বিৰিঞ্চি কুমাৰ দাস এজন সমালোচক, অনুবাদক, অধ্যাপক১। তেওঁ বৰ্তমান বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।২ তেওঁ অসমীয়া সাহিত্য সন্মিলনীৰ ২০২৩-২৫ বৰ্ষৰ কাৰ্যবাহী সভাপতি ৰূপেও সেৱা আগবঢ়াই আহিছে। তেওঁৰ বৰ্তমানলৈকে ৪খন গ্ৰন্থ প্ৰকাশ পোৱাৰ লগতে দুখনকৈ অনুবাদিত গ্ৰন্থ প্ৰকাশ হৈছে।
জন্ম আৰু বংশ পৰিচয়
বিৰিঞ্চি কুমাৰ দাসৰ জন্ম হয় ১৯৬৭ চনত, বৰপেটা চহৰৰ পালাংদি হাটীত। তেওঁৰ পিতৃৰ নাম অন্নেশ্বৰ দাস আৰু মাতৃৰ নাম অম্বিকা দাস।
শিক্ষা জীৱন
বিৰিঞ্চি কুমাৰ দাসে ১৯৮৪ চনত বৰপেটা বিদ্যাপীঠ হাইস্কুলৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। ইয়াৰ পাছত বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষা সমাপ্ত কৰি একেখন মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ২০১০ চনত তেওঁ “Socialist Realism in Mikhail Sholokhov’s Novels: A Cross-Cultural Study” বিষয়ত গৱেষণা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই ডক্টৰেট ডিগ্ৰী লাভ কৰে।৩
কৰ্মজীৱন
মহাবিদ্যালয়ৰ ছাত্ৰ হৈ থকা সময়তে বিৰিঞ্চি কুমাৰ দাসে বৰপেটাৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত নিম্ন বৰ্গৰ সহায়ক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি তাৰ সমান্তৰালভাবে অধ্যয়নো চলাই নিয়ে। ১৯৯৪ চনত তেওঁ অসম চৰকাৰৰ হিচাপ পৰীক্ষণ (স্থানীয় নিধি) বিভাগত সহকাৰী হিচাপ পৰীক্ষণ বিষয়া হিচাপে যোগদান কৰে। ১৯৯৫ চনত তেওঁ বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগত শিক্ষক হিচাপে যোগদান কৰে। ২০১৮ চনত তেওঁ সৰুপেটাৰ ভৱানীপুৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে যোগদান কৰাৰ পাছত ২০২২ চনৰপৰা তেওঁ বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।৪ ২০১৭ চনৰ পৰা বিৰিঞ্চি কুমাৰ দাসে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিদেশী ভাষা বিভাগৰ গৱেষণা তত্ত্বাৱধায়কৰ দায়িত্ব পালন কৰি আহিছে। তেওঁ মাজতে কিছুদিনৰ বাবে The Assam Tribune কাকতৰ স্থানীয় সংবাদদাতাৰ দায়িত্বও পালন কৰিছিল। ছাত্ৰাৱস্থাৰেপৰা বিভিন্ন কাকত-আলোচনীত অসমীয়া আৰু ইংৰাজীত বিভিন্ন প্ৰবন্ধ-পাতি, কবিতা, হাস্যৰসাত্মক লেখা, ব্যক্তিগত ৰচনা, চুটি গল্প আদি ৰচনা কৰা বিৰিঞ্চি কুমাৰ দাসে ঘাইকৈ সাহিত্য সমালোচনামূলক প্ৰবন্ধ ৰচনাত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। দেশী-বিদেশী বিভিন্ন গ্ৰন্থ তথা সাহিত্য-ধাৰা সম্পৰ্কে পৰ্যালোচনা আগ বঢ়োৱা বিৰিঞ্চি কুমাৰ দাসৰ গৱেষণা কৰ্মৰ মূল ক্ষেত্ৰ হৈছে তুলনামূলক সাহিত্য। ইয়াৰ উপৰিও অনুবাদ কৰ্মৰ সৈতেও তেওঁ জড়িত হৈ আছে।
সাহিত্যৰাজি
- Socialist Realism in Mikhail Sholokhov’s Novels: A Cross-Cultural Study
- এজন লোক, এখন চহৰ আৰু কিছু সৰাপাত (বিভিন্ন বিষয়ৰ প্ৰবন্ধৰ সংকলন)
- অলপ কথা, অলপ পোহৰ (কবিতা সংকলন)
- পাঠ পঠন (সাহিত্য বিষয়ক প্ৰবন্ধ সংকলন)
- নিউমাৰো জিৰো (উমবেৰ্ট' এক'ৰ একে নামৰ উপন্যাসৰ অনুবাদ)
- উন্মাদ (খলিল জিব্ৰানৰ The Madman, His Parables and Poems গ্ৰন্থৰ অনুবাদ)
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিৰিঞ্চি কুমাৰ দাস” প্ৰবন্ধৰ সংশোধন ৫৩৫১৪৪ (২৭ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।