বেবী হালদাৰ (বা হালদাৰ) (জন্ম ১৯৭৩) এগৰাকী ভাৰতীয় লেখক। তেওঁৰ উচ্চ প্ৰশংসিত সৃষ্টি কৰ্মটি হ'ল - ২০০৬ চনত প্ৰকাশ হোৱা তেওঁৰ আত্মজীৱনী আলো আঁধাৰি (আ লাইফ লেচ অৰ্ডিনেৰী), য'ত ঘৰুৱা কৰ্মীৰূপে তেওঁৰ ৰুঢ় জীৱনটো বৰ্ণিত হৈছে। ১২কিতাপখন ১৩টা বিদেশী ভাষালৈ অনুবাদ হৈছে। ৩
প্ৰাৰম্ভিক জীৱন আৰু বিবাহ
কাশ্মীৰত জন্ম গ্ৰহণ কৰা বেবীৰ দেউতাকৰ নিয়মীয়া মদ্যপানৰ অভ্যাসে যেতিয়া পৰিয়ালটোলৈ অশান্তি মাতি আনে তেওঁৰ মাকে চাৰি বছৰ বয়সতে বেবীক মুৰ্শিদাবাদত অকলশৰীয়াকৈ এৰি দি দেউতাকৰপৰা আঁতৰি থাকিবলৈ লয়।৪ তাৰপিছত তেওঁৰ কটুভাষী, এক্স-চাৰ্ভিচমেন, গাড়ীচালক পিতৃ দুবাৰকৈ বিবাহপাশত আৱদ্ধ হয়, যাৰ সৈতে বেবী কাশ্মীৰৰপৰা মুৰ্শিদাবাদ আৰু শেষত পশ্চিমবংগৰ দুৰ্গাপুৰলৈ যায় আৰু তাতে ডাঙৰ-দীঘল হয়।৫ ছেগা-চোৰোকাকৈ তেওঁ বিদ্যালয়লৈ গৈছিল যদিও ষষ্ঠ শ্ৰেণীত তেওঁ পঢ়া এৰি দিয়ে।৩ ১২ বছৰ বয়সত তেওঁৰ পিতৃয়ে তেওঁতকৈ বয়সত চৈধ্য বছৰে ডাঙৰ এজন লাপি-লুপা সজ্জাশিল্পীৰ (ডেকৰেটৰ) সৈতে বেবীৰ বিয়া পাতি দিয়ে।৬৭তেৰ বছৰ বয়সত বেবী প্ৰথমটো সন্তানৰ মাতৃ হয়। বেবীৰ ভগ্নীক তেওঁৰ স্বামীয়ে ডিঙি চেপি হত্যা কৰাৰ সময়তে বেবীয়ে চুবুৰীৰ মানুহৰ ঘৰত ঘৰুৱা কৰ্মী ৰূপে কাম-কাজ কৰিবলৈ আৰম্ভ কৰে। অৱশেষত, ১৯৯৯ চনত, পঁচিশ বছৰ বয়সত বেবীয়ে ঘৰুৱা হিংসাৰপৰা পৰিত্ৰাণ পাবলৈ স্বামীক এৰি নিজৰ তিনিটি সন্তানৰ সৈতে ৰেলত উঠি দিল্লীলৈ পলাই আহে। অকলশৰীয়া মাতৃ হিচাপে পৰিয়ালটোৰ ভৰণ-পোষণৰ বাবে বেবীয়ে দিল্লীৰ তেওঁ থকা চুবুৰীটোত গৃহ কৰ্মী হিচাপে কাম কৰা আৰম্ভ কৰে। এই সময়ছোৱাত তেওঁ বহুতো গৃহস্থৰ নিৰ্যাতন আৰু শোষণৰ চিকাৰ হয়। ১৬
লেখক ৰূপে কৰ্মজীৱন
বেবী হালদাৰৰ অন্তিমজন গৃহস্থ আছিল প্ৰবোধ কুমাৰ। প্ৰবোধ আছিল এগৰাকী লেখক, নৃত্তত্ববিদ্যাৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু প্ৰখ্যাত হিন্দী সাহিত্যিক মুন্সী প্ৰেমচন্দৰ নাতি। তেওঁ দিল্লীৰ গুৰগাঁৱত বাস কৰিছিল। তেওঁৰ ঘৰত কিতাপৰ ৰেক চাফা কৰি থকা অৱস্থাত, বেবীৰ কিতাপৰ প্ৰতি থকা আগ্ৰহৰ কথা মন কৰি কুমাৰে নামকৰা লেখকসকলৰ৬ কিতাপ পঢ়িবলৈ বেবীক উৎসাহিত কৰে। তচলিমা নাছৰিনৰ আত্মজীৱনীমূলক 'আমাৰ মেয়েবেলা'ৰে (অসমীয়া অনুবাদ:মোৰ ছোৱালীকাল) বেবীৰ কিতাপ পঢ়া আৰম্ভ হয়। কিতাপখনে বেবীক বৰকৈ প্ৰভাৱিত কৰে আৰু তেওঁ অন্য লেখকসকলৰো কিতাপ পঢ়িবলৈ আৰম্ভ কৰে।৭৮ দক্ষিণ ভাৰত ভ্ৰমণলৈ যোৱাৰ আগতে কুমাৰে বেবীক এখন নোটবুক আৰু এটি কলম উপহাৰ দি তেওঁৰ জীৱন কাহিনী লিখিবলৈ উদ্বুদ্ধ কৰে। বেবীয়ে নিজৰ কামৰ ফাঁকে ফাঁকে স্থানীয় বঙালী ভাষাত নিজৰ জীৱন কাহিনী লিখিবলৈ আৰম্ভ কৰে। এমাহ পিছত কুমাৰ যেতিয়া উভতি আহিছিল; বেবীয়ে ইতিমধ্যে এশ পৃষ্ঠা লিখি শেষ কৰিছিল। ৭৮৯
কেইবামাহৰ পিছত, বেবীৰ স্মৃতিকথা লিখা যেতিয়া সম্পূৰ্ণ হৈছিল, কুমাৰে পাণ্ডুলিপিটো সম্পাদনা কৰাত বেবীক সহায় কৰিছিল, স্থানীয় সাহিত্য চক্ৰৰ সৈতে তেওঁ ইয়াৰ বিষয়ে কথা পাতিছিল আৰু কিতাপখন হিন্দীলৈ অনুবাদ কৰিছিল। এই সংস্কৰণটো ২০০২ চনত কলকাতাৰ এটি সৰু প্ৰকাশন গোষ্ঠী ৰোশনী পাবলিচাৰছৰ দ্বাৰা প্ৰকাশ কৰা হৈছিল। তেওঁলোকক আশ্বৰ্যচকিত কৰি কিতাপখনে আৰম্ভণিৰ পৰা সৰ্বাধিক বিক্ৰীৰ অভিলেখ কৰিছিল। লগে লগে ই তীব্ৰতাৰে সংবাদ মাধ্যমৰ মনোযোগ আকৰ্ষণ কৰে, কিয়নো কিতাপখনে এছিয়া মহাদেশৰ ঘৰুৱা সেৱকসকলে নিৰ্বাহ কৰা কঠোৰ জীৱনৰ ওপৰত পোহৰ পেলাইছিল,৯১০ আৰু দুবছৰৰ ভিতৰত ইয়াৰ আৰু দুটা সংস্কৰণ প্ৰকাশ হৈছিল।৬৭ মূল বাংলা সংস্কৰণ আলো আঁধাৰি ( লাইট এণ্ড ডাৰ্কনেচ ) ২০০৪ চনত প্ৰকাশ হৈছিল। ২০০৫ চনত এটা মালায়ালম সংস্কৰণ প্ৰকাশ পাইছিল আৰু ইংৰাজী অনুবাদ প্ৰকাশ কৰা হৈছিল ২০০৬ চনত, আৰু ই ভাৰতত সৰ্বাধিক বিক্ৰী হৈছিল, আনহাতে নিউয়ৰ্ক টাইমছে ইয়াক ভাৰতৰ এঞ্জেলাৰ এচেজ বুলি কৈছে।১ সোনকালেই ইয়াক ২১ টা ভাষালৈ অনুবাদ কৰা হৈছিল। এই একৈশটা ভাষাৰ ভিতৰত ফৰাচী, জাপানী আৰু কোৰিয়ানকে ধৰি ১৩ টা বিদেশী ভাষালৈও কিতাপখন অনুবাদ হৈছে।৩৪
কিতাপখন ২০০৮ চনত জাৰ্মানলৈ অনুবাদ কৰা হৈছে। লেখকে নিজেই তেওঁৰ প্ৰকাশক, নতুন দিল্লী, ভাৰতৰ প্ৰীতি গিলৰ সৈতে জাৰ্মানী ভ্ৰমণ কৰি তাৰ দৰ্শকৰ ওচৰত কিতাপখন উপস্থাপন কৰে আৰু তেওঁলোকক ভাৰতৰ মহিলাসকলৰ বৰ্তমানৰ পৰিস্থিতি বিষয়ে সম্যক জ্ঞান দিয়ে।৫
ব্যক্তিগত জীৱন
ল'ৰা তাপস, সুবোধ আৰু জীয়ৰী প্ৰিয়াৰ সৈতে হালদাৰ গুৰগাঁৱত থাকে। তেওঁৰ ডাঙৰ ল'ৰা সুবোধ এতিয়া বিশ বছৰীয়া, কৰ্মৰত যুৱক আৰু তেওঁ বেলেগকৈ থাকিবলৈ লৈছে।১১২০১২ চনত তেওঁৰ তৃতীয়খন কিতাপৰ কাম কৰি থকাৰ সময়ৰপৰা হালদাৰে গুৰগাঁৱৰ ডি এল এফ চিটিত প্ৰবোধ কুমাৰৰ সৈতে কাম কৰা আৰম্ভ কৰে। যদিও নিজৰ কিতাপ বিক্ৰীৰ টকাৰে কলিকতাত তেওঁৰ ঘৰ সাজি আছিল; ৪১২ হালদাৰে দিল্লীতে থকাটো ঠিক কৰে।১৩
বাহ্যিক সংযোগ
ডুন লিটাৰেৰী ফেষ্টিভেলত বেবী হালদাৰ
তথ্যসূত্ৰ
- ↑ Amelia Gentleman. (2 August 2006). In India, a Maid Becomes an Unlikely Literary Star. The New York Times
- ↑ Raka Ray; Seemin Qayum. (2009). Cultures of Servitude: Modernity, Domesticity, and Class in India. Stanford University Press. ISBN 080477109X
- ↑ (19 March 2007). Baby's day out in Hong Kong. Daily News and Analysis
- ↑ (11 August 2006). Maid to write sequel to autobiography. The Tribune
- ↑ (27 March 2010). Housemaid makes it big in literature. The Tribune
- ↑ (24 February 2003). The Diary of Baby Haldar. Outlook
- ↑ (21 September 2004). From maid to bestselling author. BBC News
- ↑ (16 July 2006). From maid to star author. DNA newspaper
- ↑ (30 August 2006). Books: A life less ordinary: Tell-all book on a domestic's hard life. Sunday Observer
- ↑ Ordinary women, extraordinary tales. Deccan Herald
- ↑ (16 April 2007). Will & Grace: Indian women make it big, eye success in all fields: Write Choice: Baby Halder. ইণ্ডিয়া টুডে
- ↑ (26 May 2012). PHOTO FEATURE: Her Bill Of Writes. Tehelka Magazine, Vol 9, Issue 21
- ↑ (23 April 2012). Domestic helps: The Word is Respect: Baby Halder, the help-turned-author, at home. Outlook
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেবী হালদাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৭৫২৭ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।