বেবে নানকী (ਬੇਬੇ ਨਾਨਕੀ) (১৪৬৪–১৫১৮) শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম শিখগুৰু গুৰু নানকৰ জ্যেষ্ঠ ভগ্নী আছিল। বেবে নানকী শিখ ধৰ্মৰ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় চৰিত্ৰ। তেওঁক শিক্ষকসকলৰ প্ৰথম গুৰুশিখ বুলি জনা যায়। তেওঁ প্ৰথম বাৰৰ বাবে ভাতৃ গুৰু নানকৰ "আধ্যাত্মিক বিশিষ্টতা" হৃদয়ংগম কৰিছিল।১
প্ৰাৰম্ভিক জীৱন
১৪৬৪ চনত লাহোৰৰ ওচৰৰ চহলত বেবে নানকীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ মেহতা কালু আৰু মাতৃ মাতা তৃপ্তা। বেবে নানকী নাম তেওঁৰ ককা-আইতায়ে ৰাখিছিল। তেওঁৰ নাম "নানকীয়ান" শব্দৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হ'ল মাকৰ ফালৰ ককা-আইতাকৰ ঘৰ।২ তেওঁ শিখধৰ্মৰ প্ৰচাৰক আৰু প্ৰথম গুৰু গুৰু নানক দেৱৰ জ্যেষ্ঠ ভগ্নী। তেওঁৰ নামৰ লগত "বেবে" আৰু "জী" শব্দদুটা সন্মানপূৰ্বক হিচাপে যোগ দিয়া হয়। বেবে মানে হৈছে জ্যেষ্ঠ ভগ্নী বা বায়েক। সেইদৰে সন্মানৰ প্ৰতীক হিচাপে নামৰ পিছত "জী" বুলি সম্বোধন কৰা হয়। ১১ বছৰ বয়সতে বেবে নানকীৰ বিবাহ হয়। সেই সময়ৰ সমাজত বাল্যবিবাহৰ প্ৰচলন আছিল।
ভাতৃ-ভগ্নীৰ সম্পৰ্ক
বেবে নানকীৰ তেওঁৰ ভাতৃ গুৰু নানকৰ প্ৰতি এক অসাধাৰণ আনুগত্য আছিল। তেওঁ প্ৰথম তেওঁৰ ভায়েকৰ "আলোকিত আত্মা" চিনিবলৈ সক্ষম হৈছিল।১ তেওঁ গুৰু নানকতকৈ পাঁচ বছৰ ডাঙৰ আছিল। কিন্তু তেওঁ নানকৰ প্ৰতি এগৰাকী মাতৃৰ ভূমিকা পালন কৰিছিল। তেওঁ নানকক প্ৰায়ে দেউতাকৰ পৰা ৰক্ষা কৰিছিল আৰু কোনো চৰ্ত নোহোৱাকৈ নানকক ভাল পাইছিল। ১৫ বছৰ বয়সত গুৰু নানক দেৱক বেবে নানকীৰ ঘৰত তেওঁৰ সৈতে বাস কৰিবলৈ পঠোৱা হৈছিল। তেওঁৰ মনত স্বাধীনতাৰ বীজ ৰোপণ কৰাৰ বাবে তেওঁ নানকক বাবে এগৰাকী সুযোগ্য পত্নী বিচাৰিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ স্বামীক লৈ বেবে নানকীয়ে গুৰু নানক দেৱৰ বিবাহৰ বাবে এগৰাকী সুযোগ্য বধু বিচাৰি উলিয়ায়। পিছলৈ মাতা সুলখনীৰ লগত গুৰু নানকৰ বিবাহ সম্পন্ন হয়।১ যিহেতু বেবে নানকীৰ নিজা সন্তান নাছিল, সেয়ে তেওঁ গুৰু নানকৰ সন্তানক বহুত মৰম কৰিছিল। তেওঁ নানকৰ সন্তানদ্বয় শ্ৰী চান্দ আৰু লখমী চান্দক তুলি-তালি ডাঙৰ কৰে।২
বেবে নানকী গুৰু নানকৰ প্ৰথম অনুযায়ী হিচাপে পৰিচিত।১ তেওঁ নানকক গুৰু হিচাপে মানি শিষ্যত্ব গ্ৰহণ কৰিছিল। সেয়ে তেওঁক প্ৰথম গুৰুশিখ বুলি জনা যায়। তেওঁ গুৰুনানক দেৱৰ প্ৰতি অটুট ভক্তিভাব পোষণ কৰিছিল। ইয়াৰ লগতে তেওঁ গুৰু নানক দেৱক ঈশ্বৰৰ প্ৰতি ভক্তি প্ৰদৰ্শনৰ বাবে সংগীতত ব্যৱহাৰৰ বাবে অনুপ্ৰাণিত কৰিছিল বুলি জনা যায়। তেওঁ নানকদেৱৰ সংগীতিক প্ৰতিভা চিনি এটা ৰবাব নামৰ বাদ্যযন্ত্ৰ আনি দিছিল২
মৃত্যু
১৫১৮ চনত বেবে নানকীয়ে দেহত্যাগ কৰে। মৃত্যৰ আগত শেষ ইচ্ছা হিচাপে তেওঁ গুৰু নানকক নিজৰ কাষত বিচাৰিছিল। তেওঁৰ মৃত্যুশয্যাৰ কাষত গুৰু নানক আছিল। তেওঁৰ শেষ নিশ্বাস ত্যাগ কৰাৰ সময়ত তেওঁক "জাপজী চাহিব"ৰ পাঠ শুনোৱা হৈছিল।
জীৱনী
- Singha, H. S. (2000). The Encyclopedia of Sikhism. Hemkunt Press. ISBN 9788170103011
- Khalsa, Sukhmandir. Bibi Nanaki (1464 – 1518). About.com
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেবে নানকী” প্ৰবন্ধৰ সংশোধন ৫৮৩১৫৬ (২৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।