অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বীৰ দাস

বীৰ দাস (Vir Das; জন্ম: ৩১ মে' ১৯৭৯) এজন ভাৰতীয় কমেডিয়ান, অভিনেতা আৰু সংগীতশিল্পী। ষ্টেণ্ডআপ কমেডীত কেৰিয়াৰ আৰম্ভ কৰাৰ পিছত দাসে বদমাছ কোম্পানী (২০১০), দিল্লী বেলি (২০১১), আৰু গ' গোৱা গ'ন (২০১৩) আদি ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰি হিন্দী চিনেমাত কিছু পৰিচয় অৰ্জন কৰে।

হালনাগাদ: ৭ জানুৱাৰী ২০২৬ ২১৫ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

বীৰ দাস (Vir Das; জন্ম: ৩১ মে' ১৯৭৯) এজন ভাৰতীয় কমেডিয়ান, অভিনেতা আৰু সংগীতশিল্পী।১ ষ্টেণ্ডআপ কমেডীত কেৰিয়াৰ আৰম্ভ কৰাৰ পিছত দাসে বদমাছ কোম্পানী (২০১০), দিল্লী বেলি (২০১১), আৰু গ' গোৱা গ'ন (২০১৩) আদি ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰি হিন্দী চিনেমাত কিছু পৰিচয় অৰ্জন কৰে।২ ২০১৭ চনত তেওঁ নেটফ্লিক্সৰ বিশেষ অনুষ্ঠান এব্ৰড আণ্ডাৰষ্টেণ্ডিং পৰিবেশন কৰে।৩ দাসে প্ৰায় ৩৫খন নাটক, ১০০খনতকৈও অধিক ষ্টেণ্ড আপ কমেডী শ্ব’, ১৮খন ছবি, আঠখন টিভি শ্ব’ আৰু ছটা কমেডী বিশেষত অভিনয় কৰিছে। তেওঁ ফেমিনা, মেক্সিম, এক্স’টিকা, ডি এন এ আৰু তেহেলকাত কমেডী স্তম্ভ লিখিছে। ২০১৯ চনত তেওঁ আমেৰিকান টেলিভিছনত হুইস্কি কেভেলিয়াৰ নামৰ টেলিভিছন ধাৰাবাহিকখনৰ জৰিয়তে আত্মপ্ৰকাশ কৰে। তেওঁ ২০২৩ চনত নেটফ্লিক্সৰ কমেডী বিশেষ বীৰ দাস: লেণ্ডিঙৰ বাবে শ্ৰেষ্ঠ কমেডী ছিৰিজৰ আন্তৰ্জাতিক এমি বঁটা লাভ কৰে।৪

জীৱনী

১৯৭৯ চনৰ ৩১ মে'ত ডেৰাডুনত ৰাণু দাস আৰু মধুৰ দাসৰ ঘৰত বীৰ দাসৰ জন্ম হয়।৫৬৭ তেওঁ নাইজেৰিয়া আৰু ভাৰতত ডাঙৰ-দীঘল হৈছিল। নাইজেৰিয়াত তেওঁ নাইজেৰিয়াৰ লাগোছৰ ভাৰতীয় ভাষা বিদ্যালয়ত পঢ়িছিল। ভাৰতত তেওঁ ছানাৱাৰৰ দ্য লৰেন্স স্কুল আৰু নয়ডাৰ দিল্লী পাব্লিক স্কুলত পঢ়িছিল।৬ দিল্লী বিশ্ববিদ্যালয়ৰ শ্ৰী ভেংকটেশ্বৰ কলেজত ১৮ মাহ থকাৰ পিছত তেওঁ আমেৰিকালৈ যায়।৬৮ তাতেই তেওঁ ইলিনয়ৰ গেলছবাৰ্গৰ নক্স কলেজৰ পৰা অৰ্থনীতি আৰু থিয়েটাৰত মনোনিৱেশ কৰি স্নাতক ডিগ্ৰী লাভ কৰে।৬ নক্সৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত দাসক হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় আৰু মস্কো আৰ্টছ থিয়েটাৰত তেওঁলোকৰ যৌথ ষ্টেনিছলাভস্কি প্ৰগ্ৰেমৰ বাবে গ্ৰহণ কৰা হয়।৯ তেওঁৰ এগৰাকী ভগ্নী তৃষা, যি তেওঁতকৈ চাৰি বছৰ ডাঙৰ আৰু এগৰাকী লেখিকা আৰু এগৰাকী তথ্যচিত্ৰ নিৰ্মাতা।৭ তেওঁৰ এটা অনুষ্ঠানত বীৰে দাবী কৰিছে যে তেওঁৰ ককাক বংগৰ পৰা পদ্মশ্ৰী বঁটা বিজয়ী আছিল।১০ পাঁচ বছৰীয়া সম্পৰ্কৰ অন্তত তেওঁ ২০১৪ চনৰ অক্টোবৰ মাহত প্ৰেমিকা শিবানী মাথুৰক বিয়া কৰায়।১১১২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Marshall, Alex. (24 August 2022). They’re Comedy Stars at Home. At Edinburgh Fringe, They’re Nobodies.. The New York Times
  2. ↑ Pereira, Priyanka. (16 November 2016). Vir Das: No Laughing Matter. Open The Magazine
  3. ↑ Kozell, Isaac. (25 April 2017). Vir Das Has an 'Abroad Understanding'. Vulture
  4. ↑ (21 November 2023). International Emmy Awards 2023: Netflix's 'Vir Das Landing' wins Best Comedy. India Today
  5. ↑ Mathur, Yashika. (31 May 2017). Happy birthday Vir Das: Celebration's going to be all about family and ghar ka khana. Hindustan Times
  6. ↑ Gupta, Priya. (12 February 2014). My mother tells me not to say 'penis' on stage: Vir Das. The Times of India
  7. ↑ Myers, Marc. (26 February 2019). Vir Das Made His Way From India to American TV via National Lampoon. Wall Street Journal
  8. ↑ Zaman, Rana Siddiqui. (16 October 2009). Out Standing. The Hindu
  9. ↑ Humour and Society, with Vir Das. Asia Society
  10. ↑ Where my Bengalis at?. YouTube
  11. ↑ Shah, Jigar. (21 January 2015). I'm called an actor, not a comic: Vir Das. The Hindustan Times
  12. ↑ Chatterjee, Suprateek. (29 April 2017). Review: Vir Das' 'Abroad Understanding' Is A Hit-And-Miss Affair. The Quint

সম্পৰ্কিত শ্ৰেণী

ষ্টেণ্ড আপ কমেডিয়ানভাৰতীয় ষ্টেণ্ড আপ কমেডিয়ানউত্তৰাখণ্ডৰ ব্যক্তিকমেডিয়ানভাৰতীয় কমেডিয়ানঅভিনয় শিল্পীহিন্দী চলচ্চিত্ৰৰ অভিনেতাঅভিনেতাভাৰতীয় ইউটিউবাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বীৰ দাস” প্ৰবন্ধৰ সংশোধন ৫৬৮২১৮ (৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।