এয়াৰ চীফ মাৰ্শ্বাল বীৰেন্দৰ সিং ধানোৱা (Birender Singh Dhanoa) PVSM, AVSM, YSM, VM, ADC, এগৰাকী ভাৰতীয় বায়ুসেনাৰ বিষয়া। তেওঁ ভাৰতীয় বায়ুসেনাৰ ২২তম বায়ুসেনা প্ৰধান হিচাপে ২০১৬ চনৰ ৩১ ডিচেম্বৰৰপৰা ২০১৯ চনৰ ৩০ ছেপ্টেম্বৰলৈকে কাৰ্যনিৰ্বাহ কৰিছিল।১২৩ ধানোৱাই ভাৰতীয় বায়ু সেনা বাহিনীৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।৪৫
২০২১ চনৰ জুলাই মাহলৈকে ধানোৱা হিৰো মটকৰ্পৰ অনা-কাৰ্যবাহী আৰু স্বতন্ত্ৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।৬
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
বীৰেন্দৰ সিং ধানোৱাৰ জন্ম ভাৰতৰ তেতিয়াৰ বিহাৰ ৰাজ্যৰ দেউঘৰত (বৰ্তমান ঝাৰখণ্ড) সুখদেৱ কৌৰ আৰু সোৰেইন সিঙৰ ঘৰত এক জাত শিখ পৰিয়ালত হৈছিল।৭৮ তেওঁৰ পূৰ্বপুৰুষৰ গাঁও পঞ্জাৱৰ ঘাৰুৱানত।৯
ধানোৱাৰ পিতৃ ছোৰেইন সিং এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱা-ৰ বিষয়া আছিল। তেওঁ ১৯৮০ৰ দশকত পঞ্জাব আৰু বিহাৰ চৰকাৰৰ মুখ্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ পঞ্জাবৰ ৰাজ্যপালৰ উপদেষ্টা হিচাপেও কাম কৰিছিল আৰু ভাৰতৰ নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১০ তেওঁৰ ককাক কেপ্টেইন সন্ত সিঙে দ্বিতীয় বিশ্বযুদ্ধত ব্ৰিটিছ ভাৰতীয় সেনাৰ কেপ্টেইন হিচাপে যুদ্ধ কৰিছিল।১১
ধানোৱাই ছেইণ্ট জেভিয়াৰ্ছ স্কুল, ৰাঁচীত শিক্ষা গ্ৰহণ কৰিছিল। ১২ ইয়াৰ পিছত তেওঁ ১৯৬৮ চনৰপৰা ১৯৬৯ চনলৈ ছেইণ্ট জৰ্জছ কলেজ, মুছৌৰী-ত অধ্যয়ন কৰে। তাৰ পিছত তেওঁ ৰাষ্ট্ৰীয় ভাৰতীয় সামৰিক মহাবিদ্যালয় (RIMC), ডেৰাডুন-ত যোগদান কৰে আৰু পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী (NDA), পুনেৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৯২ চনত তেওঁ ডিফেন্স ছাৰ্ভিচেছ ষ্টাফ কলেজ, ৱেলিংটন, তামিলনাডুত ষ্টাফ কোৰ্সো সম্পূৰ্ণ কৰিছিল।১৩১৪
কৰ্মজীৱন

ধানোৱাক ১৯৭৮ চনৰ জুন মাহত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান শাখাত (Fighter Stream) কমিছন প্ৰদান কৰা হৈছিল। তেওঁ বিভিন্ন ধৰণৰ যুঁজাৰু বিমান উৰুৱাইছে আৰু এগৰাকী প্ৰশিক্ষিত উৰণ প্ৰশিক্ষক (Flying Instructor) হিচাপেও যোগ্যতা অৰ্জন কৰিছে। তেওঁ HJT-16 কিৰণ, MiG-21, SEPECAT Jaguar, MiG-29 আৰু Su-30MKI-কে ধৰি বিভিন্ন শ্ৰেণীৰ যুঁজাৰু বিমান উৰুৱাইছে। ৪১ বছৰীয়া কৰ্মজীৱনত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ অপাৰেচনেল আৰু প্ৰশাসনিক পদত কাৰ্যনিৰ্বাহ কৰিছে। ইয়াৰ ভিতৰত এয়াৰ হেডকোৱাৰ্টাৰত ডাইৰেক্টৰ, টাৰ্গেটিং চেল; হেডকোৱাৰ্টাৰ পশ্চিমীয়া বায়ু কমাণ্ডত ডাইৰেক্টৰ, ফাইটাৰ অপাৰেচনছ এণ্ড ৱাৰ প্লেনিং; এয়াৰ হেডকোৱাৰ্টাৰত এচিষ্টেণ্ট চীফ অৱ এয়াৰ ষ্টাফ (ইণ্টেলিজেন্স); পূব আৰু পশ্চিমীয়া বায়ু কমাণ্ডৰ ছিনিয়ৰ এয়াৰ ষ্টাফ অফিচাৰ; আৰু দক্ষিণ-পশ্চিম বায়ু কমাণ্ডৰ এয়াৰ অফিচাৰ কমাণ্ডিং-ইন-চীফ (১ নৱেম্বৰ ২০১৪ – ৩১ মে’ ২০১৫) আদি পদ অন্তৰ্ভুক্ত।১৫ তেওঁ ডিফেন্স ছাৰ্ভিচেছ ষ্টাফ কলেজ, ৱেলিংটনত ছিনিয়ৰ এয়াৰ ইনষ্ট্ৰাক্টৰ আৰু চীফ এয়াৰ ইনষ্ট্ৰাক্টৰ হিচাপেও প্ৰশিক্ষণমূলক দায়িত্ব পালন কৰিছিল। ইয়াৰ উপৰি তেওঁ বিদেশত ভাৰতীয় বায়ুসেনাৰ এটা প্ৰশিক্ষণ দলৰ নেতা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
কাৰ্গিল সংঘাত
ধানোৱা ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ সময়ত সন্মুখৰ শাৰীৰ স্থল আক্ৰমণকাৰী যুঁজাৰু বিমান স্কোৱাড্ৰনৰ কমাণ্ডিং অফিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ নেতৃত্বত স্কোৱাড্ৰনে উচ্চ উচ্চতাত নিশাৰ সময়ত বোমাবৰ্ষণৰ বাবে এনে কিছুমান অভিনৱ পদ্ধতি উদ্ভাৱন কৰিছিল, যিবোৰ ইয়াৰ পূৰ্বে কেতিয়াও প্ৰয়োগ কৰা হোৱা নাছিল। তেওঁৰ স্কোৱাড্ৰনক মুখ্য কাৰ্যালয়, পশ্চিমীয়া বায়ু কমাণ্ড (HQ WAC)-ৰ শ্ৰেষ্ঠ যুঁজাৰু বিমান স্কোৱাড্ৰন হিচাপে নিৰ্বাচিত কৰা হৈছিল। এই সংঘাতত তেওঁৰ সাহসিকতাপূৰ্ণ কাৰ্যৰ বাবে তেওঁ যুদ্ধ সেৱা পদক (YSM) আৰু বায়ু সেনা পদক (VM) লাভ কৰিছিল।১১৬
২০১৫ চনৰ ১ জুনত এয়াৰ মাৰ্শ্বেল ৰবি কান্ত শৰ্মাৰ পৰা বায়ু সেনা উপ-প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে ধানোৱা দক্ষিণ-পশ্চিম বায়ু কমাণ্ডৰ এয়াৰ অফিচাৰ কমাণ্ডিং-ইন-চীফ (AOC-in-C) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ পিছত এয়াৰ মাৰ্শ্বেল ৰবীন্দৰ কুমাৰ ধীৰ দক্ষিণ-পশ্চিম বায়ু কমাণ্ডৰ AOC-in-C হিচাপে দায়িত্ব গ্ৰহণ কৰে। ১৭১৮
২০১৬ চনৰ ১৭ ডিচেম্বৰত ভাৰত চৰকাৰে এয়াৰ মাৰ্শ্বেল ধানোৱাক ভাৰতীয় বায়ুসেনাৰ এয়াৰ ষ্টাফৰ প্ৰধান (Chief of the Air Staff) হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লয়।১৯১
বঁটা আৰু পদক
ধানোৱাই কেইবাটাও সন্মানীয় পদক লাভ কৰিছে। সেইসমূহ হ'ল: পৰম বিশিষ্ট সেৱা পদক (PVSM) (২০১৬), অতি বিশিষ্ট সেৱা পদক (AVSM) (২০১৫), যুদ্ধ সেৱা পদক (১৯৯৯) আৰু বায়ু সেনা পদক (১৯৯৯)। তেওঁক ২০১৫ চনৰ ১ আগষ্টত ভাৰতৰ ৰাষ্ট্ৰপতি-ৰ সন্মানীয় এডিচি (Aide-de-Camp) হিচাপেও নিযুক্তি দিয়া হৈছিল।১৭২০২১১২২
তথ্যসূত্ৰ
- ↑ Air Marshal Birender Singh Dhanoa to be the next IAF chief
- ↑ Air Chief Marshal BS Dhanoa takes over as the 25th Chief of the Air Staff. pib.nic.in
- ↑ (2019-09-30). Chief of the Air Staff, Air Chief Marshal BS Dhanoa, laid the wreath at National War Memorial. He retires today after 41 years of glorious service to the Nation. He was commissioned in Jun 1978 as a fighter pilot & has led the IAF from front always.
- ↑ Gen. Rawat takes over as Chairman of Chiefs of Staff Committee. The Hindu
- ↑ (2019-09-27). #Congratulations to the COAS General Bipin Rawat on receiving baton of Chairman Chiefs of Staff Committee (COSC) from outgoing Chairman COSC & CAS, Air Chief Marshal BS Dhanoa at an official ceremony held in New Delhi today. The CAS ACM BS Dhanoa is due to retire on 30 Sep 19.
- ↑ (1 October 2020). Hero MotoCorp appoints former Air Chief BS Dhanoa as independent director. Economic Times
- ↑ (27 February 2019). एयर स्ट्राइक की योजना बनाने वाले वायुसेना प्रमुख वीरेंद्र सिंह धनोआ का रिश्ता रहा है बिहार से
- ↑ (18 December 2016). Air Marshal Birender Singh Dhanoa was born in Jharkhand to Sukhdev Kaur and Sarayan Singh - Times of India. The Times of India
- ↑ New IAF Vice-Chief does Punjab village proud
- ↑ Former Election Commissioner
- ↑ New IAF Vice-Chief does Punjab village proud
- ↑ (18 December 2016). Air Marshal Birender Singh Dhanoa was born in Jharkhand. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ New IAF Vice-Chief does Punjab village proud. The Tribune
- ↑ Punjab native Birender Singh Dhanoa appointed AIF Vice Chief. Punjab News Express
- ↑ (2014-11-01). Air Marshal B S Dhanoa takes over as AOC-in-C in SWAC. Business Standard India. Press Trust of India
- ↑ One India Defence Desk. (2 June 2015). Pilot who flew many night strike missions during Kargil War is IAF Vice Chief. One India
- ↑ Air Marshal Birender Singh Dhanoa AVSM YSM VM takes over as Vice Chief of the Air Staff. PIB. GOI
- ↑ (2015-06-01). SWAC: Air Marshal R K Dhir takes over as AOC-in-C. Business Standard India. Press Trust of India
- ↑ Parminder, Kaur. Air Marshal Birender Singh Dhanoa to Head Indian Air Force. ABC Live
- ↑ Air Marshal BS Dhanoa takes over as Vice Chief of Air Staff. India Strategic
- ↑ Press Trust of India. Birender Singh Dhanoa Appointed New IAF Vice Chief. Outlook India
- ↑ (21 March 2015). President Confers Gallantry and Distinguished Service Awards
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বীৰেন্দৰ সিং ধানোৱা” প্ৰবন্ধৰ সংশোধন ৬৩৭৪৬৯ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।