বৰ্খা দত্ত এগৰাকী ভাৰতীয় টেলিভিছন সাংবাদিক, লেখিকা আৰু বাতৰিৰ সূত্ৰধাৰ। বৰ্তমান তেওঁ তিৰংগা টিভিত কৰ্মৰত। ইয়াৰ আগতে তেওঁ সুদীৰ্ঘ ২১ বছৰ কাল এনডিটিভিৰ লগত জড়িত আছিল। ২০১৭ চনৰ জানুৱাৰী মাহত তেওঁ এনডিটিভিৰ পৰা ওলাই আহে।১ ১৯৯৯ চনৰ ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত কাৰ্গিল যুদ্ধৰ সময়ত তেওঁ ফ্ৰণ্টলাইন ৱাৰ ৰিপোৰ্টিঙৰ জৰিয়তে বিশেষভাৱে চৰ্চিত হৈছিল।২ বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰা বৰ্খায়ে ২০০৮ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰে।৩৪ এনডিটিভিত তেওঁ জনপ্ৰিয় টক শ্ব' ৱি দা পিপল আৰু প্ৰাইম টাইমৰ দা বাক ষ্টপছ হিয়াৰৰ সূত্ৰধাৰ আছিল।৫৬
প্ৰাৰম্ভিক জীৱন
১৯৭১ চনৰ ১৮ ডিচেম্বৰ তাৰিখে নতুন দিল্লীত বৰ্খা দত্তৰ জন্ম হৈছিল। তেওঁৰ পিতৃ এছ.পি. দত্ত এয়াৰ ইণ্ডিয়াৰ বিষয়া আৰু মাতৃ প্ৰভা দত্ত হিন্দুস্তান টাইমছৰ সংবাদিক আছিল।৭ বৰ্খায়ে তেওঁৰ মাতৃৰ পৰায়ে সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আকৰ্ষিত হৈছিল।৮ তেওঁৰ ভগ্নী বাহাৰ দত্তয়ো এগৰাকী টেলিভিছন সাংবাদিক আৰু তেওঁ চিএনএন আইবিএনত কৰ্মৰত।৮ তেওঁ নিজকে নাস্তিক বুলি বৰ্ণনা কৰে।৯১০ তেওঁ ইউনিফৰ্ম চিভিল কোডক সমৰ্থন কৰে।১১১২১৩ তেওঁ দিল্লীৰ চেইণ্ট ষ্টিফেনছ কলেজৰ পৰা ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত তেওঁ জামিয়া মিলিয়া ইছলামিয়াৰ পৰা গণসংযোগ বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত তেওঁ ইনলাক শিৱদেশানী ফাউণ্ডেচনৰ জলপানি লাভ কৰি নিউয়ৰ্ক মহানগৰৰ কলম্বিয়া বিশ্ববিদ্যালয়লৈ যায় আৰু তাৰ পৰা গণসংযোগ বিষয়ত আকৌ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১৪
কৰ্মজীৱন
তেওঁ এনডিটিভিৰ জৰিয়তে সাংবাদিকতাৰ ক্ষেত্ৰ খনলৈ প্ৰৱেশ কৰিছিল। পিছলৈ তেওঁ এনডিটিভিৰ ইংৰাজী বাতৰি উইঙৰ মুৰব্বী পদবী লাভ কৰিছিল। ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ সময়ত কেপ্তেইন বিক্ৰম বাত্ৰাৰ এক সাক্ষাৎকাৰৰ জৰিয়তে তেওঁ জনপ্ৰিয় হৈ পৰে।২১৫ তাৰ পিছত তেওঁ কাশ্মীৰ, পাকিস্তান, আফগানিস্তান আৰু ইৰাকৰ সন্ত্ৰাস জৰ্জৰিত অঞ্চলৰ বাতৰি পৰিৱেশন কৰিবলৈ ধৰিলে।১৬
২০০২ চনৰ গুজৰাটৰ হিংসাত্মক ঘটনাত তেওঁ আক্ৰমণকাৰীক "হিন্দু" আৰু ভুক্তভোগীক "মুছলমান" বুলি সম্বোধন কৰাৰ বাবে তেওঁ ভাৰতীয় প্ৰেছ পৰিষদৰ নীতি উলঙ্ঘন কৰিছিল।১৭ ২০০৮ চনৰ মুম্বাইৰ আক্ৰমনৰ সময়ত তেওঁৰ নাটকীয় বাতৰিৰ বাবে সমালোচনাৰ সন্মূখীন হৈছিল।১৮১৯
২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ এনডিটিভিৰ গোট সম্পাদকৰ পৰা উপদেষ্টা সম্পাদকলৈ পদোন্নতি লাভ কৰিছিল।২০ ২০১৭ চনৰ জানুৱাৰী মাহত তেওঁ ২১ বছৰৰ পিছত এনডিটিভিৰ চাকৰি এৰি দিয়ে।২১ তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাতৰি কাকতত নিয়মীয়াকৈ লিখা-মেলা কৰে।২২
বঁটা আৰু সন্মান
বৰ্খা দত্তৰ দেওবৰীয়া টক শ্ব'য়ে একেৰাহে সৰ্বাধিক পাঁচ বাৰ শ্ৰেষ্ঠ টক শ্ব'ৰ ভাৰতীয় টেলিভিছন একাডেমী বঁটা লাভ কৰিছে। ২০১২ চনত তেওঁ এছ'চিয়েছন অফ ইণ্টাৰনেছনেল ব্ৰডকাষ্টিঙৰ "বৰ্ষশ্ৰেষ্ঠ টিভি ব্যক্তিত্ব" বঁটা লাভ কৰিছিল।২৩২৪ তেওঁ ২০০৯ চনত চি.এইছ. মহম্মদ কোয়া ৰাষ্ট্ৰীয় সাংবাদিকতা বঁটা লাভ কৰিছিল।২৫ ২০০৮ চনত তেওঁ ইণ্ডিয়ান নিউজ ব্ৰডকাষ্টিংৰ শ্ৰেষ্ঠ বৌদ্ধিক বাতৰি অনুষ্ঠানৰ সূত্ৰধা বঁটা লাভ কৰিছিল।২৬ ইয়াৰ লগতে তেওঁ ২০০৭ চনত কমনৱেলথ ব্ৰডকাষ্টিং এছ'চিয়েছনৰ সাংবাদিক বঁটা লাভ কৰিছিল।২৭ তেওঁ ৱি দা পিপলৰ বাবে ২০০৭ চনত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত ভাৰতীয় বাতৰি টেলিভিছনৰ শ্ৰেষ্ঠ টিভি নিউজ এংকৰ বঁটা লাভ কৰিছিল।২৮
২০০৮ চনত ভাৰত চৰকাৰে সাংবাদিকতাৰ ক্ষেত্ৰ খনলৈ তেওঁৰ অৱদান আৰু ২০০৪ চনৰ ছুনামিৰ সময়ত কৰা বাতৰিৰ পৰিবেশনৰ বাবে ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।৩২৯
২০০১ আৰু ২০০৮ চনৰ ৱৰ্ল্ড ইকনমিক ফৰামে প্ৰস্তুত কৰা "গ্লোৱেল লিডাৰছ অফ টুম'ৰ'"ৰ তালিকাত বৰ্খা দত্তয়ে দুবাৰ স্থান লাভ কৰিছিল।৩০৩১
২০১০ তেওঁক ভাৰতৰ ৰাষ্ট্ৰীয় অখণ্ডতা পৰিষদৰ সদস্য নিযুক্ত কৰা হৈছিল।৩২ ২০০৬ চনত তেওঁ এছিয়া ছচাইটিৰ ফেল' নিৰ্বাচিত হয়।৩৩ তেওঁ ২০০০ চনত চামেলি দেৱী আউটষ্টেণ্ডিং ৱমেন মিডিয়াপাৰচন বঁটা লাভ কৰিছিল।৩৪
কেইবাখনো বোলছবিৰ মহিলা সাংবাদিকৰ চৰিত্ৰ তেওঁৰ পৰা অনুপ্ৰাণিত। তাৰে ভিতৰত উল্লেখযোগ্য কেইখন হল: লক্ষ্য (২০০৪), কেথি চক্ৰ (২০০৬), ফিৰাক (২০০৮), পিপলি লাইভ (২০১০), ন উৱান কিল জেচিকা (২০১১) আৰু সিংহম ৰিটাৰ্ণছ (২০১৪)। আনন্দ কুৰেইনৰ উপন্যাস দা পেদলাৰ অফ চপৰ মুখ্য চৰিত্ৰ বৰ্খা দত্তৰ পৰা অনুপ্ৰাণিত।
গ্ৰন্থৰাজি
- Dutt has co-authored the chapter "'Nothing new?':Women as Victims" in book - Varadarajan, Siddharth. (2002). Gujarat: The Making of a Tragedy. ISBN 978-0143029014.
- Dutt, Barkha. (2015). The Unquiet Land. ISBN 978-9382277163
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ NDTV Statement On Barkha Dutt. NDTV.com
- ↑ Independence Day Thoughts, RaghuKrishnan, The Economic Times, 24 August 2003, accessed on 22 January 2012
- ↑ (27 January 2008). Rajdeep Sardesai, Vinod Dua and Barkha Dutt Conferred Padma Shri
- ↑ Udas, Sumnima. (2 December 2010). Leaked tapes put India, media in crisis. CNN
- ↑ Kumaon Literary Festival. kumaonliteraryfestival.org
- ↑ Celebrity Photo Gallery, Celebrity Wallpapers, Celebrity Videos, Bio, News, Songs, Movies. in.com/
- ↑ When a journalist ordered firing?: Capital Closeup. Blogs.hindustantimes.com
- ↑ Express news service. (30 November 2007). Prabha Dutt fellowship goes to Express journalist. Express India
- ↑ (14 March 2006). As Indian as they come. https://www.hindustantimes.com/
- ↑ If I were Muslim..
- ↑ Shame at Sabarimala: Why India's women need a uniform civil code
- ↑ (3 June 2016). The fight against triple talaq is a fight for basic dignity. https://www.hindustantimes.com/
- ↑ What India's liberals get wrong about women and sharia law
- ↑ Inlaks Alumni List. Inlaks Shivdasani Foundation
- ↑ Rajdeep Sardesai, Vinod Dua and Barkha Dutt Conferred Padma Shri, MediaWire, 27 January 2008, accessed on 22 January 2012
- ↑ Three top TV news anchors get Padma Shri, bollywood.com (IANS), 2008, accessed on 22 January 2012
- ↑ Sonwalkar, Prasun. (2006). Conflict, Terrorism And the Media in Asia. Routledge. পৃ. 89. ISBN 9780415351980
- ↑ Kampfner, John. (2010). Freedom for Sale. Basic Books. পৃ. 157. ISBN 9780415351980
- ↑ Ohm, Britta. (2011). South Asian Media Cultures: Audiences, Representations, Contexts. Anthem Press. ISBN 9781843313205
- ↑ Barkha Dutt Moves to Consulting Editor, NDTV Group. NDTV.com
- ↑ NDTV Statement On Barkha Dutt, Jan 15 2017
- ↑ The New York Times tried to explain sari fashion – and became the laughingstock of India
- ↑ (8 November 2012). Kim Hill wins global radio broadcasting award. The New Zealand Herald
- ↑ (2012). 2012 AIBs Winners and Highly Commended. Association for International Broadcasting
- ↑ (4 November 2009). Burkha Dutt, Noorani given C H Mohammed Koya journalism award. Mathrubhumi.com
- ↑ Barkha Dutt Gets Most Intelligent News Show Host Award in Airtel Indian News Broadcasting Award (INB) 2008. India-server.com
- ↑ (20 February 2007). Barkha Dutt is Commonwealth Broadcasting Assoc's 'journalist of the year'. Indiantelevision.com
- ↑ (19 July 2007). News Room Headlines> TV18 Group & NDTV win top honours at Indian News Television Awards; Prannoy Roy gets Lifetime Achievement. Indiantelevision.com
- ↑ (11 May 2008). Ratan Tata, L.N. Mittal receive Padma Vibhushan. The Hindu
- ↑ Lounge | Barkha Dutt. Televisionpoint.com
- ↑ (31 January 2005). The 50 on the fast track. India Today
- ↑ (14 April 2010). National Integration Council reconstituted. The Hindu
- ↑ http://www.csmworld.org/public/asia21.htm
- ↑ (4 April 2000). The Hindu: Barkha Dutt gets award. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰ্খা দত্ত” প্ৰবন্ধৰ সংশোধন ৬৪০০৯১ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।