়িত হৈ পৰিছে।১ ডিৰেকাৰ বাৰ্ষিক নিৰ্মাণ ক্ষমতা ২৫০টা যদিও বিদেশী গ্ৰাহকৰ চাহিদাৰ সৈতে সামঞ্জস্য ৰাখি সেই ক্ষমতা ২৭৫টালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে।২৩৪
উত্পাদিত সামগ্ৰী
ডিৰেকাৰ ইঞ্জিনসমূহৰ অশ্বশক্তি 2600 hp ৰপৰা 5500 hpলৈকে বিস্তৃত। বৰ্তমান ডিৰেকাই EMD GT46MAC আৰু EMD GT46PAC ইঞ্জিনসমূহ ইলেক্ট্ৰ'ম'টিভ ডিজেলচ্ (পূৰ্বৰ GM-EMD) অনুজ্ঞাপত্ৰৰ অধীনত নিৰ্মাণ কৰাৰ উপৰিও সেইসমূহৰ বিকাশৰ লগতো জড়িত হৈ পৰিছে।৪
বজাৰ
ভাৰতীয় ৰেলৰ উপৰিও নিয়মীয়াকৈ ডিজেল-ইলেকট্ৰিক ইঞ্জিনসমূহ৪ শ্ৰীলংকা, মালয়েছিয়া, বাংলাদেশ, মালি, চেনেগাল৫ চুদান৬ তাঞ্জানিয়া, এংগোলা, ভিয়েটনাম ইত্যাদি দেশলৈ ৰপ্তানি কৰা হয়। তদুপৰি দেশৰ ভিতৰতে জাহাজ বন্দৰ, বৃহৎ শক্তিখণ্ড আৰু ব্যক্তিগত খণ্ডৰ ৰেলসেৱাসমূহৰ চাহিদাও ই পূৰণ কৰি আহিছে।৭৮
সহায়ক খণ্ড
২০০৬ চনৰপৰা ডিৰেকাই কিছুসংখ্যক যাত্ৰীবাহী আৰু মালবাহী ইঞ্জিনৰ নিৰ্মাণকাৰ্য মুম্বাইস্থিত মধ্য ৰেলৱেৰ পেৰেল কাৰখানালৈ সম্প্ৰসাৰিত কৰে।৯
লগতে চাওক
- ৰেল ইঞ্জিন নিৰ্মাতাৰ তালিকা
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Diesel Locomotive Works (DLW)
- ↑ (2008-03-17). DLW meets annual target ahead of the deadline. The Indian express Group
- ↑ (2008-08-08). Rlys plan to make more locomotives to tap global mkt. The Financial Express
- ↑ (January 1, 2012). DLW sets new record in locomotive production. Times of India
- ↑ (2008-01-15). Indian Railways exports four diesel locomotives. The Economic Times
- ↑ (2004-11-11). Rs. 80-crore target for railway spares export. The Hindu
- ↑ (June 30, 2009). Retiring DLW GM flags off rail engine. Times of India
- ↑ (October 9, 2010). IR to soon manufacture high power locomotives. Times of India
- ↑ Verma, Kalpana. (August 19, 2008). Engine manufacturing unit at Parel a boon for Rlys. Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেনাৰচ ৰেল ইঞ্জিন কাৰখানা” প্ৰবন্ধৰ সংশোধন ৪০৪৩৪৭ (৩ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।