বুদ্ধিন্দ্ৰনাথ ভট্টাচাৰ্য বা বুদ্ধিন্দ্ৰনাথ দেলিহীয়াল ভট্টাচাৰ্য (Budhindranath Delihial Bhattacharya; জন্ম: ১৮৬৫-মৃত্যু: ১৯৪৫) অসমৰ প্ৰথমখন ইংৰাজী-অসমীয়া অভিধান প্ৰণেতা।১যোৰহাটত তেওঁ ‘বুধিবাবু’ নামে জনপ্ৰিয় আছিল। কলেজীয়া ছাত্ৰাৱস্থাত বুধিবাবু লক্ষ্মীনাথ বেজবৰুৱাৰ সহপাঠী আছিল। আসাম হিতৈষী, জয়ন্তী আদি কাকতত তেওঁ প্ৰৱন্ধ-পাতি লিখিছিল। ৰমণী গাভৰু আৰু চিত্ৰাংগদা ভট্টাচাৰ্যই লিখা দুখন নাটক। ১৯৩২ চনত তেওঁ প্ৰথমখন ইংৰাজী-অসমীয়া অভিধান প্ৰকাশ কৰি উলিয়াইছিল।২অভিধানখনৰ নাম আছিল; The Pronouncing Anglo Assamese Dictionary। ২০১৯ চনলৈকে কিতাপখনৰ ২৭টা সংস্কৰণ ছপা হৈছে।৩
সংক্ষিপ্ত জীৱনী
১৮৬৫ চনৰ ডিচেম্বৰ মাহত নগাঁৱ জিলাৰ শিঙিয়া গাঁৱত বুদ্ধিন্দ্ৰনাথ ভট্টাচাৰ্যৰ জন্ম হয়। পিতৃৰ নাম ধৰ্মদত্ত ভট্টাচাৰ্য আৰু মাতৃৰ নাম আই কেতেকী দেৱী। দেউতাকে নগাঁও কাছাৰীত কাম কৰিছিল। দেউতাকৰ আনন্দৰাম ঢেকিয়াল ফুকনৰ সৈতে সদ্ভাৱ আছিল আৰু সেইসূত্ৰে গুণাভিৰাম বৰুৱাই ভট্টাচাৰ্যক নগাঁৱ চৰকাৰী হাইস্কুলত নামভৰ্তি কৰাই দিছিল। ১৮৮৫ চনত এন্ট্ৰেস পৰীক্ষাত উৰ্ত্তীণ হৈ তেওঁ কলিকতাৰ চিটি কলেজত নামভৰ্তি কৰিছিল। ইয়াত লক্ষ্মীনাথ বেজবৰুৱা তেওঁৰ সহপাঠী আছিল।১ ১৮৮৭ চনত তেওঁ এফ এ পাছ কৰে আৰু ১৮৮৯ চনত যোৰহাট চৰকাৰী স্কুলত শিক্ষকৰূপে যোগদান কৰে। শিক্ষকতাৰ চাকৰি এৰি, ১৮৯২ চনত তেওঁ যোৰহাট কাছাৰীত পেস্কাৰ ৰূপে চাকৰিত সোমায় আৰু ১৮৯৬ চনত চিভিল পেস্কাৰ ৰূপে শিৱসাগৰ কাছাৰীত যোগ দিয়ে। চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত তেওঁ চাহ খেতিত লাগে। বুধিন্দ্ৰনাথে ১৯০২ চনত এডৱাৰ্ড সপ্তমৰ ৰাজ্যাভিষেকৰ বাবে ৰায়বাহাদুৰ জগন্নাথ বৰুৱাৰ সচিবৰূপে ইংলেণ্ড ভ্ৰমণ কৰিছিল।১ তেওঁৰ ভ্ৰমণকাহিনী ‘বিলাত যাত্ৰা’ই প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ আগতে বিংশ শতিকাৰ আৰম্ভণিতে ব্ৰিটেইন আৰু প্ৰাক-স্বাধীন ভাৰতৰ, বিশেষকৈ অসমৰ ৰোমাঞ্চকৰ আভাস প্ৰদান কৰে।
১৯২০ চনত অৱসৰৰ পিছত বুধিন্দ্ৰনাথে গোলাঘাট দিঘালিহুলাত এখন সৰু চাহ বাগিচা স্থাপন কৰে আৰু এজন স্বতন্ত্ৰ ব্যৱসায়ী হিচাপে কাম আৰম্ভ কৰে। এবছৰ পিছত, ১৯২৪ চনত, তেওঁ গোলাঘাট পৌৰসভা কাৰ্যালয়ত ভেল্যুৱাৰ হিচাপে নিযুক্ত হয়। এই সময়ছোৱাত, তেওঁক পূব বংগ আৰু অসম চৰকাৰৰ চৰকাৰী অনুবাদক হিচাপে কামত নিযুক্ত কৰা হৈছিল। উক্ত সময়ত তেওঁ কৰা কামখিনি অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ বাবে উল্লেখযোগ্য বুলি ধৰা হয়। তেওঁ ‘যোৰহাট থিয়েটাৰ’ৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল। বুধিন্দ্ৰনাথ ‘ছ'চাইটি ফৰ দ্য প্ৰগ্ৰেছ অৱ দ্য আচামিজ লেংগুৱেজ’ৰো সদস্য আছিল। ইয়াৰ অধীনত তেওঁ অসমীয়া সংস্কৃতি আৰু সমাজৰ উন্নতিৰ হকে সক্ৰিয় অৱদান আগবঢ়াইছিল।
১৯৪৫ চনৰ ৫ মাৰ্চ তাৰিখে বুদ্ধিন্দ্ৰনাথ ভট্টাচাৰ্যৰ মৃত্যু হয়।১
তথ্যসূত্ৰ
- ↑ শিৱনাথ বৰ্মন. (১৯৯২). অসমীয়া জীৱনী অভিধান. চ’ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰাইভেট লিমিটেড. পৃ. ১৯২
- ↑ শান্তনু কৌশিক বৰুৱা. (ডিচেম্বৰ, ২০২০). অসম ইয়েৰ বুক, ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৮৯৯-৯০০. ISBN 978-93-81485-82-8
- ↑ The Pronouncing Anglo Assamese Dictionary. এল বি এছ পাব্লিকেচনচ্
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বুদ্ধিন্দ্ৰনাথ ভট্টাচাৰ্য” প্ৰবন্ধৰ সংশোধন ৩২৭৩৫৮ (১১ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।