জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ভগৱন্তী নৱানী
ভগৱন্তী নৱানী ( ইংৰাজী: Vagwanti Navani; ১ ফেব্ৰুৱাৰী ১৯৪০ – ২২ অক্টোবৰ ১৯৮৬) আছিল সিন্ধী ভাষাৰ সংগীত আৰু চলচ্চিত্ৰ জগতৰ পৰিচিত এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী। তেওঁ লোকগীতৰ লগতে প্লে-বেক ছিংগাৰ আছিল। সুৰীয়া আৰু মধুৰ কণ্ঠৰ বাবে তেওঁ "সিন্ধি কোয়েল" নামেৰে জনাজাত হৈছিল।
-
ভগৱান মৰল
ভগৱান মৰল (১৯৩৮ - ২০১৩) এগৰাকী অসমীয়া ভাষাতত্ত্ববিদ, গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক, কবি আৰু পাঠ্যপুথিৰ লিখক আছিল। পেচাগতভাৱে শিক্ষক ভগৱান মৰলে Semantics of Assamese শীৰ্ষক গৱেষণা কৰ্মৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা পিএইচ.ডি ডিগ্ৰী লাভ কৰে।
-
ভাইলোপিল্লী শ্ৰীধৰ মেনন
ভাইলোপিল্লী শ্ৰীধৰ মেনন (১১ মে' ১৯১১ ২২ ডিচেম্বৰ ১৯৮৫) আছিল মালয়ালম সাহিত্যৰ এগৰাকী ভাৰতীয় কবি। কুডিঅ'ঝিক্কল, কান্নিক্কোয়থু আৰু মাম্বঝম আদি কৃতিৰ বাবে পৰিচিত মেনন আছিল কেৰালাৰ শিল্পী, লেখক তথা শিল্প আৰু সাহিত্য অনুৰাগীসকলৰ সংগঠন পুৰোগমনা কলা সাহিত্য সংগমৰ প্ৰতিষ্ঠাপক সভাপতি।
-
ভাগ্যৱতী কছাৰী
ভাগ্যৱতী কছাৰী (Bhagyabati Kachari জন্ম: ১ জানুৱাৰী, ১৯৯২) এগৰাকী ভাৰতীয় বক্সাৰ। তেওঁ ছাৰ্বিয়াৰ চম্বৰত অনুষ্ঠিত নৱম নেশ্বনছ কাপ বক্সিং টুৰ্ণামেণ্টত ৰূপৰ পদক অৰ্জন কৰে।
-
ভানুমতী দেৱী
ভানুমতী দেৱী (Bhanumati Devi; ১৫ মে' ১৯৩৪ – ৪ জানুৱাৰী ২০১৩) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী আছিল। ওড়িয়া চলচ্চিত্ৰ উদ্যোগত কাম কৰিছিল। ১৯৩৪ চনৰ ১৫ মে'ত ব্ৰিটিছ বাৰ্মাত তেওঁৰ জন্ম হয়।[3][4] দ্বিতীয় বিশ্বযুদ্ধৰ পিছত পৰিয়ালৰ সৈতে ভাৰতৰ ওড়িশাৰ পুৰীলৈ স্থানান্তৰ হয়।
-
ভামা শ্ৰীনিবাসন
ভামা শ্ৰীনিবাসন (জন্ম ২২ এপ্ৰিল ১৯৩৫) হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতক সাধাৰণতে জনা যায় সসীম গোটৰ উপস্থাপনা তত্ত্বলৈ আগবঢ়োৱা অৱদানৰ বাবে। তেখেতৰ অৱদানসমূহক নিউথাৰ বক্ততাৰে ১৯৯০ চনত সন্মানীত কৰা হয়।
-
ভালজী পেন্ধাৰকৰ
ভালজী পেন্ধাৰকৰ ( Bhalji Pendharkar; ৩ মে’ ১৮৯৭-২৬ নৱেম্বৰ ১৯৯৪) ভাৰতৰ এজন চলচ্চিত্ৰ ব্যক্তিত্ব। তেওঁ ৬০খনত অধিক মাৰাঠী আৰু ৮খন হিন্দী চলচ্চিত্ৰ নিৰ্মাণ কৰিছে। ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক ১৯৯১ চনত দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হয়।
-
ভাৰত চৰকাৰৰ টাকশাল, কলকাতা
ভাৰত চৰকাৰৰ টাকশাল, কলকাতা ১৭৫৭ চনত কলকাতাত প্ৰথমবাৰৰ বাবে ভাৰতৰ চৰকাৰী মিণ্ট বা টাকশাল (মুদ্ৰা তৈয়াৰ কৰা কাৰখানা) প্ৰতিষ্ঠা কৰা হৈছিল, আৰু ই পুৰণি দুৰ্গৰ ব্লেক হোলৰ ওচৰৰ এটা অট্টালিকাত আছিল, য'ত আজি জিপিঅ' (সাধাৰণ ডাকঘৰ) আছে।
-
ভাৰত বায়'টেক
ভাৰত বায়'টেক ইণ্টাৰনেশ্বনেল লিমিটে'ড (বি বি আই এল) ভাৰতৰ এটা অগ্ৰণী জৈৱপ্ৰযুক্তিবিজ্ঞানভিত্তিক কোম্পানী। ভাৰতৰ হায়দৰাবাদত মুখ্য কাৰ্য্যালয় অৱস্থিত এই কোম্পানীটো ভেষজ আৱিষ্কাৰ আৰু বিকাশ, ছিটা প্ৰস্তুত, জৈৱআৰোগ্যবিজ্ঞান, জৈৱভেষজ আৰু স্বাস্থ্যৰ যতন বিষয়ক পণ্য উৎপাদনৰ লগত জড়িত।
-
ভি. কে. মূৰ্তি
ভেংকটৰামা পণ্ডিত কৃষ্ণমূৰ্তি ( Venkatarama Pandit Krishnamurthy; ২৬ নৱেম্বৰ ১৯২৩ – ৭ এপ্ৰিল ২০১৪) একালৰ ভায়োলিনবাদক তথা কাৰাবন্দী স্বাধীনতা সংগ্ৰামী গুৰু দত্তৰ চলচ্চিত্ৰৰ নিয়মীয়া কেমেৰামেন আছিল; যাক পেছাগতভাৱে ভি.কে. মূৰ্তি নামেৰে জনা গৈছিল।
-
ভিক্টোৰিয়া ঝড্ৰক
ভিক্টোৰিয়া ঝড্ৰক উইলছন (জন্ম ৩ মাৰ্চ, ১৯৭৩) এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী, লেখিকা আৰু মডেল। ১৯৯৪ চনৰ অক্টোবৰ মাহত তেওঁ প্লেবয়ৰ প্লেমেট আছিল।
-
ভিক্টৰ এম্ব্ৰ'ছ
ভিক্টৰ আৰ. এম্ব্ৰ'ছ (Victor R. Ambros, জন্ম: ১ ডিচেম্বৰ, ১৯৫৩) এগৰাকী আমেৰিকান বিকাশমূলক জীৱবিজ্ঞানী আৰু নোবেল বঁটা বিজয়ী। তেওঁ প্ৰথম জ্ঞাত মাইক্ৰ'আৰ. এন. এ. (miRNA) আৱিষ্কাৰ কৰিছিল। বৰ্তমান তেওঁ ইউনিভাৰ্চিটি অৱ মেছাচুচেটছ মেডিকেল স্কুলৰ অধ্যাপক।
-
ভিক্টৰ ফ্ৰাংকল
ভিক্টৰ এমিল ফ্ৰাংকল (Austrian German: [ˈfraŋkl̩]; ২৬ মাৰ্চ ১৯০৫ – ২ ছেপ্টেম্বৰ ১৯৯৭) আছিল এজন অষ্ট্ৰিয়ান স্নায়ুবিজ্ঞানী, মনোৰোগ বিশেষজ্ঞ, দাৰ্শনিক আৰু ইহুদী গণহত্যাত (holocaust) মৃত্যুৰ মুখৰপৰা বাচি অহা ব্যক্তি। তেওঁ লোগোথেৰাপি (logotherapy) নামৰ মনোচিকিৎসাৰ এটা ধাৰাৰ প্ৰতিষ্ঠা কৰিছিল।
-
ভিক্টৰ হিউগ'
ভিক্টৰ হিউগ' (জন্ম ২৬ ফেব্ৰুৱাৰী ১৮০২ –মৃত্যু ২২ মে' ১৮৮৫) আছিল এজন ফৰাচী ৰোমাণ্টিক লেখক, কবি, ৰচনাকাৰ, নাট্যকাৰ, সাংবাদিক, মানৱতাবাদী লেখক। তেওঁৰ বিখ্যাত ৰচনাসমূহৰ ভিতৰত হ’ল দ্য হাঞ্চবেক অৱ নট্ৰে-ডেম (১৮৩১) আৰু লেছ মিজেৰেবলছ (১৮৬২) উপন্যাস।
-
ভুৱা বাতৰি
ভুৱা বাতৰি (fake news) হ’ল খবৰ হিচাপে উপস্থাপন কৰা ভুৱা বা বিভ্ৰান্তিকৰ তথ্য। ভুৱা বাতৰিৰ লক্ষ্য প্ৰায়ে কোনো ব্যক্তি বা সত্তাৰ সুনাম ক্ষতি কৰা, বা বিজ্ঞাপনৰ ৰাজহৰ জৰিয়তে ধন ঘটা। "ভুৱা বাতৰি" শব্দটো প্ৰথমবাৰৰ বাবে ১৮৯০ চনত ব্যৱহাৰ কৰা হৈছিল যেতিয়া বাতৰি কাকতত চাঞ্চল্যকৰ বাতৰি প্ৰকাশ পোৱা গৈছিল।
-
ভূপেন্দ্ৰনাৰায়ণ ভট্টাচাৰ্য
ড° ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য (জন্ম: ৬ আগষ্ট ১৯৫২) এগৰাকী উল্লেখযোগ্য অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু অধ্যাপক৷ তেওঁ ১৯৯১ চনত কাউৰী কাউৰী কাউৰী নামৰ গল্পটোৰ বাবে "সৰ্বভাৰতীয় কথা বঁটা" লাভ কৰিছিল৷ তেওঁ ব্যংগ গল্পৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে৷
-
ভূমি (বেণ্ড)
ভূমি হৈছে পশ্চিমবঙ্গৰ কলকাতা-ভিত্তিক এটা বাংলা লোক সংগীতৰ দল। এই দলটো ১৯৯৯ চনত গঠন হৈছিল ভূমিয়ে ২০০৮ চনত মণ্ট্ৰিয়েল আন্তঃৰাষ্ট্ৰীয় জাজ মহোৎসৱতো অনুষ্ঠান পৰিবেশন কৰিছিল।
-
ভেলেণ্টিন’ ৰ’ছি
ভেলেন্টিন’ ৰ’ছি (; জন্ম ১৬ ফেব্ৰুৱাৰী ১৯৭৯ ) এজন ইটালীৰ এজন পেছাদাৰী মটৰচাইকেল দৌৰৰ (ৰেচিং) প্ৰতিযোগী, তেওঁ একাধিকবাৰ ম’ট’ জি পি (MotoGP) ৱৰ্ল্ড চেম্পিয়নশ্বিপ খিটাপ দখল কৰিছে। তেওঁক মটৰচাইকেল ৰেচিঙৰ সৰ্বকালৰ সফলতম খেলুৱৈ সকলৰ এজন।
-
ভৱকান্ত নাথ
ভৱকান্ত নাথ (১৯৩৫-২০১৮) (Bhabakanta Nath) ভৱকান্ত নাথ আছিল একাধাৰে সাহিত্যক, অনুবাদক, প্ৰত্নতত্ববিদ আৰু গৱেষক৷ তেওঁৰ ঘৰ লখিমপুৰ জিলাৰ ফুলবাৰীত। তেওঁ বি,এ, বি,টি, অৱসৰপ্ৰাপ্ত ৰাজ্যিক কৃতী শিক্ষক আছিল আৰু অসম সাহিত্য সভাৰ আজীৱন সদস্য আছিল।
-
মংগলা নাৰ্লিকাৰ
মংগলা নাৰ্লিকাৰ হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতে উচ্চ গণিত আৰু সাধাৰণ গণিত, দুয়োখনে ক্ষেত্ৰলৈকে অৱদান আগবঢ়াইছে। গণিতত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত তেখেতে টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত কৰ্মত নিয়োজিত হয়। পৰৱৰ্তী পৰ্যায়ত তেখেতে মুম্বাই বিশ্ববিদ্যালয় আৰু পুনে বিশ্ববিদ্যালয়ত কৰ্মৰত হয়।
-
মজীদ মজীদী
মজীদ মজীদী (مجید مجیدی,, জন্ম: ১৭ এপ্ৰিল ১৯৫৯) এগৰাকী ইৰানী চলচ্চিত্ৰ নিৰ্মাতা আৰু প্ৰযোজক। তেওঁৰ চলচ্চিত্ৰসমূহত প্ৰায়ে শিশু বা কিশোৰ-কিশোৰীক কেন্দ্ৰীয় চৰিত্ৰ হিচাপে দেখুওৱা হয়; শৈশৱৰ নিষ্পাপতা, পাৰিবাৰিক বন্ধন, দৰিদ্ৰতা, সামাজিক সমস্যা আৰু সংহতিৰ দৰে বিষয় অন্বেষণ কৰা হয়; আৰু এই চলচ্চিত্ৰসমূহ…
-
মণিবেন কাৰা
মণিবেন কাৰা (Maniben Kara, ১৯০৫-১৯৭৯) এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু ট্ৰেড ইউনিয়নৰ সদস্য আছিল।তেওঁ হিন্দ মাজদুৰ সভাৰ প্ৰতিষ্ঠাপক সদস্য আছিল আৰু ইয়াৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ অৱদানৰ বাবে ১৯৭০ চনত ভাৰত চৰকাৰে তেওঁক চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।
-
মণিভাই দেশাই
মণিভাই দেশাই (জন্ম ২৭ এপ্ৰিল, ১৯২০ – ১৪ নৱেম্বৰ, ১৯৯৩) এজন ভাৰতীয় সামাজিক কৰ্মী, মহাত্মা গান্ধীৰ সহযোগী, আৰু গ্ৰাম্য উন্নয়নৰ পথ-প্ৰদৰ্শক আছিল।
-
মদীহা গৌহৰ
মদীহা গৌহৰ (Madeha Gauhar; ২১ ছেপ্টেম্বৰ ১৯৫৬ – ২৫ এপ্ৰিল ২০১৮) এগৰাকী পাকিস্তানী টিভি আৰু মঞ্চ অভিনেত্ৰী, নাট্যকাৰ আৰু সামাজিক থিয়েটাৰৰ পৰিচালক, আৰু নাৰী অধিকাৰ কৰ্মী। ১৯৮৪ চনত তেওঁ আজোকা থিয়েটাৰ প্ৰতিষ্ঠা কৰে য’ত ভ্ৰাম্যমাণ থিয়েটাৰ, ৰাজপথ আৰু ৰাজহুৱা স্থানত সামাজিক বিষয়বস্তু মঞ্চস্থ কৰা হয়।
-
মধু
মধু শাহ (জন্ম মধুবালা ৰঘুনাথ মালিনী; ২৬ মাৰ্চ ১৯৬৯), পূৰ্বতে মধুবালা নামে জনাজাত, এগৰাকী ভাৰতীয় অভিনেত্ৰী যি মুখ্যতঃ হিন্দী, তামিল, তেলুগু, মালয়ালম আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰত অভিনয়ৰ বাবে জনাজাত।
-
মধুমিতা ৰাউত
মধুমিতা ৰাউত (Madhumita Raut) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় ওড়িছী নৃত্যশিল্পী। তেওঁ ১৯৫০-ৰ দশকত শাস্ত্ৰ-আধাৰিত জ্ঞানেৰে ভাৰতীয় শাস্ত্ৰীয় নৃত্য ওড়িছীক পুনৰুজ্জীৱিত কৰিছিল।
-
মধুলিকা লিড্ডল
মধুলিকা লিড্ডল (Madhulika Liddle; জন্ম: ৮ জানুৱাৰী, ১৯৭৩) হ'ল ইংৰাজী ভাষাত লেখা-মেলা কৰা এগৰাকী ভাৰতীয় লেখক। মধুলিকা যদিও চুটি কল্পকাহিনী, ভ্ৰমণ লিখা আৰু ক্লাছিক চিনেমা সম্পৰ্কীয় লিখাৰ এগৰাকী উৰ্বৰ লেখক; তথাপি তেওঁ ১৭ শতিকাৰ মোগল ডিটেকটিভ মুজাফৰ জঙৰ বিষয়ে লিখা কিতাপবোৰৰ বাবেহে বেছি জনাজাত।
-
মনপ্ৰীত আখতাৰ
মনপ্ৰীত আখতাৰ (১৯৬৫ – ১৮ জানুৱাৰী ২০১৬) আছিল পঞ্জাবী লোকসংগীতৰ এগৰাকী ভাৰতীয় গায়িকা, যিয়ে বলীউড ছবিত প্লেবেক ছিংগাৰ হিচাপেও কাম কৰিছিল। তেওঁ কণ্ঠশিল্পী দিলশাদ আখতাৰৰ ভগ্নী৷ কুছ কুছ হোতা হ্যায় (১৯৯৮) ছবিৰ "তুঝে য়াদ না মেৰী আয়ী" গীতটোৰ বাবে তেওঁক বেছিকৈ স্মৰণ কৰা হয়।
-
মনপ্ৰীত কৌৰ
মনপ্ৰীত কৌৰ (জন্ম ৫ ৰ্মাচ,১৯৯০) ভাৰতৰ আম্বালাৰ এগৰাকী অলিম্পিক শ্বট-পুটাৰ। ২০১৭ চনত চীন দেশৰ জিনহোৱাত অনুষ্ঠিত হোৱা এছিয়ান গ্ৰেণ্ড প্ৰিস্কত ১৮.৮৬ মিটাৰৰ সোণৰ পদক বিজয়ী প্ৰৰ্দশনেৰে তেওঁ নিজকে বিশ্ব তালিকাৰ শীৰ্ষস্থানত লৈ যাবলৈ সক্ষম হৈছিল।
-
মনীষ কৌশিক
চুবেদাৰ মনীষ কৌশিক (জন্ম ১১ জানুৱাৰী ১৯৯৬) এজন ভাৰতীয় বক্সাৰ। তেওঁ ভাৰতীয় সেনাৰ সৈতে এজন কনিষ্ঠ কমিছনড অফিচাৰ (জেচিঅ')। কৌশিকে তেওঁৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় খেলত দোহা আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টত স্বৰ্ণ পদক জিকিছিল। দুবছৰ পিছত, মনীষে ২০১৭ চনৰ ৰাষ্ট্ৰীয় বক্সিং গেমছত স্বৰ্ণ জয় কৰে।