বৃন্দা গোপাল (ইংৰাজী: Brinda Gopal) হৈছে এগৰাকী ভাৰতীয় নৃত্য পৰিচালক আৰু নিৰ্দেশক।১ বৃন্দাই মূলতঃ দক্ষিণ ভাৰতীয় চলচ্চিত্ৰত কাম কৰে। ভাৰতীয় বিভিন্ন চলচ্চিত্ৰৰ নৃত্যৰ তেওঁ নৃত্য পৰিচালনা কৰিছে। তেওঁ শ্ৰেষ্ঠ নৃত্য পৰিচালনাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা,২ দুবাৰ শ্ৰেষ্ঠ নৃত্য পৰিচালকৰ বাবে তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু চাৰিবাৰ শ্ৰেষ্ঠ নৃত্য পৰিচালনাৰ বাবে কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছে।৩
প্ৰাৰম্ভিক জীৱন
তামিলনাডুৰ ইৰোডৰ এটা সৰু পৰিয়ালত বৃন্দাৰ জন্ম হৈছিল। তেওঁৰ ছগৰাকী ভগ্নী আছিল। জ্যেষ্ঠ ভগ্নী জয়ন্তীয়ে প্ৰথমে নৃত্য আৰম্ভ কৰিছিল আৰু “উথিৰিপুক্কল” আৰু “পূট্টাথা পুক্কল” নামৰ দুখন ছবিত নায়িকা হিচাপে অভিনয় কৰিছিল। বৃন্দাৰ দ্বিতীয় ভগ্নী গিৰিজাই কলাক্ষেত্ৰত কলাক্ষেত্ৰত ভাৰতনাট্যম শিকিছিল; আৰু নৃত্য পৰিচালক থাংগম আৰু পিছলৈ ৰঘুৰাম মাষ্টাৰৰ সৈতে কাম কৰিছিল, যাক তেওঁ পিছলৈ বিয়া কৰায় আৰু লগতে এগৰাকী স্বতন্ত্ৰ নৃত্য পৰিচালক ৰূপে প্ৰতিস্থিত হয়। তেওঁৰ সৰু ভগ্নী কালা এগৰাকী ভাৰতীয় নৃত্য পৰিচালক।৪৫ পেছাগতভাৱে তেওঁ কালা মাষ্টাৰ নামেৰে পৰিচিত। তেওঁ ভাৰতীয় ৰিয়েলিটি ডান্স টেলেণ্ট শ্ব' মানাদা মায়িলাদাৰ (Maanada Mayilada) পৰিচালক তথা অনুষ্ঠানটোৰ তিনিজন বিচাৰকৰ ভিতৰত অন্যতম।৬
তেওঁৰ এগৰাকী ভতিজা প্ৰসন্ন সুজিতো এগৰাকী চলচ্চিত্ৰ নৃত্য পৰিচালক। প্ৰয়াত ৰঘুৰাম মাষ্টাৰ আৰু ভগ্নী গিৰিজাৰ এগৰাকী ভতিজী গায়ত্ৰী ৰঘুৰামো এগৰাকী নৃত্য পৰিচালক আৰু অভিনেত্ৰী। ইয়াৰ উপৰিও জয়ন্তী মাষ্টাৰৰ কন্যা তথা অভিনেতা শান্তনু বাঘ্যৰাজৰ পত্নী কীৰ্তিক ৰিয়েলিটি শ্ব’ “মানদা মায়লাদা”ত এংকৰ হিচাপে কাম কৰে।৭
কেৰিয়াৰ
বলীউডৰ ছবি “ইনছাফ কি পুকাৰ”ৰ জৰিয়তে তেওঁ ১৯৮৭ চনত সহকাৰী নৃত্য পৰিচালক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। ২০০০ চনত অজিত কুমাৰ আৰু জ্যোতিকাই মুখ্য চৰিত্ৰত অভিনয় কৰা তামিল ছবি “মুগাভাৰী”ৰ জৰিয়তে তেওঁ স্বতন্ত্ৰ নৃত্য পৰিচালক হিচাপে কাম কৰে। সেই ছবিখনৰ বাবে কৰা কামৰ বাবে ২০০০ চনত তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ৰাজ্য চৰকাৰে শ্ৰেষ্ঠ নৃত্য পৰিচালকৰ বাবে তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান কৰিছিল।
১৯৯৭ চনত ইউ. এ. ই.ৰ ব্যৱসায়ী অভিনেত্ৰী স্নেহাৰ ভাতৃ গোবিন্দৰাজনৰ সৈতে তেওঁৰ ভগ্নী কালা বিবাহপাশত আবদ্ধ হৈছিল। বিয়াৰ পিছত কালা প্ৰথমে ডুবাইলৈ স্থানান্তৰিত হৈছিল যদিও সমস্যাৰ বাবে তেওঁ চেন্নাইলৈ উভতি আহি পুনৰ কোৰিঅ’গ্ৰাফী আৰম্ভ কৰিবলৈ বাধ্য হয়। ১৯৯৯ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয় আৰু তাৰ পিছতে কালা আৰু বৃন্দাই বিতৰ্কিতভাৱে স্নেহাৰ নৃত্য ক্ষমতাৰ বিষয়ে এখন আলোচনীৰ প্ৰতি অপমানজনক মন্তব্য কৰে।৮
বঁটা আৰু সন্মান
১৯৯৭ চনত শ্ৰেষ্ঠ নৃত্য পৰিচালকৰ বাবে ফিল্মফেয়াৰ বঁটা।
১৯৯৮ চনত শ্ৰেষ্ঠ নৃত্য পৰিচালনাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা।
২০০০ চনত শ্ৰেষ্ঠ তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা।
২০০৩ চনত শ্ৰেষ্ঠ নৃত্য পৰিচালকৰ ফিল্মফেয়াৰ বঁটা।
২০০৫ চনত শ্ৰেষ্ঠ নৃত্য পৰিচালনাৰ কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা।
২০০৭ চনত শ্ৰেষ্ঠ নৃত্য পৰিচালকৰ বাবে তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা।
২০০৭ চনৰ শ্ৰেষ্ঠ নৃত্য পৰিচালকৰ বাবে কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা।
২০০৮ চনৰ শ্ৰেষ্ঠ নৃত্য পৰিচালকৰ বাবে কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা।
২০১৭ চনৰ শ্ৰেষ্ঠ নৃত্য পৰিচালকৰ বিজয় বঁটা।
২০২১ চনৰ শ্ৰেষ্ঠ নৃত্য পৰিচালকৰ বাবে কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা।
তথ্যসূত্ৰ
- ↑ (2022-09-07). 'Thugs' first look promises a raw and violent film from Brinda Gopal. The Times of India
- ↑ 46th National Film Awards. Directorate of Film Festivals
- ↑ amilnadu State Awards 2007 & 2008. Dinakaran
- ↑ Ethiraj, Gopal. (2009-09-21) Sunday celebrity:Kala Master: she is 'sagala Kala vallavi'. Asian Tribune. Retrieved on 2013-11-30
- ↑ Tamil movies: Dancing sisters' war dance against Sneha . Behindwoods.com (2006-07-07). Retrieved on 2013-11-30
- ↑ The dancing queen of Tamil TV – Rediff.com Movies. Movies.rediff.com (2010-07-13). Retrieved on 2013-11-30
- ↑ Metro Plus Kochi / People: She makes them dance to her tunes. The Hindu (2008-10-27). Retrieved on 2013-11-30
- ↑ Tamil movies: Dancing sisters’ war dance against Sneha . Behindwoods.com (2006-07-07). Retrieved on 2013-11-30
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৃন্দা (নৃত্য পৰিচালক)” প্ৰবন্ধৰ সংশোধন ৬৩০৫৪৫ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।