বেগম আবিদা আহমেদ (Begum Abida Ahmed,১৭ জুলাই ১৯২৩ – ৭ ডিচেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, শিল্পী, আৰু সমাজ কৰ্মী৷ তেওঁ ১৯৭৪ চনৰ পৰা ১৯৭৭ চনলৈ ভাৰতৰ প্ৰথম মহিলা হিচাপে আৰু পিছলৈ লোকসভাত সাংসদ সদস্য হিচাপে উত্তৰ প্ৰদেশৰ বাৰেলী সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল৷ আবিদা আহমেদ ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ পত্নীও আছিল,যিগৰাকীয়ে ১৯৭৪ চনৰ পৰা ১৯৭৭ চনত মৃত্যুৰ আগলৈকে কাৰ্যনিৰ্বাহ কৰিছিল।
প্ৰাৰম্ভিক জীৱন
বেগম আবিদা আহমেদৰ ১৯২৩ চনৰ ১৭ জুলাইত উত্তৰ প্ৰদেশৰ বদৌনৰ শ্বেইখুপুৰত জন্ম হৈছিল। ৰাজনৈতিকভাৱে নিয়োজিত পৰিৱেশত তেওঁ ডাঙৰ-দীঘল হৈছিল, যিয়ে তেওঁৰ ভৱিষ্যতৰ জনসেৱা আৰু সক্ৰিয়তাৰ আগ্ৰহক গঢ় দিছিল।
তেওঁ আলিগড়ৰ মহিলা মহাবিদ্যালয় আৰু আলিগড়ৰ আলিগড় মুছলিম বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে।১ তাত তেওঁ শৈক্ষিক দিশত পাৰদৰ্শিতা দেখুৱাইছিল আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত আগ্ৰহ প্ৰকাশ কৰিছিল। ৰাজনীতি আৰু সামাজিক বিষয়ৰ সৈতে তেওঁৰ আৰম্ভণিৰ পৰিচয়ে তেওঁক ৰাজহুৱা জীৱনত কেৰিয়াৰ গঢ়িবলৈ অনুপ্ৰাণিত কৰিছিল।
১৯৪৫ চনৰ ৯ নৱেম্বৰত তেওঁৰ স্বামী ফখৰুদ্দিন আলী আহমেদৰ সৈতে বিবাহপাশত আবদ্ধ হয়।২৩আলী আহমেদ কাৰাগাৰত আৰু আবিদা আহমেদ কলেজত পঢ়ি থকাৰ সময়তে তেওঁলোকৰ বিবাহৰ ব্যৱস্থা কৰা হয়।৪
১৯৫৭ চনত আবিদা আহমেদে স্বামীৰ সৈতে যাত্ৰা কৰে আৰু ৰাষ্ট্ৰসংঘত স্বামীৰ নিযুক্তিৰ অংশ হিচাপে নিউয়ৰ্ক চহৰলৈ স্থানান্তৰিত হয়।৫ তেওঁ আৰু তেওঁৰ স্বামী ভাৰত ভ্ৰমণৰ সময়তো পেট নিক্সনৰ লগত গৈছিল।৬৭
কৰ্মজীৱন
ৰাষ্ট্ৰপতিৰ পাকঘৰটো নৱীকৰণ কৰাৰ লগতে অৱধি খাদ্যক ইয়াৰ সূচীত অন্তৰ্ভুক্ত কৰাৰ বাবে বেগমক কৃতিত্ব দিয়া হয়।৮৯১০ইয়াৰ উপৰিও তেওঁ ৰাষ্ট্ৰপতি ভৱনৰ কোঠা আৰু আচবাব পুনৰ সজাই তোলাৰ কাম কৰিছিল আৰু চাৰিওফালৰ লেণ্ডস্কেপিং ডিজাইন কৰাত সহায় কৰিছিল।১১১২ ৰাষ্ট্ৰপতি ভৱনৰ সৈতে জড়িত অনুষ্ঠান আৰু সমাৱেশৰো তেওঁ আয়োজন কৰিছিল।১৩ ১৯৭৭ চনত কাৰ্যভাৰ গ্ৰহণ কৰি থকাৰ সময়তে তেওঁৰ স্বামীৰ মৃত্যু হয় আৰু প্ৰথম মহিলা হিচাপে তেওঁৰ ভূমিকা শেষ হয়।১৪
ব্যক্তিগত জীৱন
আবিদা আৰু ফখৰুদ্দিনৰ দুজন পুত্ৰ আৰু এগৰাকী কন্যা আছিল।১৫৪ তেওঁলোকৰ পুত্ৰৰ জ্যেষ্ঠ পাৰভেজ আহমেদ এজন চিকিৎসক যিয়ে ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত বৰপেটা সমষ্টিত তৃণমূল কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল।১৬১৭১৮তেওঁলোকৰ আনজন পুত্ৰ বদৰ ডুৰেজ আহমেদে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।১৯২০আবিদা এগৰাকী বেডমিণ্টন খেলুৱৈ আছিল আৰু ১৯৫৮ চনত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অসম দলক নেতৃত্ব দিছিল।
তথ্যসূত্ৰ
- ↑ Ram, Sharmila Ganesan. (2022-07-11). Times top10. The Times of India
- ↑ Vajpayee, Ramkrishna. (2020-12-07). बेगम आबिदा अहमद की पुण्यतिथि, जानिए उनकी जिंदगी से जुड़े अनसुने किस्से. newstrack.com
- ↑ Agrawal, M. G. (2008). Freedom Fighters of India (In Four Volumes). Isha Books. পৃ. 119. ISBN 9788182054684
- ↑ (1974-10-25). India's First Lady Moves Into the Official Spotlight. New York Times. পৃ. 34
- ↑ De Groodt, Helene. (1973-12-12). Indian Painter Gives Watergate Interpretation in Oils. THe Orlando Sentinel. পৃ. 24
- ↑ (1969-07-31). Pat charms Indian village as President meets brass. The Evening News. UPI. পৃ. 15
- ↑ Thornton, Thomas. (1992). The Hope and the Reality: U.S.-Indian Relations from Roosevelt to Reagan. Routledge. ISBN 978-0-429-31161-1
- ↑ Collingham, Lizzie; Husain, Salma. (2016). Around India's First Table: Dining and Entertaining at the Rashtrapati Bhavan. Government of India. পৃ. 119
- ↑ (16 September 2021). All the Presidents' Meals: What is served at the First Table. The Indian Express
- ↑ Wright. (2015). The presidential retreats of India. Publications Division, Government of India. ISBN 978-81-230-2075-4
- ↑ Gopalakrishnan. (2016). Life at Rashtrapati Bhavan. RB series. Publication Division, Government of India. ISBN 978-81-230-2298-7
- ↑ (1 November 2020). Feels Like Home. The Indian Express
- ↑ Rathi, Nandini. (2017-07-26). Savita Kovind enters Rashtrapati Bhavan, but India's First Ladies are yet to make a mark. The Indian Express
- ↑ (1977-02-11). India's President Ahmed dies; hailed as 'a great Moslem'. The Berkshire Eagle. UPI. পৃ. 2
- ↑ The Orlando Sentinel 11 Feb 1977, page 48. Newspapers.com
- ↑ The Orlando Sentinel 11 Feb 1977, page 48. Newspapers.com
- ↑ Former President's son to fight for TMC. The Economic Times
- ↑ (31 March 2014). Former President Fakhruddin Ali Ahmed's son files nomination. Business Standard India. Press Trust of India
- ↑ (22 March 2018). Justice Badar Durrez Ahmed. Kashmir Life
- ↑ Sharma, Nalini. (29 March 2017). May the Force be with you! Justice Badar Durrez Ahmed bids farewell to Delhi HC (Read speech). Bar and Bench - Indian Legal news
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেগম আবিদা আহমেদ” প্ৰবন্ধৰ সংশোধন ৫২৪০৯২ (১৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।