অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বৃন্দা কাৰাট

বৃন্দা কাৰাট ( Brinda Karat; জন্ম: ১৭ অক্টোবৰ ১৯৪৭) এগৰাকী ভাৰতীয় মাৰ্ক্সবাদী ৰাজনীতিবিদ আৰু ২০০৫ চনৰ ১১ এপ্ৰিলৰ পৰা ২০১১ চনলৈকে পশ্চিম বংগক প্ৰতিনিধিত্ব কৰা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ। তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সদস্য। ২০০৫ চনত তেওঁ চিপিআই(এম) পলিটব্যুৰোৰ প্ৰথম মহিলা সদস্য।

হালনাগাদ: ১৮ জুন ২০২৬ ২৯৯ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

বৃন্দা কাৰাট ( Brinda Karat; জন্ম: ১৭ অক্টোবৰ ১৯৪৭)১২ এগৰাকী ভাৰতীয় মাৰ্ক্সবাদী ৰাজনীতিবিদ আৰু ২০০৫ চনৰ ১১ এপ্ৰিলৰ পৰা ২০১১ চনলৈকে পশ্চিম বংগক প্ৰতিনিধিত্ব কৰা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ। তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সদস্য।

২০০৫ চনত তেওঁ চিপিআই(এম) পলিটব্যুৰোৰ প্ৰথম মহিলা সদস্য।৩ ১৯৯৩ চনৰ পৰা ২০০৪ চনলৈকে তেওঁ সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা সন্থাৰ (AIDWA) সাধাৰণ সম্পাদিকাও আছিল।৩৪ তাৰ পিছত তেওঁ সংগঠনটোৰ উপ-সভানেত্ৰী হয়।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৪৭ চনৰ ১৭ অক্টোবৰত ভাৰতৰ পশ্চিমবংগৰ কলিকতাত জন্ম হয়। তেওঁৰ মাক আৰু দেউতাকৰ নাম ক্ৰমে অশ্ৰুকণা মিত্ৰ আৰু সুৰজ লাল দাস। মাক বঙালী ভাষা আৰু দেউতাক আছিল নতুনকৈ সৃষ্টি হোৱা পাকিস্তানৰ পৰা অহা পাঞ্জাবী শৰণাৰ্থী। স্বাভাৱিকতে বিয়াখনত পাৰিবাৰিক বিৰোধ হৈছিল। কাৰাটেৰ মোমায়েকে বিয়াত উপস্থিত থকাত সামাজিক নিষেধাজ্ঞা আৰোপ কৰে। অৱশেষত জাতীয়তাবাদী মনোভাবৰ ব্যক্তি সুবোধ মালিকৰ ঘৰত বৈবাহিক অনুষ্ঠানটো সম্পন্ন হয়।২

কাৰাটে ৪ জন ভাই-ভনীৰ সৈতে ডাঙৰ হৈছিল। তেওঁৰ ওপৰত আছিল এজন ককায়েক আৰু এজনী বায়েক। তেওঁৰ তলত এজনী ভনীয়েক। এখন উদাৰ আৰু ধৰ্মনিৰপেক্ষ ঘৰত তেওঁলোক ডাঙৰ-দীঘল হৈছিল। ২০০৫ চনত দিয়া এক সাক্ষাৎকাৰত তেওঁ অতীত স্মৰণ কৰি কয় যে, “আমি যথেষ্ঠ স্বাধীনতা পাইছিলো। এনেকুৱা ক্ষেত্ৰত যুঁজিবলগীয়া কোনো ঘটনাই মোৰ জীৱনত সংঘটিত হোৱা নাছিল।”।৫

ৰাজনৈতিক জীৱন

১৯৬৭ চনত মিৰাণ্ডা হাউছৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ লণ্ডনলৈ ৰাওনা হয় আৰু তাত তেওঁ বণ্ড ষ্ট্ৰীটত এয়াৰ ইণ্ডিয়াত চাৰি বছৰ কাম কৰে।৬ এয়াৰ ইণ্ডিয়াত কাম কৰি থাকোঁতে বিমান সংস্থাত শাৰী পৰিধানৰ পৰিৱৰ্তে স্কাৰ্ট পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল। অৱশেষত এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ে তেওঁৰ কথাত সন্মতি প্ৰকাশ কৰে আৰু তেতিয়াৰ পৰাই লণ্ডনত বিমান সংস্থাটোৰ বাবে কাম কৰা মহিলাসকলে ইউনিফৰ্ম হিচাপে শাৰী নে স্কাৰ্ট পিন্ধিব সেইটো নিৰ্বাচন কৰাৰ অধিকাৰ পায়।৭

একে সময়তে ভিয়েটনামত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হস্তক্ষেপৰ প্ৰতিবাদত সমগ্ৰ ইউৰোপ আৰু আটলাণ্টিকত যুদ্ধবিৰোধী প্ৰতিবাদ বৃদ্ধি পাইছিল। কাৰাটৰ বাবে এইটোৱেই আছিল টাৰ্নিং পইণ্ট। ২০০৫ চনত তেওঁ উল্লেখ কৰিছিল, “ভিয়েটনামৰ দৰে দুখীয়া দেশ এখনক আমেৰিকাৰ দৰে বৃহৎ শক্তিয়ে কিয় আক্ৰমণ কৰিব লাগে? যুৱক-যুৱতীসকলে কিয় যুদ্ধলৈ যাব লাগে? যুদ্ধৰ কাৰণ কি আছিল? এই প্ৰশ্নবোৰ আজিও প্ৰাসংগিক। সেই সময়ত ভিয়েটনাম যুদ্ধক প্ৰশ্ন নকৰাকৈ আপুনি ডেকা হ’ব নোৱাৰিছিল।” তেওঁ কেইটামান ভাৰতীয় ছাত্ৰ গোটৰ সৈতে জড়িত আছিল, কিন্তু বিশেষভাৱে কোনো প্ৰতিষ্ঠানৰ সৈতে জড়িত নাছিল। তেওঁ মাৰ্ক্সবাদী সাহিত্য অধ্যয়ন কৰিছিল আৰু “ভাৰতীয় প্ৰেক্ষাপটত সেই সম্পৰ্কীয় সজাগতা”অনাৰ উপায় বিষয়ে চিন্তা কৰিবলৈ আৰম্ভ কৰিছিল।৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (16 October 2013). B'day Special: Brinda Karat " from 'air-hostess' to first female member of CPM Polit Bureau. India TV News
  2. ↑ Sharma, Ashish. (11 August 2007). Interview, livemint. Mint
  3. ↑ Author profile, threeessays
  4. ↑ New woman on top December 2004
  5. ↑ Exclusive Interview/Brinda Karat. Rediff
  6. ↑ "The Rediff Interview/Marxist leader Brinda Karat". Rediff.com. 4 May 2005. Retrieved 22 February 2019
  7. ↑ "A brand named Brinda". কলিকতা: The Telegraph. 16 April 2005. Retrieved 23 February 2019

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীৰাজ্যসভাৰ সাংসদৰাজনীতিবিদবঙালী ব্যক্তিভাৰতীয় নাৰীবাদীনাস্তিকতাবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৃন্দা কাৰাট” প্ৰবন্ধৰ সংশোধন ৬১২৯২০ (১৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।